/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/43a89b89-5a4a-4de1-8090-c65e56d7d943.jpg)
► মৃদুল কুমাৰ সন্দিকৈ
গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰা অসম আৰু অসমীয়াৰ আৱেগক ভৰিৰে মোহাৰি জাতীয়তাবাদক নিঃশেষ কৰিব খোজা চৰকাৰে এই পৰ্যন্তলৈকে বুজি পোৱা নাই প্ৰতিবাদৰ ভাষা। থলুৱা লোক আৰু অসমীয়াৰ অস্তিত্বক ভৰিৰে মোহাৰি হিন্দু ৰাষ্ট্ৰৰ সপোন দেখা সকলে যদি অসমীয়াক দুৰ্বল বুলি ভাবিছে তেন্তে ইতিহাস সাক্ষী হৈ ৰোৱা শৰাইঘাটৰ যুদ্ধলৈ মনত পেলাওক। সেই সময়ত পৰাক্ৰমী মোগলক পৰাস্ত কৰি অসম আৰু অসমীয়াৰ স্বাভিমানক ৰক্ষা কৰিছিল লাচিতে। বীৰ লাচিত বৰফুকনৰ বংশধৰ সকল আজিও জীয়াই আছে। জাতীয় অস্তিত্বক প্ৰত্যাহ্বান জনোৱা শাসকগোষ্ঠীয়ে হিন্দুত্বৰ এজেণ্ডাৰে ৰাজনীতি কৰিছে, কৰক।
কিন্তু সেই হিন্দুত্ববাদৰ প্ৰচাৰ-প্ৰসাৰৰ নামত থলুৱা জাতি-জনগোষ্ঠীৰ স্বাভিমানক লৈ খেলা কৰাতো উচিত হোৱা নাই। ১৬৭১ চনত হোৱা শৰাইঘাটৰ যুদ্ধৰ দৰেই অসমত পুনৰ লাচিত বৰফুকনৰ প্ৰয়োজন হৈছে জাতীয় সত্তা আৰু অধিকাৰ ৰক্ষাৰ বাবে। সেয়েহে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি দিল্লী, দিছপুৰক সাৱধান কৰি দিছে- 'আমাৰ স্বাভিমানক লৈ ল'ৰা ধেমালি নকৰিব। আমি বিদেশী বোজা আৰু ল'ব নোৱাৰো। বিদেশী সমস্যাই আমাক কোঙা কৰাৰ পাছত আৰু বিদেশী আনি আমাক সংকটত পেলোৱাৰ অধিকাৰ আপোনালোকৰ নাই।'
ইমান প্ৰবল প্ৰতিবাদৰ পাছতো প্ৰয়োজনত অসম-অসমীয়াক বিক্ৰী কৰি ৰাজনৈতিক স্বাৰ্থ সুৰক্ষাৰ বাবে দিল্লী-নাগপুৰৰ শ্ৰুতলিপি শুনা এচাম তথাকথিত অসমীয়াই কৈছে- হিন্দু বাংলাদেশী নানিলে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষা নহয়। সেই সকল এতিয়া কেৱল নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ আধাৰশিলা গঢ়াত ব্যস্ত।
এদিন জাতি-মাটি-ভেটিৰ কথা কোৱা তেওঁলোকৰ মুখত হিন্দু বাংলাদেশী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ জয়গান। তেওঁলোকৰ সেই সহযোগ আৰু এচাম অন্ধ সমৰ্থকৰ বাবে জাতীয় অস্তিত্ব ৰক্ষাৰ এই সংগ্ৰামত বাধা দিবলৈ আন এচামে সুবিধা পাইছে। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ২৩ অক্টোবৰ, ২০১৮ত ৬০টাকৈ দল-সংগঠনে জনোৱা অসম বন্ধৰ প্ৰতি ৰাইজে জনোৱা স্বতঃস্ফূৰ্ত সঁহাৰি আছিল এই বিধেয়কৰ বিৰুদ্ধে দিয়া গণভোটৰ ফলাফল সদৃশ।
