/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/spcl-writing-kalpna-face-pic.jpg)
► মৃদুল কুমাৰ সন্দিকৈ
ভূপেন হাজৰিকা আছিল উৰণীয়া মৌ! খেয়াল আৰু যাযাবৰী জীৱনত অভ্যস্ত এজন গণশিল্পী। তেওঁৰ এনে অনেক স্থান আছিল য'ত মুহূৰ্তৰ বাবে জিৰাই উৰি গুচি যায়। কোনেও তেওঁক বন্দী কৰি ৰাখিব পৰা নাছিল। এক প্ৰকাৰৰ শৃংখলাহীন জীৱনৰ মাজেৰেই জীৱনৰ প্ৰথম ভাগটো অতিবাহিত কৰিছিল এইগৰাকী মহান শিল্পীয়ে। তেওঁক লৈ বন্দনা যেনেদৰে কৰিছিল, একেদৰে নিন্দা আৰু সমালোচনাৰ জুয়ে তেওঁক দগ্ধ নকৰাকৈ থকা নাছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/kalpana-s-writing-14.jpg)
শিল্পী আৰু ব্যক্তি হিচাপে ভূপেন হাজৰিকাৰ মূল্যায়ন সদায় একেলগতে কৰিব নোৱাৰি। তেওঁৰ ব্যক্তিত্ব, প্ৰতিভা, উদাৰতা আৰু জাতি-মাটিৰ প্ৰতি ভালপোৱা আছিল অপৰিসীম। তাৰ মাজতেই কেতিয়াবা এনে এজন ভূপেন হাজৰিকাক লৈ চৰ্চা হয়, যিজনৰ মাজত তেজ-মঙহেৰে গঢ়া এজন মানুহে কৰা ভুলৰ সমাহাৰো ঘটিছিল। শংকৰদেৱ, মাধৱদেৱৰ পাছত শ্ৰেষ্ঠ অসমীয়া শাৰীত বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ পাছতেই অসমৰ ৰাইজে ভূপেন হাজৰিকাক থয়।
বিশ্ববিদ্যালয়ৰ চাকৰি এৰি কলকাতাত লাঞ্চনা-বঞ্চনা লৈ জীৱন সংগ্ৰামৰ পাতনি মেলা ভূপেন হাজৰিকাৰ জীৱনলৈ বহু নাৰী আহিছিল। এইবোৰ কথাক লৈ ভূপেন হাজৰিকাই অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ তুলনা কেতিয়াও কোনেও কৰা নাই। যিধৰণে তেওঁ ইচ্ছা কৰিছিল, সেই ধৰণেই তেওঁ নিজক আগুৱাই নিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/kalpana-s-writing-15.jpg)
ভূপেন হাজৰিকাৰ জীৱনলৈ অহা নাৰীসকলৰ ভিতৰত প্ৰিয়ম্বদা পেটেল, লতা মংগেশকাৰ, কল্পনা লাজমী আদি অনেকৰ নাম উচ্চাৰণ কৰিব পাৰি। ইয়াৰ ভিতৰত প্ৰিয়ম্বদা পেটেল আছিল তেওঁৰ সামাজিকভাৱে স্বীকৃতি লাভ কৰা পত্নী। তাৰপাছতেই লতা মংগেশকাৰৰ অধ্যায় সেই বৈবাহিক জীৱনৰ সংঘাতৰ অন্যতম কাৰণ ৰূপে চিহ্নিত কৰিব বিচাৰে বহুতে।
ভূপেন হাজৰিকা আছিল বিস্তীৰ্ণতাৰ মাজত নিজক হেৰুৱাই ভাল পোৱা আপোন পাহৰা মানুহ। কোনে কি কৈছিল তাক লৈ তেওঁ কেতিয়াও চিন্তা নকৰিছিল। আনকি সমালোচনাই থকাসৰকা কৰাৰ সময়তো ভূপেন হাজৰিকা আছিল নীৰৱ । সৃষ্টিৰ পৃথিৱীত মগ্ন হৈ তেওঁ সেইবোৰ আওকাণ কৰি চলিছিল। বহুতে ক'ব বিচাৰে- তেওঁ আছিল সমাজমুখী হৈও অন্তৰ্মুখী এক সত্তা। ব্যক্তি স্বাৰ্থৰ পৰা তেওঁ মুক্ত হ'ব পৰা নাছিল। সুবিধাবাদী লক্ষ্যণে তেওঁৰ গণমুখী স্বাভিমানক আঘাত কৰিছিল।
অসম আন্দোলনৰ সময়ত তেওঁ সংগীতৰ জৰিয়তে এই সময়চোৱাত মানুহক প্ৰেৰণা দিছিল। কিন্তু পৰৱৰ্তী সময়ত ইয়াৰ পৰা বিচ্ছিন্ন হৈ শাসক পক্ষৰ কাষত থিয় দি এইবোৰলৈ পিঠি দিয়া বুলিও মানুহে কয়। যাৰবাবে তেওঁ দাদা চাহেব ফাল্কে বঁটা পোৱা সময়ত মানুহৰ মাজত সেই স্বীকৃতিক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
এইবোৰ অতীত, পুৰণি কথাবোৰ এতিয়া শুনিবলৈ ভাল নালাগে। কিন্তু মূল্যায়নৰ তুলা চালনিত কোনোবাই এনেবোৰ দৃষ্টিভংগীৰে নিৰ্মমভাৱে ভূপেন হাজৰিকাক বিচাৰ কৰাত আপত্তি উঠিব নোৱাৰে। যিদৰে 'ভূপেন হাজৰিকা- এজ আই নিউ হিম'ত কল্পনা লাজমীয়ে তেওঁৰ মূল্যায়ন কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/kalpana-s-writing-samadhi.jpg)
দীৰ্ঘদিন ধৰি কোনোবাই যদি ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰিছে, তেওঁৱেই আছিল কল্পনা লাজমী। কলকাতাত প্ৰথম ভূপেন হাজৰিকাক তেওঁ লগ পাইছিল হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ ঘৰত। সেয়া আছিল ৭৭' চনৰেই কথা। তাৰ পৰা মৃত্যু পৰ্যন্ত একেলগে ভূপেন হাজৰিকাৰ সৈতে কটাইছিল কল্পনা লাজমীয়ে। এক উচ্চবৰ্ণৰ, আভিজাত পৰিয়ালৰ কন্যা আছিল কল্পনা। যৌৱনৰ দুৱাৰদলিত ভৰি থৈয়েই ভূপেন হাজৰিকাৰ সৈতে গোপনে খেলিছিল হিয়া-দিয়া খেল। এয়া কোনো তৃতীয় পক্ষই কোৱা কথা নহয়।
শেহতীয়াকৈ প্ৰকাশিত কল্পনা লাজমীৰ গ্ৰন্থত ভূপেন হাজৰিকাৰ সৈতে তেওঁ কটোৱা সেই সান্নিধ্যৰ প্ৰথম নিশাৰ কথা স্পষ্টকৈ উল্লেখ কৰিছে। মুম্বাইৰ হোটেলৰ সেই স্মৃতি তেওঁ কেতিয়াও পাহৰিব পৰা নাছিল। হয়তো এয়াই আছিল আৰম্ভণি। দেউতাকৰ সমবয়সীয়া এজন মানুহৰ সৈতে গঢ় লৈ উঠা সেই সম্পৰ্ক স্বীকৃতিবিহীনভাৱে সম্পৰ্ক হৈয়ে ৰৈ গ'ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/kalpana-s-writing-with-bhupn-daa.jpg)
ভূপেন হাজৰিকাই ইচ্ছা কৰা হ'লে কল্পনা লাজমীক পত্নীৰ স্বীকৃতি দিব পাৰিলেহেতেন। সেই স্বীকৃতি বিচাৰিছিল কেবাবাৰো কল্পনা লাজমীয়ে। এই কথা নিজেই গ্ৰন্থখনত কৈছে কল্পনাই। কিন্তু ভূপেন হাজৰিকাই কল্পনা লাজমীক তেনে কোনো স্বীকৃতি নিদিলে। অথচ তেওঁৰ সৈতেই কটাইছিল জীৱনৰ সুখ-দুখৰ বহু সময়। ভূপেন হাজৰিকাৰ জীৱনলৈ অহা আৰু তেওঁক প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাৰী আছিল কেৱল কল্পনা লাজমী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/kalpana-s-writing-crying-samadhi-bhupen.jpg)
যিসময়ত পৰিয়ালৰ বাধা নেওচি তেওঁ ভূপেন হাজৰিকাৰ সংগী হৈছিল, সেই সময়ত পৰিয়ালৰ লোকে কল্পনা লাজমীক উভতাই নিবলৈ চেষ্টা কৰিছিল। কিন্তু ভূপেন হাজৰিকাৰ কাষৰ পৰা কোনো দিনেই গুচি নগ'ল কল্পনা লাজমী। তেওঁৰ ছাঁ হৈ থাকি গ'ল আজীৱন। যেন উৰণীয়া মৌক বন্দী কৰি ৰখাই থ'লে কল্পনাই।
ভূপেন হাজৰিকা প্ৰসংগ উত্থাপন হ'লেই এতিয়া কল্পনা লাজমীৰ নামটো চৰ্চালৈ আহে। অসমৰ প্ৰেক্ষাপটত কল্পনা লাজমী এক অৱহেলিত নাৰী। সৰ্বসাধাৰণৰ মনত কল্পনা লাজমীৰ প্ৰতি কোনো ভাল ভাৱ পূৰ্বৰ পৰাই নাছিল। এনে ধাৰণাও কিছু লোকে কৰে যে, ভূপেন হাজৰিকাক জখলাৰূপে লৈ কল্পনা লাজমীয়ে নিজৰ কেৰিয়াৰ গঢ়িলে। প্ৰকৃতাৰ্থত সেয়া জানো সঁচা?
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/special-kalpana-lazmii.jpg)
১৭ বছৰীয়া এজনী অবুজ ছোৱালী। দেউতাকৰ বয়সৰ এজন লোকৰ সৈতে সৃষ্টিশীল জীৱনৰ সংগী হৈ নিজৰ জীৱন এক প্ৰকাৰে উৎসৰ্গা কৰিলে। শেষ সময়ত চিকিৎসাৰ বাবে ঘৰৰ পৰা ধন আনিব লগা হ'ল । চিকিৎসাৰ ব্যয় কৰিবলৈও ধনৰ টনাটনি।অথচ বহুতে কয়- ভূপেন হাজৰিকাৰ নাম লৈ কল্পনা লাজমীয়ে তেওঁৰ নামত ব্যৱসায় কৰিলে।বলিউডৰ বহু কেইগৰাকী প্ৰতিষ্ঠিত অভিনেতা-অভিনেত্ৰীয়ে কল্পনা লাজমীক শেষ সময়ত সহায় কৰিব লগা হৈছিল।
