নাম তেওঁৰ ৰিয়ান পৰাগ...

অহ, ন'! বৰুণৰ এই বলটো বুজি পাব লাগিছিল ৰিয়ানে। কি কম? এয়াইতো ক্ৰিকেট। ৰিয়ান পৰাগেও ভাৱিছিল আজি হতাশ নকৰিব তেওঁ সমৰ্থকক। এটা ৰাজকীয় ইনিংছেৰে ২২গজৰ এই যুঁজত তেওঁ হ’ব যুৱৰাজ।

author-image
Asomiya Pratidin
New Update
mjjjjss

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

অহ, ন'! বৰুণৰ এই বলটো বুজি পাব লাগিছিল ৰিয়ানে। কি কম? এয়াইতো ক্ৰিকেট। ৰিয়ান পৰাগেও ভাৱিছিল আজি হতাশ নকৰিব তেওঁ সমৰ্থকক। এটা ৰাজকীয় ইনিংছেৰে ২২গজৰ এই যুঁজত তেওঁ হব যুৱৰাজ।

কিন্তু বিধিৰ বিধান কোনে খণ্ডন কৰিব পাৰ?  ১৫বলত ২ ৰাণ কৰি ৰিয়ান পৰাগে ক্ৰীজ এৰা সময়ত বৰ্ষাপাৰাত হতাশাৰ এজাক বতাঁহ বলিছিল। হুমনিয়াহৰ ধুমুহা জাঁকে মন-প্ৰাণ ব্যাকুল কৰি তুলিছিল।

ৰিয়ান পৰাগৰ খেল চাবলৈয়েতো আমি আহিছিলো। ক্ৰিকেটৰ এই তনয়ৰ বেটৰ পৰা নিগৰা ছয় আৰু চাৰিৰ বৰষুণ দেখিবলৈয়েতো আমি আজি সমৱেত হৈছিলো। হতাশ হৈও ভাৱিছিলো ৰিয়ানে নেতৃত্ব দিয়া ৰাজস্থান ৰয়েলছে এক নতুন ইতিহাস লিখিব।

আজিংকা আৰু ঈষাণহতৰ বেটতকৈ তুষাৰ হব ৰিয়ানৰ বেটৰ ধাৰ। সেই মূৰ্হুতৰ সাক্ষী হবলৈকেতো বৰ্ষাপাৰাত ইমান হেপাহঁ। যি হব লগা আছিল হৈ গল। আই পি এল নামৰ ক্ৰিকেটৰ এই অধ্যায়ৰ বহু অধ্যায় এনেকৈয়ে লিখা হল। কিন্তু আমাৰ বাবে ৰিয়ান সদায় বিশেষ।

ভাৰতীয় ক্ৰিকেট দলত প্ৰথম অসমীয়া ৰিয়ান। আই পি এলৰ প্ৰথম অসমীয়া অধিনায়ক ৰিয়ান। সেই কাৰণেইতো ৰিয়ানক লৈ ইমান উছাহ। বৰ্ষাপাৰাত সেয়েহে  এটাই শ্লোগান- হাল্লা বোল, হাল্লা বোল।

খেলৰ ফলাফল কি হয়, সেয়া অংশুমানহতৰ বাবে ডাঙৰ কথা নহয়। ৰিয়ানে কিমান ৰাণ কৰিলে, সেয়া কুহিঁ-ৰিবৰিবহতে মনত চিৰকাল নথয়। অসমীয়া মানুহে মনত ৰাখিব এটাই কথা। ৰিয়ান পৰাগ নামৰ এজন অসমীয়া আছিল। আই পি এল খেলিছিল, ভাৰতীয় জাতীয় দলত স্থান লাভ কৰিছিল। আই পি এলত প্ৰথম অসমীয়া অধিনায়ক আছিল ৰিয়ান।

ক্ৰিকেটৰ এই সাধনা কম সাধনা নহয়। ১২০কোটি মানুহৰ পৰা এই স্থানত স্থান পাবলৈ কম সাধনা আৰু প্ৰস্তুতিৰ প্ৰয়োজন হোৱা নাছিল। সেই কাৰনেইতো আমি ভাৱো, ৰিয়ান মানেই আমি, ৰিয়ান মানেই আমাৰ অসমীয়াৰ প্ৰাণ স্পন্দন।

তেওঁ সমৰ্থনত ওলাই অহা মানুহবোৰৰ মাজত বিৰাজ কৰা অসমীয়াত্বই এটা জাতিৰ পৰিচয় দাঙি ধৰে বিশ্বৰ সন্মুখত। কোনে ৰিয়ানক কি সমালোচনা কৰিছে, খেলৰ ফলাফল কি হৈছে সেয়া আমাৰ বাবে বিচাৰ্য বিষয় নহয়।

শচীন, ছেহৱাগ, কোহলী, ৰোহিত শৰ্মাও শূণ্যত আউট হোৱাৰ উদাহৰণ আছে। কিন্তু কোনেওতো নকয় কেতিয়া!  ৰাজস্থান ৰয়েলছত ১১জন খেলুৱৈয়ে খেলে, তাৰে ৬জন বেটছমেন, ৪জন বলাৰ আৰু এজন ৰিয়ান পৰাগ। ইমান স্পৰ্ধা আৰু অসমীয়াৰ প্ৰতিভাৰ প্ৰতি আঙুলি তোলা সকলৰ প্ৰতি ৰিয়ান পৰাগে বেট আৰু বলেৰেই উত্তৰ দিব লাগিব।

তেওঁৰ কাষত আমি অসমীয়া সকলেই থিয় দি ৰিয়ান পৰাগক ক্ৰিকেটৰ ঐতিহ্য ৰূপত তুলি ধৰিব লাগিব। হতাশা আৰু বিফলতাই তেওঁক ছানি ধৰি নোৱাৰাকৈ আমি কব পাৰিব লাগিব- কামাণ্ড ৰিয়ান কামাণ্ড।

বৰ্ষাপাৰাত সেই উপলদ্ধিয়েই হল। খেলৰ ফলাফল যিয়েই নহওঁক। ৰিয়ানে দেখুৱাই দিলে আন সকলোবোৰ ক্ষেত্ৰত থকাৰ দৰেই ক্ৰিকেটতো এজন অসমীয়া আছে। নাম তেওঁৰ ৰিয়ান পৰাগ, নাম তেওঁৰ ৰিয়ান পৰাগ...

ৰিয়ান পৰাগ