বেছ তেন্তে, যুদ্ধ দে...

আৰু মাত্ৰ মাজত কেইটামান ঘন্টা, দেশজুৰি বাজিব যুদ্ধৰ চাইৰেন। যুদ্ধৰ সময়ত ল'বলগীয়া সাৱধানতা আৰু কাৰ্য-কলাপৰ বিষয়ে জনতাক বুজাবলৈ অনুষ্ঠিত কৰা হৈছে মকড্ৰিল। লক্ষ্যণীয় কথাটো হৈছে যে,

New Update
WhatsApp Image 2025-05-07 at 12.47.46 AM

ডিম্পুল বৰগোহাঁই

Advertisment

আৰু মাত্ৰ মাজত কেইটামান ঘন্টা, দেশজুৰি বাজিব যুদ্ধৰ চাইৰেন। যুদ্ধৰ সময়ত ল'বলগীয়া সাৱধানতা আৰু কাৰ্য-কলাপৰ বিষয়ে জনতাক বুজাবলৈ অনুষ্ঠিত কৰা হৈছে মকড্ৰিল। লক্ষ্যণীয় কথাটো হৈছে যে, দেশৰ ভিতৰত সৰ্বাধিক ২৩স্থানত মকড্ৰিল হ'ব অসমত। গৃহ মন্ত্ৰালয়ে কিয় দেশৰ ভিতৰতে মকড্ৰিলৰ বাবে সৰ্বাধিক স্থান অসমতেই বাচি ল'লে সেয়া এতিয়া সাধাৰণ জনতাৰ মনত প্ৰশ্ন।

পাকিস্তানৰ বিৰুদ্ধে হয়তো যুদ্ধ হবই!  ১৯৭১চনৰ পিছত দেশত প্ৰথমবাৰৰ বাবে আকৌ হব মকড্ৰিল। উল্লেখযোগ্য যে ১৯৬২ চনত চীনৰ বিৰুদ্ধে হোৱা যুদ্ধ তথা ১৯৬৫ চন আৰু ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুদ্ধৰ সময়ত দেশত মকড্ৰীল কৰা হৈছিল । কিন্তু ১৯৭১ চনৰ পিছত দেশত প্ৰথমবাৰৰ বাবে কাইলৈ কৰা হ'ব যুদ্ধৰ মকড্ৰীল । ১৯৯৯ চনত হোৱা কাৰ্গিলৰ যুদ্ধৰ সময়তো মকড্ৰিল কৰা হোৱা নাছিল । 

১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা ভাৰতৰ যুদ্ধৰ সময়ত যিসকল লোকে মকড্ৰীল প্ৰত্যক্ষ কৰিছিল তেওঁলোকৰ বাবে কাইলৈৰ মকড্ৰীল হৈ পৰিছে এক অতীত স্মৃতি । ৫৪বছৰৰ পিছত কাইলৈ দেশজুৰি প্ৰথমবাৰৰ হব ব্লেক আউট। আন্ধাৰেৰে আৱৰি ধৰিব সমগ্ৰ দেশ।

৭মেৰ মকড্ৰিলৰ সমান্তৰালভাৱে পাকিস্তান সীমান্তত যুদ্ধাভ্যাস কৰিব ভাৰতীয় বায়ু সেনাই। ৰাফেলৰ পৰা আদিৰ কৰি মিৰাজৰ সৈতে সকলো যুদ্ধ বিমান উৰিব আকাশমাৰ্গত। যুদ্ধৰ বাবেই হয়তো দেশৰ সকলো সৈনিকৰ ছুটী বাতিল কৰা হৈছে। সকলো সৈনিক আৰু বিষয়া এতিয়া নিজৰ পোছাকত। যিসকল ছুটীত আছিল তেওঁলোকক জৰুৰীভাৱে মাতি পঠোৱা হৈছে।

মুঠৰ ওপৰত পাকিস্তানক এসেকা দিয়াৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলাইছে ভাৰতে। ভাৰতৰ এই কঠোৰ স্থিতিৰ আগজাননী পায়ে পাকিস্তানত এতিয়া হাঁহাকাৰ অৱস্থা। জৰুৰীকালীন সামগ্ৰী নিজৰ ঘৰত মজুত ৰাখিবলৈ এতিয়া হেতাওপৰা লগাইছেৰ পাকিস্তানৰ জনতাই। 

সীমান্তত বাস কৰা লোকসকলে গাড়ীয়ে গাড়ীয়ে নিত্য প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি ঘৰলৈ নিছে। পাকিস্তানৰ এনে হাঁহাকাৰ অৱস্থাৰ কথা সবিস্তাৰে বৰ্ণনা হৈছে আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমত।  এই যুদ্ধকালীন প্ৰস্তুতিৰ মাজতে ভাৰতীয় সেনাই দেশৰ জনতালৈ কৰিছে এক বিশেষ আহ্বান।

ভাৰতীয় সেনাৰ আহ্বান যে, মকড্ৰিল তথা যুদ্ধৰ আখৰাৰ ভিডিঅ' যাতে তেওঁলোকে কোনেও ছচিয়েল মিডিয়াত আপলোড নকৰে। কিয়নো ডিজিটেলী এই যুগত এনে ভিডিঅ গৈ পৰিবগৈ পাৰে শত্ৰুৰ হাতত। গতিকে এই ক্ষেত্ৰত সকলোৰে পৰা সহায়-সহযোগিতা বিচাৰিছে ভাৰতী সেনা তথা গৃহ মন্ত্ৰালয়ে।

১৯৭১ চনৰ যুদ্ধ আৰম্ভ হৈছিল ৩ ডিচেম্বৰত । কিন্তু মকড্ৰিল আৰম্ভ হৈছিল দুদিনৰ আগত । অৰ্থাৎ যুদ্ধ আৰম্ভ হোৱাৰ দুদিন বা চাৰিদিন পূৰ্বে কৰা হয় মকড্ৰিল । এতিয়া সুদীৰ্ঘ ৫৪ বছৰৰ পিছত কাইলৈ দেশত প্ৰথমবাৰৰ বাবে কৰা হ'ব যুদ্ধকালীন আখৰা । হয়তো ১৯৭১ ৰ দৰেই কাইলৈৰ মকড্ৰীলৰ দুদিন বা তিনিদিন পিছতেই আৰম্ভ হ'ব পাৰে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ চতুৰ্থখন যুদ্ধ । 

ইফালে ১৯৭১চনৰ মকড্ৰিলৰ সেই সময়ৰ কথা সোৱৰিলে এগৰাকী বয়োজ্যেষ্ঠই। গুজৰাট নিবাসী এগৰাকী ৭০ বছৰ গৰকা বয়স্ক লোকে আমাক তেওঁৰ অভিজ্ঞতা সম্পৰ্কে ক'লে এইদৰে-  "মই তেতিয়া বজাৰৰ পৰা আহি ঘৰ সোমাইছিলোহি । মোৰ বয়স তেতিয়া ১৬/১৭ বছৰ হ'ব । সন্ধিয়া ৭ মান বজাত চাইৰেন বাজিল । ইয়াৰ অৰ্থ হ'ল চাইৰেনটো বজাৰ লগে লগেই সকলো মানুহে ঘৰৰ লাইটবোৰ নুমুৱাই দিব লাগিব । লগে লগে চাৰিওফালে অন্ধকাৰ হৈ গৈছিল ।

তেওঁ আৰু কয়- তেতিয়া টিভিৰ যুগ নাছিল । কেৱল ৰেডিঅ' শুনিছিলো আমি । চাইৰেন বজাৰ লগে লগেই ৰেডিঅ'ত ঘোষণা কৰি দিছিল লাইট অফ কৰিবলৈ । সেই সময়ত আমাৰ মাজত কিছু ভয় আৰু কিছু উত্তেজনা হৈছিল । আমাক সন্ধিয়া ৬.৩০ বজাৰ ভিতৰত ঘৰত সোমাবলৈ কোৱা হৈছিল । 

