নেতাঃ আমি কিমানলৈকে পঢ়া-শুনা কৰা…

নেতাঃ আমি কিমানলৈকে পঢ়া-শুনা কৰা…

author-image
asomiyapratidin
New Update
নেতাঃ আমি কিমানলৈকে পঢ়া-শুনা কৰা…

♦ মৃদুল কুমাৰ সন্দিকৈ

Advertisment

নেতা হ'বলৈ কিমান শিক্ষা লাগে? উচ্চ শিক্ষিত হ'লেহে দেশ শাসন কৰিব পাৰে নেকি? শিক্ষা নে অভিজ্ঞতাই এজন নেতাক সফল নেতৃত্ব দিয়াত সহায় কৰে? এই প্ৰশ্ন আজিৰ নহয়। আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ বাবে অসম বিধানসভাত আইন প্ৰণয়ন কৰি বিশেষ নিয়ম প্ৰযোজ্য কৰা হৈছে। সেই অনুসৰি দুটাতকৈ বেছি সন্তানৰ পিতৃ বা মাতৃসকলে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে পঞ্চায়ত নিৰ্বাচনত। পঞ্চায়ত সংশোধন বিধেয়ক গৃহীত হোৱাৰ পাছত এই নিয়ম প্ৰযোজ্য হ'ল।

জিলা পৰিষদত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে সাধাৰণ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা হ'ব লাগিব উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সেই শিক্ষাগত অৰ্হতা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা বাঞ্চনীয়। আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীৰ ন্যূনতম অৰ্হতা নিৰ্ধাৰণ কৰা হৈছে মেট্ৰিক উত্তীৰ্ণ। অসম বিধানসভাত গৃহীত হৈছিল এই আইন। কিন্তু যিসকলে এই আইন গৃহীত কৰিলে, সকলোৰে আছে জানো শিক্ষাগত অৰ্হতা? কিমান পঢ়া আমাৰ বিধায়কসকল? চলিত অসম বিধানসভালৈ বিধায়কৰূপে নিৰ্বাচিত হৈ অহা বিধায়কসকলৰ শিক্ষাগত অৰ্হতা কিমান? ইয়াৰে বহু কেইজন বিধায়ক উত্তীৰ্ণ হোৱা নাই মেট্ৰিক। অসম বিধানসভাত বৰ্তমান আছে ৩জনকৈ মেট্ৰিক অনুত্তীৰ্ণ বিধায়ক।

মেট্ৰিক উত্তীৰ্ণ হৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ  অহা বিধায়কৰ সংখ্যা ৪। আনহাতে, ৭জন আছে উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ বিধায়ক। প্ৰতিটো ৰাজনৈতিক দলতে আছে উচ্চ শিক্ষিতৰ পৰা মেট্ৰিক অনুত্তীৰ্ণ বা কম শিক্ষিত বিধায়ক। আনকি তেনে বিধায়কে স্নাতক ডিগ্ৰী নোলোৱাকৈয়ে মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ দায়িত্বও চম্ভালিছে। বিজেপি দলৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্ত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। আনহাতে, নৱ কুমাৰ দলেৰো শিক্ষাগত অৰ্হতা ৰঞ্জিত দত্তৰ সৈতে একেই। মেট্ৰিক উত্তীৰ্ণ নোহোৱাকৈয়ে বিধায়ক ৰূপে নিৰ্বাচিত হৈ আহিছে নিজামুদ্দিন চৌধুৰী। তেওঁৰ শিক্ষাগত অৰ্হতা নৱম শ্ৰেণীলৈকে পঢ়া। এআইইউডিএফৰ বিধায়ক এইগৰাকী।

নাহৰকটীয়া সমষ্টিৰ বিধায়ক নৰেণ সোণোৱালো দশম শ্ৰেণীলৈকে পঢ়া। অগপ প্ৰাৰ্থীৰূপে নিৰ্বাচিত হৈছে সোণোৱাল। ইফালে, কংগ্ৰেছৰ জামাদ্দিন আহমেদ বদৰপুৰৰ পৰা নিৰ্বাচিত হৈ অহা জনপ্ৰতিনিধি। তেওঁৰ শিক্ষাগত অৰ্হতা মেট্ৰিক উত্তীৰ্ণ। হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰো মেট্ৰিক উত্তীৰ্ণ। এআইইউডিএফৰ প্ৰাৰ্থীৰূপে তেওঁ বিধানসভালৈ নিৰ্বাচিত হৈছিল। মেট্ৰিক উত্তীৰ্ণ আন এগৰাকী বিধায়ক হ'ল মিহিৰ কান্তি সোম। তেওঁ বিজেপিৰ প্ৰাৰ্থীৰূপে উদাৰবন্দৰ সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল।

