গৌৰৱক গুচা!

ৰাজনীতিত কূটনীতি থাকে! সমানে ৰাজনীতিত থকাতো প্ৰয়োজন সুস্থ মূল্যবোধ আৰু সুস্থ প্ৰতিযোগিতা। সেই সকলো সীমা চেৰাই গ’লে কেতিয়াবা হিতে বিপৰীত হয়। ঠিক এনেকুৱা এক পৰিৱেশে যেন ৰাজ্যত গা কৰি উঠিছে।

author-image
Asomiya Pratidin
New Update
3b3264bc-0b8b-3b3264bc-0b8b-454f-9448-fb3da6ebb8d9454f-9448-fb3da6ebb8d9

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

ৰাজনীতিত কূটনীতি থাকে! সমানে ৰাজনীতিত থকাতো প্ৰয়োজন সুস্থ মূল্যবোধ আৰু সুস্থ প্ৰতিযোগিতা। সেই সকলো সীমা চেৰাই গলে কেতিয়াবা হিতে বিপৰীত হয়। ঠিক এনেকুৱা এক পৰিৱেশে যেন ৰাজ্যত গা কৰি উঠিছে।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছত ৰাজ্যৰ ৰাজনীতিত গৌৰৱ গগৈ কেন্দ্ৰিক চৰ্চা তুংগত উঠিছে। যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী গৌৰৱ গগৈৰ এই যাত্ৰাই শাসকীয় পক্ষকো চিন্তিত কৰি তুলিছে।

ভৱা নাছিল, পাকিস্তানকেন্দ্ৰিক বিৰ্তকৰ মাজত সদ্যনিযুক্ত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক লৈ সাধাৰণ লোকৰ মাজত এনে এক পৰিৱেশৰ সৃষ্টি হব। কত কিমান মানুহে গৌৰৱ গগৈ আদৰিছে, তাক লৈও শাসকীয় বিজেপি আৰু কংগ্ৰেছৰ মাজত অংকৰ যুদ্ধ হৈছে।

সেই ৰাজনৈতিক পৰিৱেশৰ মাজতে ৩জুন, ২০২৫ত দিছপুৰ লাষ্টগেটৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত গৌৰৱ গগৈয়ে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ উপলক্ষে কংগ্ৰেছে এক সভাৰ আয়োজন কৰিছিল।

সমান্তৰালভাৱে গুৱাহাটী মহানগৰী আৰু আন আন স্থানত গৌৰৱ গগৈক আদৰিবলৈ কংগ্ৰেছৰ সমৰ্থকসকলে বেনাৰ-পোষ্টাৰ আৰিছিঁল। দেখা পোৱা গল গৌৰৱ গগৈক লৈ দলটোৱে যি বেনাৰ-পোষ্টাৰ আৰিছিঁল, সেইবোৰ চৰকাৰী প্ৰশাসনৰ উদ্যোগত ভিন্ন স্থানত আতঁৰাই পেলোৱা হৈছে।

নগাঁৱৰ পৰা প্ৰথম তেনে খবৰ অহাৰ পাছত মহানগৰীতো অনুৰূপ ঘটনাই সংঘটিত হোৱা দেখিবলৈ পোৱা গল। জি এম চি কৰ্তৃপক্ষই হঠাত মহানগৰীত অৰাঁ হৰ্ডিং-বেনাৰবোৰ আতৰাঁই পেলাইছে। কিয়নো সেইবোৰ গৌৰৱ গগৈ কেন্দ্ৰিক।

গুৱাহাটী পৌৰ নিগমৰ এই অধিকাৰ আছে যে, কোনো স্থানত অকৰ্তৃত্বশীলভাৱে এনে বেনাৰ-পোষ্টাৰ লগালে সেইবোৰ আঁতৰাই পেলাব পাৰে। কিন্তু  এই অধিকাৰ দোহাই দি গুৱাহাটী পৌৰ নিগমে কোনো পক্ষৰ হৈ এই কাম ৰাজনৈতিক দৃষ্টিকোণেৰে সংঘটিত কৰাৰ অভিযোগ এতিয়া উত্থাপন হৈছে।  

এনে বেনাৰ-পোষ্টাৰ বা হৰ্ডিং যি ক্ষীপ্ৰ গতিত আঁতৰোৱাৰ কাম জি এম চিয়ে কৰিছে, সেই কাম মহানগৰীত আঁৰি থোৱা আন বেনাৰ-পোষ্টাৰ-হৰ্ডিঙৰ ক্ষেত্ৰত কৰাৰ নজিৰ নাই।

ইফালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এনে হৰ্ডিং- বেনাৰ –পোষ্টাৰ আঁৰিবলৈ অনুমতি বিচাৰি ২৯মে, ২০২৫তে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছিল। অসম প্ৰদেশ কংগ্ৰেছৰ সাংগাঠনিক দায়িত্বত থকা সাধাৰণ সম্পাদক বিপুল গগৈয়ে প্ৰেৰণ কৰা এই পত্ৰৰ নম্বৰ আছিল- APCC/Letter/460.

এই পত্ৰত কংগ্ৰেছৰ ফ্লেগ, হৰ্ডিং আৰু বেনাৰ গুৱাহাটীৰ মুঠ ৮টা স্থানত আঁৰিবলৈ অনুমতি বিচৰা হৈছিল। সেই স্থানকেইটা আছিল-  খানাপাৰা চাৰ্কল- ছয়মাইল, ছয়মাইল উৰণ সেতুঁ, ডাউন-টাউনৰ নিৰ্মাণৰত ফ্লাই অভাৰ, অজন্তা পথৰ পৰা মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স, লাষ্টগেট উৰণ সেতুঁ, গণেশগুৰি উৰণ সেতুঁ, গণেশগুৰিৰ পৰা ৰাজীৱ ভৱন আৰু লাষ্টগেট ছাৰ্কলৰ পৰা গণেশগুৰি।

পত্ৰত এই কথাও উল্লেখ কৰি দিয়া হৈছিল যে, নতুনকৈ নিযুক্তি পোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতিক আদৰিবলৈ দলে এই বেনাৰ-পোষ্টাৰ আৰু হৰ্ডিং আঁৰিব বিচাৰিছে। জি এম চিৰ নীতি অনুসৰি ইয়াৰ অনুমতি প্ৰদান আৰু তাৰ বাবদ দিব লগা ৰাজহ দিবলৈ প্ৰস্তুত বুলি পত্ৰত উল্লেখ কৰিছিল।

অসমত এনেদৰে নেতা-মন্ত্ৰীয়ে বিভিন্ন স্থানত বেনাৰ পোষ্টাৰ লগোৱাতো এক অলিখিত নিয়মত পৰিণত হৈছে। চৰকাৰীভাৱে আয়োজন কৰা অনুষ্ঠানলৈ অহা মন্ত্ৰী, নেতাৰ হৰ্ডিং প্ৰায়েই বাটে-পথে দেখিবলৈ পোৱা যায়।

বিহু-পূজাৰ বতৰত শাসকীয় দলৰ মন্ত্ৰী বা নেতাই শুভেচ্ছা জনাই অঁৰা বেনাৰ-পোষ্টাৰ লাইটৰ পোষ্ট, উৰণীয়া সেতুঁৰ ৰেলিং আদিত এতিয়াও উপলদ্ধ হৈ আছে। ৰাজনীতিত সেই প্ৰচাৰ শাসকীয় দলৰ লগতে বিৰোধী দলেও কৰে।

তেনেদৰে গৌৰৱ গগৈৰ বেনাৰ-পোষ্টাৰ অঁৰাতো এক ৰাজনৈতিক প্ৰচাৰধৰ্মিতাৰ অংশ বুলিব পাৰি। কিন্তু অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰাৰ পাছতো আক্ৰোশমূলকভাৱে কোনোবা ক্ষমতাশালী লোকৰ নিৰ্দেশত এইবোৰ ভাঙি-চিঙি লৈ যোৱা কাৰ্য এজন সাধাৰণ আৰু নিৰপেক্ষ লোকৰ দৃষ্টিত সাধাৰণ ঘটনা নহয়।

হয়তো, গৌৰৱ গগৈৰ ভূতে তেওঁলোকক ইমানৰ লৈকে লম্ভিছে যে, গৌৰৱ গগৈৰ এখন বেনাৰ-পোষ্টাৰ আঁৰিবলৈ দিবলৈও তেওঁলোকৰ সাহসৰ অভাৱ ঘটিছে। ইয়াৰ পাৰ্শ্বক্ৰিয়া আৰু মানুহৰ মনত সৃষ্টি হোৱা ধাৰণাই কিন্তু এক পৃথক বাৰ্তাহে বহন কৰিছে। 

গৌৰৱ গগৈ