বিহাৰী বাবুৰ হাতত আমাৰ মাটি! নাথাকো আমি বহি...

উত্থাপিত অভিযোগ অস্বীকাৰ কৰাৰ সলনি তথ্যভিত্তিক বাতৰিৰ বাবে কাৰোবাক কৌশেলেৰে ভাবুকি দিলেই সেই অনিয়ম নোহোৱা হৈ নাযায়। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে

author-image
Asomiya Pratidin
New Update
bikhekh lekha new (3)

মৃদুল কুমাৰ সন্দিকৈ

উত্থাপিত অভিযোগ অস্বীকাৰ কৰাৰ সলনি তথ্যভিত্তিক বাতৰিৰ বাবে কাৰোবাক কৌশেলেৰে ভাবুকি দিলেই সেই অনিয়ম নোহোৱা হৈ নাযায়। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে কৰ্মৰত সময়ত কাশ্যপ প্ৰকাশৰ বিৰুদ্ধে উত্থাপিত বহু অনিয়মৰ ভিতৰত ২২টা ৰাভা জনগোষ্ঠীৰ পৰিয়ালৰ মাটি নিজৰ নামত নামজাৰি কৰি লোৱাতো এটা সাধাৰণ উদাহৰণহে। 

Advertisment

ৰাজপথলৈ ওলাই আহিছে এতিয়া অনাঅসমীয়া বিহাৰী বিজেপি তথাকথিত নেতা কাশ্যপ প্ৰকাশ আৰু ৰাজেশ গুপ্তাৰ বিৰুদ্ধে দল-সংগঠন। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কাশ্যপ প্ৰকাশ আৰু তেওঁৰ সংগীৰ বিৰুদ্ধে দুৰ্নীতিৰ দস্তাবেজ তুলি দিবলৈ সাজু হৈছে ৰাভা জাতীয় সংগঠনৰ নেতৃত্ব। 

১০মাৰ্চ,২০২২ত কেইবাটাও ৰাভা সংগঠনৰ নেতৃত্বই ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহীৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। লক্ষীপুৰ ৰাজহ চক্ৰৰ বিষয়া ৰাজীৱ গগৈক দিয়া এই স্মাৰক পত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে, উক্ত মাটিখিনি কোনো কাৰণতে বেচা-কিনা বা নামজাৰি কৰিব নোৱাৰে।

আইনগত কাৰণতেই সেয়া সম্ভৱ নহয় বুলি উল্লেখ কৰা হৈছিল এই স্মাৰক পত্ৰত। তাৰ পাছতো গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত বলাইখামা ৰাজহ গাঁৱৰ ২১নং পট্টাৰ দাগ নং- ১৪৪, ২৪৩, ২৪৪, ২৪৫,২৪৬,২৪৯, ২৫৩, ২৫৫, ২৫৬, ২৫৮,২৫৯, ২৬০, ২৬১, ২৬২,২৬৩, ২৬৫, ২৬৭, ২৬৯, ২৭০,২৭৬,২৮৩, ২৮৪, ২৮৭, ২৮৮ আৰু ৩২৭ৰ ৩৮বিঘা ৪কঠা ৮লেঁচা মাটি কেনেদৰে সেই সময়ৰ ৰাজহ চক্ৰ বিষয়া ৰাজীৱ গগৈ আৰু লাট মণ্ডল সৰলা ব্ৰহ্মই কাশ্যপ প্ৰকাশ আৰু ৰাজেশ গুপ্তাৰ নামত নামজাৰি কৰিলে সেই প্ৰশ্ন উত্থাপন হৈছে।

২৮/১১/২০২৪ত উপৰিপুৰুষ সূত্ৰে মাটিখিনি মূল গৰাকী দেৱজিত চৌধুৰীয়ে ইয়াৰ বিৰোধিতা কৰি আপত্তি দৰ্শাই গোৱালপাৰা জিলাৰ আয়ুক্তৰ ওচৰত আবেদন দাখিল কৰিছিল। চৌধুৰীয়ে ৩০নৱেম্বৰ ২০২৪ত গোৱালপাৰা জিলা আয়ুক্তলৈ সমগ্ৰ বিষয়টোক লৈ অধিবক্তাৰ জৰিয়তে নটিচ U/S–80A(1)of C.P.C আইনী জাননী প্ৰেৰণ কৰিছিল।

সেই জাননীত মাটিখিনিৰ বিষয়ে সবিশেষ উল্লেখ আছিল। তেনে এক বিবাদমান ভূমি ৰাজহ চক্ৰ বিষয়া ৰাজীৱ গগৈয়ে কেনেকৈ কাশ্যপ প্ৰকাশ আৰু ৰাজেশ গুপ্তাৰ নামত নামজাৰি কৰি দিলে ইয়াৰো এক তদন্তৰ প্ৰয়োজন হৈছে। ৰাভা জাতীয় সংগঠন সমূহে সেয়েহে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী কৰি তদন্তৰ আওঁতালৈ এই ৰাজহচক্ৰ বিষয়াগৰাকীকো আনিবলৈ দাবী জনাইছে।

কিয়নো এইগৰাকী ৰাজহ চক্ৰ বিষয়াৰ পৃষ্ঠপোষকতাতেই এনে আবেদন দাখিল কৰা এমাহৰ পাছতে ৩১/১২/২০২৪ত এই মাটিখিনি কাশ্যপ প্ৰকাশ আৰু ৰাজেশ গুপ্তাৰ নামত নামজাৰি কৰা পৰ্ব আৰম্ভ কৰিছিল। ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে ৩১/১২/২০২৪ত GOA/LAK/2024-25/2025009000/OMUTC হুকুমযোগে এই মাটিখিনি নামজাৰি কৰিছিল কাশ্যপৰ নামত। একেদৰে ৩১/১২/২০২৪ত GOA/LAK/2024-25/2025009001/OMUTC হুকুমযোগে ৰাজেশ গুপ্তাৰ নামতো কিছু মাটি নামজাৰি কৰা হৈছিল। 

তদন্তত জেৰা কৰিলেই ৰাজহ চক্ৰ বিষয়া ৰাজীৱ গগৈয়ে কাৰ নিৰ্দেশ আৰু হেচাঁত বিবাদমান এই ভূমি নামজাৰি কৰিছিল সেয়া ওলাই পৰিব। কাশ্যপ প্ৰকাশৰ নামত নামজাৰি কৰা এই ভূমিৰ সন্দৰ্ভত আদালতত গোচৰ চলি আছে। এই বিবাদমান ভূমিক লৈ গোৱালপাৰা জিলাৰ চিভিল জাৰ্জৰ ছিনিয়ৰ ডিভিজনত ৰুজু হোৱা গোচৰ নং- T.S NO 20/2025

কাশ্যপ প্ৰকাশে এইবোৰ অনীতিগত কাম অস্বীকাৰ কৰিব নোৱাৰি হিচাপ সময়ত কৰা হব বুলি দিয়া হুংকাৰ হাস্যকৰ। ক্ষমতাৰ জোৰত বিহাৰৰ পৰা অহা তথাকথিত এই বিজেপি নেতাই অসমৰ খিলঞ্জীয়া সকলে ১০০বছৰৰো অধিক কাল দখলভোগ কৰি থকা মাটি নিজৰ নামত গোপনে নামজাৰি কৰি লোৱাৰ পাছত এতিয়া দাবী উঠিছে শীঘ্ৰেই সেই নামজাৰি প্ৰক্ৰিয়া বাতিল কৰিব লাগে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাজপেয়ী ভৱনত থাকি ৰাভা লোকৰ বিৰুদ্ধে অগ্ৰাসন চলোৱা এনে ছদ্মবেশী নেতাৰ বিৰুদ্ধেও দৃষ্টি দিব লাগে। বিজেপিৰ ৰাজ্যিক নেতৃত্বইও বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি সেইসকল উৰ্ধ বাহু দি নাচিব বিচৰা বহিৰাগত লোকক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে খিলঞ্জীয়া ৰাভা ভূমি পুত্ৰ সকলেও ইয়াৰ তীব্ৰ বিৰোধ কৰিব।

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত নিজকে সৰ্বেসৰ্বা বুলি ভৱা আৰু বহু দুৰ্নীতিৰ আঁৰৰ মানুহ বুলি মানুহৰ মাজত চৰ্চিত কাশ্যপ প্ৰকাশৰ কাম-কাজৰ সন্দৰ্ভতো বিচাৰ-বিশ্লেষণ কৰাৰ সময় আহি পৰিছে। নহ’লে পূৰ্বৰ সেই দুৰ্নীতিৰ বোকা চিটিকনি চিৰদিনৰ বাবে সোণোৱাৰ বগা পোছাকতো ৰৈ যাব।

ৰাজপথত এতিয়া কাশ্যপ প্ৰকাশক হুচিয়াৰ ধ্বনি দিছে ৰাভা জনগোষ্ঠীৰ লোকে। ১৯৭১ চনৰ ভিতৰত অসমলৈ অহা কাশ্যপে গোৱালপাৰাত দপদপাই কাৰ কি অৱস্থা কৰিলো বুলি নিজৰ ক্ষমতাৰ প্ৰমাণ দিবলৈ যোৱাটোও হাস্যকৰ। সত্যৰ অন্বেষণেৰে তথ্যৰ ভিত্তিত প্ৰকাশ কৰা এই খবৰ তেওঁৰ কাষত থকা বিজেপি নেতাই অস্বীকাৰ নকৰিলে। বৰঞ্চ ক’লে- ধন, ক্ষমতাৰ মোহত অন্ধ হৈ পৰা এনে এচাম লোকৰ উদ্ভদালিৰ বাবেই আমি লজ্জিত। ইয়াকো তেওঁ কৈ থলে- পৰুৱাৰ পাখি গজে মৰিবলৈ...

বিজেপি হিমন্ত বিশ্ব শৰ্মা