/asomiyapratidin/media/media_files/2025/03/29/nUwC20HbSJ3PspcAa6aY.jpg)
ডিম্পুল বৰগোহাঁই...
গোলকীয় উষ্ণতাৰ ফলত সলনি হৈছে জলবায়ু, তাৰ পিছতো নিৰ্বিচাৰে অব্যাহত আছে বন ধ্বংস যজ্ঞ! এনে পৰিস্থিতিত উচ্চতম ন্যায়ালয়ৰ কঠোৰ পৰ্যবেক্ষণ- "গছ কটা মানুহ হত্যাতকৈও ডাঙৰ অপৰাধ!" প্ৰতিজোপা গছ কাটিলে এক লাখ টকাৰ জৰিমনা বিহাৰ নিৰ্দেশ দি পৰিৱেশ সুৰক্ষাৰ বাবে কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ে।
উচ্চতম ন্যায়ালয়ে এই কঠোৰ বাৰ্তা কিয় দিলে সেই বিষয়ে বাৰু কম। ইয়াৰ আগতে জানি লওঁ আহক আমাৰ দেশত কিদৰে চলিছে বন ধ্বংসৰ অভিযান। গ্ল’বেল ফৰেষ্ট ৱাচে দিয়া তথ্য অনুসৰি ২০০০ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ভাৰতে ২৩.৩ লাখ হেক্টৰ সেউজভূমি হেৰুৱাইছে। যাৰ পৰিমাণ হৈছে ভাৰতৰ মুঠ সেউজভূমিৰ ৬ শতাংশ। একে সময়তে দেশৰ ৪.১৪ লাখ হেক্টৰ আৰ্দ্ৰ প্ৰাথমিক বনাঞ্চল হেৰুৱাইছে।
২০০১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ধ্বংস হোৱা বনাঞ্চলৰ ৬০ % বনাঞ্চল ধ্বংস হৈছে ৫ খন ৰাজ্যত। উল্লেখ্য যে এই পাঁচোখনেই উত্তৰ-পূব ভাৰতৰ ৰাজ্য। দেশৰ ভিতৰত সৰ্বাধিক বনাঞ্চল ধ্বংস কৰা হৈছে অসমত। বিশ্ব বন নিৰীক্ষণ প্ৰকল্পই তথ্য সহকাৰে উদঙাই দেখুৱালে বৃক্ষ ৰোপণৰে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ চেষ্টা চলোৱা অসমৰ বন ধ্বংস যজ্ঞৰ ক্ষেত্ৰত দেশৰ ভিতৰতে সৃষ্টি হোৱা ৰেকৰ্ড ।
বিশ্ব বন নিৰীক্ষণ প্ৰকল্পৰ শেহতীয়া তথ্য অনুসৰি ২০০১ চনৰ পৰা ২০২৩ চনলৈকে ভাৰতে ২.৩৩ নিযুত হেক্টৰ বনভূমি ধ্বংস হৈছে । দেশৰ ভিতৰতে অসমত সৰ্বাধিক বন ভূমি ধ্বংস হৈছে । তথ্য অনুসৰি, ২০০১ চনৰ পৰা ২০২৩ চনলৈকে অসমত সৰ্বাধিক ৩,২৪,০০০ হেক্টৰ ৷ অৰ্থাৎ ৩২৪ কিলোমিটাৰ হেক্টৰ বনভূমি ধ্বংস হৈছে ।
উল্লেখ্য যে, বিশ্ব বন নিৰীক্ষণ প্ৰকল্পৰ অধ্যয়নত ধ্বংস হোৱা বন ভূমিৰ ভিতৰত আছে শুকান আৰু অ-ক্ৰান্তীয় প্ৰাথমিক অৰণ্য, গৌণ অৰণ্য আৰু গছ-গছনি লগতে আৰ্দ্ৰ প্ৰাথমিক অৰণ্য । ২০১০ চনত অসমত ২.৩৮ নিযুত হেক্টৰ বনাঞ্চল আছিল ।
এই বনাঞ্চল অসমৰ মুঠ ভূমিৰ ৩৩ শতাংশতকৈও অধিক এলেকা ধৰি বিস্তৃত হৈ আছিল । বিশ্ব বন নিৰীক্ষণ প্ৰকল্পই ছেটেলাইট তথ্য আৰু অন্যান্য উৎস ব্যৱহাৰ কৰি পোৱা তথ্য মতে অসমত ২০২৩ চনত ইয়াৰে ১৭.১ কিলোমিটাৰ হেক্টৰ বন ধ্বংস হৈছিল । তথ্য মতে ২০০২ চনৰ পৰা ২০২৩ চনলৈকে, অসমত ৭০.৫ শতাংশ আৰ্দ্ৰ প্ৰাথমিক অৰণ্য ধ্বংস হৈছে ।
অসমত ২০০১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত অসমত কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত সৰ্বাধিক বন ধ্বংস হৈছে । তথ্যত প্ৰকাশ কৰা অনুসৰি কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত ৬২ শতাংশৰ গছ গছনি ধ্বংস হৈছে । কাৰ্বি আংলং জিলাত ১১৯ কিলোমিটাৰ হেক্টৰ আৰু ডিমা হাচাও জিলাত ৮০.৬ শতাংশ বন ধ্বংস হৈছে ।
২০০১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত মিজোৰামত ৩১২ কিলোমিটাৰ হেক্টৰ, অৰুণাচল প্ৰদেশত ২৬২ কিলোমিটাৰ হেক্টৰ, নাগালেণ্ড ২৫৯ কিলোমিটাৰ হেক্টৰ আৰু মণিপুৰ ২৪০ কিলোমিটাৰ হেক্টৰ বন ধ্বংস হৈছে । এই তথ্যই উদঙাইছে প্ৰকৃতিৰ অনন্য আকৰ অসমত চলা প্ৰকৃতি ধ্বংস যজ্ঞৰ প্ৰকৃত ছবি ।
আনহাতে পথ বহলোৱা আৰু উৰণ সেতু নিৰ্মাণৰ নামত বিগত তিনি বছৰত গুৱাহাটীত মহানগৰীত প্রায় তিনি হেজাৰ জোপা গছ কটা হৈছে । বন বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা পোৱা তথ্য অনুসৰি, জালুকবাৰীৰ পৰা খানাপাৰালৈ চাৰিলেনৰ ৰাষ্ট্ৰীয় ঘাইপথটো ছয়লেন কৰিবলৈ ১৬.৫ কিলোমিটাৰ দৈৰ্ঘৰ এই পথছোৱাত ২০২২ চনত প্রায় ২,৫০০ জোপা বিভিন্ন ধৰণৰ গছ কাটি তহিলং কৰিলে চৰকাৰে । মহানগৰীৰ নিকটৱৰ্তী পলাশবাৰীতো পূৱ কামৰূপ বন সংমণ্ডলৰ অধীনত পথ বহলোৱাৰ নামত ২৫৪ জোপা গছ কটা হৈছিল ।
একেদৰে ধাৰাপুৰৰ পৰা বিমানবন্দৰৰ দিশে পথ বহলোৱাৰ নামতো বহু পুৰণি গছ কাটি পেলোৱা হ'ল । তদুপৰি ২০২৪ বৰ্ষত ৰুক্মিণী গাঁৱত উৰণ সেতু নিৰ্মাণৰ নামত কেইবাডালো পুৰণি গছ কাটি পেলোৱা হৈছে । বিভাগীয় সূত্রে জানিব পৰা মতে, ২০২২ চনত জু-ৰোডৰ কমাৰ্চ পইণ্টৰ পৰা সুন্দৰপুৰলৈ নিৰ্মিত শ্ৰদ্ধাঞ্জলি উৰণ সেতুৰ নামতো ১৫ জোপা পুৰণি গছ কাটিছিল লোকনির্মাণ বিভাগৰ অনুৰোধত বন বিভাগে ।
আনহাতে, অসম সচিবালয়ৰ সন্মুখৰ পৰা আৰম্ভ হোৱা উৰণ সেতুৰ নামত চৰকাৰে ৫৪ জোপা, ফাঁচীবজাৰৰ ফুট অভাৰব্ৰীজৰ নামত ৯ জোপা, খানাপাৰাৰ ফুট অভাৰব্ৰীজৰ নামত ৬ জোপা পুৰণি গছ কাটিছিল চৰকাৰে । এবছৰ পূৰ্বে নাৰেংগী তিনিআলিৰ পৰা বোন্দালৈ ৰাস্তা বহলোৱাৰ নামত ৭৩ জোপা, গুৱাহাটী শোধনাগাৰৰ সমীপৰ পথৰ পথ বহলোৱাৰ নামত ৩০ জোপা গছ কাটিছিল ।
এনেদৰেই ভাৰতৰ ভিন্ন ৰাজ্য তথা অসমত গছ গছনি কাটি তহিলং কৰাৰ সময়তে দেশৰ উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ তাজমহলৰ সংৰক্ষিত অঞ্চল ‘তাজ ট্ৰেপেজিয়াম জ’ন’ৰ সৈতে জড়িত এক গোচৰৰ শুনানি গ্ৰহণ কৰে। এই শুনানিত উচ্চতম ন্যায়ালয়ৰ কঠোৰ ভাৱে কয় যে, - "গছ কটা মানুহ হত্যাতকৈও ডাঙৰ অপৰাধ!" অভিযোগ অনুসৰি শিৱশংকৰ আগৰৱালা নামৰ এজন ব্যক্তিয়ে এই অঞ্চলত ৪৫৪ টা গছ কাটিছে, যাৰ ফলত পৰিবেশৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পৰিব।
এই গোচৰক লৈ ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে কয়, “এই গছবোৰ পুনৰ ৰোপণ কৰি প্ৰাপ্ত বয়স্ক হোৱালৈ কমেও ১০০ বছৰ সময় লাগিব, কিন্তু অভিযুক্তই অনুমতিৰ বাবে বিন্দুমাত্ৰও চিন্তা নকৰিলে।” ইয়াৰ পিছতে আদালতে শিৱশংকৰ আগৰৱালক ৪৫৪ জোপা গছ কটাৰ বাবে কটা প্ৰতিজোপা গছৰ বিপৰীতে ১ লাখ টকা জৰিমনা ভৰিব লাগিব বুলি নিৰ্দেশ দিয়ে।
অভিযুক্তৰ অধিবক্তাই জৰিমনা হ্ৰাস কৰাৰ বাবে আবেদন জনায় যদিও উচ্চতম ন্যায়ালয়ে আবেদন নাকচ কৰি কয় যে, “বন ধ্বংসৰ দায়িত্ব কোনো ধৰণে হ্ৰাস কৰিব নোৱাৰি”। মন কৰিবলগীয়া যে ২০১৯ চনত তাজমহলৰ কাষৰীয়া অঞ্চলটোক উচ্চতম ন্যায়ালয়ে ‘তাজ ট্ৰেপেজিয়াম জ’ন’ হিচাপে ঘোষণা কৰিছিল, য’ত গছ কটাৰ বাবে নিৰ্দিষ্ট অনুমতি বাধ্যতামূলক। কিন্তু নিয়ম উলংঘা কৰি গছবোৰ কাটি পেলোৱা হৈছিল, যাৰ বাবে অভিযুক্তই যথেষ্ট জৰিমনা ভৰিবলগীয়াত পৰে।
সময়ে সময়ে বন ধ্বংসক লৈ ভিন্ন প্ৰতিবাদ হৈ আহিছে যদিও শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশে কিছু পৰিমাণে হলেও এই কাৰ্যত বিৰাম দিব বুলি আশা কৰিছে প্ৰকৃতিপ্ৰেমী সকলে...