গড়ভঙাত যুঁজিছে সংগীতা ৰাণীয়ে...

ৰেঞ্জাৰ সংগীতা ৰাণী সিনহা সাহসী আৰু কৰ্তব্যপৰায়ণ হিচাপে নাম আছে। অসম বন সেৱাৰ বিষয়া সংগীতা সিনহাই ২০২৪ৰ অক্টোবৰত ৰেঞ্জাৰ হিচাপে যোগদান কৰিছিল দক্ষিণ গুৱাহাটী বনাঞ্চলৰ লখৰাত

author-image
Asomiya Pratidin
New Update
bikhekh lekha new htj

মৃদুল কুমাৰ সন্দিকৈ

ৰেঞ্জাৰ সংগীতা ৰাণী সিনহা সাহসী আৰু কৰ্তব্যপৰায়ণ হিচাপে নাম আছে। অসম বন সেৱাৰ বিষয়া সংগীতা সিনহাই ২০২৪ৰ অক্টোবৰত ৰেঞ্জাৰ হিচাপে যোগদান কৰিছিল দক্ষিণ গুৱাহাটী বনাঞ্চলৰ লখৰাত থকা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত। 

৩০জুলাই, ২০২৫ত পুৱাৰে পৰা তৎপৰ হৈ পৰিছিল ৰেঞ্জাৰ সংগীতা ৰাণী সিনহা আৰু তেওঁৰ আন সহকৰ্মীসকল। পূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ এই বন বিষয়াৰ কাৰ্যালয়টোৱে চোৱা-চিতা কৰে গড়ভঙা সংৰক্ষিত বনাঞ্চলখন।

অসমৰ এই বনাঞ্চলখনৰ অন্তৰ্গত বহুকেইখন বন গাঁৱত বিশেষকৈ কাৰ্বি আৰু গাৰো লোকে বাস কৰা সেই গাওঁ সমূহ বৰ সংবেদনশীল। অসম-মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলটোত মেঘালয়ৰ অধীনস্থ কৰিবলৈ দীৰ্ঘদিন ধৰি ষড়যন্ত্ৰ চলি আছে।

সংগীত সিনহালৈ খবৰ আহিছিল আমৰিং আৰু চাংমা নগৰকে ধৰি সেই অঞ্চলৰ কিছু মানুহে এখন বিশেষ সভা আয়োজন কৰিছে ৩০জুলাই, ২০২৫ত। সেই সভাখনৰ উদ্দেশ্য হ’ল উক্ত এলেকাটো মেঘালয়ৰ অন্তভূৰ্ক্ত কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা আৰু ৰাইজৰ সমৰ্থন গোটোৱা।

খবৰ পায়ে আগদিনা ৰেঞ্জাৰ সংগীতা সিনহাই সভাখন অনুষ্ঠিত কৰিবলৈ লোৱা পুংকে নামৰ ঠাইলৈ গৈ ক্ষেত্ৰভিত্তিক তথ্য সংগ্ৰহ কৰি আনিছিল। কোনো কাৰণতে যাতে এই ষড়যন্ত্ৰ সফল কৰিব নোৱাৰে তাৰ বাবে ৰেঞ্জাৰ সংগীতাই ৩০জুলাই, ২০২৫ত তেওঁ বনকৰ্মীসকলক উক্ত স্থানলৈ পুৱাই যাবলৈ দি নিজেও তৎপৰ হৈ পৰে।

এই সভাখনলৈ মেঘালয়ৰ জিৰাং অঞ্চলৰ এখন চি ই এমো অহাৰ কথা আছিল। ৰেঞ্জাৰৰ নিৰ্দেশ পাই বনকৰ্মীসকলে গড়ভঙা খণ্ডৰ বন কাৰ্যালয় পাৰ হৈ ১নং এলেকা পামত তহল দি থাকোতেই দুখন মেঘালয়ৰ গাড়ী অহা দেখা পায়।

সেই গাড়ী দুখনতেই আহিছিল মেঘালয়ৰ চি ই এম সহ এটা দল। এখন বলেৰ’  আৰু এক্স ইউ ভি ৭০০ত অহা দলটোক ৰখাই অসমৰ বনকৰ্মী দলটোৱে তেওঁলোকক সোধপোচ কৰে। বাহনখনত থকা এজনে তেওঁৰ মেঘালয়ৰ চি ই এম বুলি কৈ চাংমা নগৰলৈ এখন সভাত অংশ ল’বলৈ যাব বুলি জানিবলৈ দিয়ে।

অসমৰ বনকৰ্মীসকলে বিনা অনুমতিত তেনে সভালৈ যাব দিব নোৱাৰিব বুলি বাধা প্ৰদান কৰাত লখৰা হৈ দলটো উভতি যায়। ইতিমধ্যে সেই সভাৰ উদ্দেশ্যৰ বিষয়ে সংগীতা সিনহা আৰু তেওঁৰ বনকৰ্মী দলটোৱে সবিশেষ তথ্য সংগ্ৰহ কৰি থৈছিল। 

ডেপুটী ৰেঞ্জাৰ খিজি আলী তালুকদাৰে পূৰ্বৰে পৰাই এই বিষয়ে বহু গোপন খবৰ সংগ্ৰহ কৰি থৈছিল। অসমৰ বনকৰ্মী দলটো গৈ চাংমা নগৰত উপস্থিত হৈছিলগৈ। কিছু সময়ৰ পাছত সেই স্থানত গৈ পাইছিলগৈ ৰেঞ্জাৰ সংগীতা ৰাণী সিনহা।

কিহৰ বাবে এই সভাখন অনুষ্ঠিত কৰিছে সেই বিষয়ে তেওঁ জানিব বিচাৰিছিল উপস্থিত লোকসকলৰ পৰা। ৰেঞ্জাৰগৰাকীয়ে সোধপোচ কৰি থকা সময়তে আমৰেং গাঁৱৰ নৰেশ্বৰ তুমুং নামৰ এজন লোকে তেওঁৰ সৈতে বাক-বিতণ্ডা কৰে আৰু ৰেঞ্জাৰ সিনহাক শাৰিৰিকভাৱেও অপদস্থ কৰিছিল।

ৰেঞ্জাৰ সিনহা আৰু অসমৰ বনকৰ্মীদলটোৱে নৰেশ্বৰ তুমুং নামৰ লোকজনক আটক কৰি সোধপোচৰ বাবে দক্ষিণ গুৱাহাটী বনাঞ্চলিক কাৰ্যালয়লৈ লৈ আহিছিল। কাৰ্যালয়ত তুমুঙক সোধপোচ কৰি থকাৰ সময়তে তেওঁৰ পত্নী বিভালী বেয়ে এটা ২০জনীয়া পুৰুষ-মহিলাৰ দল লৈ সিনহাৰ কাৰ্যালয়ত উপস্থিত হয়হি। সেয়া আছিল ৩০জুলাই, ২০২৫ৰ আবেলিৰ কথা। 

নৰেশ্বৰ তুমুঙক সোধপোচ কৰি থকাৰ সময়তে কাৰ্যালয়টোৰ বাহিৰত তুমুঙৰ পত্নী আৰু তেওঁৰ নেতৃত্বত অহা দলটোৱে ৰাজশ্ৰী ৰায় নামৰ বনৰক্ষীগৰাকীক আক্ৰমণ চলায়। কিয়নো তেওঁ কাৰ্যালয়ৰ সন্মুখত হুলস্থুল নকৰিবলৈ দলটোক অনুৰোধ কৰিছিল।

উগ্ৰমূৰ্তি ধৰা এই দলটোৱে আন এগৰাকী মহিলা বনৰক্ষীকো শাৰিৰিকভাৱে প্ৰহাৰ কৰে। পৰিস্থিতি উত্তপ্ত দেখি ৰেঞ্জাৰ সংগীতা সিনহা ওলাই আহিছিল বাহিৰলৈ। তেওঁকো এই দলটোৱে আক্ৰমণ চলাই আৰু প্ৰহাৰ কৰে। 

উল্লেখযোগ্য যে, সিনহাৰ ওপৰত খং কিয় তেওঁ এই সভাখন অনুষ্ঠিত কৰিবলৈ নিদিলে। ৰেঞ্জাৰগৰাকীয়ে তেওঁলোকক বহু বুজাবলৈ চেষ্টা কৰিছিল যে, সেই অঞ্চলটো অসমৰ আৰু তেওঁলোকে ইচ্ছা কৰিলেই মেঘালয়ত অন্তভূৰ্ক্ত হৈ যাব নোৱাৰিব।

আটক কৰা নৰেশ্বৰ তুমুং নামৰ লোকজনে মেঘালয়ৰ পৰা বিয়া কৰাইছে। তেওঁৰ পত্নী বিভালী বে মেঘালয়ৰ বাসিন্দা। উক্ত অঞ্চলটোত নৰেশ্বৰ তুমুঙে মানুহবোৰক প্ৰলোভিত কৰি ধৰ্মান্তৰকে ধৰি আন বহু অসম বিদ্বেষী কাম কৰি আহিছে।

বিশেষকৈ কাৰ্বি লোকসকলক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰ কৰা, গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ মাটিবোৰ মেঘালয়ৰ বুলি দাবী কৰি সেইবোৰ বিক্ৰী কৰা ইত্যাদি অনেক অপৰাধৰ সৈতে তেওঁ জড়িত। সেই বনভূমিত কেইবাখনো বিদ্যালয়ো স্থাপন কৰিছিল যিবোৰ বন বিভাগে ভাঙি দিছিল।

সমগ্ৰ ঘটনাৰ বিষয়ে ৰেঞ্জাৰ সংগীতা ৰাণী সিনহাই উচ্চপদস্থ বিষয়াক অৱগত কৰাৰ লগতে গড়চুক থানাত ইতিমধ্যে এখন এজাহাৰো দাখিল কৰিছে। গড়চুক আৰক্ষী থানাত দাখিল কৰা সেই এজাহাৰৰ জি ডি ই নম্বৰ- ৩৯, তাং-৩০/৭/২০২৫ ।

বিভাগটোত এগৰাকী সক্ৰিয় বন বিষয়া হিচাপে সংগীতা ৰাণী সিনহাৰ নাম আছে। নিজ কাৰ্যালয়তে আক্ৰমণৰ সন্মুখীন হৈও তেওঁ অতি কঠোৰভাৱে এই পৰিস্থিতি চম্ভালি লৈছিল। তেওঁৰ চিধা কথা- তেওঁ থকালৈকে অসমৰ এই বনভূমি কাকোৱেই কাঢ়ি ল’বলৈ দিয়া নহ’ব। 

৩১জুলাই। এই দিনটো এটা বিশেষ দিন। বিশ্ব ৰেঞ্জাৰ দিৱস হিচাপে উদযাপন কৰা হয় এই দিনটো। ১৯৯২চনত বিশ্বৰ ৰেঞ্জাৰসকলক একত্ৰিত কৰাৰ লক্ষ্যৰে গঠন কৰা হৈছিল আন্তঃৰাষ্ট্ৰীয় ৰেঞ্জাৰ ফেডাৰেশ্যন। ২০০৮চনত কংগোত ভিৰুংগা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যৰত হৈ থকা সময়ত বন সুৰক্ষাত নিয়োজিত ৪জন ৰেঞ্জাৰৰ মৰ্মান্তিক মৃত্যু হৈছিল।

তেওঁলোকৰ স্মৃতিতে আন্তঃৰাষ্ট্ৰীয় ৰেঞ্জাৰ ফেডাৰেশ্যনে আৰম্ভ কৰিছিল বিশ্ব ৰেঞ্জাৰ দিৱস। তাৰ পাছৰে পৰা প্ৰতিবছৰে বিশ্বজুৰি উদযাপন কৰি অহা হৈছে বিশ্ব ৰেঞ্জাৰ দিৱস। এই দিনটোতে অসমৰ এইগৰাকী ৰেঞ্জাৰ সংগীতা ৰাণী সিনহাৰ এনে সাহসীকতা আৰু দায়ৱদ্ধতাই অসমৰ প্ৰেক্ষাপটতো দিৱসটোৰ প্ৰাসংগিকতাৰ অন্য মাত্ৰা দিলে।

বন বিভাগে, অসম চৰকাৰে গড়ভঙা বনাঞ্চলত একাংশ লোকৰ এনে অগ্ৰাসনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সময়ত সেয়াই এক ডাঙৰ আন্তঃৰাজ্যিক ব্যাধি হৈ পৰিব। মূল্যহীন হৈ পৰিব সংগীতা ৰাণীৰ দৰে বন বিষয়াৰ এনে তৎপৰতা...

অসম চৰকাৰ