এপেক্স বেংকঃ পইন্ট টু বি নোটেড...

এপেক্স বেংকত সংঘটিত অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগৰ সন্দৰ্ভত বেংকটোৰ অধ্যক্ষ তথা সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে এটা প্ৰস্তাৱ আগবঢ়াইছে। সামাজিক মাধ্যমৰ জৰিয়তে বেংকটোৰ

author-image
Asomiya Pratidin
New Update
ভাল ভাৱিছে

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

এপেক্স বেংকত সংঘটিত অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগৰ সন্দৰ্ভত বেংকটোৰ অধ্যক্ষ তথা সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে এটা প্ৰস্তাৱ আগবঢ়াইছে। সামাজিক মাধ্যমৰ জৰিয়তে বেংকটোৰ সন্মানীয় অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰা প্ৰস্তাৱ অনুসৰি, বেংকটোৰ সন্দৰ্ভত যোৱা কিছুদিন ধৰি প্ৰকাশিত বাতৰিয়ে তেওঁ তথা বেংকৰ শুভাকাংক্ষীসকলক চিন্তিত কৰি তুলিছে। 

সেয়েহে এই বাতৰিবোৰৰ সন্দৰ্ভত স্পষ্টীকৰণ দিয়াতকৈ তেওঁ এটা বিকল্প চিন্তা কৰিছে। সেই বিকল্প চিন্তা অনুসৰি তেওঁ অসম ৪গৰাকী জ্যেষ্ঠ সাংবাদিকৰ সৈতে যোগাযোগ কৰি বেংকলৈ নিমন্ত্ৰণ কৰাৰ কথা ভাৱিছে। এই চাৰিজন সাংবাদিকক তেওঁ বেংকৰ পৰিচালন সঞ্চালক নিযুক্তি, ডিজিটেল প্লেটফৰ্মৰ নিবিদা, ৰাজেশ বাজাজে জালিয়াতি কৰি উলিয়াই লৈ যোৱা ধন সম্পৰ্কীয় নথি-পত্ৰ আদি পৰীক্ষা কৰিবলৈ দিব বেংকটোৰ অধ্যক্ষগৰাকীয়ে। 

ইয়াৰ বাবে তেওঁ ৰাজ্য ৪জন বিশিষ্ট সাংবাদিকৰ নাম বিবেচনা কৰি তেওঁলোকক এই কামৰ বাবে নিমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লৈছে। তেওঁ নিৰ্বাচন কৰা ৪সাংবাদিক ক্ৰমে- প্ৰশান্ত ৰাজগুৰু, নিতুমণি শইকীয়া, অতনু ভূঞা আৰু প্ৰণয় বৰদলৈ। তেখেতসকলৰ সৈতে আলোচনা কৰি এটা দিন স্থিৰ কৰিব ফুকনে। এপেক্স বেংকৰ সন্দৰ্ভত প্ৰকাশিত ঋণাত্মক বাতৰিবোৰ কিমান সচাঁ বা মিছাঁ সেয়া চৰজমিন তদন্ত কৰিবলৈ ফুকনে লোৱা এই পদক্ষেপ আদৰণীয়।

এপেক্স বেংকৰ অধ্যক্ষহে বিশ্বজিৎ ফুকন। এপেক্স বেংকৰ মালিক কিন্তু কোনো ব্যক্তি বিশেষ নহয়। এই বেংকটোত আছে অসমৰ খাটিখোৱা মানুহৰ সাচতীয়া ধন। কোনেও নিবিচাৰে অপমৃত্যু হওঁক এই বেংকটোৰ। একেদৰে কোনেও নিবিচাৰে এই বেংকটোত কোনোবাই চলাৱক লুন্ঠন। 

অভিযোগৰ ভিত্তিত, অনুসন্ধানৰ অন্তত কৰা বাতৰিবোৰ কোনোবাই বেংকটোৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ আখ্যা দিব পাৰে, কিন্তু সেই যুক্তি কিমান যুক্তিসংগত?  বিসংগতি বোৰ পোহৰলৈ অনাৰ বাবে চেষ্টা কৰা সকল দোষী, নে এনে অনিয়ম কৰা সকলক দোষী?

