তলৰ মানুহ বনাম ওপৰৰ মানুহ...

আমিতো সৰু মানুহ! তলৰ মানুহ। ফটাঁ কাগজতে সপোন ৰচি সন্তুষ্টি লভা মানুহ। ডাঙৰ গুণী-জ্ঞানী আৰু ধনী মন্ত্ৰীৰ বংশৰ গৰিমা আৰু তেওঁলোকে জখলা বগাই ৰচা সফলতা তথা উন্নতিৰ কাহিনী আমাৰ দৰে

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
yhh

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

আমিতো সৰু মানুহ! তলৰ মানুহ। ফটাঁ কাগজতে সপোন ৰচি সন্তুষ্টি লভা মানুহ। ডাঙৰ গুণী-জ্ঞানী আৰু ধনী মন্ত্ৰীৰ বংশৰ গৰিমা আৰু তেওঁলোকে জখলা বগাই ৰচা সফলতা তথা উন্নতিৰ কাহিনী আমাৰ দৰে সাধাৰণ লোকৰ বাবে কেতিয়াবা হয় অকল্পনীয় বাতৰি, আন কেতিয়াবা হয় অনুসন্ধিৎসু বিষয়।

জানিবলৈ মন গৈছিল তেওঁৰ বংশৰ কথা। কিয়নো তেওঁ কৈছিল- মই বিখ্যাত মল্ল বুজৰবৰুৱাৰ বংশ বুলি গৌৰৱ কৰো। সেই বংশৰ ইতিহাসৰ সৈতে কিছু কথা প্ৰাসংগিক এতিয়া। নলবাৰী চান্দকুছিৰ মল্ল বুজৰবৰুৱাৰ পৰিয়ালৰ সচাঁকৈয়ে এক গৌৰৱোজ্বল ইতিহাস আছে।

তেওঁলোকৰ আদিপুৰুষ ভাস্কৰ পাটগিৰি। কথিত আছে, কান্যকুজ্বৰ পৰা ভাতৃৰ সৈতে আহি বৰপেটাৰ বজালীত তেওঁলোকে বাহৰ পাতিছিলহি। সেই বংশধৰেই গুচি আহিছিল পৰৱৰ্তী সময়ত নলবাৰীৰ ছান্দকুছিলৈ।

আজি মল্ল বুজৰবৰুৱাৰ পৰিয়াল চন্দ মল্ল, বক্ত মল্ল, সুখদেৱ মল্ল, কল্যান মল্ল আদিৰেই বংশোধৰ। তেওঁলোকক মল্ল উপাধি হেনো প্ৰদান কৰিছিল আহোম ৰজা গদাধৰ সিংহই। সেয়াও এক বিশাল অধ্যায়।

যদি এই মল্ল বুজৰবৰুৱাৰ পৰিয়াল বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গৌৰৱ কৰে। একেদৰে আনসকলেও তেওঁলোকৰ পৰিয়ালৰ এনে গৌৰৱময় ইতিহাসক লৈ গৌৰৱ কৰাত নিশ্চয় আপত্তি থাকিব নোৱাৰে। পত্নীৰ ৰাজ সাহায্যকেন্দ্ৰিক বিৰ্তক আৰু গীৰগাই সন্দৰ্ভত সৃষ্টি হোৱা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইকেইদিন ভালকৈয়ে উচ্চবাচ্য কৰিছে।

সঠিক উত্তৰ দিব নোৱাৰি চালে-বেৰে কোবোৱা মন্ত্ৰীজনে সামাজিক মাধ্যমতো দিনটোৰ বাণী সদৃশ এক বাণী দিয়াৰ প্ৰয়াস কৰা দেখা গৈছে। তেওঁৰ তেনে এটা বাণী আওঁৰাই আজি কিছু কথাৰ অনিচ্ছা সত্বেও ৰাজহুৱা কৰিবলৈ লোৱা হৈছে।

মন্ত্ৰীজনে কোৱাৰ দৰেই- সাহসেৰে যুঁজিবলৈ সততাৰ প্ৰয়োজন, স্বাৰ্থন্বেষী মানুহৰ মাজত কেতিয়াবা সততা মূল্যহীন হৈ পৰে। কিন্তু সত্যক কোনেও ঢাকিব নোৱাৰে। চিৰসত্য কথা এয়া। আমিও তেওঁৰ বংশৰ পৰিচয় পিছা কৰি ঢাকি থব নোৱাৰা কিছু সত্য উদঘাটন কৰিলো।

আমাৰ মানিবলৈ টান লাগিল কথাবোৰ। কেইবাজনো লোকৰ মুখত যেতিয়া এই কথাবোৰ শুনিলো তেতিয়া অনিচ্ছা স্বত্ত্বেও এই কথাবোৰ সচাঁনে মিছা, তাকেই জানিবলৈ এজন মৃত লোকৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি কথাখিনি প্ৰশ্ন ৰূপত উত্থাপন কৰা হল।

টিহু অঞ্চলৰ লোকে কোৱামতে, ৭০দশকত কামপুৰৰ কোনো এখন হাইস্কুলত কোনোবাই বি এছ চি পাছ কৰা বুলি ভুৱা প্ৰমাণপত্ৰৰে শিক্ষকতা কৰিছিল নেকি? যদি কৰিছিল তাৰ ফলাফল কি হৈছিল? চাৰু বৰুৱাৰ নামত থকা ধন কোনো ব্যক্তি বিশেষে জালিয়াতিৰে বেংকৰ পৰা উলিয়াই নিয়া অভিযোগ মিছানে?

স্বাক্ষৰ জাল কৰি এই কাম কৰাৰ বাবে আইনী মেৰপাঁকত কোন পৰিছিল?  ৭০দশকতে টিহুত প্ৰয়াত ব্ৰজেন বৰুৱা সোঁৱৰণি একাংক নাট প্ৰতিযোগিতাত সেই একেজন ব্যক্তিয়েই নাটক চুৰি কৰি মঞ্চস্থ কৰাৰ বাবে সমালোচনা-লাঞ্চনাৰ সন্মুখীন হৈছিল নেকি? যাৰ বাবে তেওঁক জাতীয়তাবাদী শিবিৰে যোৰহাটত অনুষ্ঠিত কৰা এক ৰাজনৈতিক অভিৱৰ্তনত যোগদানৰ পৰা বিৰত ৰখোৱা হৈছিল।

ভৃগু ফুকনে এই অভিযোগ পোৱাৰ পাছতে যোৰহাটৰ সেই অভিৱৰ্তনস্থলীত তেওঁৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল নেকি? ১৯৮৪ চনত টিহু হৰি মন্দিৰে আয়োজন কৰা লটাৰী খেলৰ টিকট কোনে জাল কৰি বিক্ৰী কৰিছিল? ধৰা পৰাৰ পাছত সেই ব্যক্তিজনৰ সামাজিক অৱস্থা কি হৈছিল তেতিয়া?

সাহিত্য চৰ্চাতো হাত দিয়া কোনো ব্যক্তিয়ে পাপৰি কবি গণেশ গগৈৰ কবিতাক চুৰ কৰাৰ অভিযোগ উঠিছিল নেকি?  সেই ব্যক্তি বিশেষ আজি নাই। কিন্তু এই অভিযোগবোৰ ৰৈ গল। নিজকে সত, নিকা বুলি দাবী কৰা সকলে তেনে পৰিয়ালকে প্ৰতিনিধিত্ব কৰি আনক সততাৰ পাঠ পঢ়াবলৈ চেষ্টা কৰে নেকি?

এইবোৰ অৱশ্যে গৌৰৱৰ বিষয় নহয়, এইবোৰ সময়ে থৈ যোৱা কলা অধ্যায়। সেই কথাবোৰ মানুহে তেওঁৰ দাম্ভিকতাৰ বাবেই চৰ্চাৰ বিষয় কৰিছে। কংগ্ৰেছত থাকোতে বেয়া কাম কৰা বুলি স্বীকাৰোক্তি দিয়া এনে ক্ষমতাশালী লোকসকলে বিজেপিৰ ৱাৰ্চিং মেচিনত সোমাই নিজকে নিকা কৰা বুলি দাবী কৰিলেও মানুহে এইবোৰ কথা বিশ্বাস নকৰে।

তাৰো কাৰণ আছে। গীৰ গাই পুঁহি লাভ কৰিব নোৱাৰে বুলি কোৱা লোকসকলে যেতিয়া কাগজে-পত্ৰই তেনে ব্যৱসায়ে লাখ লাখ টকা লাভ হোৱা বুলি দেখুৱাই, মানুহে তেতিয়া এটা কথাই ভাৱে- এইসকলে এনেকৈয়ে ছাগৈ ব্লেক মাণি হোৱাইট কৰে।

জে এম বি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড নামৰ ফাৰ্মখনৰ মালিকীস্বত্ব ২০২০চনত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ হাতলৈ আহিছিল। সেই বৰ্ষতেই এই কোম্পানীটোৰ এম ডি হৈছিল জুলি ডেকা বৰুৱা। তাৰ পাছত পূৰ্বতে কোনোমতে চলি থকা এই ফাৰ্মখনৰ লাভেই লাভ হৈছিল।

ফাৰ্মখনৰ ২০১৯-২০বিত্তীয় বৰ্ষত বেলেন্স চিটত লাভ দেখুওৱা হৈছিল মাত্ৰ ১.৯৫লাখ টকা। ২০২০-২১বৰ্ষত সেই লাভৰ পৰিমাণ আছিল ১.৯৮লাখ টকা। জয়ন্ত মল্ল বৰুৱাৰ পত্নী অহাৰ পাছত ২০২১-২২বিত্তীয় বৰ্ষত বেলেন্স চিটত দেখুওৱা লাভৰ পৰিমাণ আছিল- ৩৩.৫৮লাখ টকা।

তাৰ পাছত ঘূৰি চোৱা নাই এই ফাৰ্মখনে। ২০২২-২৩বিত্তীয় বৰ্ষত দাখিল কৰা বেলেন্স চিটত জে এম বি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেডৰ লাভ দেখা গল- ৬৬.৮২লাখ টকা। ২০২৩-২৪বৰ্ষৰ বেলেন্স চিট অনুসৰি জে এম বিৰ লাভ হৈছে ৭৭.৮৯লাখ টকা।

কি যাদু! গাখীৰ ব্যৱসায়ত লাভ নহয় বুলি কোৱা মন্ত্ৰীৰ কৃষি ফাৰ্মে দেখুওৱা লাভৰ নমুনা এয়া। এই বেলেন্স চিট দেখি কোনে কব গাখীৰ ব্যৱসায় লাভজনক নহয় বুলি। মাহত ৬-৭লাখ টকা লাভত থকাৰ বাবেই কিজানি এম ডি পত্নীয়ে মাহিলী দৰমহা লয় দুই লাখ টকাকৈ।

নতুনকৈ সঞ্চালক পতা কন্যাৰ মাহিলী দৰমহা ডেৰ লাখ। তাত থকা কৰ্মচাৰীসকলৰ দৰমহা আৰু অন্যান্য ব্যয় আছেই। সচাঁকৈ লাভৰ ব্যৱসায় নে এয়া?  নে এয়া মন্ত্ৰীৰ হাতলৈ আমদানি হোৱা অবৈধ ধনক বৈধ কৰা বেহা।

সাংবাদিকক তলৰ শ্ৰেণীৰ মানুহ বুলি ঠাট্টা-ইতিকিং কৰা এইসকল লোক সচাঁই বহু ওপৰৰ। তেওঁলোকে ওপৰত খেলে, ওপৰত থাকে, ওপৰতে ৰাজসাহায্য লাভ কৰে। কিন্তু তেওঁলোকৰ ভিতৰুৱা কথাবোৰ জনাৰ পাছত কিয় জানো এখন অসমীয়া চিনেমাৰ নাম বাৰে বাৰে মনলৈ আহি আছে...

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা