ডাক্তৰ...

ডাক্তৰ...

মৃদুল কুমাৰ সন্দিকৈ

ডাক্তৰ মানেই বেয়া নহয়! ডাক্তৰ মানেই ডকাইট নহয়! ভাল ডাক্তৰ, বেয়া ডাক্তৰ দুয়োবিধেই আছে। ডাক্তৰ ভাল বেয়া সেই সাধাৰণীকৰণ কৰিবলৈ নগৈয়ো বেছিভাগ লোকৰে ডাক্তৰ কেন্দ্ৰিক অভিজ্ঞতা সুবিধাজনক বা সুখকৰ নহয়।

ডাক্তৰ মানেই বেপাৰ। ৰোগীৰ পৰা ধন লুন্ঠনৰ সুযোগ-সুবিধা ডাক্তৰে হেনো এৰি দিব নোখোজে। এতিয়া ডাক্তৰৰ কাষলৈ কোনো ৰোগ দেখুৱাবলৈ যোৱা মানেই জেপত মোটা ধন লৈ যাব লাগে। কিয়নো আগৰ দৰে ডাক্তৰে এতিয়া ৰোগী চায়েই ঔষধ নিদিয়ে।

 এজন ৰোগীৰ কি হৈছে,তাক নিৰূপনৰ বাবে ডাক্তৰে প্ৰথম লেবৰটৰীলৈ ৰোগীক যাবলৈ বাধ্য কৰে। অতি কমেও ৪-৫টা পৰীক্ষা লেবৰটৰীত কৰিবলৈ দিয়াৰ অন্তত সেই পৰীক্ষাৰ ফলাফল চাই ৰোগীক বিধানপত্ৰ লিখি দিয়ে।

 ডাক্তৰৰ মাননি, লেবৰটৰীৰ পৰীক্ষাৰ বাবদ দিব লগা ধন মিলি ফাৰ্মাচীৰ পৰা ঔষধ কিনা লৈকে অতি কমেও ১০হাজাৰ মান টকা ৰোগীয়ে ভৰিব লগা হয়। তাৰ পাছতহে কোনো ৰোগীয়ে বেমাৰ ভাল হবলৈ ঔষধ খোৱাৰ সুযোগ লাভ কৰে।

 চৰকাৰী খণ্ডৰ চিকিৎসা ব্যৱস্থাক বাদ দি ব্যক্তিগত খণ্ডৰ চিকিৎসা ব্যৱস্থাত এয়াই সুলভ অভিজ্ঞতা। মানুহৰো স্বাস্থ্যৰ সৈতে ৰিস্ক লোৱাৰ সুযোগ নাথাকে কোনো ৰোগত আক্ৰান্ত হলে। পৰাপক্ষত ব্যক্তিগতভাৱে চিকিৎসকক দেখুৱাই, চিকিৎসকে দিয়া পৰীক্ষাসমূহ সম্পন্ন কৰি যেনেকৈ নহওঁক ৰোগৰ পৰা মুক্ত হব খোজে।

এতিয়া স্বাস্থ্যখণ্ড আৰু শিক্ষাখণ্ডৰ ব্যৱসায়েই অতি লাভজনক। ব্যক্তিগত খণ্ডৰ শিক্ষা আৰু স্বাস্থ্যৰ ব্যৱস্থাই আমাক বেৰি পেলাইছে। ইয়াৰ বিকল্প নোহোৱা হৈছে বেছিভাগ লোকৰ ক্ষেত্ৰত। চৰকাৰে সেই সুযোগ দিয়াৰ বাবেই এই ব্যৱসায়ে চৌদিশে ছানি ধৰিছে।

 ডাক্তৰো মানুহ। কেতিয়াবা তেওঁলোকৰ মনলৈও এই কথাবোৰ আহে। ঔষধৰ মূল্যবৃদ্ধি, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ আকাশলংঘী চিকিৎসা ব্যয়, পৰীক্ষাগাৰৰ অনাৱশ্যকীয় খৰছ আদিৰ প্ৰতি তেওঁলোকো সচেতন হয়। তেতিয়াই চিকিৎসকসকলে ডাক্তৰ হিচাপে নহয়, এজন সাধাৰণ লোক হিচাপে কথাবোৰ অনুভৱ কৰে।

 সেই তেতিয়াই কোনো ডাক্তৰে ঔষধৰ মূল্যবৃদ্ধিৰ কথা উল্লেখ কৰি ঔষধৰ নাম লিখিবলৈ হাত কপাঁৰ দৰে প্ৰতীকিধৰ্মী কথাবোৰ লিখে। মানুহে এজন চিকিৎসকৰ এনে স্বীকাৰোক্তি দেখি চিকিৎসা এতিয়া কিমান ব্যয়বহুল হৈ পৰিছে সেই কথা ভৱাৰ অৱকাশ পায়।

 অসমত হেনো ১১শতাংশ ৰোগী ভুৱা চিকিৎসাত মৃত্যু হয়।  বিনা চিকিৎসাত মৃত্যু হোৱা লোকসকল আছেই। এখন জনমুখী কল্যাণকামী ৰাষ্ট্ৰ হিচাপে চিকিৎসা আৰু শিক্ষাৰ দায়িত্ব দেশৰ চৰকাৰে লব লাগে। বাস্তৱত কিন্তু  সেয়া হোৱা নাই।

ধনলোভী একাংশ চিকিৎসক আৰু দেশৰ স্বাস্থ্যনীতিয়ে মানুহক চিকিৎসাৰ পৰা বঞ্চিত কৰা এক পৰিৱেশ সূচনা কৰিছে। আধুনিৰ চিকিৎসা শাস্ত্ৰৰ পবিত্ৰতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত এই বিফলতাক লৈ জনসচেতনাৰ প্ৰয়োজন হৈ পৰিছে।

 ইণ্ডিয়ান মেডিকেল এচছিয়েশ্যনে দেশৰ বহু নাগৰিকৰ সৈতে আলোচনা কৰি স্বাস্থ্যসেৱা উন্নীতকৰণৰ বাবে স্বাস্থ্য ঘোষণা পত্ৰ-২০২৪ প্ৰকাশ কৰিছিল। ভাৰতীয় চিকিৎসা সন্থাই এই ঘোষণা পত্ৰত কেইবাটাও দাবী চৰকাৰৰ ওচৰত তুলি ধৰিছিল।

 সেই দাবীসমূহ সাম্প্ৰতিক সময়ত ৰোগীৰ দৃষ্টিকোণেৰেও গুৰুত্বপূৰ্ণ। ইণ্ডিয়ান মেডিকেল এচছিয়েশ্যন, অসমৰ মতে- ২৩খনকৈ ৰাজ্যত চিকিৎসকক গণপ্ৰহাৰৰ পৰা ৰক্ষা কৰিবলৈ আইন প্ৰণয়ন কৰা হৈছে। সেই আইনে চিকিৎসকসকলক নিৰাপত্তা দিব পৰা নাই।

 তেওঁলোকৰ দাবী, ১৮৯৭চনত মহামাৰী আইন সংশোধন কৰি এখন শক্তিশালী কেন্দ্ৰীয় আইন প্ৰণয়ন কৰিব লাগে। অসমতো চিকিৎসকক প্ৰহাৰ কৰা ঘটনা যথেষ্ট সংখ্যক সংঘটিত হয়। ৰোগী আত্মীয় আৰু চিকিৎসক তথা চিকিৎসাকৰ্মীৰ মাজৰ এই সংঘাতৰ কাৰন নিৰূপনৰ বাবে উপযু্ক্ত অধ্যয়নৰো প্ৰয়োজন হৈছে।

চৰকাৰে স্বাস্থ্য সেৱাতো জি এছ টি লগাইছে। যেনে- ৰোগীৰ বিচনাৰ ওপৰত কৰ, ভেন্টিলেটৰ, মনিটৰ, এনাচথেচিয়াৰ দৰে জীৱনদায়িনী সৰঞ্জামৰ ওপৰতো ৰোগীয়ে ভৰিব লাগে ১২শতাংশ জি এছ টি। লাইফ চেভিং ইকুইটমেন্টত ব্যৱহাৰ কৰা বেটেৰীত লগোৱা আছে ২৮শতাংশ কৰ।

