/asomiyapratidin/media/media_files/2025/05/13/sx7V71uIoggwCM1oELEz.jpg)
মৃদুল কুমাৰ সন্দিকৈ
ফোনত বাজপেয়ীক আমেৰিকালৈ মাতি পঠাইছিল ক্লিন্টনে। কৈছিল- পাকিস্তানৰ প্ৰধানমন্ত্ৰীকো তেওঁ মাতিছে। যুদ্ধ বন্ধ কৰিব লাগে, তেওঁলোকৰ সন্মুখত বহি দুই দেশে আলোচনাৰ মাজেৰে বিষয়বোৰ সমাধান কৰিব লাগে।
আমেৰিকাৰ এই হেচাঁ বাজপেয়ী নামানিলে। কিল্টনক উত্তৰ দিলে- ভাৰতৰ যিবোৰ ঠাইত পাকিস্তান সেনা আৰু ছদ্মবেশী জেহাদীয়ে অৱস্থান লৈছে, তেওঁলোকক খেদি নপঠোৱা লৈকে শান্ত নহয় নতুন দিল্লী।
আমেৰিকালৈ বাজপেয়ী নগ’ল।পাক সেনাক ত্ৰিভুৱন দেখুৱাই পৰম বিক্ৰমেৰে ভাৰতীয় সেনাই এই কাৰ্গিল যুদ্ধত জয়ী হৈহে যুদ্ধ সামৰিলে। ভাৰত-পাকিস্তানৰ শেহতীয়া যুদ্ধসদৃশ পৰিস্থিতি আৰু ভাৰতৰ স্থিতিৰ মাজত এতিয়া এইবোৰ কথাও আলোচনাৰ প্ৰসংগ হৈছে।
নতুন দিল্লীত শাসনত নৰেন্দ্ৰ মোডী। আমেৰিকাত ক্ষমতাত ডনাল্ড টাম্প। কিন্তু এইবাৰ ট্ৰাম্পৰ স্থিতি আৰু নতুন দিল্লীৰ সিদ্ধান্তক লৈ সন্তুষ্ট হব পৰা নাই যেন দেশবাসী। বন্ধু বুলি মোডীক সম্বোধন কৰা ট্ৰাম্পৰ আদৱ-কায়দাত নাই ভাৰতৰ প্ৰতি বিশেষ সন্মান।
কিয় টাম্পে ভাৰত-পাকিস্তানক একেশাৰীত ৰাখিছে? কিয় মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতীয় নেতৃত্বক অসন্মান কৰা চেষ্টা চলাইছে। বিশ্বজুৰি ভাৰত-পাকিস্তানৰ এই সংঘাত যুদ্ধবিৰতি ৰূপ দিবলৈ ডনাল্ড টাম্পে একে সুৰতে দুই দেশৰ নেতৃত্বক ধমক দিয়াৰ খবৰ প্ৰকাশ পাইছে।
যুদ্ধ কৰিলে ব্যৱসায় বন্ধ কৰি দিয়াৰ ভাবুকিতেই ভাৰতৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত সন্মতি প্ৰদান কৰা এক বাৰ্তা আমেৰিকাই বিয়পাই দিছে। সংকটৰ এই সময়ত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে দেশবাসী, ৰাজনৈতিক দল এক হৈ থিয় দিছে।
সমান্তৰালভাৱে পাকিস্তানকেন্দ্ৰিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কথা-বতৰাবোৰে দেশবাসীৰ মনত এইবোৰ প্ৰশ্নই ক্ৰিয়া কৰিছে। ভাৰতে বাৰে বাৰে এই যুদ্ধ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰম্ভ কৰা বুলি আন্তৰাষ্ট্ৰীয় মহলক বুজাবলৈ চেষ্টা কৰি আহিছে।
ভাৰতৰ সেই চেষ্টা আৰু ভাষা আমেৰিকাই নুবুজিলে কিয়? এয়া আমাৰ সফলতা নে বিফলতা। যদি আমেৰিকাই লাডেনৰ দৰে সন্ত্ৰাসবাদীক পাকিস্তানৰ ভূমিত আহি নাশ কৰিব পাৰে, ভাৰতে কিয় একেই সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক আজাহাৰ মাছুদৰ দৰে সন্ত্ৰাসবাদী নেতাক নিৰ্মূলৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে।
পাৰমাণৱিক বোমা নিক্ষেপৰ ভাবুকি দি ভাৰতৰ ওপৰত পাকিস্তানে যি চাঁপ সৃষ্টি কৰিছিল তাক প্ৰশমন কৰিব পৰা শক্তি আৰু ক্ষমতা আমেৰিকাৰ আছিল। সেই কাম নকৰি প্ৰত্যক্ষভাৱে আমেৰিকাই পাকিস্তানৰ সেই ভাবুকিক যুদ্ধবিৰতিৰ এক অস্ত্ৰ হিচাপে ভাৰতৰ বিৰুদ্ধে প্ৰক্ষেপ কৰাহে দেখা গ’ল।
কাশ্মীৰৰ সমস্যা সমাধানৰ বাবে ভাৰতে কোনো তৃতীয় পক্ষৰ উপস্থিতি বিচৰা নাছিল। কিন্তু সুযোগ পালেই আমেৰিকাই তৃতীয় পক্ষ ৰূপত ভাৰত-পাকিস্তানৰ মাজত সোমোওৱাৰ চেষ্টা অব্যাহত ৰাখিছে।
আমেৰিকাই ভাৰতক এই নিশ্চয়তা দিব পাৰিবনে যে, দেশখনে পুনৰ ভাৰতৰ বিৰুদ্ধে এনে সন্ত্ৰাসবাদী কাৰ্যৰ পোষকতা নকৰে বুলি। বাৰে বাৰে ভাৰতে পাকিস্তানক শিক্ষা দিবলৈ গৈ কোনো এটা স্থানত এই অদৃশ্য শক্তিবোৰৰ হেচাঁত ৰৈ যাব লগা হয় নেকি?