তাৰপাছত ৩ নবেম্বৰত ছৈখোৱা কাণ্ডক লৈ দিয়া আন এক বন্ধৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহি ৰাইজে বন্ধৰ আহ্বানকাৰীসকলৰ শক্তিক যিদৰে ওফৰাই পেলালে, সেয়া কেৱল এক সাধাৰণ বন্ধৰ বিৰুদ্ধে ৰাইজৰ অৱস্থান নাছিল। এই কথা বুজিও চৰকাৰে নুবুজাৰ ভাও জুৰিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৬০ সংগঠনৰ নেতৃত্বই ৪ নবেম্বৰত আহ্বান কৰা ৰাইজমেলত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত বিভিন্ন দল-সংগঠনৰ নেতৃত্বৰ লগতে ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী, চিন্তাবিদসকলে এই কথা স্পষ্ট কৰি দিলে যে- চৰকাৰৰ জাতি বিদ্বেষী এনে নীতিত তেওঁলোক নাৰাজ।
প্ৰয়োজনত তেওঁলোকে এই অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত সহযোগ কৰি জাতীয় জীৱনৰ প্ৰতি অহা ভাবুকিক গ্ৰহণ কৰিবলৈ সাজু আছে। অসমৰ অধিকাৰৰ প্ৰশ্নত বাৰে বাৰে ৰাজযন্ত্ৰই বিভিন্ন পন্থাৰে আঘাত হানি আহিছে। এই কাম আন ৰাজ্যত তেওঁলোকে কেতিয়াও কৰিব নোৱাৰে। উগ্ৰ জাতীয়তাবাদৰ প্ৰশ্নত দক্ষিণ ভাৰতত আঞ্চলিক ৰাজনৈতিক শক্তিৰ সৈতে সেই অঞ্চলৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক প্ৰতিনিধিসকলেও কোনোদিনে আপোচ নকৰে। ক্ষমতাতকৈ তেওঁলোকৰ বাবে জাতীয়তাবাদৰ ভাব-ধাৰাক প্ৰশ্ৰয় দি সমগ্ৰ দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত সেয়েহে আজিও তেওঁলোকৰ প্ৰভাৱ আছে।
ইয়াৰ বিপৰীতে চৰকাৰত থাকি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামি 'সাপো মৰক, লাঠিও নাভাঙক' নীতিৰে অসমৰ আঞ্চলিক ৰাজনৈতিক ধ্বজ্জাবাহী অগপৰ নেতৃত্বই নিজৰ স্থিতিক লৈ এক ধূসৰ পৰিৱেশ সৃষ্টি কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত হ'লেহে চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিব বুলি কোৱা অগপৰ এইসকল নেতৃত্বই কিন্তু এদিন অসমৰ পৰা বাংলাদেশীক খেদিব লাগে বুলি অবৈধ নাগৰিকৰ বিৰুদ্ধে অসম আন্দোলন গঢ়ি তুলিছিল।
সেইসকলৰ এনে দুৰ্বল স্থিতি ৰাইজৰ বাবে সদায়ে ৰহস্য হৈয়ে ৰ'ব। ক্ষমতাৰ সোৱাদ লৈ প্ৰতিবাদত নামিব নোৱাৰা অগপৰ লগতে সন্দেহৰ আঙুলি উঠে জাতীয় জীৱনৰ প্ৰাণকেন্দ্ৰ বুলি ভবা আন কিছু দল-সংগঠনলৈও। যিদৰে তেওঁলোক এই প্ৰত্যাহ্বান গ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিব লাগিছিল, তাত ক'ৰবাত নহয় ক'ৰবাত দুৰ্বল