আমি আশাবাদী, বিশ্বজিৎ ফুকনৰ এই পদক্ষেপে এপেক্স বেংকক নিকা কৰাত সহায় কৰিব। যিকেইজন জ্যেষ্ঠ সাংবাদিকক তেওঁ এই খবৰবোৰৰ সত্যত্যা-অসত্যত্যা নিৰূপণৰ বাবে বেংকটোলৈ নিমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লৈছে, সেই জ্যেষ্ঠসকলে সম্পূৰ্ণ প্ৰস্তুতিৰে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব।

আমি কিছু দিশ উনুকিয়াই থব খুজিছো এইখিনিতে। ৰাজেশ বাজাজক ডিমাণ্ড বিল পাৰছেচ একাউন্টৰ জৰিয়তে ২০কোটি ৩০লাখ টকা দিয়া হৈছিল। ৰিৰ্জাভ বেংকৰ নিৰ্দেশ অনুসৰি এই ডি বি পি অৰ্থাত ডিমাণ্ড বিল পাৰছেচ একাউন্টৰ জৰিয়তে কাৰোবাক ধন দিয়াতো বন্ধ কৰা হৈছিল। 

২০১৬চনতে এই নিৰ্দেশ জাৰি কৰিছিল ৰিৰ্জাভ বেংকে। হয়তো এপেক্স বেংকৰ মুখ্য কাৰ্যালয়লৈ তেনে নিৰ্দেশ আহিছিল। সেয়া কিন্তু বেংক কৰ্তৃপক্ষই কিয় ইমানদিনে কাৰ্যকৰী কৰা নাছিল। বেংকটোৰ অধ্যক্ষ বিশ্বজিৎ ফুকনক আমি বিনম্ৰতাৰে সুধিছো- সম্ভৱত ২০২২ৰ জুলাইতেই ডি বি পিৰ জৰিয়তে বেংকৰ ধন উলিয়াই নিছিল ৰাজেশ বাজাজে। 

তেতিয়া সেই ধনৰ পৰিমাণ কোটিৰ ঘৰত নাছিল। অলপ অলপকৈ তেওঁ ধন নি আছিল বেংকৰ পৰা। সেই বছৰৰ ডিচেম্বৰত ৫কোটি টকা ৰাজেশ বাজাজক একেলগে দিছিল ডি বি পিৰ জৰিয়তে। এই ধন দিবলৈ বেংকৰ বিষয়াক বৰ্তমানৰ পৰিচালন সঞ্চালকে লিখিত নিৰ্দেশ দিয়াতো মিছা নেকি?

২০২৩ৰ মাৰ্চৰ ৩১তাৰিখৰ ভিতৰত সেই ধন বাজাজে বেংকক ঘূৰাই দিছিল। বেংকে ইয়াৰ বাবদ ৪৫লাখ টকাৰ কমিছন লৈছিল। ৰিৰ্জাভ বেংকৰ নিৰ্দেশ অমান্য কৰি বেংকটোত ডি বি পিৰ জৰিয়তে ধন কিয় দি থকা হৈছিল?  কেৱল এজন শাখা পৰিচালকে এই কাম কৰাতো সম্ভৱনে?

২০২৩ৰ এপ্ৰিলৰ সম্ভৱত ২তাৰিখে আকৌ ডি বি পিৰ জৰিয়তে ধন নিছিল বাজাজে। প্ৰথমে ১৫কোটি আৰু তাৰ পিছত ৫কোটি ধন দিবলৈ কোনে অনুমোদন দিছিল? এই খবৰ ফাদিল হোৱাৰ পাছত বিশ্বজিৎ ফুকনে বেংকৰ লগতে নিজাকৈ গোচৰ ৰুজু কৰিছিল।

দিছপুৰ এপেক্স বেংকৰ শাখা পৰিচালক বিকাশ ৰঞ্জন দাসক ইয়াৰ বাবে বেংকে দোষী সাব্যস্ত কৰি নিলম্বন কৰিছিল। ইমান ডাঙৰ এটা খেলিমেলি কৰা এই বেংক বিষয়াগৰাকীয়ে আদালতত এই সন্দৰ্ভত কি তথ্য দাঙি ধৰিছিল?  প্ৰাপ্ত তথ্য অনুসৰি কেছ নং- WPC/3587/2024ৰ ৰায়দান দি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৩১/০১/২০২৪ত উল্লেখ কৰিছিল ৩টা বিশেষ দিশ। 

প্ৰথম এই কেলেংকাৰীত অভিযুক্ত বুলি বেংকে চিনাক্ত কৰা বেংক শাখা পৰিচালকগৰাকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা তথ্যপাতি বিচাৰিছিল। সেই তথ্য বেংকক দিবলৈ নিৰ্দেশ দিছিল ন্যায়ালয়ে। লগতে বেংকে যিগৰাকী অনুসন্ধানকাৰী বিষয়া নিয়োগ কৰিছিল সেইজনক বদলি কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে এই অনিয়মৰ সৈতে বেংকটোৰ উৰ্ধতম কৰ্তৃপক্ষ জড়িত হৈ থকাৰ কথা ৰায়দানত উল্লেখ কৰা নাইনে?

