/asomiyapratidin/media/media_files/2025/04/08/SrnINvbSku4ffpXNn1qD.jpg)
ডিম্পুল বৰগোহাঁই
"আপুনি চেনী দিয়া খাব নে চেনী নিদিয়া?" আলহী ঘৰ নাইবা কোনো হোটেল, ৰেষ্টুৰেন্টত একাপ চাহ খাব খুজিলে আপুনিও ছাগে সাধাৰণতে এনে এটা প্ৰশ্নৰে উত্তৰ দিবলগীয়া হয়! আপুনি চাহত চেনী খায় নে নাখায় আৰু খালেও কিমান পৰিমাণৰ খায় সেইয়া সোধাতো চাহ যচাঁজনৰ বাবে এৰাব নোৱাৰা এক কৰ্তব্যৰ দৰেই। কিন্তু আপুনি এটা কথা জানেনে, চেনী বেছিকৈ খালেও বিপদ আৰু কমকৈ খালেও বিপদ। কিন্তু সচৰাচৰতে ভৱা হয় যে, চেনী খালেই বিপদ। কিন্তু এই কথাষাৰ সচাঁ জানো?
চেনি শৰীৰৰ বাবে ক্ষতিকাৰক নেকি?
অধ্যাধিক সকলো বস্তু বেয়া। সেইদৰে চেনীও। বেছি পৰিমাণে চেনী গ্ৰহণ কৰিলে মানুহৰ দৃষ্টি শক্তি কমা, দাঁত ক্ষয় আদিৰ বহুতো ধৰণৰ ৰোগ হ'ব পাৰে। মধুমেহ ৰোগীয়ে চেনী খোৱা উচিত নহয়। কিন্তু ইয়াৰ বিপৰীতে চেনিয়ে শৰীৰত শক্তিৰ যোগান ধৰে। চেনিয়ে ওজন বঢ়োৱা বা হৃৎপিণ্ডৰ বেমাৰ কৰা অথবা কেন্সাৰ সৃষ্টি কৰা বুলি ভৱাটো অমূলক।
যিসকল লোকৰ শৰীৰত কম পৰিমাণৰ চেনি দৰকাৰ হয়, তেনে লোকে অধিক পৰিমাণৰ চেনি খালে অসুখ হয়। আমাৰ শৰীৰত আৰু তেজত চেনিৰ পৰিমাণ সঠিক থাকিলে আমাৰ শৰীৰ শক্তিমান হৈ থাকে। একাগ্ৰতা শক্তি,স্মৃতি শক্তি বৃদ্ধি হয়। আমি খোৱা আহাৰৰ সৰহভাগেই কাৰ্বহাইড্ৰেট জাতীয় দ্ৰব্য। এই দ্ৰব্যবোৰ খোৱাৰ পিচত শৰীৰত জীণ গৈ চেনিলৈ ৰূপান্তৰ হয়। কিন্তু অধিক ৰিফাইন কৰা চেনী শৰীৰৰ বাবে অতিকৈ ক্ষতিকাৰক।
চেনী খালে আচঁলতে শকত হয়নে?
সমাজৰ অধিকাংশ লোকৰে ধাৰণা, চেনী খালে মানুহ শকত হয়। কিন্তু এই ধাৰণা মিছা। মিছা বুলি আমি কোৱা নাই, ২০১৯ৰ চনৰ প্ৰকাশ পোৱা আন্তৰাষ্ট্ৰীয় এখন বিখ্যাত স্বাস্থ্য আলোচনীয়ে চলোৱা সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। ১৯৫ খন দেশকলৈ এই এই আলোচনীখনে চলাইছিল এই সমীক্ষা।
এই সমীক্ষাত প্ৰকাশ পাইছিল যে, বিশ্বৰ ১৯৫ খন দেশৰ ভিতৰত ইজৰাইল হৈছে এনে এখন দেশ, যিখন দেশত নিয়মিত গ্ৰহণ কৰা খাদ্যৰ পৰা মানুহ শকত হোৱা সম্ভাৱনা আটাইতকৈ কম। ইয়াৰ কাৰণ কি! ইয়াৰ কাৰণ শুনিলে আপুনি আচৰিত হ'ব।
সমীক্ষা চলোৱা ১৯৫ খন দেশৰ ভিতৰত ইজৰাইলতে প্ৰতিজন মানুহে দৈনন্দিন খাদ্যত আটাইতকৈ বেছি চেনী খায়। সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি, ইয়াৰ বাবেই এই দেশখনত মানুহ শকত হোৱা সম্ভাৱনা খুবেই কম।
বিশ্বত সৰ্বাধিক চেনী গ্ৰহণ কৰা দেশ কোনখন?
ইতিমধ্যেই উল্লেখ কৰা হৈছে যে, বিশ্বৰ ভিতৰতে সৰ্বাধিক চেনী গ্ৰহণ কৰা দেশখন হৈছে ইজৰাইল। সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি২০১৮ বৰ্ষত দেশখনত প্ৰতিজন ব্যক্তিয়ে বছৰত গ্ৰহণ কৰিছে ৬০ কিঃগ্ৰাঃতকৈ অধিক চেনী। অথাৎ প্ৰতিজন ব্যক্তিয়ে প্ৰতিদিনতে গ্ৰহণ কৰে ১৬৫ গ্ৰামৰো অধিক চেনী।
ইজৰাইলৰ পিছতে সৰ্বাধিক চেনী গ্ৰহণ কৰা ৪ খন দেশ হৈছে মালয়েচিয়া, বাৰবৌডছ, ফিজি আৰু ব্ৰাজিল। ইয়াৰ বিপৰীতে বিশ্বৰ ভিতৰতে সবাতোকৈ কম চেনী গ্ৰহণ কৰে উত্তৰ কোৰিয়াত। ইয়াত ২০১৮ বৰ্ষত বছৰ টোত প্ৰতিজন মানুহে ব্যৱহাক কৰিছে ৩.৫ কিঃগ্ৰাঃ চেনী। ইয়াৰ বিপৰীতে কিন্তু চুবুৰীয়া দেশ দক্ষিণ কোৰিয়াত ২০১৮ বৰ্ষত মানুহে গ্ৰহণ কৰা চেনীৰ পৰিমাণ আছিল ৩০.৫ কিঃগ্ৰাঃ। উল্লেখ্য যে, বেছি চেনী গ্ৰহণ কৰা ২০ দেশৰ ভিতৰত নাম আছে আমেৰিকাৰ।
ভাৰতৰ মানুহে কিমান চেনী খায়?
লক্ষ্যণীয় কথাতো হ'ল যে, চেনী গ্ৰহণ কৰা ক্ষেত্ৰত শীৰ্ষত নাথাকিলেও বছৰত সৰ্বাধিক চেনী প্ৰয়োজন হোৱা দেশৰ ভিতৰত আছে ভাৰত। ২০১৮ বৰ্ষত ভাৰতবৰ্ষত ব্যৱহাৰহৈছিল ২৫.৩৯ মিলিয়ন মেট্ৰিক টন। আলোচনীখনে সমীক্ষাত পোৱা তথ্য অনুসৰি বিশ্বত দিনক দিনে বৃদ্ধি পাইছে চেনীৰ ব্যৱহাৰ।
২০০১ চনত সমগ্ৰ বিশ্বক প্ৰয়োজন হৈছিল ১২৩.৪মিলিয়ন মেট্ৰিক টন চেনী কিন্তু ২০১৮ চনত ইয়াৰ পৰিমাণ বৃদ্ধি হৈ ১৭২.৪ মিলিয়ন মেট্ৰিক টন পাইছেগৈ। এই হিচাপত সমগ্ৰ বিশ্বত প্ৰতিজন মানুহে গ্ৰহণ কৰা চেনীৰ পৰিমাণ হৈছে ২২.৬ কিঃগ্ৰাঃ।
২০২২বৰ্ষত ভাৰতত সৰ্বমুঠ চেনীৰ প্ৰয়োজন হৈছিল ২কোটি ৯৫লাখ মেট্ৰিক টন। চেনীৰ ব্যৱহাৰ ভাৰতত বৃদ্ধি পোৱাৰ বাবেই ভাৰতত ডায়েবেটিছৰ প্ৰাদুৰ্ভাৱ ২০০৯ চনত ৭.১%ৰ পৰা ২০১৯ চনত ৮.৯%লৈ বৃদ্ধি পাইছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতিদিনে এজন মানুহে কিমান চেনী গ্ৰহণ কৰিব লাগেঃ
চেনীৰ বিভিন্ন উপকাৰ থাকিলেও বিশ্ব স্বাস্থ্য সংস্থাই কিন্তু এজম মানুহক চেনীৰ পৰিমাণ যিমান পাৰে কমাই খাবলৈ পৰামৰ্শ প্ৰদান কৰিছে। সংস্থাৰ মতে এজন ব্যক্তিয়ে প্ৰতিদিনে খাদ্যত ২৫ গ্ৰাম চেনী গ্ৰহণ কৰিলে ভাল। কিন্তু বিশ্বৰ স্বাস্থ্য সংস্থাৰ এই পৰামৰ্শক চেলেঞ্জ প্ৰদান কৰি বিট্ৰিছ হাৰ্ট ফাউণ্ডেচন এটা সংস্থাৰ চিকিসক ভিক্টোৰিয়া ট্ৰেলৰ মতে, অধিকাংশ লোকেই চেনীৰ কম খোৱাৰ বাবে পৰামৰ্শ প্ৰদান কৰিলেও, এইটো কথাই সত্য যে, চেনী বেছি গ্ৰহণ কৰা দেশৰ বিলাকৰ লোকৰ গড় আয়ুস সাধাৰণতে বেছি, এয়া ইতিমধ্যে প্ৰমাণো হৈছে।'
এটা কথা সঁচা যে, দৈনন্দিন জীৱনত দিনক দিনে বৃদ্ধি পাইছে চেনীৰ ব্যৱহাৰ। সাধাৰতে আমি প্ৰত্যক্ষভাৱে চেনী গ্ৰহণ নকৰিলেও আমি খোৱা বিভিন্ন খাদ্যত বিশেষকৈ ফাষ্টফুড আৰু কলড্ৰিংছ চেনী মিহলি হৈ থাকে। এক সমীক্ষাত প্ৰকাশ পাইছে যে, সতৰ দশকত ভাৰতত বছৰত ব্যৱহাৰ হৈছিল ২.৬ মিলিয়ন মেট্ৰিক টন চেনী কিন্তু ৯০ দশকত ইয়াৰ পৰিমাণ হৈছিলগৈ ১৩ মিলিয়ন মেট্ৰিক টন।
আৰম্ভণিতে কোৱাৰ দৰে সকলো সামগ্ৰীৰে অত্যাধিক বেয়া। শৰীৰত চেনীৰ পৰিমাণ বৃদ্ধি পালেও বিভিন্ন অসুখ হব পাৰে। গতিকে সৰ্তক হৈ নিজৰ শৰীৰৰ কথা ভাৱি নিয়মিত খাদ্যৰ ওপৰত ধ্যান দিয়ক। মুখৰ জুতিৰ বাবে আপুনি গ্ৰহণ কৰা একাংশ খাদ্য ত্যাগ কৰক। এই ক্ষেত্ৰত চৰকাৰৰো ভূমিকা আছে, ইতিমধ্যে চিংগাপুৰ চৰকাৰে এনে বিভিন্ন খাদ্যৰ বিজ্ঞাপন বন্ধ কৰি এক নজিৰ দাঙি ধৰিছে।