পুলিচ, জাৰ্নেলিষ্ট, লীডাৰ, অফিচাৰ! সকলো যেন শ্ৰীকৃষ্ণৰ চকীদাৰ...

অ এন জি চি কিজানি শ্ৰীকৃষ্ণৰে। অকল শ্ৰীকৃষ্ণৰে নহয়, এটা সময়ত শ্ৰীকৃষ্ণৰ জ্যেষ্ঠ ভাতৃ সুভাষৰে মিলি অ এন জি চিৰ তেল চুৰি কৰি এই দুই ভাতৃয়ে অ এন জি চিক ব্যক্তিগত সম্পত্তি কৰি পেলাইছিল।

author-image
Asomiya Pratidin
New Update
ap BIKHEKH LEKHA (3)

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

অ এন জি চি কিজানি শ্ৰীকৃষ্ণৰে। অকল শ্ৰীকৃষ্ণৰে নহয়, এটা সময়ত শ্ৰীকৃষ্ণৰ জ্যেষ্ঠ ভাতৃ সুভাষৰে মিলি অ এন জি চিৰ তেল চুৰি কৰি এই দুই ভাতৃয়ে অ এন জি চিক ব্যক্তিগত সম্পত্তি কৰি পেলাইছিল।

সৌ সেইদিনাৰ লৈকে শ্ৰীকৃষ্ণ আগৰৱালা, ভাতৃ সুভাষ আগৰৱালা এই কামতেই ব্যস্ত আছিল। শিৱসাৰৰ কুখ্যাত তেল চোৰৰ তালিকা প্ৰস্তুত কৰিলে দুয়োৰে নামে তালিকাৰ প্ৰথমতেই স্থান পাইছিল। দুয়ো ভাতৃয়ে সুন্দৰকৈ এই তেল চুৰি কাণ্ড সংঘটিত কৰোতে ধনৰ বলত বিভিন্ন পক্ষক পকেটত মেনেজ কৰি ৰাখিছিল।

তেওঁলোকৰ পকেটত সোমোৱা নাছিল কোন?  তথাকথিত জাতীয় সংগঠনৰ নেতা এই দুই তেল চোৰৰ খমখমীয়া নোটৰ ইচাৰাত নাচিছিল। খাকী পোছাকধাৰী বিষয়া-কনিষ্টবলো তেওঁলোক বহতীয়া হৈছিল বুলি অভিযোগ আছে।

কমিছনৰ অংকত অ এন জি চিৰ টেংকাৰ চালক, সৰু-ডাঙৰ বহু বিষয়া আগৰৱালা ভাতৃদ্বয়ৰ ভৃত্য সদৃশ হৈ পৰিছিল। ধন লৈ তেওঁলোকে এই তেলচোৰ চক্ৰক যি ইচ্ছা তাকেই কৰিবলৈ এৰি দিছিল। শিৱসাগৰত সংঘটিত এই তেল চুৰি কাণ্ডৰ খবৰ বহু সাংবাদিকেও পাইছিল।

দুই-এজন সাংবাদিকে সেই খবৰবোৰ প্ৰকাশ কৰাৰ বিপৰীতে গৰিষ্ঠ সংখ্যকে সেইবোৰ কাণ্ড দেখিও নেদেখাৰ ভাওঁ ধৰিছিল বুলি অভিযোগো উঠিছিল।  খবৰ কাগজতেই প্ৰকাশ পাইছিল খবৰ দিয়া মানুহৰ খবৰ। আগৰৱালাৰ নেতৃত্বাধীন তেল চুৰি চক্ৰই সাংবাদিকক মেনেজ কৰিবলৈও হেনো মাহেকত কেইবালাখ টকা ব্যয় কৰিছিল।

২০২১চনৰ শেষৰফালে এই তেল চুৰি কাণ্ডৰ কেইবাটাও খবৰ ৰাজহুৱা হৈছিল। শিৱসাগৰ সদৰ থানা আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা ৪০০মিটাৰ নিলগৰ ষ্টেচন চাৰিআলিত এই চুৰি চক্ৰৰ অভিকেন্দ্ৰ আছিল। তাতেই তেওঁলোকে তেলৰ চোৰাং বেহা মেলিছিল।

সুভাষ আগৰৱালা নামৰ কুখ্যাত তেল চোৰটোৰ নেতৃত্বত প্ৰতিমাহে কোটি কোটি টকাৰ তেল চোৰ কৰিছিল। তেওঁক সহযোগ কৰিছিল আন কেইবাটাও তেল চোৰে। মাফিয়া চক্ৰটোৰ পৰা মাহেকীয়া কিস্তিত ধন লাভ কৰা সকলে তেওঁলোকক ৰক্ষণাবেক্ষণ দিছিল।

মাজে মাজে আৰক্ষীয়ে চমক দিবলৈ দুটা এটা তেল চোৰ ধৰিছিলো। কিন্তু আৰক্ষীয়ে হাত দিব পৰা নাছিল সুভাষ, শ্ৰীকৃষ্ণ, চেনাই, ছেলিম, প্ৰশান্ত আদি বিয়াগোম তেল চোৰৰ গাত। সুভাষ তেল চোৰ হলেও বহু আৰক্ষী বিষয়াৰ নয়নৰ মণি আছিল বুলিয়েই শিৱসাগৰৰ ৰাইজে জানিছিল।

চোৰাং তেলবোৰ তেওঁলোকে ষ্টেচন চাৰিআলিৰ পৰাই বিভিন্ন স্থানলৈ প্ৰেৰণ কৰিছিল। পেট্ৰল-ডিজেলৰ চুৰি তেলৰ এখন মিনি টাৰ্মিনেল গঢ়ি তুলিছিল তেওঁলোকে। অ এন জি চিয়ে সেই সময়ত দৈনিক প্ৰায় ১.২০লাখ লিটাৰো অধিক ডিজেল তিনিচুকীয়া অইল টাৰ্মিনেল আৰু ডিমাপুৰৰ পৰা ক্ৰয় কৰিছিল।

টেংকাৰেৰে সেইবোৰ অসমলৈ কঢ়িয়াই অনা হৈছিল। ১৫-২০খন অইল টেংকাৰেৰে সেই তেলসমূহ কঢ়িয়াই আনি অ এন জি চিক জমা দিয়াৰ পূৰ্বেই টেংকাৰবোৰ সোমাইছিল হৈ সুভাষহতেঁ স্থাপন কৰা সেই মিনি টাৰ্মিনেলত। তাত সাজু থাকিছিল ১০-১২জনীয়া এটা দল।

সেই দলটোৰ কাম আছিল প্ৰতিখন টেংকাৰৰ পৰা অতিকমেও হাজাৰ লিটাৰ ডিজেল নমাই ৰাখি টেংকাৰৰ খালী অংশবোৰ কেৰাচিন আৰু কেমিকেল দি ভৰ্তি কৰাই দিয়া। তেনে কৰাৰ পাছতহে সেই টেংকাৰবোৰত থকা খাৰুৱা তেল অ এন জি চিক জমা দিয়া হৈছিল।

এনেকৈয়ে তেল চুৰ কৰি ধনী হৈছিল আগৰৱালা ভাতৃদ্বয়। গৰাকী হৈছিল শ শ  কোটি টকাৰ। এই তেল চুৰি কাণ্ডৰ উপযুক্ত তদন্ত আজিও নহল। এদিন এখন বাজাজ চুপাৰহে থকা আগৰৱালা পৰিয়ালৰ সম্পত্তিৰ তালিকা এতিয়া দি শেষ কৰিব নোৱাৰি।

পেট্ৰল-ডিজেল কঢ়িয়াই অনা টেংকাৰ চালকসকলক ১০ৰ পৰা ১৫হাজাৰ টকা দি সুভাষ বাহিনীয়ে এই কাম সংঘটিত কৰিছিল। অ এন জি চিৰ বহু উচ্চ পদস্থ বিষয়াই জেপ গধুৰ কৰি আগৰৱালা বাহিনীক এনে চুৰি কাৰ্য সংঘটিত কৰিবলৈ লাইচেঞ্চ দিয়াৰ অভিযোগ শিৱসাগৰবাসীয়ে উত্থাপন কৰিছিল।

যিমান ধন ঘটিব লাগে, তেওঁলোকে ঘটি ললে। তা্ৰ পাছত কলা ব্যৱসায় বৈধ ব্যৱসায়লৈ ৰূপান্তৰ কৰিলে। সোণৰ কণী পৰা হাঁহ হৈ থাকিল তেওঁলোকৰ বাবে অ এন জি চি। চকু পৰিল তেওঁলোকৰ তৈল খাঁদৰ ওপৰত।

শ্ৰীকৃষ্ণ আগৰৱালাই এটা কোম্পানী খুলি ললে। নাম থলে- এছ কে পেট্ৰ ছাৰ্ভিছ লিমিটেড। শ্বিলঙত পঞ্জীয়ন কৰা এই কোম্পানীটোৰ পঞ্জীয়ন নম্বৰ- CIN:U1102AS2006PTC008250 । একেকোবতে কোম্পানীটোৰ অথৰাইজ শ্বেয়াৰ কেপিটেল আছিল ২৫কোটি টকা।

ভাতৃৰ পৰা পৃথক হৈ আহি শ্ৰীকৃষ্ণই পত্নী ৰাধাক এই কোম্পানীৰ আন এজন সঞ্চালক পাতিলে। অ এন জি চিৰ তৈল খাঁদবোৰত তেল নিষ্কাষণ আৰু আন কামৰ ঠিকা ললে। এতিয়া কেৱল অসমতে এই শ্ৰীকৃষ্ণ আগৰৱালাৰ কোম্পানীৰ হাতত আছে ৬টা তৈল খাঁদ।

এছ কে পেট্ৰ ছাৰ্ভিছ লিমিটেডক অন এন জি চিয়ে দি থোৱা তৈল খাঁদ কেইটা ক্ৰমে-

১. এছ কে পি ১৩৫(ii) লাইব্লু ১০নং ৱেল

২. এছ কে পি ১৫০(ii) ১৩ এ ৱেল

৩. এছ কে পি ১৩৫(vi) ৰুদ্ৰসাগৰ তৈল ক্ষেত্ৰ ১৪৭এ

৪. এছ কে পি ১৬০(l) ৰুদ্ৰসাগৰ তৈল ক্ষেত্ৰ ৭৫

৫. গেলেকী এছ কে পি ১৫১(l) তেলখাদ ৪৪৩এইচ

৬. এছ কে পি ১৫৩(i)গেলেকী ৪৩৬ তেলখাঁদ।

ইয়াৰ উপৰিও অ এন জি চিয়ে শ্ৰীকৃষ্ণ আগৰৱালাৰ এই কোম্পানীটোত ত্ৰিপুৰাত আন এটা তেলখাঁদ দি থৈছে। দুলীয়াজানতো অইল ইণ্ডিয়া লিমিটেডৰ অধীনষ্ঠ ৩টা খাঁদ আগৰৱালা কোম্পানীৰ হাতত আছে। এতিয়া শ্ৰীকৃষ্ণ আগৰৱালা অন এন জি চিক তেল অন্বেষণত সহায় কৰা এটা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হৈ পৰিল।

মাছৰ তেলেৰে মাছ ভজাৰ দৰে কথা। অ এন জি চিৰ তেল লুটিঁ সেই ধনেৰে কোম্পানী খুলি শ্ৰীকৃষ্ণ আগৰৱালা এতিয়া কোটিপতি। শিৱসাগৰত বিলাসী কাৰ্যালয়, বি জি পথ অট্টালিকাসদৃশ ঘৰ, কে পি চাৰিআলিৰ শ্ৰীকৃষ্ণ ছুজুকি ডীলাৰ এইবোৰ এতিয়া তেওঁলোকৰে সম্পত্তি।

তৈলখাঁদৰ সৈতে জড়িত কোম্পানী খুলিলেও অভিজ্ঞ মানুহ তেওঁলোকে নাৰাখে। ১০-১৫হাজাৰ টকাৰ দৰমহাত চলাব পৰা একাংশ অনভিজ্ঞ লোকেৰে চলাই আছিল কাম। অ এন জি চিয়ে হেনো সেই লোকসকলৰ নামত গাথিঁ দিয়া অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ চায়েই আগৰৱালা কোম্পানীক বিপদজনক এই কামৰ দায়িত্ব অৰ্পণ কৰে।

কিমান লৰামতীয়া কাম কৰি আছে অ এন জি চিয়ে। গেলেকীত পূৰ্বতে আগৰৱালাৰ কোম্পানীৰ দায়িত্বত থকা অইলৰ খাঁদত জুই লাগিছিল। গা নলৰিল অ এন জি চিৰ। ভটীয়াপাৰৰ বাৰীচুকস্থিত অ এন জি চিৰ অইল খাঁদত অতি বিপদজনকভাৱে গেছ নিৰ্গত হোৱাৰ আঁৰতো শ্ৰীকৃষ্ণ আগৰৱালাৰ কোম্পানীৰ অনভিজ্ঞতাৰেই কৃপা...

                                            

 

 

শিৱসাগৰ