/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/main-sollhfjgfhf.jpg)
► মৃদুল কুমাৰ সন্দিকৈ
ভগৱানৰ বাবে সকলো সমান। পুৰুষতকৈ ভগৱানক বেছি মানে মহিলাই। দৈনন্দিন জীৱনত ভগৱানৰ নাম বেছিকৈ লয় নাৰীয়ে। তেনেস্থলত ভগৱানৰ মন্দিৰত নাৰী অৱহেলিত হ'ব কিয়? ভগৱানৰ কাষলৈ নাৰী যোৱাত কিয় দিয়া হয় বাধা? ৮০০ বছৰ পুৰণি এটা মন্দিৰ। নাম সাবৰিমালা মন্দিৰ। এই মন্দিৰটোত এটা অদ্ভূত নিয়ম আছে। ১০ বছৰৰ পৰা ৫০ বছৰ বয়সৰ মহিলাক ইয়াত সোমাবলৈ দিয়া হোৱা নাছিল। ১০ বছৰ তলৰ বা ৫০ বছৰৰ উৰ্ধৰ মহিলাহে এই মন্দিৰত প্ৰৱেশ কৰিব পাৰে।
এনে বৈষম্যৰ ওৰ পৰিল শুকুৰবাৰে। উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দানযোগে ৮০০ বছৰ পুৰণি প্ৰথাক অস্বীকাৰ কৰি মন্দিৰত নাৰী প্ৰৱেশ কৰাৰ সপক্ষে ৰায় দিলে। কেৰালাৰ এই মন্দিৰটোত নাৰীৰ প্ৰৱেশৰ বাবে দিয়া ৰায়দানে বহু দিশ মুকলি কৰি থৈ গ'ল। ভগৱান আয়প্পা কেৱল পুৰুষৰ বাবে নহয়। ৰায়দান কৰি মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই ক'লে- সকলোৰে পূজা কৰাৰ অধিকাৰ আছে। লিংগৰ ভিত্তিত পূজা-অৰ্চনা তথা শ্ৰদ্ধাক ভেদ-ভাৱ কৰিব নোৱাৰি।
এই ৰায়দানৰ বিৰুদ্ধে মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এনে বহু মঠ-মন্দিৰ বা পৱিত্ৰ স্থান আছে, যিবোৰত পৰম্পৰাৰ দোহাই দি মহিলাসকলক প্ৰৱেশ কৰিব দিয়া নহয়। সাবৰিমালা মন্দিৰৰ পাছত এনে মঠ-মন্দিৰসমূহৰ ক্ষেত্ৰত মহিলাৰ বাবে থকা প্ৰতিবন্ধকতা কি হ'ব? কেৱল সাবৰিমালা মন্দিৰতে এনে হ'লে নহ'ব। দেশৰ অন্য প্ৰান্ততো মহিলাই সেই অধিকাৰ পাব লাগিব। এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে।
বৰপেটা সত্ৰ এনে এক পৱিত্ৰ স্থান। য'ত নাৰীক প্ৰৱেশ কৰিবলৈ দিয়া নহয়। সত্ৰৰ চৌহদত আছে এখন ফলক। য'ত স্পষ্টকৈ লিখা আছে- পৰম্পৰা অনুসৰি বৰপেটা সত্ৰৰ কীৰ্তন ঘৰ আৰু মণিকূট গৃহৰ ভিতৰলৈ মহিলাৰ প্ৰৱেশ নিষেধ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/a02a7d2e-c6e9-4f15-9dcc-e0455e019403.jpg)
এতিয়া এই ৰায়দানৰ পাছত বৰপেটা সত্ৰত নাৰী প্ৰৱেশৰ প্ৰসংগয়ো নতুন মাত্ৰা লাভ কৰিলে। মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা এই সত্ৰৰ পৰম্পৰা অনুসৰি স্থানীয় মহিলাসকলেও সত্ৰৰ ভিতৰত প্ৰৱেশ কৰিব নোখোজে। সেয়া তেওঁলোকৰ সত্ৰৰ প্ৰতি থকা বিশ্বাস আৰু ভক্তিৰ নিদৰ্শন। সেইসকল লোকৰ বিশ্বাস-পৰম্পৰাক সন্মান জনালেও এটা যুক্তি নিশ্চয় মানি ল'ব নোৱাৰি যে- মাধৱ দেৱ সাংসাৰিক নাছিল বাবেই তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই এই পৰম্পৰাক ধৰি ৰখা হৈছে। কিন্তু একেই উদাসীন আউনীআটী সত্ৰত মহিলাক প্ৰৱেশ কৰিবলৈ দিয়া হয়। গাহস্থ্য জীৱনক শংকৰদেৱে কেতিয়াও বৰ্জন কৰা নাছিল। তেওঁ এই জীৱনক স্বীকৃতি দিছিল। নিজে দুগৰাকী নাৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।