কি বিচাৰি ভূপেন হাজৰিকাৰ কাষ চাপিছিল কল্পনা লাজমী? আচলতে ভূপেন হাজৰিকাৰ জীৱনক কিছু শৃংখলাবদ্ধ কৰিছিল কল্পনা লাজমীয়ে। দুয়োজনে দুয়োজনৰ পৰা উপকৃত হৈছিল। সৃষ্টিশীল কামৰ সংগী হৈ ভূপেন হাজৰিকাক প্ৰেৰণা আৰু উৎসাহ দিছিল। এটা কথা সত্য ভূপেন হাজৰিকাই কালজয়ী সৃষ্টিৰ অধিকাংশই কল্পনা লাজমীক লগ পোৱাৰ আগতেই সৃষ্টি কৰিছিল। অৱশ্যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভূপেন হাজৰিকাক প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কল্পনা লাজমীয়ে যথেষ্টখিনি কৰিছিল সাধ্য অনুসৰি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/kalpo-12.jpg)
'ৰুদালী' ছবিৰ ভূপেন হাজৰিকাৰ সেই গীতে সৰ্বভাৰতীয় পৰ্যায়ত এক বিশেষ মাত্ৰা লাভ কৰিছিল। তাৰ কিছু কৃতিত্ব দাবী কৰিব পাৰে কল্পনা লাজমীয়ে। ভূপেন হাজৰিকা আছিল জিনিয়াছ। তেওঁৰ প্ৰতিভাৰ এক ভঁৰাল আছিল। বৌদ্ধিকভাৱে কল্পনা লাজমীত কৈ আগবঢ়া আছিল। তাৰ সুযোগ-সুবিধা কল্পনা লাজমীয়েও লৈছিল।
কিছু কিছু ক্ষেত্ৰত কল্পনা লাজমী উপকৃত হৈছিল। ভূপেন হাজৰিকাক পেচাগতৰূপত চাব খুজিছিল কল্পনাই। এনেদিনো ভূপেন হাজৰিকাৰ গৈছে, য'লৈকে তেওঁক মতা হৈছিল তালৈকে তেওঁ গৈছিল। বিনিময়ত তেওঁৰ জেপত কেইটামান টকা গুজি দিছিল। যি আছিল তেনেই সামান্য। কল্পনা লাজমীয়ে ভূপেন হাজৰিকাক এইবোৰ দিশত সজাগ কৰিব খুজিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/kalpana-s-writing-11.jpg)
গীত গাই ফুৰিলেই যে জীৱন নচলে সেই কথা বুজাইছিল। লগত থকা মানুহবোৰ যে এদিন নাইকীয়া হ'ব সেয়া তেওঁ জানিছিল। বয়স বাঢ়ি অহাৰ লগে লগে কণ্ঠ পৰি আহিব। কণ্ঠহীন ভূপেন হাজৰিকাক মানুহে ভাল পাব পাৰে। কিন্তু তেওঁৰ জীৱন সেই মৰমেৰে নচলিব। এই উপলব্ধি কৰাতো কল্পনা লাজমীৰ ভুল হ'ব নোৱাৰে।
অসম আৰু অসমীয়াক প্ৰাণ ভৰি ভাল পাইছিল ভূপেন হাজৰিকাই। ভূপেন হাজৰিকাৰ জীৱনটোৱে আছিল এক সংগ্ৰাম। কল্পনা লাজমীক যেতিয়া লগ পাইছিল, তেতিয়া ভূপেন হাজৰিকাৰ হাতত আছিম মাত্ৰ ৩৫টকা! এই কথা ২০১০চনৰ এখন ইচ্ছাপত্ৰত ভূপেন হাজৰিকাই নিজেই কৈছিল। তাৰপৰা আৰম্ভ হৈছিল ভূপেন হাজৰিকা আৰু কল্পনা লাজমীৰ জীৱন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/kalpana-s-writing-mahesh.jpg)
তেতিয়াতো কোনেও সোধা নাছিল ভূপেন হাজৰিকাক কল্পনা লাজমীয়ে কেনেদৰে আঁৱৰি ধৰি ৰাখিছিল? ভূপেন হাজৰিকাৰ প্ৰতিটো সম্পদ সযতনেৰে ৰাখি থৈছিল কল্পনাই। যিবোৰ এতিয়া সংৰক্ষিত হৈছে সংগ্ৰহালয়ত। সেই কৃতিত্ব কোনো এজন অসমীয়াই দাবী কৰিব নোৱাৰে। দাবী কৰিব নোৱাৰে তেওঁৰ পৰিয়ালে।
সমালোচনা কৰাৰ নামত বহু কথা কৈ দিব পাৰি। কল্পনা লাজমীক এক চৰিত্ৰহীন নাৰীৰ ৰূপত উদঙাই দিব খোজা সকলে এইজন ভূপেন হাজৰিকাক হয়তো নাপালে হয়, যদিহে ভূপেন হাজৰিকাই কল্পনা লাজমী নামৰ সেই দৃঢ় আৰু কঠোৰভাৱে ভূপেন হাজৰিকাক অনুশাসন কৰিব পৰা নাৰীগৰাকী তেওঁৰ জীৱনলৈ নাহিলহেতেন। বহু লাঞ্চনাৰ সন্মুখীন হৈছিল কল্পনা। আনকি কল্পনা লাজমী ভূপেন হাজৰিকাৰ ৰক্ষিতা বুলি মন্তব্য কৰিছিল বহুজনে। আচলতে জানো কল্পনা লাজমী ভূপেন হাজৰিকাৰ ৰক্ষিতা আছিল? ইমান ত্যাগৰ পাছতো তেওঁক লৈ কৰা এই মন্তব্য আৰু দৃষ্টিভংগীয়ে অসমীয়া সমাজৰ প্ৰতিও কল্পনা লাজমীৰ মনত ক্ষোভৰ সৃষ্টি কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/kalpana-s-writing.jpg)
ভূপেন হাজৰিকাৰ পৰা চাবলৈ গ'লে কল্পনা লাজমীয়ে একোৱেই নাপালে। কল্পনা লাজমীৰ পৰা কিন্তু ভূপেন হাজৰিকাই বহুখিনি পাইছিল। ভাগি পৰা সময়খিনিত ভূপেন হাজৰিকাৰ কাষত যেতিয়া কোনো নাছিল, ছাঁৰ দৰে থাকি কল্পনা লাজমীয়ে তেওঁক আগবঢ়াই নিছিল। প্ৰতিষ্ঠাৰ বাটত কল্পনাই ভূপেন হাজৰিকাক তেওঁৰ প্ৰতিভাৰ সদ ব্যৱহাৰ কৰিবলৈ সকীয়াই আছিল। একেলগে ১৯৭৭চনৰ পৰা ২০১১ৰ মৃত্যু পৰ্যন্ত লৈকে একেখন ঘৰতে থাকিও পত্নীৰ মৰ্যাদা বিচাৰি বিফল হোৱা কল্পনাক ভূপেন হাজৰিকাই সঁচা অৰ্থৎ একোৱেই দিয়া নাছিল।
ভূপেন হাজৰিকাৰ প্ৰতি তেওঁৰ ভালপোৱা, আন্তৰিকতা, দায়িত্ববোধ এগৰাকী পত্নীতকৈ কম নাছিল। এই কথা ভূপেন হাজৰিকাই ভালদৰে জানিছিল। স্বাভিমানী ভূপেন হাজৰিকাই জানিও যেন ক'ৰবাত তেওঁৰ দায়িত্বখিনিৰ পৰা আঁতৰত থাকি কল্পনাক কেৱল সংগী কৰিয়েই থৈ গ'ল। নাভাবিলে তেওঁৰ বাবে কল্পনাই কি কৰিলে? অসমীয়া মানুহে কল্পনা লাজমীক গ্ৰহণ কৰিব নোৱাৰাৰ কথা ভূপেন হাজৰিকাই জানিছিল। বিবাহপাশত আৱদ্ধ নহ'লেও কল্পনা লাজমীয়ে তেওঁক দিব লগা খিনিত অলপো কৃপণালি কৰা নাছিল। তাৰ প্ৰমাণ 'ভূপেন হাজৰিকা- এজ আই নিউ হিম'ত কল্পনা লাজমীয়ে লিখি থৈ গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/bookoookkoo.jpg)
ভূপেন হাজৰিকাই ভয় কৰিছিল অসমীয়া মানুহে তেওঁক স্বীকৃতি দিলে ভূপেন হাজৰিকাক আজিৰ দৰে গ্ৰহণ নকৰিব বুলি। প্ৰায়ে কল্পনা লাজমী প্ৰসংগ উত্থাপন হ'লে ভূপেন হাজৰিকাই এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি নগ'ল। অথচ তেওঁলোকৰ মাজত থকা সান্নিধ্য আৰু আন্তৰিকতা স্বামী-স্ত্ৰীতকৈ কম নাছিল। খন্তেকীয়া আৱেগৰ বসৱতী হৈ ভূপেন হাজৰিকাৰ কাষ চপা নাছিল কল্পনা।
বহুতে ভবাৰ দৰে ভূপেন হাজৰিকাক লৈ কল্পনাই ব্যৱসায় কৰিছিল নেকি? ষ্টাৰ চিমেণ্টৰ বিজ্ঞাপনৰ সময়ত ভূপেন হাজৰিকাক সাঙীত তুলি বিজ্ঞাপনত অংশ ল'বলৈ নিয়া আলোকচিত্ৰই ৰাজ্যজুৰি তুমুল বিতৰ্কৰ সৃষ্টি কৰিছিল। আৱেগৰ বসৱতী হৈ ভূপেন হাজৰিকাক ভালপোৱা মানুহবোৰে প্ৰশ্ন কৰিছিল কল্পনা লাজমীক। এনেদৰে অসমৰ ৰাইজৰ হিয়াৰ আমঠু ভূপেন হাজৰিকাক কোনোৱেই চাব বিচৰা নাছিল। কিন্তু ভূপেন হাজৰিকাৰ এক মন্তব্যই সেই সমালোচনা কৰা সকলৰ মুখ বন্ধ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/kalpana-s-writing7.jpg)
ভূপেন হাজৰিকাই কৈছিল- 'মই য'লৈকে যাওঁ, যাৰ ঘৰলৈকে যাওঁ তেওঁলোক সাংঘাতিক হাইটেক।কেমেৰাই মোৰ ছবি ধৰি ৰাখে। সেইবোৰ লগ লগালেও দেখোন এখন ভাল ছবি হয়।জীয়াই থকা কালত মই এই ছবিখন চাব পাৰিলোহেঁতেন। মই মৰিলে চাগৈ এইবোৰ প্ৰদৰ্শনীত দিব। কি ঠিক বিক্ৰীও কৰিব। এতিয়াহে ভূপেন হাজৰিকাই এপিয়াৰেন্স ফিছ বিচাৰিলে অপৰাধ হয়। মোকো যে পইচা লাগে, চোৱা-চিতা মানুহক দৰমহা লাগে এইবোৰ কথা জানো কোনোবাই কেতিয়াবা ভাবে?'
সেই সময়ত ভূপেন হাজৰিকা যথেষ্ট আৰ্থিক সংকটত আছিল। প্ৰতিষ্ঠা আৰু গৰিমাই তেওঁক এনে এক পৰ্যায় পোৱাইছিল গৈ যে তেওঁৰ জীৱন ধাৰণৰ বাবে যথেষ্ট ধনৰ প্ৰয়োজন হৈছিল। সেই ধনৰ উৎস আছিল কেৱল তেওঁৰ কণ্ঠ। বয়স বাঢ়ি অহাৰ লগে লগে মঞ্চত ভূপেন হাজৰিকা কেৱল সম্বৰ্ধনা জনোৱা এক ষ্টেটাছ ছিম্বল হৈ পৰিল। তেনেসময়ত তেওঁ এই বিজ্ঞাপনত অংশ ল'বলৈ এইদৰে সাঙীত উঠিব লগা হৈছিল। নিঃসন্দেহে ভূপেন হাজৰিকাক সাঙীত তুলি বিজ্ঞাপনৰ দৃশ্যত অংশ ল'বলৈ নিয়াত অসমৰ মানুহৰ আৱেগ আৰু অনুভূতিত আঘাত লাগিছিল।কিন্তু ভূপেন হাজৰিকাৰ সেই আৰ্থিক সমস্যা তথা তেওঁৰ জীৱনলৈ অহা এই প্ৰত্যাহ্বানৰ খবৰ কেইজনে ৰাখিছিল?
