/asomiyapratidin/media/media_files/2025/04/07/UxkIBgDey525ZyDw68y3.jpg)
চয়নিকা শইকীয়া
ব্যস্ত চহৰৰ মাজমজিয়াত সেউজীয়াৰে পৰিপূৰ্ণ এখন অৰণ্য। অৰণ্যখনৰ মাজৰ পৰা ভাহি আহে ভিন্ন চৰাই-চিৰিকতিৰ মাত। যুগ যুগ গৰকা বৃহৎ গছ-গছনিৰ মাজে মাজে উমলে ভিন্ন ৰঙী পখিলা, ময়ুৰ লগতে হৰিণাবোৰেও। কাৰণ বহু জীৱ-জন্তুৰ বসবাস তথা প্ৰজননস্থলী এই অৰণ্যখন। যেন এক মায়াবী পৰিৱেশ। মুঠতে জীৱ-জন্তুৰে ভৰা অৰণ্যখনৰ সৌন্দৰ্যই পাহৰাই পেলাই ব্যস্ত চহৰখনৰ কোলাহল।
"কাঞ্চা গচ্ছিৱৌলি", হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ সমীপৰ ৪০০ একৰ ভূমিৰ এই অৰণ্যখনৰ জৈৱ বৈচিত্ৰ্য অতি চহকী। শতিকা পুৰণি গছ-গছনি আৰু জীৱকুলৰ বাবে জনাজাত এখন নিস্তব্ধ সেউজীয়া বননি। এই বনাঞ্চলখন কেৱল বন্যপ্ৰাণীৰ বাবে নহয়, হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু স্থানীয় বাসিন্দাসকলৰ বাবেও এক জীৱন্ত শ্ৰেণীকোঠা আৰু সান্তনাৰ স্থান।
হায়দৰাবাদ চহৰখন যিটো গতিত কংক্ৰিটৰ মহানগৰীত সম্প্ৰসাৰিত হৈছে তাৰ বিপৰীতে কাঞ্চা গচ্ছিবৌলি হৈছে এক সজীৱ পৰিৱেশ তন্ত্ৰ। বহু বছৰ পুৰণি গছ, ঘাঁহনি আৰু অবিক্ষিপ্ত ভূখণ্ডই মহানগৰখনক কিছু বিশুদ্ধ বায়ু যোগান ধৰি আহিছে।
ইয়াত ৭০০ৰো অধিক প্ৰজাতিৰ ফুল আৰু উদ্ভিদ নথিভুক্ত কৰা হৈছে। প্ৰায় ২২০ প্ৰজাতিৰ চৰাইৰ ঘৰ এই অৰণ্যখন, য’ত ভাৰতীয় ৰোলাৰ, তেলেংগানাৰ উজ্জ্বল নীলা ৰাজ্যিক চৰাই আৰু মিঠা গান গোৱা প্ৰাচ্যৰ স্কাইলাৰ্ক আদিও আছে। কিছুমান বিশেষ ঋতুত পৰিভ্ৰমী চৰাইৰে অৰণ্যখন ভৰি পৰে।
হৰিণ, বনৰীয়া গাহৰি বিভিন্ন সাপ আৰু উভচৰ প্ৰাণীও এই অঞ্চলটোত নিৰীক্ষণ কৰিছে। আটাইতকৈ আমোদজনক কথাটো হ’ল যে কাঞ্চা গচ্ছিৱৌলি হ'ল গছৰ ডালৰ মকৰা ( Murricia hyderabadensis ) ৰ একমাত্ৰ বাসস্থান,যিটো প্ৰজাতি পৃথিৱীৰ আন ক’তো পোৱা নাযায়। এই অঞ্চলটোত দুটা আছে হ্ৰদ-পিকক হ্ৰদ আৰু বাফেলো হ্ৰদ।
এয়াই প্ৰকৃতি! আৰু আমি প্ৰকৃতিৰ দাস। প্ৰকৃতিৰ সৃষ্টিৰাজিয়ে আমাক দি গৈছে জীয়াই থকাৰ আনন্দ। কিন্তু হায়দৰাবাদৰ হৃদপিণ্ডস্বৰূপ এই বনাঞ্চলখনত চলিছে চৰকাৰৰ বুলড'জাৰ। ফলত খাদ্যৰ সন্ধানত ৰাজপথত বিচৰণ কৰি পথৰ দাঁতিৰ পেলনীয়া জাৱৰকে ভক্ষণ কৰিছে জীৱকুলে।
কাঞ্চা গচ্ছিৱৌলিৰ জীৱকুলৰ এই পৰিস্থিতি দেখি অন্তৰ কপি উঠিছে প্ৰতিগৰাকী প্ৰকৃতিপ্ৰেমীৰ। কিন্তু এই সিদ্ধান্ত লোৱাৰ আগত এবাৰলেও চিন্তা নকৰিলে তেলেংগানা চৰকাৰে। হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ সমীপৰ মাটিত গছ কটা বিষয়টোৱে যোৱা কেইবাদিনো ধৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। দৰাচলতে ফেব্ৰুৱাৰী মাহত তেলেংগানা চৰকাৰে হায়দৰাবাদ বিশ্ববিদ্যালয় (UoH)ৰ কাষৰীয়া প্ৰায় ৪০০ একৰ বনাঞ্চল নিলাম কৰি আই টি পাৰ্ক নিৰ্মাণৰ পৰিকল্পনা কৰা বুলি ঘোষণা কৰিছিল।
এই মাটি নিলাম কৰিলে কেৱল চৰকাৰী তহবিল পূৰণ হোৱাই নহয়, ৫০ হাজাৰ কোটি টকাৰ সম্ভাৱ্য বিনিয়োগৰ লগতে ৫ লাখ পৰ্যন্ত চাকৰি সৃষ্টি হ’ব বুলি উল্লেখ কৰে চৰকাৰী পক্ষই। আৰু এফালৰ পৰা বন ধ্বংস যজ্ঞ আৰম্ভ কৰে।
লগে-লগে প্ৰতিবাদমুখৰ হৈ পৰে সমগ্ৰ হায়দৰাবাদ চহৰ। উক্ত স্থানত উন্নয়নমূলক কাম হাতত লোৱাৰ প্ৰস্তাৱৰ বিৰোধিতা কৰে ছাত্ৰ গোট আৰু পৰিৱেশ কৰ্মীসকলে। ৩১ মাৰ্চত ছাত্ৰ গোটৰ প্ৰতিবাদ তীব্ৰতৰ হৈ পৰে। ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদে দৃষ্টি আকৰ্ষণ কৰে দেশখনৰ সৰ্বোচ্চ আদালতৰ। প্ৰতিবাদৰ পিছত উচ্চতম ন্যায়ালয়ে ৭ এপ্ৰিললৈকে এই কাৰ্যকলাপ স্থগিত ৰাখিছিল। ছাত্ৰ সমাজৰ ক্ষোভ দেখি চৰকাৰে অঞ্চলটো বিশ্ববিদ্যালয়ৰ নহয়,চৰকাৰৰ বুলি দাবী কৰে।
উল্লেখ কৰা প্ৰয়োজন যে, ১৯৭৪ চনৰ পৰাই আইনীভাৱে ৰাজ্য চৰকাৰেই বিবাদিত বিবাদিত ৪০০ একৰ মাটিৰ একমাত্ৰ মালিক । ২০০৩ চনত তেতিয়াৰ সংযুক্ত অন্ধ্ৰ প্ৰদেশ চৰকাৰে ব্যক্তিগত ক্ৰীড়া ব্যৱস্থাপনা প্ৰতিষ্ঠানক মাটিখিনি গতাই দিছিল যদিও ২০০৬ চনত তেলেংগানা চৰকাৰক এই মাটিখিনিৰ মালিকীস্বত্ব প্ৰদান কৰে।কিন্তু এই মাটিখিনিৰ সীমা নিৰ্ধাৰণ কৰা হোৱা নাই। কাঞ্চা গচ্ছিৱৌলি UoH ৰ বৃহত্তৰ বন পৰিৱেশ তন্ত্ৰৰ অংশ।
কাঞ্চা গচ্ছিৱৌলি বনাঞ্চলৰ ৪০০ একৰ মাটিত গছ কটাৰ অভিযোগ সন্দৰ্ভত প্ৰতিবেদন বিচাৰি কেন্দ্ৰই ইতিমধ্যে তেলেংগানা চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে।
প্ৰকৃতি ধ্বংসৰ কুফল মানুহে কেনেদৰে ভোগ কৰি আহিছে সেয়া আমি সকলোৱে দেখিছো। বনাঞ্চল ধ্বংসৰ কুফল অদূৰ ভৱিষ্যতে যে আমি ভোগ কৰিব লাগিব সেয়া ধুৰূপ। কিন্তু এই কথা তেওঁলোকে কেতিয়া অনুভৱ কৰিব? জীৱশ্ৰেষ্ঠ মুখাপিন্ধা মানুহৰ নিৰ্মম অত্যাচাৰ সহ্য কৰিও চকুলো টুকি টুকি যেন নিঃস্বার্থভাৱে জীৱজগতৰ বাবে দায়িত্ব পালন কৰি গৈছে প্ৰকৃতিয়ে। ইমানৰ পাছতো আমি বিবেচনা কৰিব নোৱাৰো প্ৰকৃতি নে উন্নয়ন!