বৰপেটা কীৰ্তন ঘৰত মহিলা প্ৰৱেশৰ সন্দৰ্ভত বিভিন্ন বাক-বিতণ্ডা ইতিমধ্যে হৈ গৈছে। বৰপেটা সত্ৰ পৰিচালনা সমিতি অথবা এই কীৰ্তন ঘৰৰ সৈতে জড়িত লোকসকলে কেৱল পৰম্পৰাৰ কথা দোহাই দি সত্ৰৰ ভিতৰত নাৰী প্ৰৱেশত বাধা দি আহিছে। স্থানীয় লোকসকলে ক'ব বিচাৰে যে, বৰপেটা সত্ৰত নাৰী প্ৰৱেশত বাধা দিয়ে স্থানীয় নাৰী সকলেই ।
যিসময়ত মহিলাই মহাকাশত বিচৰণ কৰিছে, দেশ শাসন কৰিছে, তেনে সময়ত বৰপেটা কীৰ্তন ঘৰত মহিলা প্ৰৱেশৰ যুক্তি অৰ্থহীন। ভাৰতীয় সংবিধানৰ ১৪ নম্বৰ দফাত পুৰুষ-মহিলা সকলো সমান বুলি লিখা আছে। ইফালে মহাপুৰুষ দুজনে প্ৰতিষ্ঠা কৰা প্ৰায়বোৰ অনুষ্ঠানতেই পুৰুষৰ সমানে মহিলা প্ৰৱেশ কৰিব পাৰে। তেনেস্থলত বৰপেটা কীৰ্তন ঘৰত এনে বৈষম্য কিয়?
ছ'চিয়েল মিডিয়াতো ইয়াক লৈ বিতৰ্ক হৈছে। ২০১৬ৰ মাজ ভাগত হোৱা এই বিতৰ্কৰ সন্দৰ্ভত আনকি ২০১৬ৰ ৭ আগষ্টত এখন ৰাজহুৱা সভা হৈছিল। সেই ৰাজহুৱা সভাৰ জাননী আছিল এইখন-
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/2a6d2f04-8416-4df4-95ec-275413cf6526.jpg)
সেই সভাত সিদ্ধান্ত লোৱা হৈছিল যে বৰপেটা কীৰ্তন ঘৰত পূৰ্বৰ পৰম্পৰা অনুসৰি মহিলাক প্ৰৱেশ কৰিবলৈ দিয়া নহয়। শংকৰদেৱে নাৰীক সন্মুখত স্থান দিছিল। সতী ৰাধিকাৰ হতুৱাই পানী আনি আকাশী গংগাত ঢালিছিল। তেনেস্থলত গুৰুজনাৰ পুৰুষ-মহিলাৰ সমান নীতিক এই ধৰণৰ পৰম্পৰাৰে উপহাস কৰিছে নেকি? এই কথা বিচাৰ কৰা সময় কিন্তু আহি পৰিছে।
বৰপেটা কীৰ্তন ঘৰ কেৱল এখন বিশেষ সমাজৰ সম্পত্তি হৈ থকা নাই। ৰাজেন পূজাৰী নামৰ এজন ব্যক্তিয়ে তথ্য জনা অধিকাৰ আইনৰ অধীনত কিছু তথ্য জানিব বিচাৰিছিল।বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে দিয়া তথ্য এয়া-
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/74ba687a-21f8-4412-beb4-9f067e6ce0f9.jpg)
এই তথ্য জনাৰ অধিকাৰ আইনত কৰা প্ৰশ্নৰ উত্তৰ দি সত্ৰ পৰিচালনা সমিতিয়ে জনাইছিল যে তেওঁলোকে চৰকাৰী অনুদান গ্ৰহণ কৰে। তেনে অনুষ্ঠান বা প্ৰতিষ্ঠানে সংবিধান তথা আইনী নিয়ম কানুন মানিবলৈ বাধ্য। তেনে অনুষ্ঠানে লিংগ বৈষম্য নীতি গ্ৰহণ কৰিলে সেয়া নাৰীৰ বাবে এক পৰিতাপৰ বিষয় নিশ্চয় হ'ব।
শেহতীয়া উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পাছত এই সংকীৰ্নতাৰ বিপৰীতে নিশ্চয় প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'বই। অধিকাৰ বিচাৰি আদালতত পৰম্পৰাৰ বিৰুদ্ধে থিয় দিলে সেয়া কি হ'ব পাৰে সাবৰিমালা মন্দিৰৰ ঘটনাই আভাস দিয়ে। বৰপেটা কীৰ্তন ঘৰ চাবলৈ যোৱা এগৰাকী কিশোৰীৰ উৎসুকতাৰ দৃশ্য এয়া।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/387cafd1-787a-4baa-be11-ded8ad3629ad.jpg)
এদিন এনে নিয়মো আছিল- স্বামীৰ মৃত্যুৰ পাছত পত্নীয়ে জীৱন্তে পতিৰ চিতাৰ জুইত জাপ দি আত্মজাহ দিছিল। 'সতীদাহ' নামে জনাজাত এই প্ৰথা এক পৰম্পৰা হৈয়ে সমাজত প্ৰচলিত আছিল ।ৰক্ষণশীল সমাজত নাৰীৰ বাবে পতিৰ চিতাৰ জুইত জাহ যোৱাতো গৌৰৱ আৰু মৰ্যদাৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। এদিন যেতিয়া ইয়াৰ বিৰুদ্ধে সজাগতা সৃষ্টি হ'ল তেতিয়া সেই সমাজৰ একাংশ নাৰীয়ে এই প্ৰথাৰ বিলুপ্তিৰ বিৰোধিতা কৰিছিল। তেওঁলোকৰ যুক্তি আছিল সেই পৰম্পৰা তেওঁলোকে মানে, তাত বেলেগৰ মাত মতাৰ অধিকাৰ নাই।
বিতৰ্কৰ ফলত বৰপেটা সত্ৰৰ মহিলা প্ৰৱেশক লৈ ৭ আগষ্ট, ২০১৬ত যি ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল, তাত লোৱা সিদ্ধান্ত সমূহ আছিল-
- পূৰ্বৰ নিয়মেই অক্ষুন্ন থাকিব সত্ৰত ৷
- কীৰ্তনঘৰত প্ৰৱেশ কৰিব নোৱাৰিব নাৰীয়ে ৷
- সত্ৰৰ পৰম্পৰাৰ প্ৰতি গৰিষ্ঠ সংখ্যকৰ সমৰ্থন ৷
- নাৰী সকলেও বিচাৰিলে পৰম্পৰা অক্ষুন্ন ৰখাৰ ৷
- দুগৰাকী নাৰীয়ে নাৰীৰ প্ৰৱেশৰ সমৰ্থনত বক্তব্য দিছিল ।
কথা হ'ল বৰপেটা সেই সভাৰ খনত উপস্থিত থকা মহিলা সকলে দিয়া মন্তব্যই জানো আন সকল মহিলাৰ ৰায় হ'ব পাৰে? বিশ্বাস-পৰম্পৰা আদি দোহাই দি কিছুমান প্ৰশ্ন উত্তৰ দিয়া পৰা নিজক অতৰাই ৰাখিব পাৰি ।
মহিলাক কিয় সত্ৰত প্ৰৱেশ কৰিব দিয়া নহয়, পৰম্পৰাৰ উৰ্ধত গৈ যুক্তিৰে উত্তৰ নিদিলে সেই প্ৰশ্ন 'প্ৰশ্ন' হৈয়ে ৰৈ যাব।এচামে নিবিচাৰিলে অন্য মহিলাই বিচাৰিবই সেই অধিকাৰ। সম্ভৱতঃ মাধৱদেৱৰ সৈতে জড়িত আৰু মাধৱদেৱ অবিবাহিত হোৱাৰ সূত্ৰে সৃষ্টি হোৱা এই পৰম্পৰা কিমান দিনলৈ আমি ধৰি ৰাখিম?
পৰম্পৰাক সকলোৱে সন্মান কৰে।কিন্তু অধিকাৰ আৰু এখন স্বাধীন দেশৰ নাগৰিক হিচাপে মহিলাই পাব লগা সন্মানৰ পৰা কিয় বঞ্চিত হ'ব ইয়ো এক আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন। প্ৰগতিশীল লোকসকলে এই দিশত চিন্তা-চৰ্চা কৰিছে যদিও, ইয়াক পৰম্পৰাৰ পৰা অধিকাৰৰ দিশলৈ মানসিকতা সলনি কৰিব পৰা হোৱা নাই। অথচ ১৯১৯ চনৰ পৰাই বৰপেটা কীৰ্তন ঘৰত নাৰী প্ৰৱেশৰ হকে মাত মাতি আহিছে।
বহু ভি ভি আই পিক এই কীৰ্তন ঘৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। সেই ধাৰাবাহিকতা যেন এতিয়া উচ্চতম ন্যায়ালয়ৰ শেহতীয়া ৰায়দানে অন্ত পেলোৱাৰ ইংগিত দিছে। ইয়াৰ বাবে এতিয়া প্ৰস্তুতি চলোৱাৰ সময়। পৰম্পৰাক আমি সন্মান কৰিব লাগিব। বৰপেটাবাসীৰ চিন্তা-চেতনাক সন্মান জনাই এনে প্ৰগতিশীল সিদ্ধান্তৰ বাবে নতুন চিন্তাৰ অৱকাশ দিলে উচ্চতম ন্যায়ালয়ে। এতিয়া সকলোৱে প্ৰশ্ন কৰিব সাবৰিমালা মন্দিৰত মহিলা সকলে পালে প্ৰৱেশৰ অধিকাৰ, বৰপেটা কীৰ্তন ঘৰত সেই অধিকাৰ মহিলাই পাব কেতিয়া?