/asomiyapratidin/media/media_files/2025/07/21/bikhekh-lekha-2025-07-21-13-09-00.jpg)
মৃদুল কুমাৰ সন্দিকৈ
যদি তদন্তবোৰৰ কোনো ফলাফলেই নোলাই, কোনো সিদ্ধান্তই দিব নোৱাৰে তেনে এই ধৰণৰ চৰকাৰী তদন্তৰ প্ৰয়োজনেই বা ক’ত ! এক নিয়মমাফিক চৰকাৰী ঘোষণা হৈয়ে প্ৰায়বোৰ তদন্ত ৰৈ যায়। তদন্তৰ নিৰ্দেশ দিয়াৰ সময়ত বান্ধি দিয়া হয় সময়সীমা।
সেই সময়সীমা কেতিয়াবাই অতিক্ৰম কৰাৰ পাছতো তদন্তৰ প্ৰতিবেদন প্ৰকাশ কৰা নহয় বা ইয়াৰ ভিত্তিত কোনো ব্যৱস্থা গ্ৰহণ নকৰাতোৱেই অসমৰ চৰকাৰী ব্যৱস্থাৰ বাবে এক নিয়ম হৈ পৰিছে। একাংশ উচ্চ পদবীধাৰী লোকৰ ইচাৰাত, ইচ্ছা-অনিচ্ছাত এই ধৰণৰ চৰকাৰী তদন্তবোৰৰ ফলাফল অপ্ৰকাশিত হৈয়ে ৰৈ যায়।
পেঞ্চন সঞ্চালকালয়ৰ সঞ্চালক বিকাশ দাসৰ বিৰুদ্ধে বহু অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। সেই অভিযোগৰ তালিকাখন ইমানেই দীঘল আছিল যে, তেওঁ কুকীৰ্তি আৰু দুৰ্নীতিৰ দস্তাবেজ লিপিৱদ্ধ কৰিবলৈকে বহুকেইটা পৃষ্ঠাৰ প্ৰয়োজন হৈছিল।
পেঞ্চন সঞ্চালকালয়ৰ এইগৰাকী সঞ্চালকে কিদৰে এচাম নিজৰ মানুহ তথা কৰ্মচাৰীক লগত লৈ অদৃশ্য এখন বজাৰ বহাইছিল, সেই খবৰ তথ্য সহকাৰে সংবাদমাধ্যমত প্ৰকাশ পাইছিল। লক্ষ্যণীয় যে, বিষয়াগৰাকীৰ সৈতে কাম কৰা আন বিষয়া-কৰ্মচাৰীয়েও আচৰিত হৈ পৰিছিল এজন সঞ্চালকৰ অনিয়ম দেখি।
আয় বৰ্হিভূত সম্পত্তিৰে মহানগৰীত কেইবাটাও বিলাসী ফ্লেট, বিউটি পাৰ্লাৰ আৰু আন সম্পত্তিৰ গৰাকী হোৱা বিকাশ দাসৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু অনিয়মৰ তদন্ত ঘোষণা কৰা হৈছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অনুমোদন সাপেক্ষে আৰু এ আৰ টি পি এণ্ড পি জি বিভাগৰ সংশ্লিষ্ট মন্ত্ৰীৰ নিৰ্দেশ অনুসৰি এই বিভাগটোৰ আয়ুক্ত সচিব মহম্মদ হাছানে সেই তদন্তৰ নিৰ্দেশত চহী কৰিছিল ১৩মাৰ্চ, ২০২৫ত।
ARTPP(G)4/2025/12ৰ নিৰ্দেশযোগে সঞ্চালক বিকাশ দাসৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰিবলৈ তদন্তকাৰী বিষয়া হিচাপে নিয়োগ কৰা হৈছিল জ্যেষ্ঠ আই এছ বিষয়া কৈলাশ চান্দ ছামৰীয়াক। অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ এইগৰাকী বিষয়াক আছাম ছাৰ্ভিচেছ(ডিচিপ্লেনাৰী এণ্ড আপিল) ৰোলছ, ১৯৬৪ৰ চাব ৰোল ৪ আৰু ৯ৰ আধাৰত এই তদন্তৰ নিৰ্দেশ দিয়া হৈছিল।
এই নিৰ্দেশত ১৫দিনৰ ভিতৰত আই এছ বিষয়া কৈলাশ চান্দ ছামৰীয়াই প্ৰতিবেদন জমা দিব লাগিব বুলি উল্লেখ আছিল। লক্ষ্যণীয়ভাৱে আই এছ বিষয়াগৰাকীক সহযোগিতা কৰিবলৈ সঞ্চালক দাসৰ বিভাগতে উপ সচিব ৰূপে নিয়োজিত চন্দ্ৰমা বৰুৱা নামৰ এ চি এছ বিষয়াগৰাকীক পেজেন্টিং অফিচাৰ হিচাপে নিযুক্তি দিয়া হৈছিল।
এটা বিভাগৰ সঞ্চালক বিৰুদ্ধে দুৰ্নীতিৰ তদন্ত কৰিবলৈ তেওঁৰ বিভাগৰে এজন বিষয়াক নিযুক্তি দিয়াত এই তদন্ত নিৰপেক্ষ নহ’ব বুলি ভাৱি আই এছ বিষয়া কৈলাশ চান্দ ছামৰীয়াই আপত্তি কৰাত তদন্তকাৰী বিষয়াৰ লগত সহযোগ কৰিব লগা বিষয়া তথা কৰ্মচাৰীসকলক সলনি কৰা হয়।
নং ABR1/2024/60/924ৰ যোগে ২১মাৰ্চ,২০২৫ত আন এক নিৰ্দেশনাযোগে নতুন বিষয়াসকলক ইয়াৰ দায়িত্ব দিয়া হয়। সেই অনুসৰি কে চি ছামৰীয়াই বিকাশ দাসৰ বিৰুদ্ধে তদন্ত কৰিবলৈ নিজাকৈ এটা বিষয়া-কৰ্মচাৰীৰ দল গঠন কৰি লয়।
তাৰ পাছত এই আই এছ বিষয়াগৰাকীৰ নেতৃত্বতে ২৬মাৰ্চ, ২০২৫ত পেঞ্চন সঞ্চালকালয়ৰ কাৰ্যালয়ত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ স্বাক্ষৰ গ্ৰহণ কৰে আই এছ বিষয়া কে চি ছামৰীয়াই। প্ৰতিজন বিষয়া কৰ্মচাৰীৰ পৰা সঞ্চালক বিকাশ দাসৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সন্দৰ্ভত মতামত আৰু তথ্য গ্ৰহণ কৰাও ৪মাহ উকলিল।
স্বাক্ষৰ গ্ৰহণ কৰা সময়ত বিকাশ দাসৰ বিৰুদ্ধেই যাৱতীয় তথ্য প্ৰমাণ পোৱা গৈছিল। যিবোৰ তথ্য প্ৰমাণ নষ্ট কৰি দিয়াতো বিকাশ দাসৰ পক্ষে সম্ভৱ নাছিল। আনকি স্বাক্ষৰ গ্ৰহণৰ পাছত বিভাগটোৰ কিছু বিষয়া-কৰ্মচাৰীক আই এছ বিষয়া ছামাৰীয়াই ফোনযোগে আৰু কিবা অধিক তথ্য আছে নেকি, জানিব বিচাৰিছিল।
সকলোৱে ভাৱিছিল দুৰ্নীতি আৰু মতগৰ্বিতাৰে বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাক দুভাগ কৰি পেঞ্চন সঞ্চালকলয়ত দুৰ্নীতিৰ পৃষ্ঠপোষকতা কৰা বিকাশ দাসৰ এইবাৰ কঠোৰ হ’ব চৰকাৰ। অৱশ্যে প্ৰতিটো পদবীত থাকোতেই মেনেজ কৰাত ওস্তাদ হৈ পৰা বিকাশ দাসৰ বিৰুদ্ধে ৰহস্যজনকভাৱে এইবাৰো কোনো পদক্ষেপ লোৱা দেখা পোৱা নগ’ল।
অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কৰ্মৰত হৈ থাকোতেই বৰ্তমানৰ পেঞ্চন সঞ্চালকালয়ৰ সঞ্চালক তথা তেতিয়াৰ বিত্ত বিষয়া বিকাশ দাসে এছ আই পি আৰ ডি আচঁনিৰ নামতো কোটি টকাৰ কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। সেইবোৰ তদন্তই নহ’ল তেতিয়া।
এমাজন এপত পেঞ্চন সঞ্চালকালয়ৰ এগৰাকী কৰ্মচাৰীৰ জৰিয়তে বিলাসী মোবাইল কিনি বিকাশ দাসে কেনেকৈ এগৰাকী উচ্চ পদস্থ বিষয়াক মেনেজ কৰিছিল, সেই কাহিনী এতিয়া বিভাগটোৰ প্ৰতিজন বিষয়া-কৰ্মচাৰীয়ে জানে।
শৰ্মা উপাধিধাৰী এই কৰ্মচাৰীগৰাকীয়ে এইবোৰ কথা তদন্তকাৰী বিষয়াক যদি কৈছিল, তেনে সেয়াও হ'ব আন এক অধ্যায়। তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া আকৌ পূৰ্বৰ দৰেই নিজা মানুহৰ লবী কৰি বিকাশ দাসে তেওঁৰ দুগুণ উৎসাহেৰে বিভাগটোত দপদপনি অব্যাহত ৰাখিছে।
যদি এনে তদন্তৰ কোনো ফলাফলেই নাথাকে বা দুৰ্নীতিত অভিযুক্ত বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণেই কৰা নহয়, তেনে এইবোৰ ভেকোভাওনাৰ প্ৰয়োজন কি ! অথচ, দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে মাত মাতি এই প্ৰশাসনিক ব্যৱস্থাৰ সংস্কাৰ বিচৰা বহু যোগ্য বিষয়াক চৰকাৰে এনে আই এছ লবীৰ পাকচক্ৰত পৰি নগুৰ-নাকটি কৰা অলেখ উদাহৰণ আছে। দিছপুৰত এতিয়া কেইঘণ্টাই এদিন হয়, সাধাৰণ মানুহে ধৰিবই নোৱাৰে...