ৰে’ল বিভাগ, কৃপেয়া ধ্যান দিজিয়ে...

চৰাই হোৱা হ’লে হাতী উৰি গ’ল হেতেঁন। বিশ্বৰ অন্যতম প্ৰকাণ্ড তৃণভোজী প্ৰাণীটোৱে উৰিব নোৱাৰে। মানুহৰ অবাধ বেদখলৰ ফলত বন্যভূমি হ্ৰাস পোৱাত বনত বাস কৰা এই বৃহৎ প্ৰাণীটোৰ প্ৰতিও বাসস্থান আৰু খাদ্যৰ তীব্ৰ সংকট নামি আহিছে।

author-image
Asomiya Pratidin
New Update
bikhekh lekha (9)

▪️ মৃদুল কুমাৰ সন্দিকৈ

চৰাই হোৱা হ’লে হাতী উৰি গ’ল হেতেঁন। বিশ্বৰ অন্যতম প্ৰকাণ্ড তৃণভোজী প্ৰাণীটোৱে উৰিব নোৱাৰে। মানুহৰ অবাধ বেদখলৰ ফলত বন্যভূমি হ্ৰাস পোৱাত বনত বাস কৰা এই বৃহৎ প্ৰাণীটোৰ প্ৰতিও বাসস্থান আৰু খাদ্যৰ তীব্ৰ সংকট নামি আহিছে।

যাৰ বাবে বনৰীয়া হাতী জনাঞ্চলত প্ৰৱেশ কৰাতো এক সাধাৰণ ঘটনা হৈ পৰিছে। ইয়াৰ উপৰিও বনৰীয়া হাতীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে আন এক সমস্যাৰ সৃষ্টি হৈছে। সেইবোৰৰ মাজত হাতীৰ সুৰক্ষাৰ বিষয়টো অতি যে চিন্তনীয় বিষয় হৈ পৰিছে, সেই কথা নগাঁও জিলাৰ কামপুৰৰ চাংজুৰাইত ২০ডিচেম্বৰ, ২০২৫ৰ পুৱতি নিশা সংঘটিত ঘটনাই পুনৰ বাৰ প্ৰমাণ কৰিলে।

▪️ কি হৈছিল কামপুৰৰ চাংজুৰাইতঃ

প্ৰায় ৬০০যাত্ৰী লৈ মিজোৰামৰ ৰাজধানী আইজলৰ সমীপৰ চৈৰাং (নতুন আইজল)ৰ পৰা দিল্লী আনন্দ বিহাৰ টাৰ্মিনেল অভিমুখে আহি আছিল ৰাজধানী এক্সপ্ৰেছ ৰে’লখন। সময় তেতিয়া পুৱতি নিশা ২.১৭মিনিট হৈছিল। দ্ৰুত বেগত থকা ৰে’লখনে কামপুৰ যমুনমুখৰ মাজৰ ৰে’ল পথ অতিক্ৰম কৰিব লওতেই চাংজুৰাইৰ নামৰ স্থানত ৰে’লপথ অতিক্ৰম কৰি থকা এটা বনৰীয়া হাতীৰ দলক খুন্দা মাৰে।

এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে, ৰে’লৰ খুন্দাত হাতীৰ জাঁকটোৰ ৭টা হাতী থিতাতে নিহত হয় আৰু কেইবাটাও পোৱালীসহ কেইবাটাও হাতী আহত হয়। ২০৫০৭ ডি এন- নম্বৰৰ এই ৰে’লখনৰ খুন্দাত কেইবা মিটাৰ দূৰৈত চিটিকি পৰে। 

এই ঘটনাত ৰে’লখনৰ ৫টা দবাও লাইনচ্যুত হয়। তাৰ পাছতেই উক্ত ৰে’ল পথেদি অন্যান্য ৰে’লৰ চলাচল কেইবা ঘন্টাৰ বাবে বন্ধ কৰিব দিব লগা হয় ৰে’ল বিভাগে। ঘটনাস্থলীত উপস্থিত হয়গৈ উচ্চ পদস্থ বন আৰু ৰে’ল বিভাগৰ লোক।

 ▪️ ৰে’ল বিভাগে কি কয়ঃ

হাতী নিয়মীয়াকৈ অহাযোৱা কৰা বহু সংবেদনশীল অঞ্চলৰ মাজেৰে ৰে’লপথ পাৰ হৈ গৈছে। সেয়েহে অসম তথা দেশৰ অন্য প্ৰান্তত এনেবোৰ পথ চিনাক্ত কৰি সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পূৰ্বৰে পৰা দাবী উত্থাপন হৈ আহিছে। 

ৰে’ল বিভাগেও এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ কথা কয় যদিও বাৰে বাৰে অনুৰূপ ঘটনাই সংঘটিত হয়। এই ঘটনাৰ পাছত উত্তৰ পূব সীমান্ত ৰে’লৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াৰ পৰা প্ৰথমখন বুলেটিন প্ৰকাশ কৰা হয়। যিখন বুলেটিনত পূৰ্বে উল্লেখ কৰা স্থানত উক্ত ঘটনা সংঘটিত হোৱাৰ কথা কোৱা হৈছিল।

লামডিং ৰে’ল সংমণ্ডলৰ অধীনৰ এই পথত সংঘটিত উক্ত ঘটনাত কোনো ৰে’ল যাত্ৰী আহত হোৱা নাই বুলি উল্লেখ কৰিছিল ৰে’ল বিভাগে। লগতে তিনিটাকৈ হেল্প লাইন নম্বৰ মুকলি কৰি দিয়া, ঘটনাস্থলীলৈ ৰেল বিভাগৰ উচ্চ পদস্থ বিষয়া যোৱা, যাত্ৰীসকলক আনিবলৈ সহায়কাৰী ৰেল প্ৰেৰণ আদি কথা উল্লেখ কৰিছিল।

এই ঘটনা সংঘটিত হোৱা স্থান এলিফেন্ট কৰিডৰৰ অন্তৰ্গত নহয় বুলি উল্লেখ কৰি ৰে’ল বিভাগে এবাৰলৈও উল্লেখ নকৰিলে যে, এই শোকাৱহ ঘটনাত থিতাতে ৭টাকৈ হাতীৰ মৃত্যু হৈছে।  ইফালে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে দায়িত্ব সামৰিছে ৰেল বিভাগে।


▪️ ৰে’ল খনৰ চালকৰ ভাষ্যঃ 


উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাৰ মতে, হাতীজাঁকটো দেখা পাই ৰে’লখনৰ লকো পাইলটে জৰুৰীকালীন ব্ৰেক মাৰিছিল। কিন্তু ৰে’লখনৰ ৰোৱাৰ পূৰ্বেই হাতী জাকটোৰ এটা অংশ ৰে’লখনৰ ইঞ্জিনে মহতিয়াই লৈ গৈছিল।

ৰে’লখনৰ চালকজনৰ মতে, এটা বৃহৎ হাতীৰ জাক আছিল ৰে’লপথত। সেই জাকটোত ১০০ৰো অধিক বনৰীয়া হাতী আছিল। ৰে’লখনত থকা যাত্ৰীসকলৰ ভিতৰত ২০০যাত্ৰী এই ঘটনাত কম বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা বুলি ৰে’ল বিভাগে সদৰি কৰিছে। তাৰ পিছতেই ৯খন ৰে’ল বাতিল কৰে সাময়িকভাৱে। 


▪️ বন বিভাগে কি কয়ঃ 

ৰাজ্যৰ বন বিভাগৰ মতে, ৰে’লৱে বিভাগৰ সাৱধানতা আৰু সৰ্তকতা অভাৱৰ বাবেই ৰাজ্যখনত এনে ঘটনা সংঘটিত হৈ আহিছে। এই সন্দৰ্ভত শেহতীয়া ঘটনাৰ বাবে ৰে’ল বিভাগৰ অদায়িত্বশীলতাকে জগৰীয়া কৰিব খোজে। উক্ত ৰে’ল পথচোৱাত বনৰীয়া হাতী অহাযোৱা কৰাতো ৰে’ল বিভাগ পূৰ্বৰে পৰা অৱগত।

এনে পৰিপ্ৰেক্ষিতত ৰে’ল বিভাগে ৰেল পথত হাতীকে ধৰি আন বনৰীয়া জন্তু যাতে আঘাতত মৃত্যু নহয়, তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ কথা কৈ আহিছে। কিন্তু কাৰ্যত ইয়াক বাস্তৱত ৰূপান্তৰ নকৰাৰ বাবেই অনুৰূপ ঘটনা সংঘটিত হৈছে। 

▪️ অসমত ৰে’লৰ খুন্দাত হাতী মৃত্যু হোৱা ঘটনাসমূহঃ 

অসমত শেহতীয়াকৈ ৰে’লৰ খুন্দাত হাতীৰ মৃত্যুৰ ঘটনা প্ৰায় নিয়মীয়াকৈ সংঘটিত হৈ থাকে। তেনে কেইটামান ঘটনাৰ উদাহৰণ-
•    ২০১৬চনৰ ২৭ছেপ্টেম্বৰত কাৰ্বি আংলঙৰ খটখটিত ৰেলৰ খুন্দাত দুটা হাতীৰ মৃত্যু হৈছিল। 
•    ২০১৬ৰ ৫ডিচেম্বৰত হোজাই জিলাৰ যোগীজানত উজনিমুৱা কন্যাকুমাৰী-ডিব্ৰুগড় বিবেক এক্সপ্ৰেছৰ খুন্দাত ৩টা হাতীৰ মৃত্যু হৈছিল। তাৰে দুজনী হাতী আছিল সন্তান সম্ভৱা। 
•    ২০১৬ৰ  ৬ডিচেম্বৰত ৰংজুলিত মালবাহী ৰে’লৰ খুন্দাত মৃত্যু হৈছিল এটা হাতী।
•    ২০১৬ৰ ১৭ডিচেম্বৰত কামপুৰ যমুনামুখ ৰে’ল ষ্টেচনৰ সমীপত পুৱতি নিশা ৪.৫০মিনিটত মৃত্যু হৈছিল ৪টাকৈ হাতী। ইয়াৰে এটা আছিল পোৱালি।
•    ২০২১ৰ ৩০নৱেম্বৰত ক্ষেত্ৰীৰ ওচৰৰ দোৰোং মইনাজান পথত ৰাতি ৰাজধানী এক্সপ্ৰেছৰ দুটা বনৰীয়া হাতীৰ মৃত্যু হৈছিল।
•    ২০২২ৰ ১১অক্টোবৰত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত যোৰহাটৰ খৰিকটীয়া ৰে’লৱে ষ্টেচনৰ সমীপত এজনী হাতী আৰু এটা পোৱালি।
•    ২০২৩ৰ ২৮নৱেম্বৰত বিশ্বনাথৰ বিহালীৰ বুৰৈঘাটত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা এটা বনৰীয়া হাতী নিশা প্ৰায় ১০বজাত নামনিমুৱা দঞিপল এক্সপ্ৰেছে খুন্দিয়াইছিল। এই খুন্দাত মৃত্যু হৈছিল বনৰীয়া হাতীটো। 
•    ২০২৪ৰ ৪মাৰ্চত দুলুং বনাঞ্চলৰ পথালিপামৰ শিঙিজানত ৰে’ল খুন্দাত মৃত্যু হৈছিল এজনী হাতী। দুলুং বনাঞ্চলৰ পৰা হাতীজনী পোৱালিসহ ওলাই আহোতে WDG412930 নম্বৰৰ যাত্ৰীবাহী ৰে’লখনে খুন্দা মাৰিছিল।
•    ২০২৪ৰ ১০জুলাইত জাগীৰোডৰ টেঘেৰিয়াত ৰে’ল লাইন অতিক্ৰম কৰিবলৈ লওঁতেই এখন যাত্ৰীবাহী ৰে’ল খুন্দাত মৃত্যু হৈছিল এটা বনৰীয়া হাতী। 
•    ২০২৪ৰ ২৫নৱেম্বৰত হোজাই জিলাৰ লংকা হাৱাইপুৰ ৰেল ষ্টেচনৰ মাজত উজনিমুৱা যাত্ৰীবাহী ৰেলৰ খুন্দাত মৃত্যু হৈছিল এটা হাতী।
এইবোৰ ৰেলৰ খুন্দাত অসমত মৃত্যু হোৱা হাতীৰ কিছু উদাহৰণহে। সেই সকলোবোৰ ঘটনা ঘটি থকাৰ পাছতো ২০ডিচেম্বৰ, ২০২৫ত সংঘটিত কামপুৰৰ ঘটনা অতি শোকাৱহ আৰু দুভাগ্যজনক। 


