/asomiyapratidin/media/media_files/2025/06/09/2T9PRcM21hMSYBClOA7s.jpg)
মৃদুল কুমাৰ সন্দিকৈ
মানুহ বিভ্ৰান্তিত! সচাঁ নে মিছা এই খবৰ। ৰাজনৈতিক দৃষ্টিকোণেৰে এনেবোৰ খবৰ মিছা বুলি কোৱাৰো অৱকাশ নাই। বিশ্লেষণাত্মক দৃষ্টিৰে এই খবৰ সচাঁ বুলি ধৰি ল’ব পৰাকৈ ভিত্তি নাই।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব ভূপেন বৰাই গৌৰৱ গগৈৰ হাতত তুলি দিয়াৰ পাছত এই খবৰে বিশেষ চৰ্চা লাভ কৰিছে। কংগ্ৰেছ হেনো এৰি বিজেপি গমন কৰিব বৰাই।
একাংশ সংবাদ মাধ্যমত এই খবৰ এতিয়া গৰম খবৰ। পূৰ্বৰ অভিজ্ঞতা আৰু উদাহৰণে এনেবোৰ খবৰক অস্বীকাৰ কৰাৰ প্ৰেক্ষাপট নাই। আগদিনা বিজেপিক গালি পাৰি থকা আৰু কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ পদবীত থকা ৰাণা গোস্বামীৰ দৰে নেতাই কেনেদৰে হঠাৎ গেৰুৱা বসন পিন্ধিছিল সেই শেহতীয়া উদাহৰণ পাহৰো কেনেকৈ?
কংগ্ৰেছৰ এক শীৰ্ষ নেতাৰ সৈতে এই সন্দৰ্ভত কথা পাতোতে তেৱোঁ ক’লে- ভূপেন বৰাকেন্দ্ৰিক এই খবৰ ভিত্তিহীন বুলি মই একাষাৰে কৈ দিব নোৱাৰো। পঞ্চায়ত নিৰ্বাচনৰ সময়ত তেওঁ গ্ৰহণ কৰা বহু সিদ্ধান্ত বিজেপিৰ সহায়ক হৈছিল।
এই শীৰ্ষ নেতাজনৰ মতে, এয়া কিমান সচাঁ খবৰ আৰু তেওঁ কংগ্ৰেছত থাকিব নে বিজেপিলৈ যাব, সেই কথা ভূপেন বৰাইহে সঠিককৈ ক’ব পাৰিব। ইয়াৰ পৰাই অনুমান কৰিব পাৰি কংগ্ৰেছৰ শীৰ্ষ মহলেও এনে খবৰ অস্বীকাৰ কৰিব পৰাকৈ বৰাক লৈ পতিয়ন যাব পৰা নাই।
তাৰ পাছত আন এক খবৰ আহিল। সেই খবৰ অনুসৰি ভূপেন বৰা আছেগৈ বেংগালুৰুত। তাতেই হেনো কোনোবা বিজেপিৰ শীৰ্ষ নেতাৰ লগত চলিছে এই দল সলনিৰ যাত্ৰাৰ আলোচনা।
আকৌ ভূপেন বৰা এক ঘনিষ্ঠ পক্ষৰ সৈতে যোগাযোগ হ’ল। তেওঁ জনালে সম্পূৰ্ণ ব্যক্তিগত কাৰনত ব্যস্ত ভূপেন বৰা। ভূপেন বৰাৰ এই ঘনিষ্ঠ সূত্ৰই দাবী কৰিলে কোনে কাৰনতে কংগ্ৰেছ নেৰে ভূপেন বৰাই।
এইবাৰ বিজেপিৰ এজন নেতাৰ সৈতে এই খবৰৰ সত্যতা বিচাৰি কৰা হ’ল যোগাযোগ। তেওঁৰ হাততো তেনে কোনো খবৰ নাই। অৱশ্যে তেওঁ ক’লে- ভূপেন বৰা বিজেপিলৈ আহিলে দিল্লী পৰ্যায়ত চলিব আলোচনা। আমি এতিয়াই এনে খবৰ নাপাম।
তাৰ মাজতেই গৌৰৱ গগৈক লৈ কংগ্ৰেছৰ ভিতৰচৰাৰ কিছু খবৰ পোৱা গল। কংগ্ৰেছী সূত্ৰই দিয়া এই খবৰ। সাংবাদিকতাৰ পৰা সংখ্যালঘূ ৰাজনীতিক প্ৰতিনিধিত্ব কৰিব বিচাৰি ৰাজনীতিত ভৰি দিয়া এজন লোক হেনো বিৰাট নাৰাজ।
বি টি আৰ নিৰ্বাচনত এক আলোচনা মেজৰ পৰা তেওঁ উঠি আহিল হঠাত। কাৰন দলৰ মুখপাত্ৰ দায়িত্ব দিলেও তেওঁ হেনো পোৱা নাই দলত কাম কৰাৰ বিশেষ সুযোগ। সেই বিশেষ লোকজনৰ সৈতে যোগাযোগ চলিল আমাৰ।
ভদ্ৰলোকে এই খবৰ অস্বীকাৰ কৰিলে। কেনেকৈ সেই খবৰ পালে বুলি জবাবদিহি কৰিলে। আন কিছু খবৰো আহিল কংগ্ৰেছৰ ভিতৰৰ পৰা। কংগ্ৰেছত হেনো এতিয়া গৌৰৱ ফেন ক্লাৱৰ ৰাজত্ব।
প্ৰকৃত নেতা আৰু ফেন ক্লাৱৰ ফলৱাৰ্ছ একাকাৰ হৈছে। তেনে কেইজনমান ফেন ক্লাৱৰ ফলৱাৰ্ছকে এতিয়া পৰ্যবেক্ষক দায়িত্ব অৰ্পন কৰিছে গৌৰৱ গগৈয়ে। কোঁৱৰ,দাস, চেত্ৰী হঁতৰ কিটচেন কেবিনেটৰ পৰামৰ্শমতে হেনো দল চলাবলৈ আগবাঢ়িছে নতুন সভাপতি।
সভাপতিহৈ অসমলৈ ঘূৰি আহোতে যি হাৱা বলিছিল, সেই হাৱা ধৰি ৰাখিব পৰা নাই গৌৰৱ গগৈয়ে। গগৈৰ সেনাপতি হৈ গগৈ নামৰ আন এজন তৰুণ গগৈৰ ঘনিষ্ঠ লোকৰ কান্ধত অৰ্পণ কৰা হৈছে গধুৰ দায়িত্ব।
পঞ্চায়ত নিৰ্বাচনৰ সময়ত অভিযোগ উঠিছিল কংগ্ৰেছৰ একাংশই ধন বিনিময়ত টিকট দিয়াৰ এক ব্যৱসায় দলৰ ভিতৰত গঢ়ি তুলিছিল। সেই অভিযোগৰ ভিত্তিত এখন তদন্ত কমিটি গঠন কৰি দিয়া হৈছিল।
তদন্ত কমিটিয়ে দাখিল কৰা প্ৰতিবেদনৰ কিছু কিছু অংশ হাতত পৰাৰ পাছত দেখা গল অভিযুক্তৰ এনে নেতাৰ বিৰুদ্ধে প্ৰতিবেদনত ব্যৱস্থা গ্ৰহণৰ কথা কোৱা হৈছে। গৌৰৱ গগৈয়ে হেনো ব্যৱস্থা নহয়, বৰঞ্চ পুৰস্কাৰহে দিছে তেওঁলোকক।
ভূপেন বৰাৰ বিজেপি যাত্ৰাৰ খবৰ বিচাৰি পোৱা খবৰ এইবোৰ। ভূপেন বৰাৰ সৈতে যোগাযোগৰ চেষ্টা চলিল। ব্যস্ততাৰ বাবে প্ৰথমে তেওঁৰ সহাঁৰি পোৱা নগ’ল। পলমকৈ হ’লেও ভূপেন বৰাই যোগাযোগ কৰিলে।
স্পষ্টকৈ সোধা হ’ল- বিজেপিলৈ কেতিয়া যাব আপুনি। কিমান সচাঁ এই খবৰ। এতিয়া আপুনি বেংগালুৰুত গৈ চলাইছে নেকি এই বিষয়ক আলোচনা। ভূপেন বৰাৰ মুখত হাঁহি। চিধাচিধিকৈ অস্বীকাৰ এই খবৰ।
বেংগালুৰুতেই আছে তেও, গৈছে সম্পূৰ্ণ পৰিয়ালকেন্দ্ৰিক এক কাৰণত। এইবাৰ সৰু পুত্ৰ ৰোহানে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হৈছে। স্নাতক শ্ৰেণীত নামভৰ্তি কৰিছে বেংগালুৰুৰ ছেন্ট জোছেফ কলেজত। পুত্ৰৰ নামভৰ্তিৰ বাবে আছেগৈ বেংগালুৰুত।
তেওঁ লগতে ক’লে- এদিনৰ পাছতে উভতিব তেওঁ। ইতিমধ্যে পুত্ৰৰ নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। তাৰ পৰা অসমলৈ উভতি আহি যাব ৰঙানদীলৈ। দুদিন বিৰতিৰ অন্তত আকৌ সক্ৰিয় হ’ব ৰাজনীতিত। তেওঁৰ শেষ কথা- কদাপি নেৰে কংগ্ৰেছ।
ভূপেন বৰাই নিজেই কোৱা কথা এইবোৰ। ৰাজনীতিত নেতাৰ কথা নহয় শিলৰ ৰেখা। তথাপিও এই খবৰ ভিত্তিহীন বুলি ক’ব পাৰি তেওঁৰ কথাকে আধাৰ কৰি। কিন্তু আন এক খবৰ হয়তো ভূপেন বৰাই জানে নাজানে নাজানো! ৰাজীৱ ভৱনৰ পৰাই ওলাইছে খবৰ- ভূপেন বৰা বিজেপিলৈ যাব...