চি বি আই এক আস্থাৰ প্ৰতীক, ধ্বংস কৰিব খুজিছে নেকি কোনোবাই ?

চি বি আই এক আস্থাৰ প্ৰতীক, ধ্বংস কৰিব খুজিছে নেকি কোনোবাই ?

author-image
asomiyapratidin
New Update
চি বি আই এক আস্থাৰ প্ৰতীক, ধ্বংস কৰিব খুজিছে নেকি কোনোবাই ?

► চন্দন কলিতা

Advertisment

দেশৰ স্বতন্ত্ৰ অনুসন্ধানকাৰী হিচাপে চি বি আইৰ ওপৰত সকলোৰে আছে বিশ্বাস। সেয়েহে সৰু এটা ঘটনা সংঘটিত হ'লেই সকলোৱে দাবী কৰে- 'এই ঘটনাৰ চি বি আই তদন্ত দিব লাগে।' কেন্দ্ৰীয় এই অনুসন্ধানকাৰী সন্থাটোৱে অপৰাধ, অৰ্থনৈতিক অপৰাধ, দুৰ্নীতিকে ধৰি হত্যা-হিংসাৰ প্ৰায়বোৰ বিশেষ গোচৰে অনুসন্ধান কৰিব লগা হয়। নতুন দিল্লীৰ লোধি ৰোডত আছে চি বি আইৰ মুখ্য কাৰ্যালয়।

১৯৪১ চনত সেই সময়ত গঠন কৰা হৈছিল স্পেছিয়েল পুলিচ এষ্টাব্লিছমেন্ট চমুকৈ এছ পি ই। চি বি আইৰ এই এছ পি ইৰেই ৰূপান্তৰ। ভাৰত চৰকাৰে সেই সময়ত উৎকোচ আৰু দুৰ্নীতিৰ গোচৰ প্ৰতিৰোধ কৰিবৰ বাবে এই শাখা আৰম্ভ কৰিছিল। মুলতঃ যুদ্ধ আৰু যোগান বিভাগৰ উৎকোচ তথা ধন লেন-দেনৰ সময়ত হোৱা দুৰ্নীতিৰ ওপৰত চকু ৰাখিছিল এছ পি ইয়ে। এছ পি ইৰ প্ৰথমজন অধীক্ষক আছিল কুৰবান আলী খান। যিগৰাকীয়ে ভাৰত বিভাজনৰ সময়ত পাকিস্তানত থাকিব লৈছিল।

যুদ্ধ অন্ত পৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী উৎকোচ তথা দুৰ্নীতি তদন্তৰ বাবে এই বিভাগটোক দায়িত্ব দিয়া হয়। পৰৱৰ্তী সময়ত এছ পি ইৰ নাম ডি এছ পি ই কৰা হৈছিল। যাৰ সম্পূৰ্ণ অৰ্থ আছিল দিল্লী স্পেছিয়েল পুলিচ এষ্টাব্লিছমেন্ট। দেশৰ সকলো কৰ্মচাৰী দুৰ্নীতি, উৎকোচ সংক্ৰান্তীয় গোচৰ তদন্ত কৰিবলৈ ক্ষমতা দি কেন্দ্ৰীয় চৰকাৰে ১৯৪৬ চনত স্থাপন কৰা ডি এছ পি ইক ক্ষমতা অৰ্পন কৰিছিল। এই সমগ্ৰ প্ৰক্ৰিয়াটোত বিশেষভাৱে অৰিহণা আছিল প্ৰথম গৃহমন্ত্ৰী ছৰদাৰ বল্লভ ভাই পেটেলৰ।

১৯৬৩চনৰ ১এপ্ৰিলত এক প্ৰস্তাৱযোগে গৃহ মন্ত্ৰণালয়ে ডি এছ পি ইৰ নাম চি বি আই চমুকৈ চেণ্ট্ৰেল ব্যুৰ অৱ ইনভেষ্টিগেশ্যন কৰে। ১৯৮৭চনত চি বি আইক কেবাটাও ভাগত ভাগ কৰি এন্টিক'ৰাপশ্যন ডিভিজন, স্পেছিয়েল ক্ৰাইম ডিভিজন, ইক'ন'মিকছ অ'ফেন্স ডিভিজন আদি ভাগত বিভক্ত কৰা হৈছিল।

চি বি আইৰ প্ৰথম সঞ্চালক আছিল ডি পি কোহিল। ১৯৬৩চনৰ ১ এপ্ৰিলৰ পৰা ১৯৬৮চনৰ  ৩১ মে'লৈকে এই দায়িত্বত আছিল তেখেত। আৰক্ষী মহাপৰিদৰ্শক পৰ্যায়ৰ পদবীত দীৰ্ঘসময় ধৰি এই দায়িত্বত আছিল এইগৰাকী বিষয়া। চি বি আইয়ে শীৰ্ষ পদ সঞ্চালক আৰু ভাৰতীয় আৰক্ষী সেৱাৰ এগৰাকী বিষয়াক বৰ্তমান আৰক্ষী সঞ্চালক পৰ্যায়ৰ পদবীত সঞ্চালক ৰূপে নিযুক্তি দিয়া হয়। ২০০৩চনৰ চি বি চি এক্ট অনুসৰি নিযুক্তি দিয়া হয় চি বি আই সঞ্চালক প্ৰধানক। আৰু তেওঁৰ কাৰ্যকাল হয় দুবছৰ।

এই বিভাগটোত এজন বিশেষ সঞ্চালক, অতিৰিক্ত সঞ্চালক, যুটীয়া সঞ্চালক, উপ-মহাপৰিদৰ্শক, জ্যেষ্ঠ অধীক্ষক, অতিৰিক্ত অধীক্ষক, উপ-অধীক্ষক, পৰিদৰ্শক, উপ-পৰিদৰ্শক, সহকাৰী উপ-পৰিদৰ্শক, হেড কনিষ্টবল আৰু কনিষ্টবল এই পদবীসমূহ আছে। আৰক্ষী বিভাগ, আয়কৰ বিভাগ আৰু শুল্ক বিভাগৰ পৰা এছ এছ চি পৰীক্ষাযোগে তলৰ পৰ্যায়ৰ বিষয়াসকলক নিযুক্তি দিয়া হয়।

ইফালে, ডি এছ পি ই এক্ট অনুসৰি এখন বিশেষ কমিটীয়ে চি বি আইৰ মুৰব্বীগৰাকীক নিযুক্তি দিয়ে। এই কমিটীত থাকে প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ দলপতি আৰু দেশৰ মুখ্য ন্যায়াধীশ বা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে প্ৰস্তাৱ কৰা এজন ন্যায়াধীশ। এই কমিটীখনৰ অধ্যক্ষ প্ৰধানমন্ত্ৰী।

চি বি আইৰ অনুসন্ধান কৰা গোচৰসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ আৰু দেশজুৰি চৰ্চিত। কিন্তু এটা স্বতন্ত্ৰ সন্থা হ'লেও চি বি আইৰ কাম-কাজক লৈ দীৰ্ঘসময় ধৰি আঙুলি উঠি আহিছে। বিশেষকৈ ৰাজনৈতিক নেতাসকলৰ হস্তক্ষেপৰ বাবে কেতিয়াবা চি বি আইক লৈ মুকলি প্ৰশ্ন উত্থাপন হয়। ব'ফ'ৰ্ছ কেলেংকাৰীৰ সময়ত এই কেলেংকাৰীৰ তদন্ত কৰা চি বি আইৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উঠিছিল। হাৱালা কেলেংকাৰীৰ ক্ষেত্ৰতো চি বি আইক কোনোবাই ৰাজনৈতিক শক্তিয়ে ক্ষমতাৰ বলত প্ৰভাৱান্বিত কৰাৰ অভিযোগ উত্থাপন হৈছিল।

বৰ্তমান চি বি আইত মুঠ বিষয়া-কৰ্মচাৰীৰ সংখ্যা ৭২৭৪জন থাকিব লাগে যদিও এতিয়া কেৱল ৫৬৮৫জনহে আছে। অতি শেহতীয়াকৈ চি বি আইৰ সঞ্চালক আলোক বৰ্মাক কেন্দ্ৰীয় চৰকাৰে বাধ্যতামূলক ছুটীত পঠিওৱাত এই সংস্থাটোৰ অন্তৱৰ্তীকালীন সঞ্চালক হিচাপে ২৪ অক্টোবৰত যোগদান কৰিছে এম নাগেশ্বৰ ৰাওৱে। ১ ফেব্ৰুৱাৰী, ২০১৭ত আলোক বৰ্মাই চি বি আইত সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু চি বি আইৰ বিশেষ সঞ্চালক ৰাকেশ আস্থানাৰ সৈতে হোৱা সংঘাতৰ বাবে এই তদন্তকাৰী সংস্থাটোৰ প্ৰতি থকা আস্থাৰ এক বিৰূপ প্ৰতিচ্ছবি পোহৰলৈ আহিছে।

ছিট ফাণ্ড কেলেংকাৰী তদন্তকে ধৰি বহু গুৰুত্বপূৰ্ণ কেলেংকাৰীৰ তদন্তৰ দায়িত্বত থকা বিশেষ সঞ্চালকৰ দায়িত্বত থকা আস্থানাই এজন মাংস বেপাৰীৰ পৰা ২ কোটি টকা উৎকোচ লোৱাৰ পাছত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ নিৰ্দেশ দিছিল পূৰ্বৰ সঞ্চালক আলোক বৰ্মাই। কিন্তু আলোক বৰ্মাৰ বিৰুদ্ধেও দুৰ্নীতিৰ অভিযোগ তুলি অনুৰূপ অভিযোগ উত্থাপন কৰাত চি বি আই গৈ দুই শীৰ্ষ বিষয়াৰ অভিযোগ-প্ৰতিঅভিযোগৰে বাতৰিৰ শীৰ্ষ হৈছিল।

তেনে এক পৰিস্থিতিতেই চি বি আইৰ দ্বিতীয়স্থানত থকা শীৰ্ষতম পদবীধাৰী গৰাকীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত দিল্লীৰ উচ্চ ন্যায়ালয়ে এক নিৰ্দেশ দিয়াত পূৰ্বৰ চি বি আই বিশেষ সঞ্চালক গৰাকীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত বিফল হৈছিল সঞ্চালক আলোক বৰ্মা। তাৰ বিপৰীতে আস্থানাই তৰা গোচৰত অহা সোমবাৰে আদালতত গৈ আস্থানাই তৰা দুৰ্নীতি গোচৰৰ উত্তৰ দিব লাগিব ২৪ অক্টোবৰত ক্ষমতা কৰ্তন কৰা প্ৰাক্তন চি বি আই সঞ্চালক আলোক বৰ্মাই।

ৰাফেল কেলেংকাৰীৰ তদন্তৰ দায়িত্বত থকা চি বি আইয়ে এই কেলেংকাৰীৰ সন্দৰ্ভত বহু বিস্ফোৰক তথ্য লাভ কৰাৰ পাছত চি বি আইক ৰাতিৰ ভিতৰতে হাতৰ পুতুলা কৰি সঞ্চালকক আঁতৰাই পঠিওৱা বুলি বিৰোধী কংগ্ৰেছে অভিযোগ তুলিছে। অনুৰূপ ধৰণে চি বি আইৰ বিৰুদ্ধে সৰৱ হৈছে মমতা বেনাৰ্জী। মমতাৰ মতে চি বি আই এতিয়া বি বি আই হৈ পৰিছে!

ৰাজনৈতিক হস্তক্ষেপ চি বি আইৰ ওপৰত সদায় আছে। এই অভিযোগ নতুন নহয়। প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰণালয়ৰ অধীনস্থ হোৱাৰ বাবেই স্বতন্ত্ৰ সংগঠন হ'লেও এই সংগঠনটোৱে বহু সময়ত ৰাজনৈতিক হস্তক্ষেপৰ বাবে সেই নিৰপেক্ষতাক ধৰি ৰাখিব নোৱাৰাৰ যেন বোধ হয়। তাৰ সমান্তৰালকৈ চি বি আইৰ দুই শীৰ্ষ বিষয়াৰ এই সংঘাতে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৰ বিশ্বাস আৰু ভিত্তিক লৈ নতুন ৰাজনীতি আৰম্ভ হৈছে।

দুই শীৰ্ষ বিষয়াৰ খণ্ড যুদ্ধৰ পাছত প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে চি বি আইক অন্তৱৰ্তীকালীন সঞ্চালকৰূপে নিযুক্তি দিয়া নতুন সঞ্চালকজনৰ বিৰুদ্ধেও দুৰ্নীতিৰ অভিযোগ আছে বুলি বিৰোধীয়ে মন্তব্য কৰিছে। বিতৰ্কিৰ মাজত সোমাই পৰা এই অনুসন্ধানকাৰী সংস্থাটোৰ ভাৱমূৰ্তিত শেহতীয়া ঘটনাৰাজিয়ে যথেষ্ট আঘাত হানিছে। এনে পৰিপ্ৰেক্ষিতত চি বি আইৰ গ্ৰহণযোগ্যতা তথা বিশ্বাসযোগ্যতাক লৈ উদয় হৈছে হাজাৰ প্ৰশ্ন।