ভূমিকাৰ আৰু ইচ্ছাকৃতভাৱে এই সন্ধিক্ষণত বিষয়টোৰ পৰা নিজকে নিলগাই ৰখা বুলি ৰাইজৰ মাজত প্ৰশ্ন উঠিছে। সেই সময়ত ৬০টাকৈ জাতীয় দল-সংগঠনে ঐক্যবদ্ধভাৱে সন্মিলিত সংগ্ৰামৰ পোষকতাৰে এই আন্দোলন জোৰদাৰ কৰি তুলিবলৈকে ৰাইজৰ পৰামৰ্শ বিচাৰি ৰাইজমেলৰ আহ্বান কৰিছিল। প্ৰতিজন ব্যক্তাই এই কথাত সহমত পোষণ কৰিছে যে- এয়া ঘোৰ সংকটৰ সময়। এতিয়া আৰু বহি থকাৰ প্ৰশ্নই উঠিব নোৱাৰে।
ৰাইজমেলত অংশ লৈ বিশিষ্ট চিন্তাবিদ হীৰেণ গোঁহায়ে কোৱাৰ দৰে- ৪০ বছৰে জাতীয় অস্তিত্বৰ প্ৰতি অহা ভাবুকিক লৈ যুঁজ-বাগৰ কৰিব লগা হৈছে। উন্নয়নৰ কথা চিন্তা কৰিবলৈ এতিয়া সময় বা সুযোগ নাই। জাতীয় জীৱনৰ কফিনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে শেষ গজাল মাৰিবলৈ ওলোৱা চৰকাৰক যোগ্য প্ৰত্যুত্তৰ দিব নোৱাৰিলে ৰাষ্ট্ৰবাদৰ ষড়যন্ত্ৰত জাতীয় ঐতিহ্য আৰু ঐক্য নিঃশেষ হৈ যোৱাৰ লগতে অসমীয়া জাতীয় জীৱনৰ অধ্যায়ৰ সমাপ্তি ঘটিব।
এই ৰাইজমেলত অংশ লোৱা আন বিশিষ্ট চিন্তাবিদ, লিখক, সাংবাদিক তথা দল-সংগঠনৰ নেতৃত্বই চৰকাৰৰ এনে নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে এই দিশত গ্ৰহণ কৰিব লগা কিছু পদক্ষেপ আঙুলিয়াই দিছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন ৰাজ্যত এনে প্ৰতিবাদ হোৱা নাই। প্ৰতিবাদৰ জোৱাৰ অসমত এই কাৰণেই উঠিছে যে, ইয়াৰ কুফল কেৱল অসমেহে ভোগিব লাগিব। বাংলাদেশৰ পৰা বিনা বাধাই অসমত প্ৰৱেশ কৰা অবৈধ নাগৰিক। ধৰ্মীয় দৃষ্টিকোণেৰে তেনে এচামক বৈধ সজালে ৰাজ্যখনৰ ভাষা-সংস্কৃতি তথা ৰাজনৈতিক ক্ষেত্ৰলৈ কি পৰিৱৰ্তন আহিব সেয়া শাসকগোষ্ঠীয়েও ভালদৰে জানে। কিন্তু সেই সকলক সংস্থাপন আৰু ৰঙা দলিচা পাৰি লৈ অহা পৃষ্ঠপোষক সকলৰ বাবে তেওঁলোক হ'ব সোণৰ কণী পৰা হাঁহ।
যিগৰাকী সৰ্বানন্দ সোণোৱালক বিদেশী প্ৰসংগত তেওঁৰ কঠোৰ স্থিতিৰ বাবে এদিন আছুৱে জাতীয় নায়ক উপাধি প্ৰদান কৰিছিল, যিগৰাকী সোণোৱালৰ নেতৃত্বত বিজেপিয়ে খেলা নিৰ্বাচনত কংগ্ৰেছী শাসনত অতিষ্ঠ অসমবাসীয়ে মাউখে উটি পৰিৱৰ্তনৰ সপোন দেখুওৱা বিজেপিক ক্ষমতাত বহুৱাইছিল আজি আঢ়ৈ বছৰৰ ভিতৰতে একেই বিদেশী প্ৰসংগক লৈ তীব্ৰ গণৰোষৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা তেওঁৰ চৰকাৰ। গুৱাহাটীত অনুষ্ঠিত নাগৰিক সভাত ভালেকেইগৰাকী চিন্তাবিদ, বুদ্ধিজীৱিয়ে সৰ্বানন্দ সোণোৱালক প্ৰদান কৰা জাতীয় নায়কৰ উপাধি প্ৰত্যাহাৰ কৰি খলনায়ক হিচাপে ঘোষণা কৰিবলৈ সদৌ অসম ছাত্ৰ সংস্থাক মুকলি আহ্বান জনোৱাতে ক্ষান্ত থকা নাই, চৰকাৰৰ জনবিৰোধী স্থিতিৰ বাবেই এই চৰকাৰ ওফৰাই হ'লেও অসমত অসমীয়াৰ নিৰাপত্তা, অসমীয়াৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ঐক্যৱদ্ধ সংগ্ৰামৰ সংকল্প লৈছে। সভাখনত তাতোকৈ কঠোৰ ভাষাৰে বহু সংগঠনৰ নেতাই মুখ্যমন্ত্ৰীক অসমবাসীক ৰঙা চকু নেদেখুৱাবলৈ সকীয়াই দি প্ৰয়োজনত তেনে ৰঙা চকু দেখুওৱা মুখ্যমন্ত্ৰী তথা তেওঁৰ দল আৰু চৰকাৰক লুইতত দলিয়াই দিব বুলিও নিজৰ ক্ৰোধ প্ৰকাশ কৰিছে।
নিৰ্বাচনমুখী ৰাজনীতিত তেওঁলোকে এই শাসকগোষ্ঠীয়ে প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক দলৰ পুতলা হৈ পৰিব। ইয়াৰ ফল দীৰ্ঘদিন ধৰি ক্ষমতা কেন্দ্ৰীক ৰাজনীতিত তেওঁলোকে লাভ কৰিব। তাৰ পৰিণাম জাতীয় জীৱনত কি ভয়াৱহ হ'ব সেই কথা অনুধাৱন কৰিব পাৰিও তেওঁলোকে এনে এক সিদ্ধান্ত ল'বলৈ কেৱল ক্ষমতাৰ স্বাৰ্থত যে সাজু হৈছে তাক অসমবাসীয়ে বুজি উঠিছে। সেয়েহে আজি প্ৰতিবাদ আৰু আন্দোলনেৰে জাতীয় জীৱনক সুৰক্ষিত কৰাৰ কুচকাৱাজ চলিছে।
ইতিমধ্যে যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি হুংকাৰ দিয়া চৰকাৰক জাতীয় দল-সংগঠনসমূহে প্ৰতিহুংকাৰ দিছে। চৰকাৰে সেই আন্দোলনক নিঃশেষ কৰিবলৈ অসমত এক অশান্তিকৰ পৰিৱেশ সৃষ্টিৰ বাবে বিভিন্ন পদ্ধতিৰে চেষ্টা চলাইছে। সেয়া লাগে বাকযুদ্ধই হওঁক বা হত্যা-হিংসাৰ জৰিয়তে অসমীয়া আৰু বঙালীৰ সংঘাতক তীব্ৰতৰ কৰি জাতীয় অস্তিত্বক লৈ কোনো জাতীয় দল-সংগঠন একগোট হ'ব নোৱাৰে তাৰ পৰিৱেশ ৰচনা কৰিছে।
ফেচীবাদৰ স্বৰূপ উদঙাই চৰকাৰে সাধাৰণ লোকক ৰঙা চকু দেখুওৱাই জাতীয়বাদৰ পক্ষত অৱস্থান লোৱা সকলক এজন এজনকৈ নি জে'লত ভৰোৱাৰ অভিসন্ধিও ৰচিছে। তাৰপাছতো তৃণমূল পৰ্যায়ৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চৰকাৰৰ বিৰুদ্ধে যি গণ আন্দোলনৰ বীজ ৰোপন হৈছে ইয়াক অস্বীকাৰ কৰাৰ সাহস গৰিষ্ঠ সংখ্যক শাসকীয় দলৰ বিধায়ক-মন্ত্ৰীৰেই নাই।
সেয়েহে ইমান গুৰুত্বপূৰ্ণ বিষয়টোক লৈ ভাটৌৰ দৰে দুই-এজনে নাগপুৰ-দিল্লীয়ে শিকাই দিয়া বচন আওৰাই থাকিলেও সৰহ সংখ্যকেই এই বিষয়টোক লৈ কোনো মন্তব্য কৰা নাই। নেতা-বিধায়ক মন্ত্ৰীৰ এই মৌনতাৰ কাৰণ হ'ল তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যতৰ প্ৰতি আহিব পৰা সংকট।
