/asomiyapratidin/media/media_files/2025/04/21/d1EZCIBtc9j1fpSpRGcW.jpg)
মৃদুল কুমাৰ সন্দিকৈ
প্ৰশ্ন ছদ্মনামক লৈ হোৱা নাই, প্ৰশ্ন লেখাক লৈ উঠা নাই, প্ৰশ্ন উঠিছে ধাৰাবাহিকভাৱে আৰু পৰিকল্পিত ৰূপত এজন যুৱকে সংঘটিত কৰা অপৰাধৰ সন্দৰ্ভত। প্ৰশ্ন উঠিছে সেই অভিযুক্তৰ বিৰুদ্ধে কি ৰহস্যজনক কাৰণত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই।
চি আই ডিৰ ওচৰত প্ৰথম অভিযোগ দাখিল কৰাৰ পিছত আৰক্ষীয়ে সেই দায়িত্ব শিৱসাগৰ জিলা আৰক্ষীক অৰ্পন কৰিছিল। গৌৰীসাগৰ থানাত গোচৰো ৰুজু কৰা হৈছিল। অৰ্পন শইকীয়া নামৰ আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ দায়িত্বত থকা পৰিদৰ্শক গৰাকীক ইয়াৰ তদন্তৰ ভাৰ দিয়া হৈছিল।
তদন্তকাৰী আৰক্ষীয়ে কোনোবা শক্তিশালী পক্ষৰ হেচাঁত বা উৰ্ধতম মহলৰ সেউজ সংকেত নোপোৱাত এই গোচৰৰ তদন্ত কৰিব লগা ধৰণে কৰা আৰু ব্যৱস্থা গ্ৰহণ কৰা নাই নেকি?
কিয়নো ধ্ৰুৱজ্যোতি শইকীয়া ওৰফে ড০ পৰিধি শৰ্মা তথা আন মহিলাৰ নাম লৈ চাইবাৰজনিত আৰু আন অপৰাধী কাৰ্যকলাপ সংঘটিত কৰা যুৱকজনৰ গডফাডাৰ সকলে গুৱাহাটীতেই বহি তেওঁক ৰক্ষাৰ চেষ্টা চলাইছে বুলি অভিযোগ উঠিছে।
এটা দুটা নহয়, অপৰাধৰ তালিকাখন দীঘল হৈ গৈ আছে। তথ্যসহ মানুহবোৰে সেইূোৰ ৰাজহুৱা কৰিছে। তাৰপাছতো হাস্যকৰভাৱে এচাম তথাকথিত লোকে যুৱকজন দৰিদ্ৰ আৰু মেধাৱী বুলি তেওঁৰ অপৰাধসমূহ গৌণ কৰিব বিচাৰিছে।
সেইসকলে তেওঁক ৰক্ষা কৰিবলৈ সজা এই চক্ৰবেহুখন আইনৰ দৃষ্টিৰে জানো গ্ৰহণযোগ্য হব পাৰে! দৰিদ্ৰ আৰু মেধাৱী কোনো লোকে অপৰাধ কৰিলে তেনে লোকৰ অপৰাধ মাফ হৈ যায় নেকি?
ৰাজনৈতিক দৃষ্টিকোণো আছে এই যুৱকজনৰ কৰ্মকাণ্ডত। চৰকাৰৰ বিৰুদ্ধে লেখা-মেলা কৰাতো অপৰাধ নহয়। যদিও চৰকাৰে অতি কৌশলেৰে ইয়াক অপৰাধীৰ শাৰীলৈ উৰ্ত্তীণ কৰে। কিন্তু এই যুৱকজনে লেখা-মেলাৰ জৰিয়তে গঢ়ি তোলা বিশাল নেটৱৰ্কৰ সহায়ত ধন সংগ্ৰহৰ অভিযানত কাৰোবাৰ নাম ব্যৱহাৰ কৰাতোৱে জানো অপৰাধ নহয়?
নাৰী কন্ঠৰে যিসকল তথাকথিত সন্মানীয় লোকৰ সৈতে ধ্ৰুৱজ্যোতিয়ে পৰিধি হৈ যোগাযোগ কৰিছিল, চলনাময়ী এই যুৱকজনে ব্যক্তিগত কথা পাতিছিল, সেইবোৰ প্ৰকাশ পালে বহুতৰ ভব্য-গব্য মুখবোৰ আঁচল স্বৰূপ ওলাই পৰিব। এই ভয়তে লোক এতিয়া কম্পিত।
ধ্ৰুৱজ্যোতিৰ সৈতে আমাৰ শত্ৰুতা নাই। তেওঁৰ লেখা-মেলাবোৰ উচ্চমানৰ বুলি ক’বলৈ কুন্ঠাবোধ নকৰো। কিন্তু তেওঁৰ দ্বাৰা সংঘটিত অপৰাধেৰে ভৰা এই সত্য কাহিনীবোৰ কেনেকৈ অস্বীকাৰ কৰো?
