/asomiyapratidin/media/media_files/2025/05/26/wLoEiJZkGJ1XJGUedodh.jpg)
মৃদুল কুমাৰ সন্দিকৈ
এয়া কেনে উদ্যোগিক নীতি মুখ্যমন্ত্ৰী ডাঙৰীয়া! থলুৱাক মাৰি বহিৰাগত পুঁজিপতি কোম্পানীক ৰঙা দলিচা পাৰি দিয়া নীতিয়ে কেনেকৈ এটা জাতিক বা এখন ৰাজ্যক সমৃদ্ধ কৰিব?
এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণে ৰাজ্যৰ উদ্যোগিক ক্ষেত্ৰখনলৈ ব্যাপক পৰিৱৰ্তনৰ ইংগিত দিয়াৰ কথা আপুনিয়ে সদৰি কৰিছিল। আশ্বস্ত হৈছিল ৰাজ্যবাসী। লাখ-কোটি টকা বিনিয়োগৰ এই ৰোডমেপে থলুৱা উদ্যোগী তথা ব্যৱসায়ীসকলকো উৎসাহিত কৰিছিল।
আদানী-আম্বানী-জিন্দাল আহক অসমলৈ। ব্যৱসায় কৰক তেওঁলোক অসমত। স্থাপন কৰক বৃহত বৃহত উদ্যোগ। তাত আমাৰ কাৰোৰে আপত্তি থাকিব নোৱাৰে। কিন্তু সেইসকলক অসমলৈ আমন্ত্ৰণ কৰাৰ নামত কোনো থলুৱা লোকৰ পেটত লাট শোধালে ইয়াক এক সঠিক নীতি বুলি কোনো কাৰনতে মানি ল’ব নোৱাৰি।
গুৱাহাটীত আৰু এখন ভাল হস্পাতাল হওঁক। গুৱাহাটীতে নহয়, সমগ্ৰ ৰাজ্যতে এই বিকাশৰ ধাৰা বওঁক। ব্যক্তিগত খণ্ডৰ এনে হস্পাতাল স্থাপনৰ নামত কোনো স্থানীয় ব্যৱসায়ীৰ মাটি চৰকাৰে হস্তগত কৰিব সেয়া জানো হব পাৰে!
শেহতীয়াকৈ তেনে এক খবৰেই পোহৰলৈ আহিছে। গুৱাহাটী সৰুসজাইৰ নালাপাৰাত এখন মেডান্ত গ্ৰুপৰ চিকিৎসালয় স্থাপনৰ যো-জা চলিছে। বিখ্যাত চিকিৎসক নৰেশ তেহৰানৰ এই মেদান্ত গ্ৰুপৰ চিকিৎসালয় স্থাপনৰ বাবে চৰকাৰে দুটাকৈ স্থানীয় ব্যৱসায়ী প্ৰতিষ্ঠানক বন্ধ কৰি দি সেই ভূমি অধিগ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছে।
গুৱাহাটীৰ সৰুসজাইৰ নলাপাৰাৰ এখন চিনাকি নাৰ্চাৰী ইডেন গ্ৰীণ নাৰ্চাৰী। এজন অসমীয়া ব্যক্তিয়ে অতি কষ্টৰে প্ৰতিষ্ঠা কৰা নাৰ্চাৰী এইখন। তাৰ কাষতে আছে এটা গাড়ী বিক্ৰী প্ৰতিষ্ঠানৰ বিপনী। নাম- অভিজিত অটো এজেঞ্চী প্ৰাইভেট লিমিটেড।
এই দুই প্ৰতিষ্ঠানৰ মাটি দিয়া হব মেডান্ত গ্ৰুপক হস্পাতাল স্থাপনৰ বাবে। মাত্ৰ ৪৫দিনৰ জাননী জাৰি কৰি কিছু ক্ষতিপূৰণ দি চৰকাৰে ক্ষমতাৰ জোৰত মাটিখিনি অধিগ্ৰহণ কৰিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
প্ৰশাসনৰ এনে পদক্ষেপৰ ফলত এই দুজন স্থানীয় ব্যৱসায়ী কি সমস্যাৰ সন্মুখীন হ’ব সেই কথা উপলদ্ধি কৰাৰ সময় নাই চৰকাৰৰ। যদি এনে প্ৰক্ৰিয়াৰে থলুৱা লোকক বঞ্চিত কৰি অসমৰ ভূমি পুজিঁপতিৰ হাতত উদ্যোগ বা ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপনৰ বাবে তুলি দিয়া হয়, তাৰ পৰিণতি জানো বিপদজনক নহ’ব!
থলুৱাৰ বাবে ব্যৱসায় কৰাতো এদিন অলীক কল্পনা হৈ পৰিব। গুৱাহাটীতো বহু ঠাইত খালী চৰকাৰী ভূমি আছে। সেইবোৰ মাটি কিয় বহিৰাগত এই পুজিঁপতি গোষ্ঠী বা কোম্পানীক দিয়া নহয়?
থলুৱা দুই ব্যৱসায়ীৰ মাটি একপ্ৰকাৰে কাঢ়ি লোৱা এই নীতি ভৱিষ্যতে আন থলুৱা লোকৰ ক্ষেত্ৰতো প্ৰয়োগ কৰা হ’ব। তেনে অৱস্থাত সেইসকল থলুৱা ব্যৱসায়ী তিষ্ঠি থকাতোৱে কঠিন হৈ পৰিব।
উচিত হৈছে জানো এয়া? চৰকাৰে বিনিয়োগকাৰীক সুযোগ-সুবিধা প্ৰদান কৰক। তাত কোনেও বাধা দিব নাযায়। কিন্তু থলুৱা লোকৰ ভূমি কাঢ়ি, তাত থকা তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি তেওঁলোকৰ জীৱন-জীৱিকা বিপন্ন কৰি তুলিলে কেনেকৈ সমৃদ্ধ হব অসম আৰু অসমীয়া জাতি?