/asomiyapratidin/media/media_files/2025/03/16/FdT74m8pwCw0N6qqVIaC.jpg)
মৃদুল কুমাৰ সন্দিকৈ
যেনে মন্ত্ৰী, তেনে পি এ, অৰ্থাৎ ব্যক্তিগত সহায়ক। মন্ত্ৰী যদি কোটিপতি, পি এ কোটিপতি নহ’ব কিয়? মন্ত্ৰীয়ে যদি ক্ষমতাৰ ব্যৱহাৰ কৰিব পাৰে, পি এয়ে ক্ষমতাৰ ব্যৱহাৰ নকৰি বহি থাকিব নেকি!
মন্ত্ৰীৰ অতি বিশ্বস্ত হ’লে এনেবোৰ দায়িত্বত থকা কিছু লোকৰ হাতত অফুৰন্ত ক্ষমতা থাকে। মন গ’লেই মন্ত্ৰী বিভাগৰ শীৰ্ষ বিষয়া-অভিযন্ত্ৰাক বদলি, পোষ্টিং কৰাৰ দায়িত্ব মন্ত্ৰীয়ে তেওঁলোকৰ হাততেই অৰ্পণ কৰে।
এই ব্যক্তিগত সহায়কসকল ইমানেই ক্ষমতাশালী যে, তেওঁলোকে হাতত মোবাইলটো তুলি এবাৰ কলেই হ’ল- মন্ত্ৰী সিংহাল ছাৰৰ পি এ মই ভূঞাই ক’লো দেই...। কোনেনো চিনি নাপাব এই ক্ষমতাশালী মন্ত্ৰীজনৰ ব্যক্তিগত সহায়ক প্ৰণৱজ্যোতি ভূঞাক।
পোহৰলৈ আহিছে মন্ত্ৰীৰ সমান্তৰালভাৱে মন্ত্ৰীৰ এই ব্যক্তিগত সহায়কৰ দুৰ্নীতি-অনিয়মৰ বহু তথ্য। ৫ফেব্ৰুৱাৰী ২০২৪ৰ পৰাই ধৰা যাওঁক। সেইদিনা টিহু জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্ত্ৰাৰ কাৰ্যালয়ৰ পৰা এখন জাননী প্ৰকাশ কৰা হৈছিল। জাননী নং- TID/TECH-220/2023-24।
এই জাননীখনত টিহু জলসিঞ্চন সংমণ্ডলৰ বাবে প্ৰায় ৫,৯৯,৯৫০টকা বিভিন্ন সামগ্ৰী যোগান ধৰিবলৈ এটা প্ৰতিষ্ঠানক কোৱা হৈছিল। ভূঞা ব্ৰাৰ্ডাছ নামৰ এই প্ৰতিষ্ঠানটোৰ ঠিকনা- প্ৰগতি পথ, হাউচ নং ৯, গুৱাহাটী, জি এছ ৰোড, কামৰূপ।
মুঠ ১৯টা সামগ্ৰীৰ যোগানৰ এই ঠিকা লাভ কৰিছিল ভূঞা ব্ৰাৰ্ডাছে। জলসিঞ্চন বিভাগত বহু প্ৰতিষ্ঠান বা ঠিকাদাৰে সামগ্ৰী যোগান বা আন ঠিকা কৰে। কিন্তু এই ভূঞা ব্ৰাৰ্ডাছ নামৰ জলসিঞ্চন বিভাগৰ ঠিকা কৰা ফাৰ্মখনৰ কথা সুকীয়া।
৪জুলাই, ২০২৩ত এই ফাৰ্মখনৰ নাম জলসিঞ্চন বিভাগৰ চানমাৰীত থকা মুখ্য অভিযন্ত্ৰাৰ কাৰ্যালয়ত পঞ্জীয়ন কৰা হৈছিল। ৰেজিষ্টেশ্যন নং- CEI/CLASS-1©/2023-24/GENL/509/Const.ত পঞ্জীয়ন কৰা এই ফাৰ্মখনৰ নো গৰাকী কোন, তাৰ উমান ললেই সকলোৱে সহজতে বুজি পাব কিয় এই ফাৰ্মখনত কাম দিবৰ বাবে সকলো উঠি-পৰি লাগে।
এম এছ ভূঞা ব্ৰাৰ্ডাছ- নামৰ এই ফাৰ্মখনৰ জি এছ টি আই এন নম্বৰ- 18ABAFB5857H1ZB । ফাৰ্মখন আছে দুজন বিশেষ ব্যক্তিৰ নামত। তাৰে এজনৰ নাম প্ৰণৱজ্যোতি ভূঞা আৰু আনজনৰ নাম অৰূপজ্যোতি ভূঞা।