কটনৰ চুডমাৰ্ছন প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাইজমেলত এন এখন জাতীয় সংগ্ৰামৰ পোষকতাৰে ঐক্যবদ্ধ হোৱা দল-সংগঠন তথা ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী, লিখক, সাংবাদিকৰ মতামতৰ আধাৰত এক সুস্থ জাতীয়তাবাদৰ ধাৰাৰে এই সংগ্ৰাম তীব্ৰতৰ কৰি তুলিব লাগিব। স্বতঃস্ফূৰ্তভাৱে ওলাই অহা সাধাৰণ জনতাৰ আৱেগ-অনুভূতিক সন্মান নজনোৱা দিছপুৰ-দিল্লীক জনতাৰ শক্তি কি তাক দেখুওৱাই দিয়াৰ সময় এতিয়া। কিন্তু পৃথকে পৃথকে সংগ্ৰামত নামতকৈ জাতীয় প্ৰশ্নত, জাতীয় দায়িত্বত ঐক্যবদ্ধ মহাসংগ্ৰামৰ পাতনি নেমেলিলে এদিন সময়ৰ গতিত হেৰাই যাব অসম আৰু অসমীয়া।
হিন্দুত্ববাদৰ প্ৰচাৰ-প্ৰসাৰত নামি জাতি-মাটি-ভেটিক বিসৰ্জন দিবলৈ ওলোৱা সকলে ভুল কৰা বুলি উপলব্ধি কৰাৰ আগতেই সকলো শেষ হৈ যাব। সেয়েহে এই মহাসংগ্ৰামত জঁপিয়াই পৰি আন এক শৰাইঘাটৰ যুদ্ধ সদৃশ পৰিৱেশেৰে গণতান্ত্ৰিক প্ৰমূল্যবোধক সন্মান জনাই আমাৰ জাতীয় জীৱনক নিঃশেষ কৰিবলৈ অহা সকলক বাধা দিবলৈ সকলোকে ওলাই অহাৰ আহ্বান জনাইছে ৬০ দল-সংগঠনৰ নেতৃত্বই। অসম থাকিলেহে অসমীয়া থাকিব, অসমীয়া থাকিলেহে অসম থাকিব। এই আৱেগেৰে অসমৰ ৰাইজ সংগঠিত হোৱাৰ সময়তে ছৈখোৱা কাণ্ডৰ আলম লৈ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ হোৱা প্ৰতিবাদৰ বিপৰীতে অসমীয়া আৰু বঙালী কেন্দ্ৰীক বিবাদক নতুন মাত্ৰা দিব খুজিছে। যাতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলন এই সংঘাতময় পৰিৱেশৰ মাজত ম্লান হৈ যায়।
নিৰীহ লোকৰ হত্যা সদায় গৰিহনা যোগ্য। বিবাদ বা সংঘাতৰ জৰিয়তে জাতীয় অস্তিত্বক লৈ উঠা প্ৰশ্নক দুৰ্বল কৰিবলৈ চেষ্টা কৰিলেও সচেতনতাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবই লাগিব। ইয়াৰ অন্যাথা ত্ৰিপুৰাত ত্ৰিপুৰী খিলঞ্জীয়াসকলৰ যি অৱস্থা হ'ল তাতোকৈ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব অসমীয়া। অসমতে যদি অসমীয়াৰ নিৰাপত্তা আৰু ভৱিষ্যত সুনিশ্চিত নহয়, তেন্তে ক'ত সুৰক্ষিত আমাৰ জাতীয় জীৱন। এদিন অসমত অসমীয়া ভগনীয়া বা মগনীয়া হ'লে, নিৰ্যাতনৰ বলি হ'লে কোনে আশ্ৰয় দিব অসমীয়াক? সেই প্ৰশ্নৰ উত্তৰ নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰা সকলৰ হাতত আছেনে? দিব পাৰিবনে এই উত্তৰ মুখ্যমন্ত্ৰীয়ে? আছেনে তেনে কিবা উত্তৰ ৰাজেন গোঁহাইৰ ওচৰত?