কিশোৰ নাথ বিজেপি বিধায়ক। তেওঁৰো শিক্ষাগত অৰ্হতা মেট্ৰিক। একেদৰে অমৰ চান্দ জৈন, দীপক কুমাৰ ৰাভা, আবুল কালাম আজাদ, কমলী বসুমতাৰী, নুৰুল হুদা, শিবু মিশ্ৰ, কুশল দুৱৰী, বিনোদ হাজৰিকা, সঞ্জয় কিষাণ, ভাস্কৰ শৰ্মা এওঁলোক কেৱল মেট্ৰিকৰ দেওনা পাৰ হৈছে। অসম বিধানসভালৈ বিধায়কৰূপে নিৰ্বাচিত হৈ অহা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বিধায়কসকল হ'ল- সুজামুদ্দিন লস্কৰ, আব্দুল ৰছিদ মণ্ডল, মহেশ্বৰ বড়ো, বলিন চেতিয়া।

২০১৬চনৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰশান্ত ফুকনে নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামা এইখন। য'ত তেওঁৰ শিক্ষাগত অৰ্হতাৰ কথা উল্লেখ কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ বুলি। ১৯৭২চনত বাগ্মীবৰ নীলমণি ফুকন স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ কথা উল্লেখ কৰিছে।

কেৱল অসমতেই কম শিক্ষিত জনপ্ৰতিনিধি আছে এনে নহয়। কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতী কিমান পঢ়া জানেনে? ২০১৪চনৰ লোকসভা নিৰ্বাচনত উমা ভাৰতীয়ে নিৰ্বাচন আয়োগক দাখিল কৰা কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰীগৰাকীয়ে শপতনামাত নিজে উল্লেখ কৰিছে- তেওঁ পঞ্চম শ্ৰেণীলৈকেহে পঢ়িছিল। নিৰ্বাচন আয়োগক উমা ভাৰতীয়ে দাখিল কৰা শপতনাম এয়া-

অসম বিধানসভাৰ বৰ্তমানৰ বিধায়ক আবুল কালাম আজাদ। এআইইউডিএফৰ এইগৰাকী বিধায়কে ভৱানীপুৰ সমষ্টিৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হৈ আহিছে। নিৰ্বাচন আয়োগক তেওঁ শপতনামাযোগে তেওঁৰ শিক্ষাগত অৰ্হতাৰ কথা উল্লেখ কৰিছে এই শপতনামাত। ১৯৯৩চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল এইগৰাকী বিধায়ক। তাৰ প্ৰমাণ এয়া-

কৰিমগঞ্জ সমষ্টিৰ এআইইউডিএফৰ বিধায়ক আজিজ আহমেদ খান অষ্টম শ্ৰেণীত উত্তীৰ্ণ হৈ নৱম শ্ৰেণীত অধ্যয়ন কৰাতেই সাং কৰিছিল শিক্ষা। অথচ এইসকল জনপ্ৰতিনিধিয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ন্যূনতম অৰ্হতা কি হ'ব সেই সন্দৰ্ভত আইন-প্ৰণয়ন কৰাত অংশ লৈছে।  প্ৰশ্ন হয় যদি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ন্যূনতম শিক্ষাগত অৰ্হতা থাকিব লাগে, তেন্তে বিধানসভা বা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ক্ষেত্ৰত তেনে শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ নহয় কিয়?

এইখন এআইইউডিএফৰ বিধায়ক আজিজ আমহেদ খানে নিজেই নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামা। য'ত তেওঁ উল্লেখ কৰিছে- নৱম শ্ৰেণীলৈকেহে তেওঁ অধ্যয়ন কৰিছিল।

জনপ্ৰতিনিধিৰ শিক্ষাগত অৰ্হতাৰ আন এক নমুনা হ'ল কংগ্ৰেছৰ বিধায়ক জামাল উদ্দিন আহমেদ। বদৰপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী হৈ অহা জামাল উদ্দিন পঞ্চয় শ্ৰেণীলৈকেহে উত্তীৰ্ণ। ২০১৬চনত নিৰ্বাচনৰ সময়ত এই তথ্য শপতনামা যোগে তেওঁ দিছিল নিৰ্বাচন আয়োগক। তেওঁৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰো। কোটি টকাৰ সম্পত্তিৰ গৰাকী এইগৰাকী বিধায়কৰ শিক্ষাগত অৰ্হতা সন্দৰ্ভত শপতনামাত উল্লেখ থকা মতে তেওঁ, কালিগঞ্জ এম ই মাদ্ৰাছাৰ পৰা পঞ্চম শ্ৰেণীত উত্তীৰ্ণ হৈ ষষ্ঠ শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল।

মন্ত্ৰী নৱ দলেৰ শিক্ষাগত অৰ্হতাৰ তথ্য তেওঁৰ শপতনামাত উল্লেখ আছে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বুলি। ১৯৯০চনত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল দলে।

অগপ বিধায়ক নৰেণ সোণোৱালে অধ্যয়ন কৰিছিল দশম শ্ৰেণীলৈকে। এয়া তেওঁৰ নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামাত উল্লেখ থকা শিক্ষাগত অৰ্হতাৰ তথ্য-

মেট্ৰিক উত্তীৰ্ণ আন এজন বিধায়ক হ'ল নুৰুল হুদা। ১৯৮৬চনত মোৱামাৰী হাইস্কুলৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল কংগ্ৰেছৰ এইগৰাকী বিধায়ক।

এআইইউডিএফৰ আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী এজন কোটিপতি বিধায়ক। কিন্তু তেওঁৰ নাই শিক্ষাগত অৰ্হতা। এআইইউডিএফৰ এইগৰাকী বিধায়কে নৱম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। শপতনামাত তেওঁৰ শিক্ষাগত অৰ্হতা সন্দৰ্ভত উল্লেখ আছে এইদৰে-

২০১৬চনৰ অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল মুঠ ১০৬৩গৰাকী প্ৰাৰ্থীয়ে। ১২৬টা সমষ্টিৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা এই প্ৰাৰ্থীসকলৰ ভিতৰত মাত্ৰ ৪৭ শতাংশহে আছিল স্নাতক বা তাৰ ওপৰৰ ডিগ্ৰীধাৰী। বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৪৯৮জন প্ৰাৰ্থীয়ে আছিল স্নাতক বা স্নাতকোত্তৰ। টিংখং সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা মীৰা তাঁতী আছিল অশিক্ষিত প্ৰাৰ্থী। তেওঁক স্পষ্টকৈ শপতনামাত লিখিছিল নাই কোনো তেওঁৰ শিক্ষাগত অৰ্হতা। অৰ্থাৎ শিক্ষাগত কোনো অৰ্হতা নথকাকৈয়ে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল প্ৰাৰ্থীগৰাকীয়ে। এইখন তেওঁৰ শপতনামা-

২০১৬চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা তিনিগৰাকী প্ৰাৰ্থী আছিল নিৰক্ষয়। তেওঁলোক ক্ৰমে মীৰা তাঁতী, নিৰ্মল কুমাৰ আগৰৱালা আৰু মিলন বড়ো। ১৯গৰাকী প্ৰাৰ্থী আছিল কেৱল পঞ্চম শ্ৰেণীত উত্তীৰ্ণ। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৯২গৰাকী প্ৰাৰ্থী আছিল অষ্টম শ্ৰেণীলৈকে পঢ়া। ২১২গৰাকী প্ৰাৰ্থী আছিল মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ। ২১০গৰাকী আছিল উচ্চতৰ মধ্যমিকত উত্তীৰ্ণ। ১৩৮গৰাকী স্নাতকোত্তৰ আৰু ৭ গৰাকী প্ৰাৰ্থী আছিল মাত্ৰ ডক্টৰেট ডিগ্ৰীধাৰী। বাকীসকল আছিল অন্যান্য বিত্তীমুখী তথা ডিপ্লমাধাৰী। ২০১৬চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সকলৰ ভিতৰত ডক্টৰেট ডিগ্ৰীধাৰী প্ৰাৰ্থীসকল আছিল জিন্টু হাজৰিকা, জয়প্ৰকাশ দাস, অশ্বিণী কুমাৰ মহন্ত, হিমন্ত বিশ্ব শৰ্মা, জীতেন্দ্ৰ কুমাৰ তালুকদাৰ, জয়নাথ শৰ্মা আৰু জুৰি শৰ্মা বৰদলৈ।

বদৰপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল আব্দুছ ছুকুৰ বেইগে। তেওঁ আছিল নৱম শ্ৰেণীলৈকে পঢ়া। এইখন তেওঁৰ শপতনামা-

অসম বিধানসভাৰ মেট্ৰিকো পাছ নকৰা বিধায়কৰ সংখ্যা কম নহয়। পঞ্চম শ্ৰেণীলৈকে উত্তীৰ্ণ হৈও বিধায়ক হৈছে। নীৰক্ষৰ লোকেও ২০১৬ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। তেনেস্থলত গ্ৰাম্যাঞ্চলত বাস কৰা পঞ্চায়তৰ প্ৰতিনিধি সকলৰ ক্ষেত্ৰত ন্যূনতম শিক্ষাগত অৰ্হতা নিৰূপন কৰি দিয়াতো কিমান যুক্তিসংগত? যিখন দেশত শিক্ষিত অৰ্হতা নহ'লেও কোনো লোক প্রধানমন্ত্ৰী বা প্ৰতিৰক্ষা মন্ত্ৰী হ'ব পাৰে। কিন্তু সাধাৰণ কনিষ্টবল হ'বলৈও ন্যূনতম দশম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হ'ব লাগে। এইবাৰ বিধানসভা নিৰ্বাচনত সংশোধিত পঞ্চায়ত আইন বলবৎ কৰাৰ পাছত শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ কৰাৰ পাছত এইবোৰ প্ৰশ্নই জোকাৰি হৈছে। জিলা পৰিষদৰ সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰিব খোাজা সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীয়ে উচ্চতৰ মাধ্যমিক বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। এছ টি, এছ চি, অ' বি চিৰ বাবে শিক্ষাগত ন্যূনতম অৰ্হতা হ'ব লাগিব মেট্ৰিক। আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু গাঁও পঞ্চায়তৰ সভাপতি পদৰ ক্ষেত্ৰত সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী মেট্ৰিক আৰু সংৰক্ষিত শ্ৰেণীৰ বাবে অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব।

মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী। এইগৰাকী বিধায়কৰ শিক্ষাগত অৰ্হতা মেট্ৰিক উত্তীৰ্ণ। নিৰ্বাচন আয়োগক জমা দিয়া তেওঁৰ শপতনামা এয়া-

ৰাজনীতিত শিক্ষাক এনে প্ৰাধান্য দিয়া নিশ্চয় ভাল কথা। কিন্তু কেৱল পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ ক্ষেত্ৰতেই কিয়? বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰার্থীসকলৰ বাবেও শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নহয় নেকি? দেখা পোৱা যায়, যিসকলৰ কম শিক্ষিত প্ৰাৰ্থীয়ে বিধানসভা নিৰ্বাচন বা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেওঁলোক ক্ষমতাশালী নতুবা ধনবন্ত লোক। এনে আইন প্ৰয়োগেৰে এইবোৰ নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিবলৈ শিক্ষাগত ন্যূনতম অৰ্হতা নিৰ্ধাৰণ কৰি দিলে সেই সকল ক্ষমতাশালী লোকৰ ৰাজনৈতিক জীৱনৰ ইতি পৰিব। সেয়ে নেকি কেৱল পঞ্চায়তত এনে নিয়ম প্ৰয়োগেৰে বিধানসভা বা লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত এইবোৰ দিশ আওকাণ কৰি চলা হৈছে নেকি? এয়াও এক বিতৰ্ক আৰু আলোচনাৰ বিষয়।

উচ্চ শিক্ষিত হ'লেই কোনো লোকে সুশাসন দিব পাৰিব বুলি আশা কৰিব নোৱাৰি। অশিক্ষিত লোক এজনো সুশাসক হ'ব পাৰে। যিখন দেশত বহু ঠাইত শিক্ষিত লোকৰ হাৰ ৭৪.৪ শতাংশ। অৰ্থাৎ ২৫.৬ শতাংশই অশিক্ষিত। ৰাজনৈতিক ভাৱে সক্ৰিয় হৈ এই অশিক্ষিত শ্ৰেণীৰ লোকসকলে নিজৰ ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হৈছে নেকি? সেয়াও এক ডাঙৰ প্ৰশ্ন। কিছুদিনৰ পূৰ্বে এক সমীক্ষা প্ৰকাশ কৰিছিল এটা সংস্থাই। মহিলা শিক্ষা আৰু আয় সন্দৰ্ভত প্ৰকাশ কৰা এই সমীক্ষাত কিছু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। আমেৰিকাৰ ইউনিভাৰ্ছিটি অৱ মেৰীলেণ্ডৰ অধীনত চলা এই অধ্যয়ন অনুসৰি দশম শ্ৰেণী বা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱা এগৰাকী বিবাহিত মহিলাতকৈ অশিক্ষিত এগৰাকী বিবাহিত মহিলাই বেছি আয় কৰে। দেশৰ প্ৰায় কেইখন ৰাজ্যৰ ৪১,৫৫৪টা পৰিয়ালৰ আধাৰত এই সমীক্ষা প্ৰকাশ কৰা হৈছে। অৰ্থাৎ শিক্ষিত হ'লেই উপাৰ্জন কৰিব পাৰিব বুলি থকা ধাৰণাক এই সমীক্ষাই ভুল প্ৰমাণ কৰিছে।

ৰাজনীতিতো এয়া হ'ব পাৰে। কেৱল শিক্ষিত নেতাই দেশ তথা সমাজ সাধিব বুলি ভাবিব পৰা নাযায়। নিশ্চিত ভাৱেই আমাৰ ৰাজনৈতিক নেতাসকল শিক্ষিত হোৱাতো বাঞ্চনীয়। কিন্তু সমান্তৰালভাৱে কোনো অশিক্ষিত লোকে নেতৃত্ব দিব নোৱাৰিব বুলি ভবাটো ভুল। তাৰ উদাহৰণ- আন্না হাজাৰে। দুৰ্নীতি বিৰোধী আন্দোলনৰ পাতনি মেলি সমগ্ৰ দেশ জোকাৰি যোৱাকৈ এক নীতিগত আৰু মূল্যবোধৰ চেতনা যুৱ প্ৰজন্মৰ মাজত সৃষ্টি কৰিছিল আন্নাই।

পঞ্চায়ত নিৰ্বাচন খেলিবলৈ ন্যূনতম শিক্ষা, বিধানসভা-লোকসভা নিৰ্বাচন খেলিবলৈ শিক্ষাৰ কোনো প্ৰয়োজন নাই। এই পাৰ্থক্যই এচাম ৰাজনীতিবিদৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ এক বিভাজনমুখী নীতিৰ ফল নেকি? সেয়াও আজি নহ'লে এদিন বিচাৰ হ'ব। বহু মন্ত্ৰী, সাংসদ, বিধায়কৰ শিক্ষাগত অৰ্হতাকলৈও বিতৰ্ক হৈছে। সেই বিতৰ্কত নাম সাঙোৰ খাই পৰিছিল এসময়ৰ কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰীৰো। ৰাজনীতিলৈ সদায় নৈতিকতা আৰু আদৰ্শৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব পৰা লোক আহক। এইটোৱে বিচাৰে সকলোৱে। কিন্তু কেৱল শিক্ষিত, উচ্চ শিক্ষিত প্ৰতিনিধিৰে এখন নিকা, প্ৰমূল্যবোধৰ সমৃদ্ধশালী দেশ বা ৰাজ্য গঢ়িব পাৰিব বুলি কোনো যুক্তি থাকিব নোৱাৰে।

দায়ৱদ্ধতাহীন, উচ্চ শিক্ষিত, ক্ষমতালিপ্সু জনপ্ৰতিনিধিতকৈ নিৰক্ষৰ, দায়িত্বশালী আৰু সমাজ সেৱা মনোভাৱেৰে অহা জনপ্ৰতিনিধিয়ে সমাজৰ হিতৰ বাবে বেছি কাম কৰা নজিৰ আছে।

আমাৰ নেতা কিমান পঢ়া? সেই উত্তৰ বিচাৰিলে এখন মিশ্ৰিত প্ৰতিচ্ছবি ভাহি আহে। উচ্চ শিক্ষাৰ বিপৰীতে মেট্ৰিক উত্তীৰ্ণ নোহোৱা জনপ্ৰতিনিধিয়েও আমাক প্ৰতিনিধিত্ব কৰে। কিন্তু লক্ষণীয় কথাটো হ'ল- সৰহ সংখ্যক কম শিক্ষিত জনপ্ৰতিনিধি ধন বা ক্ষমতাৰ জোৰত মন্ত্ৰী বিধায়ক হয়। এই কথাতোহে সমাজৰ বাবে শুভলক্ষণ নহয়।

ভাল নেতা আমাকো লাগে। আমিও বিচাৰো পঢ়া-শুনা কৰা, দায়িত্ববোধ থকাজনহে আমাৰ প্ৰতিনিধি হওঁক। ৰাজনীতিত এনে সংস্কাৰৰ প্ৰয়োজন। বহুজনে ৰাজনীতি ধুৰন্ধৰৰ আশ্ৰয়স্থল বুলি ভবা ধাৰণা সলনি হওঁক। নেতাৰ যোগ্যতা নিৰূপনৰ এই সংস্কাৰ কেৱল তৃণমূল পৰ্যায়তহে কিয়?  বিধানসভা, লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সকলৰ ক্ষেত্ৰতো হওঁক। জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য আদি হ'বলৈ যদি ন্যূনতম শিক্ষাগত অৰ্হতা লাগে, তেনেদৰে বিধায়ক, সাংসদ হ'বলৈ ন্যূনতম শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাথাকিব কিয়? এই প্ৰশ্নৰ উত্তৰ আজি নহ'লেও এদিন দিব লাগিব নেতাসকলেই।