বিধৱা মহিলা গ্ৰুপ খুলি মাজ নিশা পতা মনৰ কথাবোৰ যেতিয়া ব্লেকমেইলিঙৰ সম্বল হয়, সেয়া অপৰাধ নহয় কি? ভুক্তভোগী মহিলাই কিমান আন্তৰিকতাৰে তেওঁৰ ব্যক্তিগত জীৱনৰ অতি ব্যক্তিগত কথাবোৰ কৈছিল, সেই কথা উপলদ্ধি কৰিব নোৱাৰা এইজন জানো মানুহৰ শাৰীত পৰে?
এগৰাকী মহিলা হিচাপে ভাৱি আন এগৰাকী মহিলাই কোৱা কথাবোৰো যেতিয়া ধন ঘটাৰ উৎস হয়, তেওঁ কি পৰ্যায়ৰ প্ৰৱঞ্চক বা অপৰাধী হ’ব পাৰে, সেই কথা বুজিও নুবুজা সকলক বুজাব কোনে?
বহিঃৰাজ্যৰ আই এ এছ আৰু আই পি এছ মহিলা বিষয়াৰ ফটো সামাজিক মাধ্যমত নিজৰ বুলি ব্যৱহাৰ কৰাতো অপৰাধ নহয় বুলি যুক্তি দিয়া সকলে ধ্ৰুৱজ্যোতিক এনে অপৰাধ আৰু সংঘটিত কৰিবলৈ উৎসাহিত কৰা নাইনে?
ড০ পৰিধি শৰ্মাক লেখিকা বুলি মানি লৈ ধ্ৰুৱজ্যোতিক অপৰাধী নুবুলি আৱেগৰ ঢৌঁ সৃষ্টিৰে এচামে এনে দুকাৰ্য উন্মোচন কৰা সকলকহে অপৰাধী সাজিবলৈ উঠি-পৰি লাগিছে। তাৰমানে এইটো নেকি যে, ধ্ৰুৱজ্যোতিক সন্মুখত থৈ এই অপৰাধ কৰা চক্ৰটোৰ সৈতে তেনে এচাম লোকো পৰোক্ষ, প্ৰত্যক্ষভাৱে ইয়াৰ অংশীদাৰ হৈ আছে।
কিন্তু অধিক চালাকিৰে ধ্ৰুৱজ্যোতিক নিৰপৰাধী সজাবলৈ তেওঁলোকে গ্ৰহণ কৰা স্থিতিতে সন্দেহৰ বীজ ৰোপন হৈ আছে। ভাষ্য গ্ৰহণতে আৰক্ষীয়ে দায়িত্ব সামৰিছে। কংগ্ৰেছৰো বহু নেতাৰ সৈতে ধ্ৰুৱজ্যোতিৰ সুসম্পৰ্ক আছিল।
সাহিত্যিক, বুদ্ধিজীৱি, সম্পাদক, মুখ্য সম্পাদক এই ধ্ৰুৱজ্যোতিয়ে সৃষ্টি কৰা পৰিধি শৰ্মা নামৰ চৰিত্ৰটোৰ জৰিয়তে আঙুলিৰ ইছাৰাত নচুৱাইছিল। কোনোবাই জানি শুনি ইয়াৰ জৰিয়তে সেই সকল লোকৰ আচঁল স্বৰূপৰ উমান লৈ আসুৰিক তৃপ্তি লাভ কৰিছিল নেকি?
এয়া বৌদ্ধিকভাৱে সংঘটিত কৰা এক বৃহৎ কেলেংকাৰী। আমাৰ উদাসীনতা আৰু মানুহক সহজতে বিশ্বাস কৰি লোৱাৰ মানসিকতাৰ সুযোগ লৈ কৰা লুন্ঠনৰ কাহিনী। অতি দায়িত্বশীল লোকসকলেও অদায়িত্বশীলভাৱে কৰা আচৰণৰ সুযোগ লৈ আহিছে এনে এচাম লোকে।
যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপ দলপতি গৌৰৱ গগৈৰ দায়িত্বশীল লোকেও পৰিধি শৰ্মাক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ভূমিকা লৈছিল। তেওঁৰ বিষয়ে ড০ পৰিধি শৰ্মাই এখন দৈনিক কাকতত লিখা লেখা ২০২৩ৰ ২০ছেপ্টেম্বৰত নিজৰ ফেচবুক পেইজত শ্বেয়াৰ কৰিছিল। যত তেওঁ ড০ পৰিধি শৰ্মাক দিল্লী বিশ্ববিদ্যালয়ত কৰ্মৰত বুলিও উল্লেখ কৰি তেনে এক ইতিবাচক লেখাৰ বাবে মুকলিকৈ ধন্যবাদ দিছিল। পৰিধিৰ লেখাৰ প্ৰেমত পৰিছিল গৌৰৱ গগৈয়ো!
মানুহেও পৰিধি শৰ্মাৰ নামত যি মিছা পৰিচয় বিয়পাই দিয়া হৈছিল, গৌৰৱ গগৈৰ এই পোষ্টৰ পাছত ইয়াক সত্য বুলি গণ্য কৰিছিল। দিল্লীতেই থকা আৰু অসমৰ এজন সাংসদে এবাৰো পৰিধি শৰ্মা নামৰ কোনোবা অসমীয়া অধ্যাপক দিল্লী বিশ্ববিদ্যালয়ত আছেনে নাই, সেয়া পৰীক্ষা কৰি চোৱা নাছিল।
পৰৱৰ্তী সময়ত হেনো গৌৰৱ গগৈৰ নামতো প্ৰৱঞ্চনাৰ জালখন এই পৰিধি শৰ্মাৰূপী চক্ৰটোৱে তৰিছিল। গৌৰৱ গগৈয়েও হয়তো সেই প্ৰৱঞ্চনাৰ কথা গমেই নাপালে। ধ্ৰুৱজ্যোতিক আৰক্ষীয়ে সোধক, মীৰা বৰঠাকুৰ, গৌৰৱ গগৈ, ৰাহুল গান্ধী আৰু কাৰ কাৰ নামত কি কি কৰিলে সেই কেইদিনত।
তোষামোদ কৰিবলৈ ড০ পৰিধি ওৰফে ধ্ৰুৱজ্যোতিয়ে। মানুহক ঠগিবলৈ নতুন নতুন অৱতাৰ লৈছিল। আঙুলি মূৰত গণি শেষ কৰিব নোৱাৰাকৈ ধ্ৰুৱজ্যোতিৰ অপৰাধ ওলাব। মানুহে আৰক্ষীক সকলো কথা ক’বলৈ ৰৈ আছে।
শিৱসাগৰ আৰক্ষীৰ ভূমিকাক লৈ এই অভিযোগৰ মুল অভিযোগকাৰী সুখী নহয়। পুণৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ তেওঁ লিখিছে পত্ৰ। যি পত্ৰত গৌৰীসাগৰত ৰুজু হোৱা পৰিধি কাণ্ডৰ এই গোচৰ গুৱাহাটীলৈ স্থানান্তৰ কৰি উপযুক্ত আৰু অভিজ্ঞ তদন্তকাৰী বিষয়াৰ দ্বাৰা তদন্ত কৰাৰ দাবী কৰিছে।
পত্ৰত লিখিছে, গৌৰীসাগৰ থানাত ৰুজু হোৱা 08/25 নম্বৰৰ গোচৰ চি আই ডিৰ অপৰাধ অনুসন্ধান শাখালৈ স্থানান্তৰ কৰিব লাগে। এই কথাও উল্লেখ কৰিছে যে, গোচৰ সংক্ৰান্তীয় বহু তথ্য সামাজিক মাধ্যমৰ জৰিয়তে পোহৰলৈ আহিছে। সেয়েহে এই গোচৰটোৱে কেৱল পৰিধি শৰ্মাৰ বিষয়টোকে সামৰি নলৈ ইয়াৰ সৈতে সংলগ্ন আন অভিযোগবোৰৰো তদন্ত হ’ব লাগে।
সাধাৰণতে চিনেমাত এনেবোৰ কাহিনী দেখিবলৈ পোৱা যায়। আয়ুষ্মান খুৰানাৰ অভিনীত ‘ড্ৰীমগাৰ্ল’ৰ দৰেই হৈ পৰিছে আমাৰ ধ্ৰুৱজ্যোতিৰ কাহিনীবোৰ। চিনেমাত সেইবোৰ চিনেমাৰ কাহিনী বুলি এৰি দিব পাৰি, কিন্তু বাস্তৱতো এই অপৰাধবোৰক অস্বীকাৰ কৰিব নোৱাৰি..