▪️ বন বিভাগৰ উদ্বেগজনক তথ্যঃ

ৰাজ্যৰ বন বিভাগৰ সহযোগত ৰেলৰ খুন্দাত হাতীৰ মৃত্যুৰ উদ্বেগজনক তথ্য আজিৰ পৰা ২০বছৰৰ পূৰ্বেই প্ৰকাশ কৰা হৈছিল। সেই তথ্য অনুসৰি ১৯৯০চনৰ ২০মাৰ্চত কাৰ্বি আংলং ৱেষ্ট বন সংমণ্ডলত এজনী, ১৯৯১চনত ১৫আগষ্টত দৰং ৱেষ্ট সংমণ্ডলত আন এজনী মাইকী হাতী ৰে’লৰ খুন্দাত মৃত্যু হৈছিল।

১৯৯৪, ১৯৯৫ আৰু ১৯৯৬চনতো শোণিতপুৰ ৱেষ্ট বন সংমণ্ডলত ৰেলৰ খুন্দাত মৃত্যু হৈছিল মুঠ ৪টা বন্যহস্তী।  ১৯৯০চনৰ পৰা ২০০৬চনলৈকে ৩৫টা হাতী অসমত মৃত্যু হৈছিল ৰে’লে মহতিয়াই নিয়াৰ ফলত। 


▪️ ৰাজ্যসভাত ৰে’ল-হাতীৰ দুৰ্ঘটনাৰ তথ্যঃ 

ৰাজ্যসভাত ৭ডিচেম্বৰ, ২০২৩ত ৰে’ল খুন্দাত হাতী মৃত্যু হোৱাৰ সন্দৰ্ভত সাংসদ প্ৰশান্ত নন্দই এক প্ৰশ্ন উত্থাপন কৰিছিল। এই প্ৰশ্নৰ উত্তৰ তেতিয়াৰ বন আৰু পৰিৱেশ মন্ত্ৰীয়ে জনাইছিল যে,  ২০১৮-১৯বৰ্ষত অসমত দুটা, ২০১৯-২০বৰ্ষত দুটা, ২০২০-২১বৰ্ষত ৫টা, ২০২১-২২বৰ্ষত ৮টা, ২০২২-২৩বৰ্ষত ৭টা বনৰীয়া হাতীৰ ৰেল দুৰ্ঘটনাত মৃত্যু হৈছে।

এইখিনিতে মন কৰিবলগা যে, ২০২১-২২বৰ্ষত দেশত মুঠ ১২টা বনৰীয়া হাতীৰ মৃত্যু হৈছিল ৰেলৰ খুন্দাত। ইয়াৰে ৫টা হাতী মৰিছিল অসমত। একেদৰে ২০২১-২২বৰ্ষত দেশত মুঠ  ১৫টা বনৰীয়া হাতীৰ মৃত্যু হৈছিল। তাৰেই ৮টা মৃত্যু হৈছিল অসমত। 

২০২২-২৩বৰ্ষত দেশৰ ৰেলৰ খুন্দাত মৃত্যু হোৱা ১৫টা হাতীৰ ভিতৰত ৭টা হাতীয়েই অসমত মৃত্যু হোৱা তথ্য ৰাজহুৱা কৰা হৈছে। 

▪️ ক’ত গ’ল ৰে’লৰ সুৰক্ষা ব্যৱস্থাঃ

হাতী আৰু আন বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ৰে’ল বিভাগে শ শ কোটি টকাৰ ব্যয়েৰে অত্যাধুনিক ব্যৱস্থাৰ কথা গ্ৰহণ কৰাৰ কথা কয়। মূলতঃ হাতীৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেই আই বি এছ চিষ্টেম ৰে’ল পথত সংস্থাপন কৰাৰ কথা ঘোষণা কৰিছে। এয়া এ আইৰ জৰিয়তে ছফটিকেল ফাইবাৰ কেবলৰ দ্বাৰা সংযোজিত এক চেংচৰিং টেকন’লজী চিষ্টেম। 

ৰে’ল বিভাগে মাজে মধ্যে এনে হিচাপো দিয়ে যে, এনে চিষ্টেমৰ জৰিয়তে বহু বন্যপ্ৰাণীৰ লগৰে হাতীৰ জীৱন ৰক্ষা কৰা হৈছে। কিন্তু সেয়া ৰে’ল বিভাগৰ প্ৰচাৰৰ বাদে যে আন একো নহয় কামপুৰৰ ঘটনাই তাকে প্ৰমাণ কৰিলে। ৰে’ল বিভাগে কৈছিল এলেচেন্স লাইট প্ৰযুক্তিৰ জৰিয়তে মূলতঃ ৰেলপথৰ ওচৰত কিমান হাতী আছে আৰু হাতী চলাচলৰ তথ্য লাভ কৰিব। 

ইয়াৰ বাবে বহু ঠাইত এলামিং চিষ্টেম স্থাপন কৰাৰ কথাও কোৱা হৈছিল। কোনোবা ৰে’লৰ ট্ৰেকত হাতী থাকিলে সেই ৰে’লৰ ট্ৰেকত গৈ থকা ৰে’লৰ গতিবেগ হ্ৰাস আৰু প্ৰয়োজনত ৰে’ল ৰখাই দিয়াৰ কথাও কোৱা হৈছিল। কিন্তু এই সকলোবোৰ এতিয়া ভেকোভাওনা অসমত ।

তামিলনাডুৰ দৰে ৰাজ্যত এনে উন্নত প্ৰযুক্তিৰ জৰিয়তে ৰে’ল পথত হাতীৰ সুৰক্ষা সুনিশ্চিত কৰা হৈছে। কিন্তু অসমত এয়া কিয় সম্ভৱ হোৱা নাই সেয়াহে বিচাৰ্যৰ বিষয়। ৰাজ্যৰ প্ৰকৃতি প্ৰেমী দল-সংগঠনেও তেওঁলোকৰ ভূমিকাও এই ক্ষেত্ৰত সঠিক বুলি দাবী কৰিব নোৱাৰে। 

▪️ সময় পাবনে প্ৰধানমন্ত্ৰীয়েঃ 

প্ৰধানমন্ত্ৰী দুদিনীয়া ভ্ৰমণসূচী অসমত। ২০ডিচেম্বৰ, ২০২৫ৰ এই ভ্ৰমণৰ প্ৰথম দিনটোতে আহিল কামপুৰৰ পৰা এনে শোকাৱহ খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বন্যপ্ৰেমী। ময়ূৰ চৰাইৰ সৈতে কেতিয়াবা যদি তেওঁক দেখা যায়, আন কেতিয়াবা দেখা যায় বিদেশৰ পৰা কলা ঘোঙৰ সৈতে। 

সেইগৰাকী বন্যপ্ৰেমী প্ৰধানমন্ত্ৰী আজৰি হ’বনে অসমত এই অকাল মৃত্যু হোৱা বনৰীয়া হাতী কেইটাৰ খবৰ ল’বলৈ। আন নহ’লেও এই ঘটনাত শোক ব্যক্ত কৰি লিখিব নোৱাৰেনে এক্স হেণ্ডেল বা সামাজিক মাধ্যমত দুটা শাৰী। প্ৰকৃতিপ্ৰেমী ৰাইজে লক্ষ্য কৰিছে প্ৰধানমন্ত্ৰীৰ এই সহাঁৰিলৈ। কিজানি সাৰ পায়েই বা বন বিভাগ, শুভ বুদ্ধি উদয় হয়েই বা ৰে’ল বিভাগৰ…

ৰেল বিভাগ