ছাৰে কয় কি?

এতিয়া ভদ্ৰতা আৰু অভদ্ৰতাৰ মাজৰ আপেক্ষিক সীমা বিলীন হৈ গৈছে। যাৰ যি ইচ্ছা সেই ধৰণেই নিজৰ স্বাৰ্থ আৰু ৰাজনীতি কৰাৰ প্ৰৱণতা বাঢ়িছে। এখন দায়িত্বশীল আসনত থকা দায়িত্বৱান লোকসকলেও

New Update
bikhekh lekha  (4্্)

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

এতিয়া ভদ্ৰতা আৰু অভদ্ৰতাৰ মাজৰ আপেক্ষিক সীমা বিলীন হৈ গৈছে। যাৰ যি ইচ্ছা সেই ধৰণেই নিজৰ স্বাৰ্থ আৰু ৰাজনীতি কৰাৰ প্ৰৱণতা বাঢ়িছে। এখন দায়িত্বশীল আসনত থকা দায়িত্বৱান লোকসকলেও ভদ্ৰতাৰ সীমা চেৰাই যাবলৈ কুন্ঠাবোধ নকৰা হৈছে। কি ৰাজনীতি, কি সংস্কৃতি সকলোতেইচোন সেই নেতিবাচক প্ৰৱণতাই গ্ৰাস কৰি পেলাইছে।

আমাৰ সভ্যতা,সংস্কৃতিত সময় অতিবাহিত হোৱাৰ লগে লগে এই বেমাৰৰ প্ৰকোপ বাঢ়িছে। কেনেকৈ বাৰু মানুহবোৰে এইবোৰ কথা কব পাৰে! কংগ্ৰেছৰ শাসনত চাকৰিৰ প্ৰসংগত মহিলাৰ স্বাভিমানত আঘাত হানি এনে নিকৃষ্ট মন্তব্য দিয়া সকলে এবাৰো কিয় ভাৱি নাচাই সেই সময়ত চৰকাৰৰ অংশীদাৰ যে তেওঁলোকো আছিল।

কোনোবা এখন প্ৰতিবেদনৰ উদ্ধৃতিৰে জানো অসমৰ নাৰীক লৈ এনে মন্তব্য কৰাৰ যুক্তি থাকিব পাৰে! তাকো ৰাজহুৱাভাৱে অসমৰ ছোৱালীবোৰে চাকৰি পাবৰ বাবে কৰিব নলগীয়া কাম কৰিব লগা হৈছিল বুলি কৰা বক্তব্য কিমান দুভাগ্যজনক হ'ব পাৰে। ৰাজনীতিৰ নামত এনে উৰ্ধতালি আৰু বিৰূপ মন্তব্য কৰা সকলৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা গ্ৰহণ কৰাৰ জানো কাৰোবাৰ সাহস আছে!

ৰাজনৈতিক নেতাসকলৰ আচঁলতে হৈছে কি? কিয় তেওঁলোকে গুৰু-গোসাঁই নমনাৰ দৰে আচৰন কৰিব লগা হৈছে। ভোটৰ স্বাৰ্থত নে সস্তীয়া প্ৰচাৰৰ লোভত। নাৰীক নুন্যতম সন্মান কৰা সৌজন্যতাবোধ কণ হেৰুৱাই তেওঁলোকে কৰা এনে মন্তব্যই কেৱল বিৰোধীকে নহয়, বেছিকৈ ক্ষতি কৰে তেওঁলোকৰ ভাৱমূৰ্তিক।

সামান্য পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণী পাৰ হ'বলৈ মানুহ ইমান তললৈ নামিব পাৰেনে! আৰু সেইসকলৰ এনে বক্তব্য কোনখন কাণেৰে শুনি মনে মনে আছে মহিলাসকলৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে গঠন কৰা তথাকথিত আয়োগবোৰ। হয়তো ক্ষমতাশালী লোকসকলে এনেবোৰ কথা কলে তেওঁলোকৰ কুম্ভকৰ্ণৰ টোপনি ধৰে। 

সামাজিক মাধ্যমত তেনে মন্তব্য কৰাৰ বাবেই জানো বহিঃৰাজ্যৰ ইউটিউবাৰক আৰক্ষীয়ে বিচাৰি উলিওৱা নাছিল! এতিয়া চকুৰ সন্মুখত থকা পৰিচিত লোকসকলৰ ক্ষেত্ৰত সেই আৰক্ষীয়েই বিপৰীত ৰূপ দেখিবলৈ পোৱা যাব। অসমত এনে এগৰাকীও নাৰী নাইনে, যিসকলে যোগ্যতাৰ বলত এটা চাকৰি যোগাৰ কৰিব ল'ব পাৰে!

নাৰী মানেই কি যোগ্যতা সেইটোৱেই নেকি?  অসমীয়া সমাজ ব্যৱস্থাত নাৰীৰ স্থান বহু ওপৰত। স্বাভিমানী অসমীয়া নাৰীয়ে কি কৰিব পাৰে তাৰ আভাস ইতিহাসত আছে। কোমল আৰু মমতাময়ী যেনেকৈ হব পাৰে, তেনেকৈ বজ্ৰ কঠোৰ ৰূপো ল'ব পাৰে অসমীয়া নাৰীয়ে। বুকু পাতি গুলী লৈ কনকলতা মৰি যাব পাৰে, শত্ৰুক বধিবলৈ মূলাগাভৰুয়ে যুদ্ধক্ষেত্ৰলৈ কুন্ঠাবোধ নকৰে। 

এনে বীৰংঙ্গণাৰ ইতিহাসেৰে ভৰা অসমীয়া নাৰীক এই মন্তব্যৰে কৰ পৰা কিমান তললৈ পেলাই দিলে, সেয়া হয়তো বহুতে অনুমান কৰিব পাৰিছে। কিন্তু বক্তব্য দিয়া ব্যক্তিজনৰ ক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ মুকলি প্ৰতিবাদ কৰাৰ সাহস কৰিব পৰা নাই। তথাপিও এই মন্তব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

চতুৰ মানুহবোৰে সুযোগ বুজি তেনে মন্তব্য কৰা নাছিলো বুলি পাভলুটি মাৰিব পাৰে। কিন্তু তেওঁ কথাবোৰ বন্দী হৈ ৰৈছে কেমেৰাত। তেওঁৰ মুখৰ পৰা নিগৰিত শব্দবোৰে তেনে এক ধাৰণাই মানুহৰ মনত দিবলৈ চেষ্টা কৰিছে। নিৰ্বাচনী প্ৰচাৰ সভাত বিৰোধী দলক আক্ৰমণ কৰিবলৈ আন বহু বিষয় থাকে। তাৰপাছতো এনে কিছু বিষয় সেইসকল তথাকথিত ভদ্ৰ লোকে বাচি লয়, যিবোৰ বিষয়ে সস্তীয়া প্ৰচাৰ লাভত সহায় কৰে।

এনেকৈ ভদ্ৰ মানুহবোৰে অভদ্ৰ আচৰন কৰাতো এক ফেশ্বন হৈ পৰিছে। সেই কথাবোৰ শুনি হজম কৰাতো সাধাৰণলোকৰো অভ্যাসলৈ পৰিণত হৈছে। কোনে ক'ত কি কয়, তাৰ কোনো উৱাদিহ নোহোৱা হৈছে। তেওঁলোকক মুখ দিছে কবলৈ, যি মন যায় কৈ যাব, আমাক কাণ দিছে শুনিবলৈ, আমি তেওঁলোকে কোৱাবোৰ শুনিবই লাগিব!

এদিন হয়তো ইয়াৰ মূল্যায়ন হ'ব! ভদ্ৰৰূপী এই অভদ্ৰ মানুহবোৰক সময়ে মনত পেলাই দিব। এজন অভদ্ৰ মানুহ বুলি তেওঁলোকক সোঁৱৰিব। তেতিয়ালৈ বহু দিন বাকী! নিজেই নিজক নিয়ন্ত্ৰণ আৰু সংযম নকৰিলে এইসকল মানুহক এতিয়া কোনেওচোন একো কৰিবই নোৱাৰে। এইবোৰ কথা ক'ব নালাগে, বেয়া হৈছে- বুলি কব পৰা পৰিৱেশো ৰখা নাই তেওঁলোকে...

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা