এজন অসমীয়া বিষয়াঃ বাজপেয়ীয়ে খেদিছিল ইডিৰ পৰা...

কংগ্ৰেছ-বিজেপি সকলোৰে বাবে এদিন ত্ৰাসৰ কাৰণ আছিল এজন অসমীয়া বিষয়া। ৰাজনৈতিক নেতাৰ ক্ষমতাই তেওঁক বলাব পৰা নাছিল। যিটো নিয়মমাফিক, সেয়া কৰিবলৈ তেওঁ ভয় নকৰিছিল। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
uyyydd

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

কংগ্ৰেছ-বিজেপি সকলোৰে বাবে এদিন ত্ৰাসৰ কাৰণ আছিল এজন অসমীয়া বিষয়া। ৰাজনৈতিক নেতাৰ ক্ষমতাই তেওঁক বলাব পৰা নাছিল। যিটো নিয়মমাফিক, সেয়া কৰিবলৈ তেওঁ ভয় নকৰিছিল। 

সাৰি যোৱা নাছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওঁ আৰু তেওঁৰ পুত্ৰ প্ৰভাকৰ ৰাওঁ। আনকি এটা সময়ত নিজকে ভগৱানৰ সমকক্ষ বুলি ভৱা বিৰ্তকিত চন্দ্ৰস্বামীও তেওঁৰ জালত পৰিছিল। সেই তালিকাখন বৰ দীঘলীয়া।

বিখ্যাত আই টি চি কোম্পানী ভাৰতৰ জ্যেষ্ঠতম বিষয়া কে. এল চোগ, জেন. এন চাপ্ৰ, শ্ব ৱেলছ নামৰ সুৰা প্ৰস্তুতকাৰী কোম্পানীটোৰ শীৰ্ষ পদবী অধিকাৰী মনো চাব্ৰিয়াই তেওঁৰ বাবেই চকুৰে সৰিয়হ ফুঁল দেখিছিল।

তামিলনাডুৰ মুখ্যমন্ত্ৰী জয়াললিতাই এইগৰাকী অসমীয়া বিষয়াৰ বাবেই ঘাটে ঘাটে পানী খাইছিল। এনে খবৰো সেই সময়ত ওলাইছিল যে, বাজপেয়ী চৰকাৰত জয়াললিতাৰ দলে সমৰ্থন দিয়াৰ বিনিময়ত জয়াললিতাই এই অসমীয়া বিষয়াগৰাকীক তেওঁৰ মুৰব্বী হৈ থকা বিভাগৰ পৰা বদলি কৰিব লাগিব বুলি চৰ্ত দিছিল।

ভুল পালেই যিমান ডাঙৰ বা ক্ষমতাশালী মানুহ নহওঁক কিয়, তেওঁৰ গাত হাত দি দিছিল। কোনো ৰাজনৈতিক নেতাৰ নিৰ্দেশ বা শ্ৰুতলিপি তেওঁৰ সন্মুখত আছিল মূল্যহীন। এদিন তেওঁ বেনেট কোলমেন এণ্ড কোম্পানী নামৰ প্ৰতিষ্ঠানটোৰ মালিক অশোক জৈনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিলে।

সেইদিনাই তেওঁৰ আঁচল বিপদ নামি আহিল চাকৰি জীৱনলৈ। কিয়নো এই কোম্পানীটো হৈছে দেশৰ অন্যতম প্ৰভাৱশালী দৈনিক কাকত টাইমছ অৱ ইণ্ডিয়া, ইকনমিক টাইমছ, ফেমিনা, ফিল্মফেয়াৰ নামৰ আলোচনীৰ প্ৰকাশক।

জৈনৰ বিৰুদ্ধে অভিযোগ আছিল বিদেশী মুদ্ৰ আহৰণৰ ক্ষেত্ৰত ভাৰত চৰকাৰক বহু বছৰ ধৰি তেওঁৰ কোম্পানীয়ে কৰফাঁকি দি আছিল। সেই সময়ত এনফৰ্চমেন্ট ডাৰেক্টৰেট চমুকৈ ইডি(ED)ৰ মুৰব্বীৰ দায়িত্বত থকা এইগৰাকী অসমীয়া বিষয়াই গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰিছিল।

প্ৰভাৱশালী সংবাদ প্ৰতিষ্ঠানৰ মালিক অশোক জৈনে ৰাজনৈতিক ক্ষমতাৰ সমান্তৰালভাৱে এইগৰাকী অসমীয়া বিষয়াৰ বিৰুদ্ধে তেওঁৰ কাকতৰ জৰিয়তে এটা প্ৰচাৰ চলালে। এক কথাত বদনামী কৰাৰ চেষ্টা কৰিলে অদমনীয় এইগৰাকী অসমীয়া বিষয়াক।

তেওঁ কিন্তু থমকি নৰল। মুম্বাইৰ এখন হস্পাতালত চিকিতসাধীন হৈ থকা সময়ত তেওঁক ই ডিয়ে গ্ৰেপ্তাৰ কৰিলে। দেশজুৰি হুলস্থুল লাগিল। ই ডিয়ে মানৱ অধিকাৰ উলংঘন কৰা বুলিও প্ৰচাৰ চলিছিল। জৈনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে খবৰ আহিছিল তেওঁলৈ যে, তেওঁক ই ডিৰ মুৰব্বী পদৰ পৰা বদলি কৰি দিল্লী ৰাজ্য চৰকাৰৰ আন এক পদবীত অধিষ্ঠিত কৰা হৈছে।

সেই সময়তে খবৰ ওলাইছিল, এফালে অশোক জৈন আনফালে বাজপেয়ীক সমৰ্থনৰ বিনিময়ত জয়াললিতাই দিয়া চৰ্ত মিলি তেওঁক প্ৰধানমন্ত্ৰী বাজপেয়ীয়ে বদলি কৰিবলৈ বাধ্য হৈছিল। জয়াললিতাই পিছে বিষয়টোক লৈ স্পষ্টীকৰণ দি কৈছিল- মই নহয়, ইডিৰ মুৰব্বী ৰূপে থকা অসমীয়া এই বিষয়াগৰাকীক বদলিৰ আঁৰত আছে এটা শক্তিশালী বাতৰি কাকত গোষ্ঠী।

এইগৰাকী অসমীয়া বিষয়াৰ নাম মানস কমল বেজবৰুৱা। ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আছিল তেওঁ। তেওঁৰ পিতৃৰ নাম আছিল ইন্দ্ৰকমল বেজবৰুৱা। গুৱাহাটীৰ পৰা এখন অসমীয়া বাতৰি কাকত প্ৰকাশ হৈছিল। নাম আছিল- নতুন অসমীয়া।

সেই কাকতখনৰ মালিক আছিল ইন্দ্ৰকমল বেজবৰুৱা। যিখন কাকতৰ প্ৰথমগৰাকী সম্পাদক আছিল দেৱকান্ত বৰুৱা। উজনি অসমৰ সেই বিখ্যাত বেজবৰুৱা পৰিয়ালৰ প্ৰতিনিধি আছিল মানস কমল বেজবৰুৱা। চাহ খেতিৰ সৈতে জড়িত আছিল তেওঁলোকৰ পৰিয়াল।

১৯৪১চনৰ ১ডিচেম্বৰত মানস কমল বেজবৰুৱাৰ জন্ম হৈছিল কলিকতাত। শ্বিলঙত তেওঁ ডাঙৰ-দীঘল হৈছিল। ছেন্ট এডমাণ্ডছত তেওঁ পঢ়িছিল। ইংৰাজী স্নাতকোত্তৰ শ্ৰেণীত পঢ়ি থাকোতেই তেওঁ সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

সেইবাৰ তেওঁ এলাইট চাৰ্ভিছৰ বাবে নিৰ্বাচিত হৈছিল। ভাৰত চৰকাৰৰ অডিট আৰু একাউন্টছ চাৰ্ভিছৰ চাকৰি পাইছিল তেওঁ। দ্বিতীয়বাৰ সৰ্বভাৰতীয় এই পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁ নিৰ্বাচিত হল ভাৰতীয় বিদেশ সেৱাৰ বাবে। তেওঁ বিদেশ সেৱাৰ বিপৰীতে প্ৰশাসনীয় সেৱাতহে যোগ দিলে।

কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ কেডাৰ হিচাপে দিল্লী, আণ্ডামান, মিজোৰাম আদিত চাকৰি কৰিলে। ৭০দশকতে তেওঁ গোৱাৰ লেফটেনেন্ট গৱৰ্ণৰৰ প্ৰাইভেট চেক্ৰেটৰীৰ পদ পাইছিল। আমি বহু অসমীয়াই নাজানো এইজন সিংহ সদৃশ অসমীয়া আই এ এছ বিষয়াৰ কথা।

এতিয়া ই ডি শাসকীয় পক্ষৰ পোহনীয়া ভাঁটৌ বুলি সমালোচনা হয়। সেই ধাৰণাৰ বিপৰীতে এইজন অসমীয়া আই এ এছে পুজিঁপতি, ৰাজনীতিবিদ, তথাকথিত সমাজসেৱক আদিক জবাবদিহি কৰাই নহয় জেইলৰ ভাত খোৱাইছিল। তাৰ ভিতৰত প্ৰাক্তন প্ৰধানমন্ত্ৰীও আছিল।

ইডিক তেওঁ থকালৈকে ৰাজনৈতিকভাৱে ব্যৱহাৰৰ সুযোগ দিয়া নাছিল। ইডিয়ে আইন-কানুন অনুসৰি লব লগা পদক্ষেপ তেওঁ লবলৈ কুন্ঠাবোধ নকৰিছিল। দিল্লীত বিজেপি শাসনলৈ অহাৰ পাছত তেওঁক লৈয়ে সমৰ্থনৰ বিনিময়ত দৰ-দাম চলিছিল। কাৰো ওচৰত আঠু নলৈ দেশ হিলাই দিব পৰা তেনেকুৱা এজন অসমীয়া বিষয়া আছিল...

প্ৰধানমন্ত্ৰী জয়াললিতা