বিঘাই বিঘাই মাটিৰ গৰাকী মন্ত্ৰীৰ পত্নী...

কেনেকৈ ইমান ধনী হয় মন্ত্ৰীৰ পত্নী! কিনো বুলি ভাৱিলে কেনেকৈ কিনিব পাৰে মাটি-বাৰী! কোটি কোটি টকা ব্যয় কৰি কিনা এই স্থাৱৰ সম্পত্তিবোৰে তেওঁলোকে কৰিব কি? কোন উৎসৰ পৰা আহে তেওঁলোকৰ ধন!  

author-image
Asomiya Pratidin
New Update
ap BIKHEKH LEKHA (14)

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

কেনেকৈ ইমান ধনী হয় মন্ত্ৰীৰ পত্নী! কিনো বুলি ভাৱিলে কেনেকৈ কিনিব পাৰে মাটি-বাৰী! কোটি কোটি টকা ব্যয় কৰি কিনা এই স্থাৱৰ সম্পত্তিবোৰে তেওঁলোকে কৰিব কি? কোন উৎসৰ পৰা আহে তেওঁলোকৰ ধন!  

এগৰাকী ক্ষমতাশালী মন্ত্ৰীয়ে শেহতীয়াকৈ যোৱা এটা বছৰত ক্ৰয় কৰা মাটিৰ পৰিমাণ দেখি সকলোৰে মনত উত্থাপিত হব এই প্ৰশ্ন। তেজপুৰৰ শলমাৰা অঞ্চলৰ পুনিয়নী গাঁৱত বিক্ৰী হল প্ৰায় ৪০বিঘা মাটি।

২০২৪চনত এই ভূমি ক্ৰয়-বিক্ৰয় পৰ্ব সম্পন্ন হৈছিল। প্ৰতি বিঘা মাটিৰ দাম ঠিক কৰা হৈছিল ১৮লাখ টকাকৈ। তাৰে কিছু মাটি ইতিমধ্যে ম্যাদী হৈছে। সংশ্লিষ্ট চক্ৰ বিষয়াৰ কাৰ্যালয়ে ২৯ফেব্ৰুৱাৰী ২০২৪ত নিষ্পত্তি কৰিছে এই ভূমি।

আপোচ বাটোৱাৰ নং- SON/TEZ/2023-24/202400010448/FPART হুকুমযোগে ৭৫নং দাগৰ ১৩বিঘা ২কঠা ১০লেচাঁ মাটি জুলি ডেকা বৰুৱাৰ নামত ৩৫২নং দাগ আৰু ১০০নং ম্যাদী পট্টাত নামজাৰি কৰিছে।

এই প্ৰক্ৰিয়াটোত জড়িত লাট মণ্ডলগৰাকীৰ নাম ৰঞ্জিত লহকৰ আৰু চক্ৰ বিষয়াগৰাকীৰ মাধুৰ্য বুঢ়াগোহাঁই।তাৰ ৫দিনৰ পাছতেই অৰ্থাত ৫মাৰ্চ, ২০২৪ত আপোচ বাটোৱাৰা নং- SON/TEZ/2023-24/202400010981/FPART হুকুমযোগে একেগৰাকী মহিলাৰ নামত নামজাৰি হৈছে ৭৬নং দাগৰ ১৫বিঘা ১কঠা ১৮লেচা মাটি।

জুলি ডেকা বৰুৱা(পিতৃ ৰমেশ চন্দ্ৰ ডেকা)ৰ নামত নামজাৰি আৰু ম্যাদী হোৱা সেই মাটিৰ নতুন দাগ নম্বৰ- ৩৫৪ আৰু পট্টা নং ১০২। এয়া চৰকাৰী নথিত উল্লেখ থকা তথ্য। দলিলত এই মাটিৰ ক্ৰয় মূল্য কিমান উল্লেখ আছে জনা নাযায় যদিও প্ৰায় ৭কোটি টকাৰ ব্যয়েৰে ক্ৰয় কৰা হৈছে এইখিনি মাটি।

তেজপুৰত যদি ক্ৰয় কৰিব পাৰে, নলবাৰীত ভাল মাটি পালে কিনি থোৱাত অৱহেলা কৰিবনো কিয়! সেয়েহে ঘঘৰাপাৰ ৰাজহচক্ৰৰ বাঘপাৰা ৰাজহ গাঁৱৰ অন্তৰ্গত প্ৰায় ৭বিঘা মাটি ক্ৰয় কৰিলে একেগৰাকী মহিলাই।

সেই মাটিৰ মূল্যও বোলে ১০-১১কোটিৰ কম নহয়। ১৬মে, ২০২৫ত নলবাৰী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত মাটিখিনি ক্ৰয়ৰ বাবে এন অ চি বিচাৰি আবেদন জনোৱা হৈছিল। মন্ত্ৰীৰ পত্নীয়ে কিনিব মাটি, কোন আমোলাৰ সাহস এন অচি নিদিয়াৰ।

সাধাৰণ লোকে বিপদত পৰি মাটি বিক্ৰী আৰু ক্ৰয়ৰ বাবে এনে এন অ চি বিচাৰি তাঁতবাটি কাঢ়োতে ছেণ্ডেলৰ ফিঁটা ছিগে। কিন্তু মন্ত্ৰীৰ পত্নীৰ ক্ষেত্ৰত এনে কেতিয়াও নহয়। ২৬মে, ২০২৫ত পাই গল এন অ চি। ৯ দিনতে মাটিৰ বিক্ৰীৰ বাবে জিলা প্ৰশাসনে দিব লগা অনুমতি প্ৰক্ৰিয়া হৈ গল নিষ্পত্তি।

মাটিৰ গৰাকী ৰঞ্জু দাস। তেওঁৰ নামতে আছে এই মাটি। এন অ চি বিচাৰি জনোৱা এখন আবেদনৰ নম্বৰ- NOC/06/55409/2025 । এই আবেদনৰ ভিত্তিত ঘঘৰাপাৰ ৰাজহচক্ৰৰ অন্তৰ্গত বানভাগ মৌজাৰ বাঘমৰা গাঁৱৰ পট্টা নং-১৫২ আৰু দাগ নং- ৬৬৭ত থকা ১কঠাঁ ৭লেচা মাটিৰ বাবে বিক্ৰীৰ অনুমতি দিয়া হল।

সেই আবেদনত উল্লেখ থকা মতে, এই মাটি ক্ৰয় কৰি জে এম বি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেডৰ সঞ্চালক জুলি ডেকা বৰুৱাই। মাটিখিনি শ্ৰেণী খাৰজ ম্যাদী। তাৰ পাছত এন অ চি আবেদন নং- NOC/06/55405/2025, তাং- ১৬/০৫/২০২৫ৰ ভিত্তিত নলবাৰী জিলা প্ৰশাসনে দাগ নং- ৬৮৭, দাগ নং- ৬৮৬ত থকা ৫লেচা আৰু ১৫লেচা মাটি বিক্ৰীৰ অনুমতি দিছে।

অৱশ্যে এই মাটি নিস্ফী খেৰাজী পট্টাৰ মাটি। কোনোবা দেৱোত্তৰ বৰ্ড বা মঠ-মন্দিৰৰ নামত পূৰ্বতে এই মাটি আছিল। তেনে মাটি বিক্ৰীৰ বাবে অনুমতি প্ৰদান কৰিব পাৰি নে নোৱাৰি, তাক লৈ মাজে সময়ে সৃষ্টি হয় প্ৰশ্নৰ।

সাধাৰণ লোকৰ ক্ষেত্ৰত কাঢ়া হয় প্ৰশাসন। কিন্তু মন্ত্ৰীৰ পত্নীয়ে যিহেতু ক্ৰয় কৰিব সেইবাবে নাই কোনো জটিলতা বা বাধা। আবেদন নং- NOC/06/55407/2005ৰ জৰিয়তে দাগ নং-৬৫৯, পট্টা নং- ৬০ৰ অধীনত থকা ১৬ লেচাঁ মাটিৰো জুলি ডেকা বৰুৱাক বিক্ৰী কৰিবলৈ অনুমতি দিয়া হৈছে ২৬মে, ২০২৫ত।

আবেদন নং- NOC/06/55402/2005ৰ জৰিয়তে নিস্ফী খেৰাজী ৬নং পট্টাৰ দাগ নং-৬৮৫ৰ এবিঘা ৩কঠা ১৩লেচা মাটি বিক্ৰীৰো এন অ চি প্ৰদান কৰা হল। ভাগ ভাগকৈ এনেকৈয়ে ৭বিঘা মাটিৰ এন অ চি লৈ ৰঞ্জু দাসে বিক্ৰী কৰিলে জুলি ডেকা বৰুৱাক।

এইবোৰ তেওঁলোকৰ শেহতীয়া সম্পত্তিৰ কিছু তথ্যগত উদাহৰণ। এনে বহু সম্পত্তিৰে গৰাকী এই শ্ৰেণীৰ লোক। ১০৭বিঘা মাটিজুৰি থকা কৃষিফাৰ্ম, গাখীৰ ব্যৱসায় আৰু অন্যান্য সম্পত্তি আছেই। জুলি ডেকা বৰুৱা কোন, সেয়া সকলোৱে জানে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এইবোৰ প্ৰত্যক্ষ সম্পত্তি নহলেও পৰোক্ষভাৱে তেৱেই ছাঁগৈ মূল বিনিয়োগকাৰী।

মন্ত্ৰী পত্নী কিমান ধনী হব পাৰে, তাৰেই উদাহৰণ এয়া। সম্ভৱনে সৎ পথেৰে কোনোবা এজন মন্ত্ৰীয়ে বা তেওঁৰ পত্নীয়ে এনেদৰে কোটি কোটি টকা ব্যয়েৰে সম্পত্তি ক্ৰয় কৰাতো! কিমান টকা দৰমহা পায় এগৰাকী মন্ত্ৰীয়ে। আৰু কি আয়ৰ উৎস আছে এইসকলৰ নেতাৰ। কেতিয়াও নহয় সেয়া তদন্ত। কিন্তু এইদৰে মন্ত্ৰী পত্নীৰ বিঘাই বিঘাই মাটিৰ মালিকৰ হোৱাতো নহয় জানো এক ভয়ংকৰ দুৰ্নীতি...

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা