/asomiyapratidin/media/media_files/2025/06/25/ap-bikhekh-lekha-10-2025-06-25-13-25-09.jpg)
মৃদুল কুমাৰ সন্দিকৈ
ডাঃ দেৱানঞ্জীৱ কুমাৰ শৰ্মা ঘূৰি অহা নাই ঘৰলৈ। ক’ত হেৰাল এই চিকিৎসকগৰাকী? তেওঁক লৈ শংকিত পৰিয়াল, আত্মীয়-স্বজন, বন্ধু-বান্ধৱ। ৮২বছৰীয়া মাতৃয়ে বাট চাই আছে ঘূৰি আহিব পুত্ৰ। সেই আশাতেই বন্দী মাতৃ প্ৰণতি শৰ্মা।
২০২৫ৰ ৩১মে’ত পুৱা ৮বজাতেই তেওঁ শেষ দেখা। গুৱাহাটীৰ ৪৫বছৰীয়া এই চিকিৎসকজন ফুৰিবলৈ গৈছিল অৰুণাচলৰ পৰশুৰাম কুণ্ডলৈ। বাইকেৰে পৰুশুৰামকুণ্ডলৈ যোৱা ডা০ দেৱানঞ্জীৱ আছিলগৈ ৱাক্ৰত থকা টুলঅ’ ৰিৰ্জটত।
৩১মে’ পুৱা ৮বজাত তেওঁ একাপ চাহ বিচাৰিছিল। খাইছিল সেইদিনা ব্ৰেকাফাষ্টো। তাৰ পাছৰ পৰাই সন্ধান নাই এই চিকিৎসকগৰাকীৰ। তেওঁ থকা ৰিৰ্জটখনৰ কোঠাটোৰ পৰাই উদ্ধাৰ হৈছে তেওঁৰ মোবাইল ফোন, মাণিবেগ, মটৰ চাইকেল, কেমেৰা, আই কাৰ্ড আদি সকলো।
অৰুণাচলৰ লোহিত জিলাৰ অন্তৰ্গত এই ৰিৰ্জটখনৰ পৰা কেনেকৈ অসমৰ এই চিকিৎসকজন সন্ধানহীন হল তাৰ কোনো উত্তৰ নাই কাৰোৰে ওচৰত। অৰুণাচলৰ আৰক্ষীৰ ওচৰত পৰিয়ালৰ লোকে সন্ধানহীন হোৱাৰ এখন এজাহাৰ দাখিল কৰিছিল।
আৰক্ষীয়েও এই চিকিৎসকগৰাকীৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। পৰিয়ালৰ লোকে অৰুণাচলৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী আদিলৈ পত্ৰ লিখি চিকিৎসক জনৰ সন্ধানহীন গোচৰৰ উপযুক্ত তদন্তৰ দাবী কৰিছিল।
তেওঁ থকা ৰিৰ্জটখনত নাই চি চি টিভিৰ ফুটেজ। সেয়েহে কেনেকৈ আৰু ক’ত তেওঁ হেৰাই গ’ল, সেই কথা ৰিৰ্জট কৰ্তৃপক্ষই নাজানে বুলি আৰক্ষীক জনাইছে। পৰিয়ালক লোকক এই ৰিৰ্জট কৰ্তৃপক্ষই দেখুওৱা নাই তেওঁ ৰূম লওঁতে কৰা পঞ্জীয়নৰ সবিশেষ।
এতিয়া কেৱল সন্দেহ, কি পৰিস্থিতিত অসমৰ এইগৰাকী চিকিৎসক সন্ধানহীন হ’ল অৰুণাচল প্ৰদেশত। অসমৰ চিকিৎসকজন নিৰুদ্দেশ হোৱাৰ খবৰ চৰ্চা হোৱা নাই সংবাদমাধ্যমতো। দেৱানঞ্জীৱৰ পিতৃ আছিল অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক।
চিকিৎসকজনৰ নিৰুদ্দেশ সন্দৰ্ভত সন্দিহান তেওঁৰ বন্ধুমহল। বিভিন্ন দৃষ্টিকোণেৰে এই ঘটনা তদন্ত কৰাতো বিচাৰে পৰিয়ালৰ লোকেও। কিন্তু অৰুণাচল আৰক্ষীৰ তদন্ত সঠিক দিশত আগবাঢ়িছে বুলি নাভাৱে তেওঁৰ ঘনিষ্ঠ মহলে।
পত্নী-কন্যা আৰু মাতৃ অপেক্ষা কৰি আছে তেওঁলৈ। বুকুত বহু আশা বান্ধি তেওঁ ঘৰলৈ ঘূৰি আহিব বুলিয়ে বাট আছে পদুলিলৈ। কেনেকৈ হেৰাই যাব পাৰে, এনেকৈ এজন মানুহ! বৃদ্ধা মাতৃয়ে পুত্ৰ নিৰুদ্দেশ হোৱাৰ পাছৰে পৰা দুঃচিন্তাত অতিবাহিত কৰিছে সময়।
হ’বনে অসমৰ এইজন চিকিৎসকৰ সন্ধানহীনৰ এই ঘটনাৰ উপযুক্ত তদন্ত? অৰুণাচল চৰকাৰলৈ ব্যক্তিগত পৰ্যায়ত পৰিয়ালে উপযুক্ত তদন্তৰ অনুৰোধেৰে পত্ৰ প্ৰেৰণ কৰিছে। অসম চৰকাৰে ভুক্তভোগী এই পৰিয়ালটোৰ মৰ্মবেদনা উপলদ্ধি কৰি ঘটনাৰ ক্ষীপ্ৰ আৰু উচিত তদন্তৰ বাবে অনুৰোধ কৰিব নোৱাৰেনে চুবুৰীয়া ৰাজ্যখনক?