২০২২ৰ ২৯ডিচেম্বৰত এই ফাৰ্মখনৰ পাৰ্টনাৰশ্বিপৰ সন্দৰ্ভত যি আইনী কাগজপত্ৰ তৈয়াৰ কৰা হৈছিল, তাৰ ৪২নং পেইজৰ ৭নং দফাত এই দুয়োগৰাকী লোকৰ ফাৰ্মখনত থকা অংশীদাৰিত্বৰ সন্দৰ্ভত উল্লেখ আছে যে, প্ৰণৱজ্যোতি আৰু অৰূপজ্যোতি ভূঞাৰ নামত লাভাংশ আৰু লোকচান ৫০শতাংশ হাৰত বিতৰণ হব।
তাৰ পৰাই গম পোৱা যায় ৫০-৫০ পাৰ্টনাৰশ্বিপত প্ৰণৱজ্যোতি ভূঞা আৰু অৰূপজ্যোতি ভূঞাৰ ফাৰ্ম এইখন। মূলত এই ফাৰ্মখনৰ মালিক প্ৰণৱজ্যোতি ভূঞা। যিগৰাকী মন্ত্ৰী অশোক সিংহালৰ পি এ অৰ্থাৎ ব্যক্তিগত সহায়ক।
মন্ত্ৰী পি এ হোৱাৰ সূত্ৰে তেওঁ জলসিঞ্চন বিভাগৰ অদৃশ্য তথা বিয়াগোম ঠিকাদাৰ। তেওঁ এই বিভাগটোত কৰা ঠিকা কামৰ শেহতীয়া নমুনা তথ্য সহকাৰে দাঙি ধৰাৰ পূৰ্বে আন এক চকুত উঠা তথ্য উন্মোচন কৰিব লগা হৈছে।
সেয়া হৈছে্, এনে একোখন ফাৰ্মৰ গৰাকীক ফাৰ্মৰ পঞ্জীয়ন বা আন কাৰণত পুলিচ ভেৰিফিকেশ্যনৰ প্ৰয়োজন হয়। সাধাৰণতে ফাৰ্মখনৰ গৰাকীয়ে যি ঠিকনা দিয়ে সেই ঠিকনাৰ অন্তৰ্গত জিলা বা স্থানীয় আৰক্ষী থানাই এই প্ৰমাণ পত্ৰ প্ৰদান কৰে।
কিন্তু তেওঁলোক ইমানেই ক্ষমতাশালী লোক যে, গুৱাহাটীত থাকি বা বিশ্বনাথৰ মূল ঘৰৰ ঠিকনাত নলবাৰী আৰক্ষীয়ে তেওঁলোকক প্ৰদান কৰিব পাৰে পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট।
যিটো আন লোকৰ ক্ষেত্ৰত কোনো পধ্যেই সম্ভৱ নহয়, কিন্তু মন্ত্ৰীৰ পি এ হোৱাৰ সূত্ৰেই প্ৰণৱজ্যোতি ভূঞাৰ বাবে সেয়া সম্ভৱ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষইও ইয়াক গ্ৰহণ কৰি নজিৰ স্থাপন কৰিলে।
নলবাৰী ডি এছ বিৰ আৰক্ষী অধীক্ষকে সেই প্ৰমাণ পত্ৰত লিখি দিলে, তেওঁ দেউতাকৰ নাম দিলীপ ভূঞা, ঘৰ বৰঙাবাৰী আৰু ডাকঘৰ বিশ্বনাথ। লগতে লিখিলে এই ঠাইবোৰ হেনো নলবাৰী জিলাৰ অন্তৰ্গত। কিমান ভেজাল হব পাৰে তেওঁলোকৰ বাবে প্ৰস্তুত কৰা এইবোৰ প্ৰমাণ পত্ৰ। যিখন প্ৰমাণ পত্ৰ D/39 প্ৰদান কৰা হৈছিল ২২আগষ্ট, ২০২২ত।
এনেকৈয়ে তেওঁলোকে চূড়ান্ত অনিয়মেৰে মন্ত্ৰী পি এ হোৱাৰ সূত্ৰে চলাই গৈছে লুন্ঠন, কৰি গৈছে ঠিকা। মন্ত্ৰী সিংহালৰ কাষত থাকি এই লুন্ঠন চলাবলৈ তেওঁলোকৰ আৰু সুবিধা হৈছে। সিংহালৰ এই পি এ জনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সংখ্যা কম নহয়।
কেৱল ভূঞা ব্ৰাৰ্ডাছৰ সৈতে নহয়, আৰু দুজনমান লোকৰ সৈতে মিলি প্ৰণৱজ্যোতি ভূঞাই এই ঠিকাদাৰী আগবঢ়াই নিছে। তাৰে এজন সুমিত চেচান। তেওঁ মন্ত্ৰী অশোক সিংহালৰ সৈতে কেনেদৰে জড়িত, সেয়াও খুচৰিলে ওলাব।
৮জানুৱাৰী, ২০২৫ত ACE/IMP-MI/T/173/t-III/2024-12ৰ যোগে সুমিত চেচানক হাঁহৰা পথাৰ ELISৰ অধীনত আন এক ঠিকাৰ কাম দিয়া হৈছিল। ১৮অক্টোবৰ, ২০২৪ত এই নিবিদাত তেওঁলোকে অংশ লৈছিল। সেই অনুসৰি দিছপুৰ জলসিঞ্চন সংমণ্ডলৰ অধীনত সোণাপুৰত দিয়া এই ঠিকাৰ মূল্য- ২কোটি ৮৭লাখ ২৯হাজাৰ ৪৫৬.২০টকা।
নাৰ্বাডৰ আঁচনিৰ অধীনত RIDF-XXX এই কাম তেওঁলোকক দিছে চানমাৰী মাইন এৰিগ্ৰেশ্যনৰ মুখ্য অভিযন্ত্ৰাৰ কাৰ্যালয়ৰ পৰা। তাতো প্ৰণৱজ্যোতি ভূঞাৰ অদৃশ্য অংশীদাৰিত্ব আছে। কিছু নিৰ্দিষ্ট স্থানত বেছি টকাৰ ঠিকাবোৰ এইদৰে তেওঁলোক লাভ কৰাটো অনিয়মৰ নিয়মত পৰিণত হৈছে।
ভুৱা নথি-পত্ৰ দিয়াৰ পাছতো তেওঁলোকক এই ঠিকা প্ৰদান কৰাৰ অন্তৰালত আছে তেওঁলোকৰ হাতত থকা মন্ত্ৰী নামৰ অস্ত্ৰপাত। তেওঁলোকৰ সন্তুষ্ট কৰিব নোৱাৰিলে কোন, কত উফৰি পৰিব তাৰ কোনো নিশ্চয়তা নাই।
২০২৪ৰ, ডিচেম্বৰত এনে বহুকেইটা কামৰ ঠিকা প্ৰদান কৰা হৈছে মন্ত্ৰী সিংহালৰ পি এক। ৭০টা মাইন এৰিগ্ৰেশ্যনৰ নাবাৰ্ডৰ অধীনৰ ঠিকাৰ ক্ৰমিক নং- ৫, ৬ লাভ কৰিছিল সুমিত চেচান আৰু ভূঞা ব্ৰাৰ্ডাছ-জে ভিয়ে। 01(RIDF-XXX)ৰ চাকুমাথা এফ আই চিৰ অধীনত এই কামৰ বাবে আৱন্টন কৰা ধন ৩২৬.৭১লাখ টকা।
ইয়াৰ ৬নং ঠিকাটো আছিল ছয়দুৱাৰ ব্লকৰ ষ্টলেশ্যন অৱ ছলাৰ পাৱাৰ MDTW I/S স্কীম (ছয়দুৱাৰ ব্লক)। যিটো কামৰ ঠিকাৰ মূল্য ১৭৭.৩৭৯লাখ টকা। ক্ৰমিক নং ৪০ নং ঠিকাও হাহঁৰা পথাৰত লাভ কৰিছে সুমিত আৰু ভূঞা ব্ৰাৰ্ডাছে। যিটো ঠিকাৰ মূ্ল্য ৩১৯.২১৬লাখ টকা।
ক্ৰমিক নং ৫৩ত বৰক্ষেত্ৰীত এই দুইখন ফাৰ্মে লাভ কৰা আনটো কামৰ ঠিকাৰ মূল্য ২৪৮.৩৩লাখ টকা। এনেকৈয়ে অতি শেহতীয়াকৈ ১০কোটি টকাৰ ঠিকা লাভ কৰিছে প্ৰণৱ জ্যোতি ভূঞাৰ মালিকানাধীন ভূঞা ব্ৰাৰ্ডাছ আৰু সুমিত চেচানৰ ফাৰ্মে।
এইদৰে মন্ত্ৰীৰ সমান্তৰালে সিংহালৰ পি এ হৈ উঠিছে তেওঁ বিভাগৰে কোটিপতি ঠিকাদাৰ। এয়া কেনে নীতি? মুখ্যমন্ত্ৰীক সুধিছো- এয়া দুৰ্নীতি নহয় কি ? যদি মুখ্যমন্ত্ৰীয়ে বিশ্বাস নকৰে, তেনেহ’লে তদন্ত কৰক এই সমগ্ৰ ঠিকা কামৰ। তেতিয়াই গম পাব মন্ত্ৰী সিংহালৰ পি এ প্ৰণৱজ্যোতি আৰু আন একাংশই এতিয়া ক্ষমতাৰ জোৰত জলসিঞ্চন বিভাগত ঠিকাৰ নামত কি কৰি আছে।
এই আচঁনিবোৰে কৃষকক উপকাৰ কৰিব পৰা নাই। প্ৰয়োজনত পথাৰত পানী যোগান দিয়াত মন্ত্ৰী সিংহাল ব্যৰ্থ হলেও এনে আঁচনিৰ জৰিয়তে নিজৰ লগতে পি এৰ জেপলৈ ‘ধনসিঞ্চন’ৰ ব্যৱস্থা ঠিকেই কৰি দিছে...