/asomiyapratidin/media/media_files/2025/05/17/LbORnNMKg6bIHSXQAVxI.jpg)
বিগত বছৰৰ পৰা চলি অহা এটা কেলেংকাৰীৰ মুখনি মাৰিলে উচ্চতম ন্যায়ালয়ে। এই কেলেংকাৰী সংঘটিত হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শৈশৱ, কৈশোৰ আৰু তেওঁৰ আদৰ্শৰ সত্বা বিচাৰি অগণনন ৰাইজ সমাগম হোৱা বটদ্ৰৱা থানত। কি আছিল এই কেলেংকাৰী, কেনেকৈ ওৰ পৰিল এই সমগ্ৰ ঘটনাৰ। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
নগাঁও চহৰৰ পৰা ১৮ কিলোমিটাৰ নিলগত এই পৱিত্ৰ থান। এই তীৰ্থস্থানলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শৈশৱ, কৈশোৰ আৰু তেওঁৰ আদৰ্শৰ সত্বা বিচাৰি অগণন লোকৰ সমাগম হয়। বৰদোৱাৰ সমীপৱৰ্তী আলিপুখুৰীতেই গুৰুজনাৰ জন্ম হৈছিল বুলি কোৱা হয়।
সেই স্থানতেই ১৪৬৮ খ্ৰীষ্টাব্দত গুৰুজনাই শ্ৰীশ্ৰী বটদ্ৰৱা থানখন স্থাপন কৰিছিল।এইখনে আছিল তেওঁ স্থাপন কৰা প্রথমখন থান। ইয়াৰ পৰাই এক শৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰিছিল শ্ৰীমন্ত শংকৰদেৱে।
গুৰুজনাই প্রথম বৰদোৱাতেই কীৰ্তন ঘৰ অৰ্থাৎ নামঘৰ সজাইছিল। সেই বিশ্বাস অনুসৰিয়েই এই স্থানত প্ৰতি দিনাই ১৪ প্ৰসংগ নাম চলে। শ্ৰীমন্ত শংকৰদেৱ বৰদোৱাতেই প্ৰথম চিহ্নযাত্ৰা ভাওনা কৰিছিল। এনে বিশ্বাসো কৰা হয় যে- ১৪৭০ চনতেই শংকৰদেৱৰ ২১ বছৰ বয়সত এই বৰদোৱাৰ ফাকুৱা অৰ্থাৎ দৌল উৎসৱ আৰম্ভ হৈছিল।
মহিমামণ্ডিত এই থানত যোৱা এটা বছৰৰ পৰা লাগিছিল কেলেংকাৰীৰ দাগ। উত্থাপিত হৈছিল বহু অভিযোগৰ। সৃষ্টি হোৱা এনে পৰিৱেশে থান খনক মনে-প্ৰাণে ভালপোৱা ভকত-বৈষ্ণৱৰ বুকুত শেলে ভেদাটি ভেদিছিল।
চন ১০ফেব্ৰুৱাৰী, ২০২৪। মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সোণ ৰূপ হৰলুকি আৰু বৃহৎ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত বটদ্ৰৱা শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানত এখনি নাগৰিক সভা অনুষ্ঠিত হৈছিল। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ডা০ প্ৰদীপ কুমাৰ দেৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সহকাৰী সম্পাদক যতীন বৰুৱা, যোগেন শইকীয়া, সুৰজ হাজৰিকা, তুৱাৰাম বৰুৱা, সত্ৰৰ বায়ন, শিল্পী সাহিত্যিক, শিক্ষাবিদ, জেষ্ঠ নাগৰিক আৰু নগাঁও জিলাৰ বিভিন্ন স্থানৰ কেইবাগৰাকী আজীৱন সদস্যই অংশ গ্ৰহণ কৰিছিল।
