চক্ৰবেহুত পাকিস্তান!

ক্ষমা নাই, কোনো দয়া নাই। সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীক পালন-পোষণ কৰা পাকিস্তানক উচিত শিক্ষা দিয়াৰ পোষকতা কৰিছে এতিয়া সকলোৱে। ৰাজনৈতিক, কূটনৈতিক, অৰ্থনৈতিক সকলো সম্পৰ্কৰ ছেদ কৰি চিৰবৈৰী পাকিস্তানক এসেকা দিয়াৰ দাবী উঠিছে সৰ্বত্ৰে। 

author-image
Asomiya Pratidin
New Update
বন্ধ দুৱাৰ

ডিম্পুল বৰগোহাঁই

Advertisment

ক্ষমা নাই, কোনো দয়া নাই। সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীক পালন-পোষণ কৰা পাকিস্তানক উচিত শিক্ষা দিয়াৰ পোষকতা কৰিছে এতিয়া সকলোৱে। ৰাজনৈতিক, কূটনৈতিক, অৰ্থনৈতিক সকলো সম্পৰ্কৰ ছেদ কৰি চিৰবৈৰী পাকিস্তানক এসেকা দিয়াৰ দাবী উঠিছে সৰ্বত্ৰে। 

পেহেলগামৰ নাৰকীয় ঘটনা সংঘটিত কৰাৰ সকল মুক্তিযোদ্ধাও হ’ব পাৰে! এইবুলি পাকিস্তান চৰকাৰৰ দায়িত্বশীল এগৰাকী মন্ত্ৰীয়ে কৈছিল। এনে মন্তব্যৰ পাছত বুজিবলৈ বাকী নাথাকে যে, নিৰীহৰ তেজেৰে ফাঁকু খেলা এই সন্ত্ৰাসবাদীক লৈ পাকিস্তানৰ কিমান দৰদ!

যিকোনো মূৰ্হুততে ভাৰতে এই নাৰকীয় হত্যাকাণ্ডৰ প্ৰত্যুত্তৰ দিব পাৰে পাকিস্তানক। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত যোৱা দুদিন ধৰি ধাৰাবাহিকভাৱে চলি আছে ৰুদ্ধধাৰ বৈঠক। সীমান্ততো ভাৰতীয় সেনা বাহিনীৰ কুজকাৱাজ বৃদ্ধি পোৱাৰ লগতে অত্যাধুনিক যুদ্ধ সামগ্ৰী মজুত কৰা হৈছে। 

ভাৰতৰ এই যুদ্ধং দেহী মনোভাৱ দেখি থৰহৰি কম্পমান হৈছে পাকিস্তান। পাকিস্তান সেনা বাহিনীৰ বিশেষ এক শিক্ষানুষ্ঠানত ঘনে ঘনে বৈঠক আহ্বান কৰিছে পাক প্ৰধানমন্ত্ৰীয়ে। তাৰ পৰাই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আৰম্ভ কৰা প্ৰতিটো সিদ্ধান্তৰ বাবে ভাৰতক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰো দিছে।

দুয়োখন দেশৰ মাজত এতিয়া প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে চলি আছে এখন যুদ্ধ। দেশৰ প্ৰায়বোৰ বিৰোধী দলে দাবী কৰিছে যে, এনে সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে  ১৯৭১ত ইন্দিৰা গান্ধীৰ দৰে কঠোৰ প্ৰদক্ষেপ গ্ৰহণ কৰি পাকিস্তানক দমন কৰিব লাগে।
তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱান্ত ৰেড্ডীয়ে মুকলিকৈ কয় যে, এনে সময়ত কথাৰ কটাকটি কৰাতকৈ ইন্দিৰা গান্ধীৰ দৰে পাকিস্তানক দুটুকুৰা কৰি দিয়া কঠোৰ প্ৰদক্ষেপ লব লাগে মোডী চৰকাৰে। ইয়াৰ বাবে কংগ্ৰেছে সকলো প্ৰকাৰে প্ৰধানমন্ত্ৰী সহায় কৰাৰ প্ৰতিশ্ৰুতিও দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ১৯৬৭ত চীনক আৰু ১৯৭১চনত পাকিস্তানক আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে সেই সময়ৰ বিৰোধী নেতা অটল বিহাৰী বাজপেয়ীয়ে ইন্দিৰা গান্ধীক ‘দুৰ্গা’  বুলি অভিহিত কৰিছিল। 

কেৱল কংগ্ৰেছেই নহয়, বিৰোধী দল শিৱসেনাৰ নেতা সঞ্জয় ৰাউটেও সামাজিক মাধ্যমত ইন্দিৰা গান্ধীৰ ফটো আপলোড কৰি লিখিছে যে, আজি আমাৰ দেশক আপোনাৰ দৰে প্ৰধানমন্ত্ৰীৰ প্ৰয়োজন আছিল।

অতি শেহতীয়াকৈ পেহেলগামৰ এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰ এছ এছ প্ৰধান মোহন ভাগৱতেও পাকিস্তানৰ নাম নোলোৱাকৈ উচিত শিক্ষা দিয়াৰ কথা উল্লেখ কৰে। তেওঁ কয় যে, হিংসা হিন্দুৰ ধৰ্ম নহয়! ঠিক তেনেদৰে অত্যাচৰ সহি থকাও হিন্দুৰ ধৰ্মৰ ভিতৰত নপৰে। অত্যাচাৰীক উচিত শিক্ষা দিয়াটোৱেই আমাৰ ধৰ্ম। ৰজাই এই ধৰ্ম নিশ্চয় পালন কৰিব বুলিও উল্লেখ কৰে তেওঁ।

মুঠৰ ওপৰত দেশৰ সকলোৱে এতিয়া চিৰবৈৰী পাকিস্তানক এসেকাঁ দিয়াৰ পোষকতা কৰিছে। ১৯৭১চনৰ যুদ্ধৰ পাছত ভাৰত-পাকিস্তানৰ সীমান্তত শান্তিৰ পৰিৱেশ বৰ্তাই ৰখাৰ বাবে স্বাক্ষৰিত হোৱা দ্বিপাক্ষিক ছিমলা চুক্তি ইতিমধ্যে বাতিল কৰা হৈছে। 

ইন্দিৰা গান্ধী আৰু সেই সময়ৰ পাকিস্তানৰ তদানীন্তন ৰাষ্ট্ৰপতি খুল্লিপাৰ আলী ভট্টৰ উপস্থিতিত স্বাক্ষৰিত হোৱা এই ছিমলা চুক্তিৰ জৰিয়তেই দুয়োখন দেশে সীমান্তত শান্তি বৰ্তাই ৰখাৰ পণ লৈছিল। শেহতীয়াকৈ এই চুক্তিৰ বাতিলে আগন্তুক সময়ত কি পৰিস্থিতিৰ সৃষ্টি কৰিব সেয়া সহজে অনুমেয়। 

প্ৰত্যক্ষ যুদ্ধৰ সূচনা নকৰিলেও পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ভাৰতে যি কঠোৰ কূটনৈতিক স্থিতি লৈছে সেই স্থিতিতেই একপ্ৰকাৰে দিশহাৰা হৈছে পাকিস্তান। এখন প্ৰত্যক্ষ যুদ্ধৰ অবিহনেও এনে এক পৰোক্ষ যুদ্ধই কিদৰে এখন দেশক বিধ্বস্ত কৰিব পাৰে, তেনে উদ্দেশ্যৰেই হয়তো ভাৰত চৰকাৰ আগবাঢ়িছে।

এইবোৰ যুদ্ধৰ কথা। এতিয়া আহো অন্য এক প্ৰসংগলৈ। ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক উন্নত হ’লে বৃহৎ সংখ্যক পাকিস্তানী ৰোগীয়ে নতুন জীৱন লাভ কৰিব।  পাকিস্তানৰ চিকিৎসা ব্যৱস্থা কেৱল ব্যয়বহুলে নহয়, চিকিৎসালয়ত গুৰুতৰ ৰোগীৰ চিকিৎসাৰ বিশেষ উন্নত ব্যৱস্থা নাই। পাকিস্তানৰ বৃহৎ চিকিৎসালয়সমূহতো ৰোগীৰ অংগ সংৰোপণৰ বাবে বিশেষ ব্যৱস্থা নাই। 

দিল্লীৰ এপ’ল’ হাস্পতালত বিদেশী ৰোগীৰ চিকিৎসা ব্যৱস্থাৰ চোৱাচিতা কৰা এজন কৰ্মচাৰীয়ে কয় যে পাকিস্তানৰ চিকিৎসা ব্যৱস্থা ইমানেই বেয়া যে প্ৰতিমাহে দেশখনৰ পৰা প্ৰায় ৫০০ ৰোগী দিল্লীৰ এপ'ল'  হাস্পতাললৈ আহে। 

ইয়াৰ ভিতৰত লিভাৰ ট্ৰান্সপ্লাণ্টৰ ৰোগীৰ সংখ্যা যথেষ্ট বেছি। ইয়াৰ চিকিৎসাৰ বাবে ভাৰতৰ এখন ভাল চিকিৎসালয়ত ২০ৰ পৰা ৩২ লাখ টকা খৰচ হয়। আনহাতে পাকিস্তানত এনে ৰোগীৰ চিকিৎসা সম্ভৱ নহয় আৰু তেওঁলোকে ইউৰোপীয় বা আমেৰিকান দেশলৈ যাব লাগে, য'ত কোটি কোটি টকা খৰচ হয়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, পাকিস্তানে বিগত কেইবাবছৰ ধৰি এক বৃহৎ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে দেশখনৰ স্বাস্থ্য ব্যৱস্থাত। আনকি অপাৰেচন থিয়েটাৰতো হৃদযন্ত্ৰ, কৰ্কট ৰোগ আৰু বৃক্কৰ দৰে অস্ত্ৰোপচাৰৰ বাবে নূন্যতম সা-সামগ্ৰীখিনিৰো অভাৱ দেখা গৈছে। 

২০২২-২৩ বিত্তীয় বৰ্ষত পাকিস্তানে ২৩ বিলিয়ন ডলাৰ বিদেশী ঋণ হিচাপে দিবলগীয়া হৈছিল, যাৰ বাবে স্বাস্থ্যসেৱা ব্যৱস্থাত বেয়াকৈ প্ৰভাৱ পৰিছে। আনকি পাকিস্তানে অত্যাৱশ্যকীয় ঔষধ লাভৰ বাবেও সংগ্ৰাম কৰি আছে। 

যিহেতু চিকিৎসালয়ত ৰোগীয়ে অসুবিধাৰ সন্মুখীন হৈছে, সেয়েহে স্থানীয় ঔষধ নিৰ্মাতাসকলেও তেওঁলোকৰ উৎপাদন হ্ৰাস কৰিবলৈ বাধ্য হৈছে। ঔষধ আৰু চিকিৎসা সঁজুলিৰ নাটনিৰ বাবে চিকিৎসকে অস্ত্ৰোপচাৰ কম কৰিবলৈ বাধ্য হৈছে।
 
উল্লেখ্য যে, পাকিস্তানৰ ঔষধ নিৰ্মাণ ক্ষেত্ৰখন আমদানিৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল আৰু প্ৰায় ৯৫ শতাংশ ঔষধৰ বাবে তেওঁলোকক ভাৰত আৰু চীনকে ধৰি অন্যান্য দেশৰ কেঁচামালৰ প্ৰয়োজন হয়।  গুৰুগ্ৰামৰ মেদান্তা হাস্পতালৰ এগৰাকী ৰাজহুৱা সম্পৰ্কৰক্ষী বিষয়াই (PRO) কয় যে ইৰাক, ইৰাণ, আৰব, আফগানিস্তান, পাকিস্তানৰ দৰে মুছলমান দেশৰ পৰা অহা বিদেশী ৰোগীয়ে বেছিভাগেই দিল্লী-এনচিআৰৰ চিকিৎসালয়ত চিকিৎসা ল’ব বিচাৰে। 

ভাৰত-পাকিস্তানৰ মাজত সম্পৰ্কৰ অধিক অৱনতিয়ে পাকিস্তানৰ অন্যন্য ভিন্ন ক্ষেত্ৰৰ লগতে এই লোকসকলৰ জীৱনতো নিশ্চিতভাৱে প্ৰভাৱ পেলাব।  পৰোক্ষভাৱে ভাৰত-পাকিস্তানৰ যুঁজখনৰ এই দিশটোতো পাকিস্তানৰেই পৰাজয় হৈছে। এই কথা হয়তো সন্ত্ৰাসবাদ প্ৰশ্ৰয় দিয়া পাকিস্তান চৰকাৰে অনুভৱেই কৰিব পৰা নাই।

উমি উমি চলি থকা এই যুদ্ধখনত প্ৰতিটো ক্ষেত্ৰতো পৰাজয় হৈছে পাকিস্তানৰ। সিন্ধু জল চুক্তি বাতিল, কৰাচী বন্দৰ বন্ধ কৰি দিয়া মানে সমগ্ৰ পাকিস্তানকে অৱৰোধ কৰা সদৃশ এক পৰিস্থিতি। এয়া যুদ্ধতকৈ কোনো গুণে কম নহয়।  যদি কৰাচী বন্দৰ বন্ধ কৰি দিয়া হয় তেন্তে সামৰিক যুদ্ধ অবিহনেই ভাৰতে পাকিস্তানৰ বক্ষত আঘাত কৰাৰ দৰে এক অৱস্থাৰ সূচনা হ’ব বুলি মানি লৈছে পাকিস্তানে। সেয়ে হয়তো ধৰফৰণি বাঢ়িছে পাকিস্তানৰ।

মুঠৰ ওপৰত এতিয়া সৰ্বদিশতে পাকিস্তান শলঠেকত পৰিছে। যুদ্ধ হওঁক বা নহওঁক। বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে 'দুৰ্গা'ৰ ৰূপ ধাৰণ নকৰিলেও পাকিস্তানৰ বাবে এনে চক্ৰবেহুৰ ৰচনা কৰিছে যে, এই চক্ৰবেহুত যুদ্ধ অবিহনেই শেষ হৈ যাব পাকিস্তান !

 

পাকিস্তান