গেছ নিৰ্গমণৰ আঁৰত ৰাধা- শ্ৰীকৃষ্ণ...

ৰাধা-শ্ৰীকৃষ্ণৰ দৰে লোকসকল এতিয়া আমাৰ প্ৰাকৃতিক সম্পদৰ অন্যতম লুন্ঠনকাৰী। অ এন জি চি, অইল আদিয়ে তেওঁলোকক এই দালালি বজাৰত এৰি দিছে। সেইসকলৰ বিৰুদ্ধে সচাঁ অৰ্থত মাত মাতিবলৈ আছেনে জীয়াই এতিয়া কোনোবা... 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
া্্িি

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

শিৱসাগৰৰ ৰুদ্ৰসাগৰ তৈল ক্ষেত্ৰৰ বাৰীচুকত নিয়ন্ত্ৰণ হোৱা নাই গেছ নিৰ্গমণ। অ এন জি চিৰ ১৪৭ () নম্বৰ ৰিগৰ পৰা প্ৰচণ্ড হেচাঁত ভূগৰ্ভৰ পৰা নিৰ্গত হৈয়ে আছে প্ৰাকৃতিক গেছ। দিখৌ নৈ পৰা অনা পানী সেই গেছ নিৰ্গমণস্থলীত ছতিয়াই পৰিস্থিতি যে নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেই কথা অ এন জি চিয়েও বুজি উঠিছে।

ৰিগটোৰ সমীপৱৰ্তী মানুহবোৰক আঁতৰাই নি আশ্ৰয় শিবিৰত ৰখাইছে যদিও এই অঞ্চলটোৰ আন জীৱকূলৰ প্ৰতি এতিয়া চৰম ভাবুকিৰ সৃষ্টি হৈছে। কেতিয়ালৈ এই গেছ নিৰ্গমণ প্ৰতিৰোধ কৰিব পৰা যাব তাৰ কোনো উত্তৰ নাই অ এন জি চিৰ হাতত।

দিল্লী-মুম্বাইৰ পৰা কেইজনমান বিশেষজ্ঞ আহিছিল যদিও তেওঁলোকৰ কৰ্ম আঁচনি বিফল হৈছে। ওৱেল কিলিং, জাংক শ্বট অপাৰেশ্যন আদি প্ৰচেষ্টা বিফল হোৱাৰ পাছত এতিয়া ভগৱানেই হৈছে এই ৰিগটোৰ পৰা নিৰ্গত প্ৰাকৃতিক গেছ নিয়ন্ত্ৰণৰ একমাত্ৰ ভৰসা।

পূৰ্বতে বাঘজান সংঘটিত অনুৰূপ ঘটনাৰ পুণৰাবৃত্তি ঘটিল শিৱসাগৰত। তেল আৰু প্ৰাকৃতিক গেছ নিষ্কাষণৰ দীৰ্ঘদিনৰ অভিজ্ঞতা থকাৰ পাছতো, পূৰ্বতে সংঘটিত অনুৰূপ দুৰ্ঘটনাৰ পৰা যেন কোনো শিক্ষাই লোৱা নাই এই তেল উৎপাদনত জড়িত অসমৰ কোম্পানীবোৰে।

প্ৰদূষিত পৰিৱেশে সমগ্ৰ অঞ্চলটোত চানি ধৰিছে। প্ৰচণ্ড শব্দই আতংকময় পৰিৱেশ সৃষ্টি কৰাই নহয়, যিকোনো মূৰ্হূততে বাঘজান সদৃশ ভয়ংকৰ অগ্নিকাণ্ড এই অইল খাঁদটোত সংঘটিত হব পাৰে। অসমৰ প্ৰাকৃতিক লুন্ঠনক লৈ সৰৱ আৰু সক্ৰিয় দিল্লী চৰকাৰ যেন এই দুৰ্ঘটনাক লৈ অলপো সজাগ-সচেতন নহয়।

সামান্য কিবা এটা ঘটনা সংঘটিত হোৱাৰ দৰেই দিল্লী দায়িত্বশীল কৰ্তৃপক্ষই আচৰণ কৰিছে। ঘটনা সংঘটিত হোৱাৰ দুদিনৰ পাছত দিয়া অ এন জি চিৰ নিয়মমাফিক প্ৰেছ বিজ্ঞপ্তিটোৱেই তাৰ প্ৰমাণ। ১৩জুন, ২০২৫ত অ এন জি চি কৰ্পাৰেট কমিউনিকেশ্যনৰ ফালৰ পৰা ১০টা মান বাক্যতে সামৰা এই বিজ্ঞপ্তিত কোৱা হল যে, ভটীয়াপাৰৰ আৰ ডি এছ 147Aত সংঘটিত গেছ নিৰ্গমণৰ নিয়ন্ত্ৰণৰ বাবে অ এন জি চি ক্ৰাইছিচ মেনেজমেন্টে টীমে কাম কৰি আছে। এই খাঁদটোৰ নিয়ন্ত্ৰণত আছে। সেই ঠাইডোখৰলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ইমানতে দায়িত্ব অন্ত পৰিছিল অন এন জি চিৰ। তাৰ পাছতো একেই হাৰত গেছ নিৰ্গত হৈ থকাৰ পাছত সাৰ পালে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদ্বীপ সিঙে। গৌৰৱ গগৈয়ে সেই স্থান পৰিভ্ৰমণ কৰি কেন্দ্ৰীয় মন্ত্ৰীজনলৈ ১৬জুন, ২০২৫ত এই ঘটনাৰ নিয়ন্ত্ৰণৰ বাবে চিঠি লিখিলে।

ভটীয়াপাৰৰ বাৰীচুকলৈ গৈ দেখা সামগ্ৰিক পৰিস্থিতিৰ বৰ্ণনাৰে কঠোৰ ভাষাত গৌৰৱ গগৈৰ পত্ৰৰ পাছত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়ে এক্স হেণ্ডেলযোগে জনালে, উক্ত স্থানত থকা স্থানীয় বাসিন্দাসকলক প্ৰথমদিনাই সেই স্থানৰ পৰা উদ্ধাৰ কৰি সেই আশ্ৰয় শিবিৰত ৰখোৱা হৈছে।

লগতে অ এন জি চিয়ে এই জুই নিয়ন্ত্ৰণৰ বাবে অভিজ্ঞ বিশেষজ্ঞ আনি হাই কেপাচিটী হায়াৰ পাম্প জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিলে। মন্ত্ৰীজনে এই খবৰো ভালকৈ নললে যে, সেই স্থানত এতিয়াও অগ্নিকাণ্ড সংঘটিত হোৱা নাই, গেছহে নিগৰিত হৈ আছে।

৭০টা পৰিয়াল এতিয়া আশ্ৰয় শিবিৰত। ঘটনাস্থলীলৈ পৰিস্থিতি উমান লবলৈ যাবলৈ মুখ্যমন্ত্ৰীকো ৫দিনৰ প্ৰয়োজন হল। এই ঘটনা কেনেকৈ আৰু কিয় সংঘটিত হবলৈ পালে, তাৰো এক কাৰণ আছে। যিটো কাৰণে দায়ী মূলতঃ অ এন জি চি কৰ্তৃপক্ষ আৰু চৰকাৰৰ নীতি।

যিটো তেলখাঁদত এই গেছ নিৰ্গত ঘটনা সংঘটিত হৈছে তাত তেল অন্বেষণৰ কাম চলি আছে। অ এন জি চিয়ে তেওঁলোকৰ তৈলক্ষেত্ৰসমূহত তেল অন্বেষণৰ দায়িত্ব দিয়ে একাংশ ব্যক্তিগত প্ৰতিষ্ঠানক। খবৰ অনুসৰি, কেৱল অ এন জি চিৰেই ৭টাকৈ অধিক তেল খাঁদত তেল অন্বেষণৰ কাম চলাই আছে এছ কে পেট্ৰ চাৰ্ভিছ লিমিটেডে।

পূৰ্বতে বিশেষ তেল অন্বেষণৰ অভিজ্ঞতা আৰু অভিজ্ঞ মানুহৰ অবিহনেই এই কোম্পানীটোৰ দৰে বহু কোম্পানীয়ে এতিয়া অসমৰ তৈল ক্ষেত্ৰসমূহৰ তেল অন্বেষণৰ দায়িত্ব লাভ কৰিছে। তাৰ ভিতৰত দেশৰ ক্ষমতাশালী মন্ত্ৰী বা ৰাজনীতিবিদৰ সন্তানৰ কোম্পানীও আছে।

এছ কে পেট্ৰ চাৰ্ভিছৰ মালিক এজন মাৰোৱাৰী মানুহ। নাম তেওঁৰ শ্ৰীকৃষ্ণ আগৰৱালা। এই কোম্পানীটোৰ কাৰ্যালয় শিৱসাগৰৰ আনন্দ নগৰ পথত থকা ভাগৱতী ভৱনত। কোম্পানীটোৰ আন এজন সঞ্চালক ৰাধা আগৰৱালা।

ৰাধা আগৰৱালা শ্ৰীকৃষ্ণ আগৰৱালাৰ পত্নী। ৰাধা আৰু শ্ৰীকৃষ্ণৰ মালিকানাধীন এছ কে পেট্ৰ চাৰ্ভিছকেই অ এন জি চিয়ে বৰ্তমান গেছ নিৰ্গত হোৱা ৰিগটোৰ তেল নিষ্কাষণৰ দায়িত্ব অৰ্পণ কৰিছিল। কোম্পানীটোত এচাম নতুন আৰু অনভিজ্ঞ লোকৰ সংখ্যাই অধিক।

পূৰ্বতে তেল চুৰি ঘটনাৰে জড়িত বুলি নাম থকা ব্যক্তি বিশেষ এতিয়া ধনৰ জোৰত অ এন জি চি অইল খাঁদৰ তেল নিষ্কাষণ কোম্পানীৰ মালিক। এইজন বিৰ্তকিত ব্যক্তিৰ বিৰুদ্ধে অভিযোগৰ অন্ত নাই। সম্ভৱত ২০১৭চন মানত শিৱসাগৰত তেওঁ শিৱদৌলৰ সন্মুখত ৰাজহুৱাভাৱে আঠু কঢ়াই থোৱা হৈছিল।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, শিৱদৌলৰ চৌহদতে মা জানকী মন্দিৰ অবৈধভাৱে নিৰ্মাণ কৰিবলৈ গৈ দল-সংগঠনৰ ৰোষত পৰিছিল। তেনে ব্যক্তিৰ মালিকানাধীন কোম্পানীয়ে অতি কম নিৰিখত স্থানীয় কিছু লোকক সম্বল কৰি লৈ, একাংশ দল-সংগঠনৰ নেতাক কেইটামান ধনৰ বিনিময়ত মেনেজ কৰি অতি বিপদ সংকুলভাৱে অসমৰ প্ৰাকৃতিক সম্পদৰ লুন্ঠনৰ মধ্যভোগী হৈছে।

সেই পুজিঁপতি শ্ৰেণীটো ইমানেই শক্তিশালী যে, তেওঁলোকে তেওঁলোকৰ কোম্পানীত কৰ্মৰত অসমীয়া কৰ্মচাৰীক মৃত্যুৰ পাছতো উপযুক্ত ক্ষতিপূৰণ নিদিয়ে। ক্ষতিপূৰণ বিচাৰি যোৱা পৰিয়ালকেই সাক্ষাত নিদি হুংকাৰ দিয়াৰ উদাহৰণ আছে।

এই আগৰৱালা বাহিনী এনে এনে গুণ্ডাগিৰিৰ বলি হৈছিল বিশ্ব হাজৰিকাৰ পৰিয়াল। কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাত মৃত্যু হোৱা বিশ্ব হাজৰিকাৰ পৰিয়ালে আজিও ক্ষতিপূৰণ নাপালে। অথচ তেওঁলোকৰ লুন্ঠনৰাজ চলি আছে।

শিৱসাগৰৰ গেছ নিৰ্গমণ ঘটনাত একাংশ দল-সংগঠন সক্ৰিয় হৈছে। একাংশ মেনেজ হৈছে। মতাসকলৰ প্ৰকৃত উদ্দেশ্য অসমৰ প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰৰ প্ৰতি দায়ৱদ্ধতা নে আন গোপন লক্ষ্য-উদ্দেশ্য আছে তাক লৈও চৰ্চা চলিছে।

কিয়নো এটা সংগঠনৰ এজন স্থানীয় নেতাই শিৱসাগৰ জিলাৰ ভূটীয়াপাৰস্থিত ৰিগটোত সংঘটিত হোৱা গেছ নিৰ্গমণৰ ঘটনাক লৈ এখন এজাহাৰ দাখিল কৰিছিল। ১৫জুন, ২০২৫ শিৱসাগৰ আৰক্ষী চকীত অসমীয়া যুৱ মঞ্চৰ জয়সাগৰ আঞ্চলিক সমিতিৰ সচিব ৰিদীপ ডেকাই দাখিল কৰা এই এজাহাৰত সমগ্ৰ ঘটনাৰ বাবে এছ কে পেট্ৰক জগৰীয়া কৰিছিল।

লগতে পূৰ্বৰ বহু বিৰ্তকৰে নাম সাঙুৰ খোৱা এছ কে পেট্ৰৰ বিৰু্দ্ধে উচিত আইনী তদন্তৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছিল। সেই এজাহাৰ দাখিলৰ বাবেই সংগঠনৰ পৰা অপসাৰিত হল এইজন স্থানীয় নেতা।

এনেকৈয়ে চলি আছে বহু গোপন অংক। ব্যক্তিগত খণ্ডৰ একাংশ কোম্পানীৰ হাতত অ এন জি চি, অইল আদিয়ে তেলখাঁদসমূহৰ দায়িত্ব অৰ্পণ কৰি সাধাৰণ লোকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। আমি সকলো কেৱল ভুক্তভোগী বা নীৰৱ দৰ্শক হৈ ৰৈছো।

ৰাধা-শ্ৰীকৃষ্ণৰ দৰে লোকসকল এতিয়া আমাৰ প্ৰাকৃতিক সম্পদৰ অন্যতম লুন্ঠনকাৰী। অ এন জি চি, অইল আদিয়ে তেওঁলোকক এই দালালি বজাৰত এৰি দিছে। সেইসকলৰ বিৰুদ্ধে সচাঁ অৰ্থত মাত মাতিবলৈ আছেনে জীয়াই এতিয়া কোনোবা... 

শিৱসাগৰ