বিপদত পদাধিকাৰ !

শ্ৰীমন্ত শংকৰদেৱ সংঘ
শ্ৰীমন্ত শংকৰদেৱ সংঘ

মৃদুল কুমাৰ সন্দিকৈ

ক্ষমা খোজাতো এতিয়া অপৰাধ ! কিয় খুজিব ক্ষমা বুলি জবাবদিহি কৰা হৈছে তিনিজনক। ৮ নৱেম্বৰ ২০২২ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰূপ নগৰ কাৰ্যালয়ত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু জিলা সমূহৰ সভাপতি, সম্পাদকৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল।

জৰুৰী ভাৱে এই বৈঠক আহ্বান কৰাৰ কাৰণ আছিল চৰাইদেউত অনুষ্ঠিত হৈ যোৱা শিশু আই মাতৃ আৰু যুৱ সমাৰোহৰ পূৰ্বে আহোম জনগোষ্ঠীৰ ওচৰত পদাধিকাৰকে ধৰি তিনিজন বিষয়ববীয়াই ক্ষমা বিচাৰিছিল।

এটা ভুল বুজাবুজিৰ বাবে এই পৰিৱেশৰ সৃষ্টি হোৱাৰ পিছত আহোম জনগোষ্ঠীয় জাতীয় সংগঠনে ইয়াৰ বিৰোধিতা কৰিছিল। চকলং বিবাহ অনুষ্ঠানত উপস্থিত থকাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘত শৰন লোৱা কেইবাটাও পৰিয়ালক সংঘৰ পৰা বৰ্জন কৰা হৈছিল।

প্ৰাথমিকে লোৱা এই সিদ্ধান্তৰ পিছত আহোম জাতীয় সংগঠনে প্ৰশ্ন উত্থাপন কৰিছিল যে, চকলং পদ্ধতি ইমান নীচ নে যে, তাত কোনোবা উপস্থিত থাকিলে শুচি হ'ব লাগে? সেই বিবাদৰ অন্ত পেলাই পৰিস্থিতি চম্ভালিবলৈ এই দৰে যদি কাৰোবাৰ মনত আঘাত হানিছে তাৰ বাবে অতি বিনম্ৰতাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, সাহিত্য শাখাৰ সভাপতি মৃণাল বৰুৱা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ যুটিয়া সম্পাদক ডাঃ দুৰ্লভ পাঠকে ক্ষমা বিচাৰিছিল।

সংঘৰ মজিয়াত এই বিষয়টোৱে এক বেলেগ ৰূপ ল'লে। সংঘৰ এজন মূল বিষয়ববীয়াই সমগ্ৰ বিষয়টোক এনে এক পৰ্যায়লৈ লৈ গ'ল যে, সংঘৰ ভিতৰতে খোদ পদাধিকাৰকে এক প্ৰকাৰৰ নিষ্ক্ৰিয় কৰি ৰখালে।

সেই গৰাকী বিষয়ববীয়াৰ উদ্যোগতে অনুষ্ঠিত হোৱা জৰুৰী বৈঠকখনত হেচা প্ৰয়োগ কৰা হ'ল, পদাধিকাৰকে ধৰি আন দুজন বিষয়ববীয়াক। তেওঁলোকক পদৰ পৰা পদত্যাগ কৰিবলৈ কোৱা হ'ল।

অতি উত্তপ্ত অৱস্থাত সন্ধিয়ালৈ অনুষ্ঠিত হোৱা এই বৈঠকত সিদ্ধান্ত ল'লে যে, সংবিধান অনুসৰি পদাধিকাৰক অপসাৰণ বা পদত্যাগ কৰাৰ পাছত সেই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হ'ব লাগে। সেই অনুসৰি ১৯ নৱেম্বৰ ২০২২ ত কাৰ্যনিৰ্বাহকৰ বৈঠক অনুষ্ঠিত হ'ব।

শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা আধ্যাত্মিক অনুষ্ঠান। বাহিৰৰ পৰা আমি অতি সুপৰিচালনাৰে এই অনুষ্ঠানটো পৰিচালিত হয় বুলি আমি ভাবো। ব্যক্তি বিশেষৰ উৰ্ধত বুলি ভবা অনুষ্ঠানটোত এতিয়া এনে কিছু বিতৰ্ক আৰু বিষয়ে গ্ৰাস কৰিছে যিবোৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভৱিষ্যতৰ প্ৰতি কলিয়া ডাৱৰ নমাই আনিছে।

