/asomiyapratidin/media/media_files/2025/06/27/ujjj-2025-06-27-12-24-37.jpg)
মৃদুল কুমাৰ সন্দিকৈ
সাম্প্ৰদায়িক ৰাজনীতিৰ নামত ডাঙৰ ডাঙৰ কথা কোৱা সাম্প্ৰতিক সময়ৰ নেতা-মন্ত্ৰীসকলৰ ভিতৰত জয়ন্ত মল্ল বৰুৱাও অন্যতম। ইছলামধৰ্মী লোকক মিঞাঁ আখ্যাৰে তুচ্ছ-তাচ্চিল্য কৰা এইগৰাকী মন্ত্ৰীয়ে কিন্তু ব্যক্তিগত জীৱনত তথাকথিত ইছলামধৰ্মী লোকৰ সৈতেই কৰে ব্যৱসায়-বণিজ।
গৌৰৱ গগৈৰ চৌকাষে কেৱল মিঞাঁ বুলি তাচ্চিল্য কৰা সকলে হয়তো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা এই অধ্যায়ৰ কথা গমেই নাপায়। দুগ্ধ উন্নয়ন সঞ্চালকালয়ে প্ৰদান কৰা আঁচনিৰ ৫০লাখ টকাৰ ৰাজসাহায্য লাভ কৰা হিতাধিকাৰীৰ তালিকাত মন্ত্ৰী বৰুৱাৰ পত্নীৰ নাম উল্লেখ থকাৰ পাছত পোহৰলৈ আহিছে ন ন তথ্য।
এই তালিকাত ১৩নং স্থানত থকা হিতাধিকাৰী গৰাকীয়ে আছিল জুলি ডেকা বৰুৱা। মন্ত্ৰীৰ পত্নীৰ নাম ৰাজসাহায্য প্ৰাপ্ত তালিকাত ক্ষমতাৰ বলত অন্তভূৰ্ক্ত হোৱা বুলি সৃষ্টি হোৱাৰ প্ৰতিক্ৰিয়াৰ উত্তৰ দিবলৈ গৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছিল- তেওঁৰ আছে দুগ্ধ উৎপাদনৰ ফাৰ্ম।
সাংবাদিক আৰু সংবাদ মাধ্যমক প্ৰত্যাহ্বান জনাই নিজকে সৎ আৰু নিকা বুলি দাবী কৰা জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ মালিকানাধীন ফাৰ্মত গৰুখুঁটিলৈ অনা গীৰগাই উপস্থিতিৰ কথা পোহৰলৈ আহিছিল। তাৰ পিছতে অনুসন্ধানত পোহৰলৈ আহিছে আৰু বিস্ফোৰক কিছু তথ্য।
ৰঙিয়াত আছে এখন বিশাল ফাৰ্ম। এই ফাৰ্মখনৰ নাম- জে এম বি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড। এই প্ৰাইভেট কোম্পানীটোৰ অন্তৰ্গত ফাৰ্মখনত মাছৰ পোনা, উন্নত জাতৰ ছাগলী, পল্টী, হৰ্টিকালচাৰ আদি অৰ্গেনিক উৎপাদন কৰা হয় বুলি উল্লেখ আছে।
শ্বিলঙৰ কোম্পানী ৰেজিষ্ট্ৰেশ্যন কাৰ্যালয়ত পঞ্জীয়নভূক্ত হৈ আছে এই জে এম বি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড। কোম্পানীটোৰ চি আই এন নম্বৰ- U05004AS2016PTC017472 । পঞ্জীয়ন নম্বৰ হৈছে- 017472 ।
৫লাখ টকা অৰ্থৰাইজ মাণিৰে আৰম্ভ কৰা এই ফাৰ্মখনৰ কাৰ্যালয়ৰ ঠিকনা উল্লেখ আছে কুমতিবাৰী, জয়ন্তীপুৰ, ৰঙিয়া বুলি। প্ৰাৰম্ভিক অৱস্থাত কোম্পানীৰ পঞ্জীয়নৰ বাবে ইয়াত উল্লেখ কৰা ইমেইল আই ডিটো আছিল- jehirul.islam89@gmail.com ।
কোম্পানীটোৰ প্ৰথম অৱস্থাত আছিল দুজন সঞ্চালক। তেওঁলোক ক্ৰমে- জেহিৰুল ইছলাম আৰু জুলী ডেকা বৰুৱা। জেহিৰুল ইছলামৰ ডি আই এন নম্বৰ- 07511105 আৰু জুলী ডেকা বৰুৱাৰ ডি আই এন নম্বৰ-076953548 ।
জয়ন্ত মল্ল বৰুৱাই তেওঁৰ নামেৰে এই ফাৰ্মখনৰ নাম জে এম বি ৰখা বুলি জানিব পৰা গৈছে। য’ত তেওঁৰ অতিকৈ ঘনিষ্ঠ জেহিৰুল ইছলাম আৰু পত্নী জুলি ডেকা বৰুৱাক সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছিল।
২০২০চনৰ ২মাৰ্চত জুলি ডেকা বৰুৱাক এই কোম্পানীত নিযুক্তি দিয়া হৈছিল পৰিচালন সঞ্চালক হিচাপে । ৰঙিয়া গোপালপুৰত থকা জয়ন্ত মল্ল বৰুৱাৰ পত্নী আৰু তেওঁৰ ঘনিষ্ঠ জেহিৰুলৰ তত্বাৱধানত চলা ফাৰ্মখনত আছে ১০৪বিঘা মাটি।
ফাৰ্মখনত ৩৪টাতকৈ অধিক পুখুৰী, উন্নত প্ৰজাতিৰ ছাগলী, গীৰগাই আদি সকলো আছে। ওচৰ চুবুৰীয়াই সন্দেহ কৰে মীন পালনৰ নামত অহা আঁচনি, পুখুৰী খন্দাৰ নামত চৰকাৰে দিয়া সাহায্য, ছাগলী পালকৰ বাবে চৰকাৰী পৃ্ষ্ঠপোষকতাত অহা উন্নত প্ৰজাতিৰ ছাগলীৰ পোৱালি আদিৰ সুবিধাও এই ফাৰ্ম কৰ্তৃপক্ষই লৈ আহিছে।
সমগ্ৰ বিষয়টো তদন্তৰ দাবী জনাইছে খোদ ফাৰ্মখনৰ সমীপৱৰ্তী লোকেই। সাধাৰণ লোকক এই ফাৰ্মৰ ভিতৰলৈ অহা যোৱা কৰিবলৈ দিয়া নহয়। জে এম বি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেডৰ নামত জয়ন্ত মল্ল বৰুৱাৰ পৰিয়ালে আৰু কি কি সুবিধা লাভ কৰি আহিছে, তাৰ এক সঠিক তদন্তৰো এতিয়া দাবী উঠিছে।
২০২৩চনৰ ৩মাৰ্চত এই জে এম বি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেডত আন এগৰাকীক সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁৰ নাম- তৃণবিত্তা বুজৰবৰুৱা। জানিব পৰা মতে, তৃণবিত্তা জয়ন্ত মল্ল বৰুৱাৰ কন্যা। মুম্বাইত অধ্যয়ন কৰি থকা তৃণবিত্তাও এতিয়া পিতৃ জয়ন্ত মল্ল বৰুৱাৰ কৃপাত শ কোটি টকীয়া কোম্পানীৰ মালিক।
এনেবোৰ ব্যৱসায়ত লোকচান হোৱাৰ বাবেই চৰকাৰে ৰাজসাহায্য দিয়ে বুলি সংবাদমাধ্যমক পাঠ দিয়া জয়ন্ত মল্ল বৰুৱাৰ এই ফাৰ্মখন কিন্তু তেওঁলোকে দাখিল কৰা বেলেন্স চিট মতেই চলি আছে বহু লাভত।
২০২৩বিত্তীয় বৰ্ষত এই ফাৰ্ম খন তথা কোম্পানীটোৱে ১৩.৯৪শতাংশ ৰাজহ বৃদ্ধি কৰিছে। এই বিত্তীয় বৰ্ষটোত জে এম বি কোম্পানীটোৰ লাভ্যাংশ বৃদ্ধিৰ পৰিমাণ ৪৯৯.৮৩শতাংশ। আনহাতে ২০২৩বৰ্ষৰ লৈকে মুঠ সম্পত্তি বৃ্দ্ধিৰ পৰিমাণ ১৯৩৪.৫৩শতাংশ।
মুঠৰ ওপৰত কেইবাশ কোটি টকীয়া ফাৰ্মৰ মালিক জয়ন্ত মল্ল বৰুৱা। নিজৰ নামত এই ফাৰ্ম বা কোম্পানী নাথাকিলেও তেওঁৰ নামেৰেই এই কোম্পানী গঠন কৰি পত্নীক এম ডি পাতি চলাই আছে কৃষিখণ্ডৰ ব্যৱসায়।
অৱশ্যে এয়া তেওঁৰ দৰে এজন মন্ত্ৰীয়ে উপাৰ্জনৰ বাবে নে অন্য পথেৰে অহা ক’লা ধন বগা কৰাৰ এক পন্থা, সেয়াও এতিয়া লাখটকীয়া প্ৰশ্ন। ক্ষমতাত থকাৰ বাবেই তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলেও, এই বিষয়বোৰক লৈ তদন্ত নহ’লেও নৈতিক দৃষ্টিৰে সাধাৰণ মানুহৰ সন্মুখত ওলাই পৰিছে তেওঁলোকৰ মুখৰ আঁৰৰ ছবি।
জয়ন্ত মল্ল বৰুৱাই তেওঁৰ পত্নীৰ সৈতে এই ব্যৱসায়ৰ সহযোগী কৰা জেহিৰুল ইছলামৰ ঘৰ নলবাৰীৰ খাঁটিকুছিত। নলবাৰীৰ জিলা পৰিষদৰ তেওঁ সদস্য আছিল। এতিয়া এই জেহিৰুল জয়ন্ত মল্লৰ আৰ্শীবাদপুষ্ট হৈয়ে জল জীৱন মিছনৰ ঠিকাদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।
মিঞাঁই দেশ খালে বুলি ৰাতিপুৱাৰ পৰা গধুলিলৈকে ৰাজনৈতিক শ্লোগান দি ফুৰা জয়ন্ত মল্ল বৰুৱাৰ হতঁৰ দৰে ৰাজনীতিবিদৰ বিজনেছ পাৰ্টনাৰ জেহিৰুল ইছলামৰ দৰে লোক। সৰ্বসাধাৰণৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়া হয়তো এইগৰাকী মন্ত্ৰীয়ে পঢ়া নাই। হোৱাটছ এপে, হোৱাইছ এপে বিয়পিছে এক বিশেষ বাৰ্তা- জয়ন্ত মল্লই ঠিকেই কৈছে, তেওঁ পৰিয়ালে আগৰে পৰাই গৰু পুহেঁ। জুবিনে হেনো তেওঁলোকৰ পৰিয়ালৰ তেনে এটা গৰুৰ নাম দিছিল...