চাইৰেন বজাৰ পিছত ঘৰৰ চকী টেবুলৰ তলত সোমাবলৈ পৰামৰ্শ দিছিল । আনকি ফুচফুচাইহে সকলোকে কথা পাতিবলৈ নিৰ্দেশ দিছিল । সেই সময়ত বিদ্যুৎ ব্যাহত হোৱাটো স্বাভাৱিক কথা আছিল । আমি পোহৰৰ বাবে মমবাতি আৰু লেম্প ব্যৱহাৰ কৰিছিলো ।"- সংবাদ মাধ্যমৰ সন্মুখত এইদৰে কয় তেওঁ।

মকড্ৰিলৰ প্ৰধান উদ্দেশ্যসমূহৰ ভিতৰত আছে ক্ৰমে- বিমান আক্ৰমণৰ সতৰ্কবাণী ব্যৱস্থাৰ ফলপ্ৰসূতা মূল্যায়ন কৰা, হটলাইন কাৰ্যকৰী কৰা, আই এ এফৰ সৈতে ৰেডিঅ’ যোগাযোগৰ সংযোগ, নিয়ন্ত্ৰণ কক্ষ আৰু ছায়া কক্ষৰ কাৰ্যক্ষমতা পৰীক্ষা কৰা, শত্ৰুতাপূৰ্ণ আক্ৰমণৰ ক্ষেত্ৰত নিজকে সুৰক্ষিত কৰিবলৈ নাগৰিক প্ৰতিৰক্ষাৰ দিশৰ ওপৰত ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ নাগৰিকক প্ৰশিক্ষণ দিয়া আৰু দুৰ্ঘটনা প্ৰতিৰোধ ব্যৱস্থাৰ ব্যৱস্থা কৰা ।

ৱাৰ্ডেন সেৱা, অগ্নিনিৰ্বাপক, উদ্ধাৰ অভিযান আৰু ডিপো পৰিচালনাকে ধৰি অসামৰিক প্ৰতিৰক্ষা সেৱাৰ সক্ৰিয়কৰণ আৰু সঁহাৰি পৰীক্ষা কৰা, দুৰ্ঘটনাজনিত ব্লেকআউট ব্যৱস্থা ৰূপায়ণৰ মূল্যায়ন কৰা আৰু খালী কৰাৰ পৰিকল্পনা আৰু ইয়াৰ কাৰ্যকৰীকৰণৰ প্ৰস্তুতিৰ মূল্যায়ন কৰা আদিও এই উদ্দেশ্যসমূহৰ অন্তৰ্গত ৷

গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এই মকড্ৰিলৰ তালিকা তিনিটা কেটেগৰীত ভাগ কৰা হৈছে । কেটেগৰী ১ ত অসমৰ কোনো এখন ঠাইৰ নাম অন্তৰ্ভুক্ত কৰা হোৱা নাই । কিন্তু কেটেগৰী ২ আৰু কেটেগৰী ৩ ত ক্ৰমে ১৬ আৰু ৪ খন ঠাইৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ।

অসমৰ গুৱাহাটী, বঙাইগাঁও, ডিব্ৰুগড়, দৰং, গোলাঘাট, কাৰ্বি আংলং, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, তেজপুৰ, ডিগবৈ, দুলীয়াজান, ৰঙিয়া, নামৰূপ, নাজিৰা, উত্তৰ লখিমপুৰ, নুমুলীগড়কে ধৰি মুঠ ২৩ স্থানত হ’ব যুদ্ধৰ আখৰা । 

মুঠৰ ওপৰত এতিয়া দেশত পূৰ্ণদম্যে চলিছে যুদ্ধৰ প্ৰস্তুতি। বাৰে বাৰে ভাৰতৰ শান্তি বিনষ্ট কৰিবলৈ চেষ্টা  কৰা পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে দেশৰ সেনা। হয়তো মকড্ৰিলৰ দুদিন বা চাৰিদিনৰ পিছতে ভাৰত-পাকিস্তানৰ মাজত হব পাৰে চতুৰ্থখন যুদ্ধৰ আৰম্ভণি...

যুদ্ধ