প্ৰাক্তন পদাধিকাৰ ৰজনী কান্ত দত্তসহ বহু পৰিয়ালক আঁতৰাই ৰখা হৈছে সংঘৰ পৰা।শিৱসাগৰ জিলাত প্ৰায় ৬৫ খন প্ৰাথমিকক সংঘৰ পৰা নিলগাই ৰখাৰ কাৰণ কি? সংঘক শক্তিশালী কৰাৰ বিপৰীতে এচাম বিষয়ববীয়াৰ ৰাজনীতি আৰু মইমতালিৰ বাবে এনে পৰিৱেশৰ সৃষ্টি হোৱা নাই নে?

শিৱসাগৰ জিলাত শংকৰদেৱ সংঘৰ উলম্ব বিভাজন হৈছেনেকি? কিয়নো, সংঘৰ পৰা আঁতৰাই ৰখা এই প্ৰাথমিক কেইখনে নিজাকৈ সংঘৰ প্ৰতীক আৰু নিয়ম অনুসৰিয়েই দৈনন্দিন কাম-কাজ চলাই গৈছে। প্ৰাথমিক কেইখনক পুনৰ সংঘৰ মজিয়ালৈ আনিবৰ বাবে আলোচনা চলিছে যদিও নতুনকৈ এই প্ৰাথমিকৰ সদস্য সকলে পদবী গ্ৰহণ কৰিব খোজা নাই।

তেওঁলোকৰ পূৰ্বৰ ধাৰাবাহিকতা অটুট ৰাখিব বুলি দাবী জনাইছে। কাৰ প্ৰতিবেদনৰ ভিত্তিত, কাৰ নিৰ্দেশত এইবোৰ ঘটি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘত? সহনশীলতা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভিতৰত নায়েই নেকি?

তাৰ প্ৰমাণ প্ৰভাত দাস। শংকৰী সংস্কৃতিৰ সাধক এইগৰাকী ব্যক্তিক এটা টকশ্ব'ত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বিষয়ে সমালোচনামূলক মন্তব্য কৰাৰ বাবেই এনে ব্যৱস্থা লোৱা হোৱা নাই নে?

ইজনৰ পিছত সিজনকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি মোহভংগ ঘটিলে কাক লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ জীয়াই থাকিব? এইবোৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আভ্যন্তৰীণ বিষয়। কিন্তুএই বিষয়বোৰক লৈ সংঘৰ মজিয়াত আলোচনা নহ'লেও সংঘক ভাল পোৱা, সংঘৰ প্ৰতি সকলো ত্যাগ কৰিব পৰা ভকত, বৈষ্ণৱৰ মাজত আলোচনা চলিছে।

শ্ৰীমন্ত শংকৰদেৱে কোনো সংবিধান তৈয়াৰ কৰি যোৱা নাছিল। গুৰুজনাৰ আদৰ্শৰ ভিত্তিত প্ৰস্তুত কৰা সংবিধানৰ আলম লৈ জাতি, বৰ্ণৰ বৈষম্য নথকা এখন সমাজ গঢ়িবলৈ যাওঁতে হোৱা ভুল বোৰ সংশোধন কৰাৰ ব্যৱস্থা থাকিব নালাগে নেকি?

বৰ্তমানৰ প্ৰধান সম্পাদক বাবুল বৰাই প্ৰতিনিধিত্ব কৰা মৰিগাওঁ গেৰুৱা আঞ্চলিকৰ ২২ টা পৰিয়াল ২০২২ বৰ্ষৰ শেষৰ ফালে সংঘৰ পৰা স্বইচ্ছাই আঁতৰি গৈছে। এখন ৰাসক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল এই পৰিস্থিতি।

মৰিগাওঁ জিলাৰ গেৰুৱাত বাৰগঁঞা ৰাইজে মিলি উদযাপন কৰিছিল গেৰুৱা আঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱ। সেই ৰাস অনুষ্ঠিত কৰা চৌহদতে এবাৰ অনুষ্ঠিত কৰা হৈছিল দুৰ্গা পূজা।

বলি বিধান নিদিয়াকৈ যাগ-যজ্ঞৰে অনুষ্ঠিত কৰা দুৰ্গা পূজাৰ পাছৰে পৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উৰ্ধতম কৰ্তৃপক্ষৰ পৰা নিৰ্দেশ গৈছিল, দুৰ্গা পূজা অনুষ্ঠিত কৰা স্থানত ৰাস পাতিলে তাত সংঘৰ কোনো ভক্তই অংশ ল'ব নোৱাৰিব।

এয়া কেনে সিদ্ধান্ত? পূজা পতাৰ বাবে সেই স্থান অপবিত্ৰ হৈ গ'ল বুলি কি মানসিকতাৰে তেওঁলোকে ভাবিব পাৰে? পূজা তেওঁলোকে নাপাতে। তাত কাৰো অপত্তি নাই। কিন্তু পূজা পতাৰ স্থান অপবিত্ৰ হ'ল বুলি এনে সিদ্ধান্ত লোৱাতো যুক্তিসংগত হৈছেনে? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি মানুহৰ সশ্ৰদ্ধ ভাৱ সদায় থাকক। সেই কামনা কৰাৰ পৰিৱেশ বৰ্তমানৰ বিষয়বীয়াসকলে দিব পাৰিছেনে?

পদাধিকাৰক নিষ্ক্ৰিয় কৰি উপ-পদাধিকাৰক দায়িত্ব চম্ভালিবলৈ দিয়াৰ কাৰণ ভুল-বুজাবুজি আঁতৰাবলৈ তেওঁ বিচৰা ক্ষমা। ২০২৩ বৰ্ষৰ বাবে প্ৰধান সম্পাদক পদত নাম চৰ্চা হৈছিল মৃণাল বৰুৱাৰ। বাবুল বৰাৰ অতিকৈ ঘনিষ্ঠ এইগৰাকী মৃণাল বৰুৱাৰ ক্ষেত্ৰত বহু অনিয়মক নিয়ম কৰি তেওঁক সোঁহাত কৰি ৰাখিছিল বৰাই।

বহিৰত কোনো জাতি, জনগোষ্ঠীৰ প্ৰতি বিদ্বেষৰ ভাব নাই বুলি সগৌৰৱে ঘোষণা কৰিলেও ভিতৰত এইবোৰ কি চলি আছে? যুক্তিপূৰ্ণ প্ৰত্যুত্তৰ দিয়াৰ বিপৰীতে সৌহাদ্যপূৰ্ণ এক পৰিৱেশ সৃষ্টি কৰিবলৈ যোৱাতো এতিয়া অপৰাধ হ'ল !

পদাধিকাৰ থাকিও এতিয়া পদাধিকাৰ নথকাৰ দৰে। কাৰণ তেওঁ নিষ্ক্ৰিয়। নতুন পদাধিকাৰৰ ক্ষেত্ৰত উত্থাপিত অভিযোগসমূহৰ গুৰুত্ব দিয়া হোৱা নাই। কাৰাবাস খাটি অহা কোনো এজন ব্যক্তিক পদাধিকাৰ হিচাপে লক্ষ্য লক্ষ্য ভক্তই মুকলি মনেৰে আদৰি ল'ব পাৰিবনে?

দাবী উঠিছে সেই পদাধিকাৰ নিৰ্বাচন বতিল কৰি পদাধিকাৰৰ নামৰ নতুন পেনেল গঠন কৰক। সেইবোৰ কথা তেওঁলোকে চিন্তা নকৰে। সংঘৰ ভিতৰচৰাত এনেবোৰ টনা-আজুৰা কিন্তু বৰ বেয়াকৈ চলি আছে।

আহোম জনগোষ্ঠীৰ লোকসকলৰ প্ৰতি তথাকথিত বিষয়ববীয়াৰ আন্তৰিকতাৰ প্ৰমাণ এয়াই নেকি ? এনে বহুবোৰ প্ৰশ্ন পুনৰ নতুনকৈ উত্থাপন হ'ব। বিষয়বাবৰ লোভ, লবীগিৰী আদিয়ে বহু লোকৰ চেষ্টাৰ অন্তত সংগঠিত হোৱা এই সংগঠনটোৰ ভেটি এতিয়া খহাবলৈ আৰম্ভ কৰিছে। এয়া সমালোচনা নহয়, এক উপলব্ধিহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in