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/kalpana-sudhakantha.jpg)
ওৰেটো জীৱন সংগ্ৰামৰ মাজেৰে পাৰ কৰিছিল ভূপেন হাজৰিকাই। প্ৰতিষ্ঠাৰ বাট তেওঁৰ সহজ নাছিল। প্ৰতিভাৰ বলত ভূপেন হাজৰিকাই নিজক প্ৰতিষ্ঠা কৰিছিল। ১৯৭৭চনৰ পাছৰ পৰা সেই সংগ্ৰামৰ সংগী হৈছিল কল্পনা লাজমী। বহু ঘাত-প্ৰতিঘাটৰ মাজত বিচলিত হৈ পৰা ভূপেন হাজৰিকাক তুলি ধৰিছিল এজনী ১৭ বছৰীয়া ছোৱালীয়ে। পৰিয়ালৰ বাধা নেওচি ভূপেন হাজৰিকাৰ কাষলৈ গুচি অহাতোৱেই আছিল তেওঁৰ সাহসী সিদ্ধান্ত। স্বীকৃতি তেওঁ কেতিয়াও নাপালে। স্বয়ং ভূপেন হাজৰিকাই তেওঁক স্বীকৃতি নিদিলে।
অসমৰ মানুহে তেওঁক কেৱল ভূপেন হাজৰিকাৰ লগত থকা এজনী সাধাৰণ নাৰী বুলিয়েই গণ্য কৰিলে। বহুতে নাজানে কল্পনা লাজমীৰ খুড়াক আছিল বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা গুৰু দত্ত। তেওঁৰ দেউতাক আছিল নৌ সেনাৰ উচ্চপদস্থ বিষয়া। আৰু কল্পনা লাজমীৰ মাতৃ আছিল আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী ললিতা লাজমী। সেই আভিজাত্যক নেওচি যেতিয়া ভূপেন হাজৰিকাৰ ওচৰলৈ কল্পনা লাজমী আহিছিল, তেতিয়া ভূপেন হাজৰিকাৰ হাতত একোৱেই নাছিল। ভূপেন হাজৰিকা আছিল এজন শিল্পী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/kalpana-lasst-pic3.jpg)
তেনে এজন লোকৰ বাবে জীৱনৰ সৰ্বস্ব উজাৰি দিয়াৰ পাছতো কল্পনা লাজমী এক নেতিবাচক চৰিত্ৰ হৈয়ে ৰৈ গ'ল ভূপেন হাজৰিকা অধ্যায়ত। আনকি মৃত্যুৰ পাছতো কল্পনা লাজমীক লৈ নেতিবাচক কথাহে বেছি চৰ্চা হৈছে। প্ৰকৃতাৰ্থত কল্পনা লাজমীয়ে ভূপেন হাজৰিকাৰ বাবে উৎসৰ্গা কৰা নিজৰ জীৱন আৰু যৌৱনৰ কোনো মূল্যই নাপালে। সেই দুখ সাৱটিয়েই গুচি গ'ল কল্পনা লাজমী। কিন্তু তেওঁ প্ৰমাণ কৰি থৈ গ'ল ভূপেন হাজৰিকাক তেওঁ প্ৰাণভৰি ভাল পাইছিল। তেওঁৰ বাবে সৰ্বস্ব ত্যাগ কৰিছিল। ইয়াৰ বিনিময়ত তেওঁ কোনো দিনেই একো পোৱা নাছিল। আনকি জীৱিত কালত ভূপেন হাজৰিকাই তেওঁক উপেক্ষা কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/kalpana-s-writing-samadhi-2.jpg)