যদি বিশ্বজিৎ ফুকনে সেই ৰায়দান পঢ়া নাই, ৰায়দানৰটোৰ দ্বিতীয় পেৰাগ্ৰাফত থকা কথাখিনি এবাৰ পঢ়ি বুজি ল’ব। তাৰ পাছতেই প্ৰশ্ন আহিব, বেংকৰ অভিযুক্ত শাখা পৰিচালকজনে আদালতত তেওঁৰ সপক্ষে কি কি তথ্য দাঙি ধৰিছিল।

বেংকৰ পৰিচালন সঞ্চালক গৰাকীয়ে মোবাইলত তেওঁক টকা ৰিলিজ কৰিবলৈ দিয়া নিৰ্দেশৰ বাৰ্তালাপ আদালতৰ মজিয়া পোৱাগৈ নাছিলনে? যদি সেয়াই হয়, বিশ্বজিৎ ফুকনৰ ঘনিষ্ঠ বুলি পৰিচিত পৰিচালন সঞ্চালক  ডম্বৰুধৰ শইকীয়াৰ বিৰুদ্ধে গোচৰ কিয় কৰা নহ’ল, সেই কথা ফুকন ডাঙৰীয়াই স্পষ্ট কৰিবনে?

এয়া অনিয়মৰ এক উদাহৰণ। বিশ্বজিৎ ফুকনে প্ৰত্যাহ্বান জনাইছে বেংকটোৰ বৰ্তমানৰ পৰিচালন সঞ্চালকগৰাকীৰ নিযুক্তিত কোনো অনিয়ম হোৱা নাই। যদি সেয়ে হয়, তেনে এইগৰাকী বিষয়াৰ জব প্ৰফাইল তেওঁ ৰাজহুৱা কৰিব পাৰিবনে? অভিযোগ আছে ডম্বৰু শইকীয়াক এই বেংকৰ এম ডি ৰূপে নিযুক্তি দিয়াত মুখ্য ভূমিকা লৈছিল বিশ্বজিৎ ফুকনে।

পূৰ্বতে ‘দ্য মেঘালয়া কো অপাৰেটিভ এপেক্স বেংক’ৰ এচিচটেন্ট জেনেৰেল মেনেজাৰ আছিল। অভিযোগ উঠিছিল সেই পদ এপেক্স বেংকৰ বান্স মেনেজাৰৰ সমপৰ্যায়ৰ। সেয়েহে ডম্বৰুধৰ শইকীয়াই ৫বছৰৰ এই পদৰ বাবে থাকিব লগা অভিজ্ঞতাৰ অবিহনে পৰিচালন সঞ্চালক পদত নিযুক্তি দিয়া হৈছিল। যিখন নিযুক্তি পত্ৰত খোদ বিশ্বজিৎ ফুকনে ১৪/১২/২০২০ত চহী কৰিছিল। 

জব প্ৰফাইল ৰাজহুৱা আৰু তদন্ত কৰিলেই সকলো স্পষ্ট হৈ পৰিব। বেংকত ডিজিটেল প্লেটফৰ্মৰ নিবিদাত কোনো অনিয়ম হোৱা নাই বুলি কোৱা হৈছে। বিশ্বজিৎ ফুকনে নতুন দিল্লী ভিজিলেন্স কমিছনাৰলৈ ৩০জানুৱাৰী, ২০২৫ত লিখা পত্ৰখন অস্বীকাৰ কৰিলেও এই সন্দৰ্ভত অসম চৰকাৰৰ সমবায় বিভাগৰ উপ সচিবে ৩/০৩/২০২৫ত দিয়া নিৰ্দেশনাটোক নুই কৰিব পাৰিবনে?

যিটো নিৰ্দেশনা উপ সচিব শান্তুনু গগৈয়ে কো অপাৰেটিভ ছচায়েটিৰ পঞ্জীয়কক সমগ্ৰ বিষয়টো তদন্ত কৰি ১৫দিনৰ ভিতৰত প্ৰতিবেদন জমা দিবলৈ কৈছিল। যদি একো হোৱাই নাছিল, এনে চৰকাৰী নিৰ্দেশনা দিয়াৰ কাৰন কি? 

বেংকত নিযুক্তিৰ ক্ষেত্ৰত বিশ্বজিৎ ফুকনে দাবী কৰা ধৰণেই ধৰি ল’লো কোনো অনিয়ম হোৱা নাই। কিন্তু এই নিযুক্তি প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই এপেক্স বেংক ষ্ট্ৰাফ এছোচিয়েচনে কিয় আদালতৰ কাষ চাপিছিল। যিটো গোচৰ নম্বৰ-  WP(C )/5779/2019 । এই গোচৰৰ ৰায়দান কৰি ২৭/০৬/২০২২তেই ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছিল। 

এই নিৰ্দেশত কোৱা হৈছিল গ্ৰেড-ডি, গ্ৰেড-চি আৰু গ্ৰেড-বি পদত নিযুক্তিৰ বাবে এটা নিৰ্দিষ্ট ৰিকুইন্টমেন্ট পলিচি কৰিবলৈ। কিন্তু সেয়া দুমাহৰ ভিতৰত কৰিবলৈ কোৱা হৈছিল যদিও কৰা হ’লনে? কিয় এই নিৰ্দেশ অমান্য কৰিলে এপেক্স বেংকে।

শেহতীয়াকৈ ডি জি এম পদৰ নিযুক্তিৰ আগত এনেবোৰ খবৰ প্ৰকাশ হোৱাৰ পাছতহে গা লৰিৰ এপেক্স বেংক কৰ্তৃপক্ষৰ । দুদিনমানৰ পূৰ্বে ৩জন বেংক বিষয়া ক্ৰমে- প্ৰদীপ বৰদলৈ, জয়দেৱ শৰ্মা, মণিদ্বীপ শৰ্মাক পদোন্নতি দি আন তিনিটা পদৰ বাবে সাক্ষাতকাৰ গ্ৰহণ কৰা নাইনে?

কেৱল ৰাজেশ বাজাজকে ডি বি পিৰ জৰিয়তে হৈছিলনে, আন কোনো জাতীয় সংগঠনকো প্ৰয়োজনত এনেদৰে ধন দিয়াৰ উদাহৰণ নাই নেকি? বিশ্বজিৎ ফুকনে এই কথাতো ভালদৰে বেংকৰ তথ্য-পাতি চাই উমান লব। 

পত্নী অধ্যক্ষ হিচাপে থকা মহাবিদ্যালয়খনত তেওঁ ছেমিনাৰ পাতিবলৈ ধন দিয়াত আমাৰ কাৰো আপত্তি থাকিব নোৱাৰে। কিন্তু আপত্তি তেতিয়াহে আহে, এইদৰে এখন মহাবিদ্যালয়কে ধন দিয়া হৈছেনে, আন মহাবিদ্যালয়কো উক্ত পৰিমাণৰ ধন দিয়াৰ উদাহৰণ আছে, সেই তালিকা পোহৰলৈ নাহিল। 

এই কথাও স্পষ্ট হব লাগে যে, বৰ্তমান লাভত চলি থকা এই বেংকটোৰ ধন কাৰোবাৰ ক্ষমতাৰ বাবে অনাৱশ্যকভাৱে খৰছ হৈছে নেকি। তেনে অভিযোগ উঠিলে বাতৰি কৰাতো জানো অপৰাধ হব পাৰে?

২০২৪বিত্তীয় বৰ্ষত বিশ্বজিৎ ফুকনে কোৱাৰ দৰে বেংকটোৱে ১০০কোটিৰো অধিক ধন নেট প্ৰফিট কৰিছেনে? এটা সাক্ষাতকাৰত তেওঁ এনেদৰে কৈছিল যদিও দ্য আছাম কৰ্পোৰেটিভ বেংকৰ তথ্য মতে, সেই বছৰ নেট প্ৰফিটৰ পৰিমাণ ১৪কোটি ৮১হাজাৰ ৩২৭.৭২টকাহে। 

এই প্ৰফিটৰ সৈতে ৰাজেশ বাজাজে দিব লগা ২০কোটি ধন যোগ-বিয়োগ হৈ আছেনে নাই, সেয়া বেংক কৰ্তৃপক্ষইহে জানিব। যদি বাজাজৰ এই ধন মৰা যায়, তেনে বেংক লাভত নে লোকচানত আছে সেই অংকও জানো বেলেগকৈ কৰিব নালাগিব?

বিশ্বজিৎ ফুকনে যিমান আৱেগিকভাৱে কথাবোৰ কয়, তথ্যই কিন্তু তেওঁৰ কথাবোৰ সচাঁ বুলি প্ৰমাণ নকৰে। আমি আশাবাদী সন্মানীয় অধ্যক্ষগৰাকীয়ে নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা বুলি প্ৰমাণ কৰিবলৈ যি বিকল্প চিন্তা কৰিছে, সেই পদক্ষেপে এক সুস্থ বাৰ্তা আৰু প্ৰকৃত সত্য পোহৰলৈ আনিব...

এপেক্স বেংক কেলেংকাৰী