 ৰোগীয়ে এক্স-ৰে কৰা মেচিনটো, আল্ট্ৰা-চাইণ্ড কৰা মেচিনটো, শৰ্কৰা পৰীক্ষা কৰা ষ্ট্ৰীপত ভৰি লগা হয় ১৮শতাংশ কৰ। যিকোনো প্ৰকাৰে চৰকাৰক ধন লাগে। মৃত্যুমুখী কোনো ৰোগীৰ পৰাও সেই ধন আহৰণ কৰে ৰাজভৰাঁলৰ বাবে।

 মেডিকেল সৰঞ্জামৰ যেতিয়া মেৰামতি আৰু প্ৰতিপালন কৰাতো আছে ১৮-২৮শতাংশ কৰ। ঔষধ, অক্সিজেন আৰু এবাৰ ব্যৱহাৰ কৰা চিকিৎসা সামগ্ৰীৰ ওপৰত চৰকাৰে ১২শতাংশ কৰ লগাই থৈছে। বুদ্ধিয়ক সকলে আন নহলেও ভৱিষ্যতৰ আপদ-বিপদৰ কথা চিন্তা কৰি স্বাস্থ্য বীমা কৰে।পিছে সেই স্বাস্থ্যবীমাতো ১৮শতাংশ জি এছ টি।

 ঔষধৰ দাম বাঢ়ি আছে, হয়তো বাঢ়িয়েই থাকিব। ইলেক্টৰেল বণ্ডৰ ধনবোৰ পাব লগাই আগতে পাইছিল, এতিয়া বণ্ডৰ ৰূপত নহলেও অন্য পন্থাৰে সেই ধন পাব লগা সকলে পাব। ধন দি ঔষধ কিনিলেও ইয়াৰ গুণগত মানক লৈ সন্দেহ থাকি যায়। কিয়নো ভেজাল ঔষধেৰে এতিয়া আমাৰ ঔষধৰ বজাৰ ভৰি পৰিছে।

ডাক্তৰক গালি পৰাৰ লগতে এইবোৰ দিশৰ প্ৰতিও আমি সচেতন হোৱাতো প্ৰয়োজন। সামগ্ৰিকভাৱে মিলি ডাক্তৰ, ঔষধ প্ৰস্তুতকাৰী কোম্পানী, পৰীক্ষাগাৰ, চৰকাৰ সকলোৱে আমাক লুটাৰ চেষ্টা চলাই গৈছে। আগৰ দৰেই চিকিৎসকৰ মানৱতাবাদী আৰু দৰদী অনুকম্পা এতিয়া নাই বুলিবই পাৰি।

 নামী-দামী ডাক্তৰৰ মাহেকৰ উপাৰ্জন কেইবা কোটি।  এম আৰৰ পৰা উপহাৰ, ভ্ৰমণ বিলাস আৰু অন্যান্য সুযোগ তেওঁলোকে লাভ কৰে। এজন ৰোগীক পৰীক্ষা কৰাৰ নামত পৰীক্ষাগাৰত কিমান টকাৰ মূল্যৰ পৰীক্ষা কৰিবলৈ দিছে তাৰ ওপৰত কমিছনো থাকে। সাতে পাঁচে মিলি ডাক্তৰৰ ঘৰলৈ এটা বাটেৰে নহয়, কেইবাটাও বাটেৰে লখিমী আহে।

 সেই কেকোঁৰা চেপাত সাধাৰণ ৰোগী সৰ্বহাৰা হয়।  স্বাস্থ্যৰ নামত এই ব্যৱসায়ক এতিয়া বাধা দিয়াৰ কাৰ সাধ্য! ঔষধ বিক্ৰী কৰা ফাৰ্মাচীখনেও লাভ কৰে ভাৱিব নোৱাৰা হাৰত কমিছন। ডাক্তৰক ভগৱান ভাৱি থকা সহজ-সৰল ৰোগী আৰু তেওঁলোকৰ আত্মীয়ৰ বাবে এইসকলৰ এটা বাক্যই যথেষ্ট- চিৰিয়াছ, দেৰি নকৰিব,  টেষ্ট কেইটা লিখি দিছো, অমুকত কৰি ল’ব…

ডাক্তৰ...
দিকৰাই চাহ বাগিছাত অসম চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in