/asomiyapratidin/media/media_files/2025/03/18/yLUg7fty6rH0ZcWdCHn0.jpg)
মৃদুল কুমাৰ সন্দিকৈ
নিয়ম বুলি যেন এতিয়া একো নাই। অনিয়মেই চৌদিশে নিয়ম। এইবাৰ এটা বেংকৰ ভিতৰৰ কাহিনী। খলনায়ক ৰূপত আকৌ এজন জনপ্ৰতিনিধি। শাসকীয় বিজেপিৰ বিধায়ক হোৱাৰ সূত্ৰে এই বেংকটোৰ তেওঁ সৰ্বেসৰ্বা।
বিধায়কজন বেংকৰ বৰ্ড অৱ ডাৰেক্টৰছৰ অধ্যক্ষ। বেংকটোত সংঘটিত বহু আৰ্থিক কেলেংকাৰী আৰু অনিয়মৰ খবৰ পুৰণি হ’ল। ৰাজেশ বাজাজ নামৰ ব্যৱসায়ীজনক ২০কোটি টকা অনীতিগতভাৱে গটাই দিয়াৰ আঁৰত সেই জনপ্ৰতিনিধিজনৰে অদৃশ্য হাত আছিল বুলি অভিযোগ উঠিছিল।
সেইবোৰ কাহিনী আৰু কেলেংকাৰী তদন্তৰ নামত কি হৈ আছে, সেয়াহে জনা নাযায়। এইবাৰ বেংকটোৰ এইগৰাকী জনপ্ৰতিনিধিয়ে অধ্যক্ষৰ আসনত বহি তেওঁৰে এজন বন্ধুৰ পত্নীক বেংকটোৰ গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত কৰিবলৈ ব্লুপ্ৰিন্ট চূড়ান্ত কৰিছে।
বিধায়কগৰাকীৰ নাম- বিশ্বজিৎ ফুকন। বেংকটোৰ নাম- আছাম কৰ্পাৰেটিভ এপেক্স বেংক। ৭জানুৱাৰী, ২০২৫ত বেংকটোৱে এক বিজ্ঞাপন প্ৰকাশ কৰিছিল। বিজ্ঞাপন নং- ১/২০২৫ । এই বিজ্ঞাপন আছিল বেংকটোত খালী থকা তিনিটা জেনেৰেল মেনেজাৰ(অফিচাৰ গ্ৰেড-বি) আৰু চাৰিটা ডেপুটী জেনেৰেল মেনেজাৰ( অফিচাৰ গ্ৰেড-চি) নিযুক্তিৰ বিজ্ঞাপন।
১৯৪৮চনতে স্থাপন কৰা দ্য আছাম কৰ্পাৰেটিভ এপেক্স বেংকৰ আছে ৬৭টা শাখা আৰু ৬টা জৰ্নেল অফিচ। এনে এচাম দুৰ্নীতিগ্ৰস্ত জনপ্ৰতিনিধিয়ে অতি কৌশলৰে এই বেংকটোক ব্যক্তিগত সম্পত্তি কৰি পেলাইছে।
খবৰ অনুসৰি সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ এজন বন্ধু আছে। নাম তেওঁৰ জনৈক দাস। দাসে কাম কৰে আই চি চি আই বেংকত। দাসৰে পত্নীয়েও এটা বিত্তীয় প্ৰতিষ্ঠানতে কৰ্মৰত।
বন্ধুৰ পত্নীক ডেপুটী জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি দিবলