/asomiyapratidin/media/media_files/2025/07/07/untitled-2025-07-07-15-19-08.jpg)
মৃদুল কুমাৰ সন্দিকৈ
চৰকাৰী তথ্যবোৰ সচাঁ নহয় নেকি। চৰকাৰী নথি-পত্ৰত উল্লেখ থকা ভূমি ক্ৰয় বিক্ৰয় আৰু নতুনকৈ নামজাৰি কৰা তথ্যবোৰ কেনেকৈ এজন দায়িত্বশীল মন্ত্ৰীয়ে মিছা আখ্যা দিব পাৰে। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ উত্তৰ দিবলৈ গৈ কেৱল আৱেগৰে সেয়া কাৰোবাৰ ষড়যন্ত্ৰ বুলি কৈ দিলেই তেনে স্পষ্টীকৰণত মানুহ জানো পতিয়ন যাব পাৰে?
মন্ত্ৰীগৰাকীৰ পত্নীয়ে কিমান মাটি ক্ৰয় কৰিছে, সেয়া বাতৰিৰ শীৰ্ষ হৈছে। প্ৰশ্ন হৈছে কোটি কোটি টকাৰ ব্যয়েৰে সেই ভূমি আৰু সম্পত্তি ক্ৰয় কৰিবলৈ মন্ত্ৰীৰ পত্নীয়ে ক’ত ধন পাইছে আৰু সেই ধনৰ উতস কি?
নিজকে সত্যৱান বুলি দাবী কৰা এইগৰাকী মন্ত্ৰীয়ে সেই প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ সলনি তেওঁক ভোট দিয়া ৰাইজৰ প্ৰতি এই অভিযোগ উত্থাপন কৰা সকলে অপমান কৰিছে বুলি কৰা মন্তব্য হাস্যকৰ। লক্ষাধিক ভোটাৰে তেওঁক জনপ্ৰতিনিধি হিচাপে বৈধ-অবৈধভাৱে সম্পত্তিৰ পাহাৰ গঢ়িবলৈ নিৰ্বাচন কৰি পঠোৱা নাছিল।
যদি তেওঁ সমষ্টিবাসীক কোনোবাই অপমান কৰিছে বুলি ভাৱে, সেইজন তেওঁৰ বাদে আন কোনো নহয়। মহানগৰীত তিনি তাৰকাযুক্ত হোটেল, মাটি, ১০০ৰো অধিক বিঘা কৃষিভূমি, গীৰ গাই, তেজপুৰৰ মাটি আদি তেওঁ ৰাইজৰ বাবে ক্ৰয় কৰা নাই। ক্ৰয় কৰিছে পত্নীৰ নামত বা তেওঁৰ আটাইতকৈ ঘনিষ্ঠ আৰু বিশ্বাসী বুলি ভৱাজনৰ নামত।
এইবোৰ সম্পত্তিৰে ৰাইজৰ কি উপকাৰ সাধিব? বৰঞ্চ কমিছন মন্ত্ৰীৰূপে তেওঁৰ এক ভাৱমূৰ্তি গঢ়াত সহায় কৰিব। অহংকাৰত মত্ত হৈ কোনো ক্ষমতাশালী লোকে মোক একো কৰিব নোৱাৰে বুলি ভাৱিয়ে আটাইতকৈ ডাঙৰ ভুলটো কৰি পেলায়।
এই অনিয়মৰ চৰ্দাৰ হৈ চিৰকাল তেওঁ নায়ক হৈ থাকিব নোৱাৰে। সেইবাবেই আজি তেওঁৰ এক খলনায়কৰ ভাৱমূৰ্তি গঢ় লৈ উঠিছে। ৰঙিয়াৰ কুমতিবাৰী গাঁৱত পট্টা নং-৭ৰ অধীনৰ ১৩বিঘা ২কঠা ১৭লেচা, পট্টা নং ১১ৰ ১০বিঘা ১কঠা, পট্টা নং ১৩ৰ জৰিয়তে ২কঠা ১৪লেচা, পট্টা নং ২৩ৰ ৪বিঘা ৪কঠা ১৭লেচাঁ, পট্টা নং ২৫ৰ ৫বিঘা ১কঠা ৫লেচা আদি মাটি কোনে কাৰ নামত কিয় ক্ৰয় কৰিছিল?
সেই মাটি ক্ৰয়ৰ নামত কিমান ধন ব্যয় কৰা হৈছিল? এইবোৰ তথ্য তেওঁ ৰাজহুৱা কৰি দিলেই কোন সচাঁ, কোন মিছাঁ সেয়া দিনৰ দৰে স্পষ্ট হৈ পৰিব। মন্ত্ৰী হ’লেই ক’ৰ পৰা আহে ধন! পানীৰ দৰে অহা সেই ধন কেতিয়াবা মন্ত্ৰীয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থতো মানুহক দেখুওৱাবলৈ ব্যয় কৰিব লগা হয়।
এইগৰাকী মন্ত্ৰীয়ে তেওঁৰ সমষ্টিৰ গৃহ মণ্ডলৰ দলীয় কাৰ্যালয়, মাটি উপহাৰ দিছে দলীয় সতীৰ্থক। এই অভিযোগ কোনো বিৰোধী বা মন্ত্ৰীক বিৰোধ কৰিব লাগে বুলিয়েই বিৰোধ কৰা লোকৰ নহয়। নিজৰ সতীৰ্থসকলৰ বাবে ভৱাতো ভাল কথা।
কিন্তু অসমত এনে কেইজন মন্ত্ৰী বা নেতা আছে, যি দলৰ মণ্ডল পৰ্যায়ৰ কৰ্মীক কোটি টকাৰ কাৰ্যালয় উপহাৰ দিব পাৰে। হয়তো মুখ্যমন্ত্ৰীয়েও পৰা নাই এনে কৰিব। সভাপতি দিলীপ শইকীয়াৰো কিজানি নাই এনে শকতি।
বাঁহজানী মৌজাৰ এলেঙ্গীদল গাঁৱৰ মহেশ চৌধুৰীৰ নামত থকা মাটি ক্ৰয় কৰি সেই মাটিত বিজেপিৰ কাৰ্যালয় বনাই দিব পৰাকৈ ক্ষমতা আছে এইজন মন্ত্ৰীৰ। যিটো বিজেপিৰ মণ্ডল কাৰ্যালয় এইজন মন্ত্ৰীয়ে দলীয় সতীৰ্থক উপহাৰ দিছিল, তাৰ বাবদ তেওঁৰ কিমান ধন ব্যয় হ’ল, সেই হিচাপো নিশ্চয় সচেতন লোকে বিচাৰিব।
কিয়নো এই কাৰ্যালয়টো মন্ত্ৰীগৰাকীয়ে উপহাৰ দিয়াৰ কথা বাঁহজানী বিজেপি মণ্ডলে আনুষ্ঠানিকভাৱে ভিন্ন মাধ্যমত ৰাজহুৱা কৰি থৈছে। সামাজিক মাধ্যমত কাৰ্যালয়টোৰ গৃহ প্ৰৱেশৰ দিনা ‘বাঁহজানী মণ্ডল - ভাৰতীয় জনতা পাৰ্টি’ৰ পৰা মন্ত্ৰীগৰাকীৰ ধন্যবাদ জ্ঞাপন কৰি কোৱা হৈছিল- ‘আমাৰ সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী সন্মানীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টী বাঁহজানী মণ্ডলৰ কাৰ্যকৰ্তা সকলক উপহাৰ হিচাপে আগবঢ়োৱা কাৰ্যালয়তি যোৱাকালি (৩১ জানুৱাৰী)বৈদিক ৰীতি নীতিৰে গৃহ প্ৰবেশ কৰা হয়।‘
কাৰ্যালয়টো উপহাৰ দিয়াৰ কথা ১ফেব্ৰুৱাৰী, ২০২৫ত ৰাজহুৱা কৰা হৈছিল। এই কাৰ্যালয়টো উদ্বোধন কৰিবলৈ গৈয়ে অপমানিত হৈছিল খোদ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। এজন মণ্ডল পৰ্যায়ৰ সভাপতিৰ আচৰণত ক্ষুদ্ধ হৈছিল ৰাজ্যিক সভাপতিগৰাকী।
এইগৰাকী মণ্ডল সভাপতিক পৰৱৰ্তী সময়ত অপসাৰণ কৰা হৈছিল। কিন্তু অপসাৰিত সভাপতিজন আছিল মন্ত্ৰীগৰাকীৰ ভাতঘৰৰ মানুহ। এই দুমহলীয়া প্ৰকাণ্ড কাৰ্যালয়টো নিৰ্মাণৰ বাবে ব্যয় হোৱা ধনৰ কিছু খতিয়ান শুনি চকু কপালত উঠিছে।
মন্ত্ৰীগৰাকীয়ে দুৰ্নীতি অনিয়মৰে ঘটা ধনৰে যেন সহযোগী কৰিছে একাংশ সৎ আৰু পৰিৱৰ্তনকামী দলীয় সতীৰ্থক। তেওঁলোকৰ বাবে মন্ত্ৰীয়ে এটা ভাল কাৰ্যালয় দিছে, তাতেই প্ৰাপ্তিৰ সীমাৱদ্ধ হৈ ৰৈছে। চতুৰ মন্ত্ৰীয়ে কাকো খাবলৈ নিদিও আৰু নিজেও নাখাও বুলি দুৰ্নীতিবিৰোধী শ্লোগান আওৰোৱা বিজেপিক এনেকৈয়ে নিজৰ পাপৰ ভাগ দিছে।
নলবাৰী এখন পূণ্যভূমি। প্ৰজ্ঞাৰ নগৰী নলবাৰী। এই ঠাই অসমৰ বৌদ্ধিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, শৈক্ষিক ক্ষেত্ৰত নেতৃত্ব দিয়া বহু মহীৰূহৰ জন্মভূমি। অসমৰ মানুহে শ্ৰদ্ধা আৰু সমীহেৰে নাম লয় নলবাৰীৰ সেই লোকসকলক।
সচেতন নলবাৰীৰ ভোটাৰে জানে, বুজে কি সচাঁ, কি মিছা। এই নলবাৰীৰ ভোটাৰকে কোনোবাই আৱেগিক কৰিবলৈ নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগ বোজাঁ জাপি দিলে তেওঁ জানো অভিযোগমুক্ত হৈ যাব! কোটি কোটি টকাৰে কিনা সম্পত্তিবোৰৰ হিচাপ নিৰ্বাচন আয়োগক দিছো আৰু দিম বুলি কোৱা নেতা-মন্ত্ৰীয়ে ৰাইজকো ইয়াৰ জানো জবাব দিব নালাগিব...