সভাত সমিতি খনে বিগত দিনত সংঘটিত কৰা বিত্তীয় অনিয়ম, থানৰ সংবিধান উলংঘা, সোণ হৰলুকি আদি বিষয়ত কেইবাগৰাকী বক্তাই তথ্যৰ সৈতে চৰ্চা কৰে। উল্লেখযোগ্য যে, ২০২১ চনৰ পৰা দায়িত্বভাৰ গ্ৰহন কৰা থান পৰিচালনা সমিতিৰ একাংশ বিষয়ববীয়া, সদস্যৰ বিৰুদ্ধে নজিৰ বিহীন বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি আহিছিল বিভিন্নজনে।
উক্ত অনিয়ম, দুৰ্নীতি বিষয়ে বাতৰি চলি থকাৰ মাজতে পৰিচালনা সমিতিৰ একাংশ বিষয়ববীয়াৰ মুখেৰে ফাদিল হৈছিল বটদ্ৰৱা থানত বছৰ বছৰ ধৰি ভকত বৈষ্ণৱৰ পৰা দান বৰঙণি হিচাপে লাভ সোণ ৰূপ আৰু ২০২২ চনত এগৰাকী অজ্ঞাত ভক্তই থানৰ মনিকূটৰ খুটাত সংলগ্ন কৰিবলৈ বাকছত ভৰাই দিয়া ৪০ তোলা সোণৰ হৰলুকিৰ তথ্য।
এই অভিযোগ সমূহৰ বিষয়ে আলোচনা হোৱাৰ পাছত বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে ৰহস্যজনক ভাবে বটদ্ৰৱা থানৰ পৰিবৰ্তে নগাঁও সাহিত্য সভা ভৱনত এখনি সংবাদমেল সম্বোধন কৰি থান পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক আৰু (৯৪ জনীয়া সমিতিৰ মাত্ৰ) ৬ গৰাকী সদস্যৰ স্বাক্ষৰ সম্বলিত নগাঁও HDFC বেংকৰ লকাৰত জমা থকা আংশিক হিচাপ দাখিল কৰিছিল।
তাৰ পিছতেই সোন ৰূপৰ এই বিষয়টো লৈ বটদ্ৰবা থান পৰিচালনা সমিতিৰ বিষয় ববীয়াৰ মাজত নগাঁৱৰ ৰাজপথতে এখনি কাজিয়া সৃষ্টি হয়৷ সংবাদমেলৰ পিছতে পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰভাত কলিতা আৰু কাৰ্যনিবাহক সদস্য প্ৰশান্ত ভড়ালীৰ মাজত প্ৰথমে সংঘাটৰ সৃষ্টি হয়। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তৰ অভিযোগ মতে কাৰ্যকৰী সদস্য প্ৰশান্ত ভড়ালীয়ে কাৰ্যকৰী সভাপতি প্ৰভাত কলিতাক শাৰিৰীক ভাবে আক্ৰমন কৰিবলৈ চোঁচা লয়৷
শেষত সেই নাগৰিক সভাই আগন্তুক ৪০ দিনৰ ভিতৰত পৰিচালনা সমিতিক এখনি তলবী সভা আহ্বানৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখযোগ্য যে, বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে সংবাদমেল যোগে পৰিচালনা সমিতিয়ে বেংক কৰ্তৃপক্ষৰ পৰিবৰ্তে পৰিচালনা সমিতিৰ পেডত সভাপতি, সম্পাদককে ধৰি মুঠ ৮ জন সদস্যৰ স্বাক্ষৰিত পত্ৰ প্ৰকাশ কৰা সোণ ৰূপৰ হিচাপ প্ৰকাশ কৰিছিল।
উক্ত ৮ জন সদস্যৰ স্বাক্ষৰিত পত্ৰ প্ৰকাশ কৰা সোণ ৰূপৰ হিচাপ আৰু বটদ্ৰৱা থানত থকা সোন ৰূপৰ পৰিমান, ২০২৩ চনৰ জানুৱাৰী ৭ তাৰিখে যিমান পৰিমানৰ সোণ ৰূপ বেংকত জমা ৰখা হৈছিল সেই জমা থোৱা ৰচিদৰ লগত তেতিয়াৰ কমিটিয়ে দিয়া তালিকাত অন্তধ্যান হৈছে বহু সোণ ৰূপ।
ৰাইজে গঠন দিছিল নতুন সমিতিঃ-
থানৰ বিৰুদ্ধে উত্থাপিত হোৱা এনে অভিযোগৰ পিছত ৰাইজে গঠন কৰি দিছিল এখন তদৰ্থ সমিতি। ৰাইজে গঠন কৰি দিয়া এই সমিতিখনক গুৰুত্বই প্ৰদান কৰা নাছিল পূৰ্বৰ কমিটিখনে। তাৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে ৰাইজ।
গুৱাহাটী উচ্চ ন্যায়ালয়ে বটদ্ৰৱা থানৰ এক গোচৰৰ ভিত্তিত চলিত বছৰৰ ২৫ এপ্ৰিলত এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছিল। উক্ত ৰায়দানত বিগত বৰ্ষৰ ৯ জুনত ৰাইজ, ভকত বৈষ্ণৱে পাতি দিয়া তদৰ্থ থান পৰিচালনা সমিতিলৈ থান পৰিচালনাৰ দ্বায়িত্বভাৰ অৰ্পন কৰিছিল আদালতে। কিন্ত তাৰ পিছতো ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰি তদৰ্থ সমিতিৰ হাতত থান পৰিচালনা সমিতিৰ কাৰ্যালয়ৰ চাবি- কাঠি, নথি পত্ৰ চমজাই নিদি, (উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিপৰীতে) উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ৰাইজে ভংগ কৰি দিয়া সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, কাৰ্যকৰী সভাপতি প্ৰভাত কলিতা।
উচ্চতম ন্যায়ালয়ত মুখ থেকেচাঃ-
বিষয়টোক লৈ উচ্চতম ন্যায়ালয়েও "উচ্চ ন্যায়ালয়ে ৰায়দান মৰ্মে দ্বায়িত্ব অৰ্পন কৰা তদৰ্থ থান পৰিচালনা সমিতিকে পুনৰ দ্বায়িত্বভাৰ অৰ্পন কৰে আৰু আগন্তুক তিনিমাহৰ ভিতৰত সাধাৰণ সভা পাতি নতুন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দি, এই বটদ্ৰৱা থান পৰিচালনা সমিতি বিষয় সংক্ৰান্তত যদি কোনো আবেদন স্থগিত হৈ আছে, সকলো বিলাক খাৰিজ কৰা হল বুলি যোৱা ১৩ মে'ত গুৰুত্বপূৰ্ণ ৰায়দান কৰে।
পুনৰ উল্লেখ্য, বিগত বৰ্ষৰ ৯ জুনত অনুষ্ঠিত যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্ত সভাপতি ৰূপে থকা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ দ্বি-বার্ষিক সাধাৰণ সভাত পূৰ্বৰ সমিতিখনৰ দিনত সংঘটিত দুৰ্নীতি- অনিয়ম , বিত্তীয় খেলিমেলি আৰু বিভিন্ন অভিযোগত উক্ত সমিতিখনৰ ওপৰত অনাস্থা প্রস্তাৱ সর্বসম্মতি ক্রমে গৃহীত কৰি সমিতিখন ভংগ কৰা হৈছিল।
স্থানীয় ৰাইজ, ভকত বৈষ্ণৱ, আজীৱন সদস্য আৰু সত্ৰীয়া সদস্যৰ উপস্থিতিত অনুষ্ঠিত উক্ত সাধাৰণ সভাতে বিৰাজ মনি বৰদলৈক সভাপতি আৰু শৈলেন শইকীয়াক সম্পাদক হিচাপে লৈ এখন তদৰ্থ(অস্থায়ী) থান পৰিচালনা সমিতি গঠন কৰি থানৰ নিত্য নৈমত্তিক কাম কাজ লগতে প্রশাসনিককে ধৰি সকলো কাম কাজ পৰিচালনাৰ দায়িত্ব অর্পণ কৰে।
নৱগঠিত সমিতি খনে থানৰ নিয়মাৱলী, পৰম্পৰা অক্ষুন্ন ৰাখি যোৱা বৰ্ষৰ ১২ জুনত শপত বাক্য পাঠ কৰি দায়িত্বভাৰ গ্ৰহণ কৰে। পাছত নতুন সমিতিয়ে পূৰ্বৰ সমিতিখনলৈ সকলো নথি পত্ৰ আৰু চাবিকাঠি বিচাৰি পত্ৰ প্ৰেৰণ কৰে।
কিন্ত বিতৰ্কিত পুৰণি সমিতিয়ে সামগ্রী সমূহ নিয়মমতে চমজি নিদি নগাঁও আদালতৰ পৰা এক একপক্ষীয় নিষেধাজ্ঞা জাৰি কৰি সমিতিৰ কাম কাজত বাধা আৰোপ কৰে। তাতোকৈ পৰিতাপৰ বিষয় যে, পূৰ্বৰ ভংগ হোৱা সমিতিৰ সভাপতি আৰু কার্যকৰী সভাপতি যথাক্রমে যোগেন্দ্র নাৰায়ন দেৱ মহন্ত আৰু প্রভাত কলিতাই নগাঁও চিভিল আদালতৰ পৰা পুনৰ এক নিৰেধাজ্ঞা জাৰি কৰে।
পৰৱৰ্তী সময়ত নগাঁৱৰ এখন আদালতে সেই নিষেধাজ্ঞা স্থগিত ৰখাত, তদৰ্থ সমিতিখনে তিনি মাহ সুকলমে থানৰ কাম কাজ পৰিচালনা এক নতুন ৰূপ দিয়ে । কিন্তু ছেপ্টেম্বৰ মাহৰ শেষৰ সপ্তাহত নগাঁৱৰ এখন আদালতে পুনৰ তদৰ্থ সমিতিৰ কাৰ্য পৰিচালনাত বাধা আৰোপ কৰে ।
কিন্তু শেহতীয়াভাবে যোৱা ২৫ এপ্ৰিলত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায় দানেৰে নগাঁৱৰ দুখন আদালতে জাৰি কৰা নিষেধাজ্ঞা বাতিল কৰি তদৰ্থ সমিতিখনৰ কাম কাজত আইনী বাধা আতৰ কৰি বৈধতা প্ৰদান কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উক্ত নির্দেশৰ পিছত ১ মে'ত অস্থায়ী পৰিচালনা সমিতিয়ে দায়িত্ব লৈ পুণৰ কাম কাজ আৰম্ভ কৰিবলৈ কাৰ্যালয়ত প্ৰবেশ কৰে যদিও কাৰ্যালয়ৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ কোঠাৰ দুৱাৰত তলা ওলমি থকা দেখি মাটিতে বহিয়েই কাৰ্যনিবাহক সভা সম্পন্ন কৰে।
কিন্ত পৰিতাপৰ বিষয় যে, পূৰ্বৰ সমিতিয়ে আজি পর্যন্ত থানৰ কাৰ্যালয়ৰ চাবি কাঠি আৰু অন্যান্য নথি পত্র সমূহ প্ৰদান নকৰি উলোটাই উচ্চতম ন্যায়ালয়লৈ বিষয়টো লি যোৱাৰ পাছত পুনৰ মুখ ঠেকেচা খায়। আনহাতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে আজি হঠাৎ বটদ্ৰৱা থানত উপস্থিত হয় আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দল। যাক লৈ ভকত বৈষ্ণৱ সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
বটদ্ৰৱা থানত আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ মোতায়েন বিষয়ক লৈ আজি বিয়লি বটদ্ৰৱা নাগৰিক মঞ্চই সংবাদমেল সম্বোধন কৰে। সংবাদমেল কোনোবা অজ্ঞাত লোকৰ ফোনকলৰ বাবে বটদ্ৰৱা থান চৌহদত হথাৎ আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ মোতায়েন কৰি থানৰ গৰিমা আঘাত কৰা বিষয়ক গৰিহণা দিয়ে নাগৰিক মঞ্চই।
এনেদৰেই যেন ওৰ পৰিল এটা বিৰ্তক তথা কেলেংকাৰীৰ। কিন্তু কোনেও নিবিচাৰে যে, মহাপুষুষজনাই প্ৰতিষ্ঠা কৰা এই থানখন কোনো বিৰ্তক বা কেলেংকাৰীয়ে ঢুকি পাওঁক। মনে-প্ৰাণে থানখনক ভালপোৱা প্ৰতিগৰাকীয়ে বিচাৰে যে, সদায়েই সকলো বিৰ্তক তথা অভিযোগৰ উৰ্ধত থাকক এই বটদ্ৰৱা থান।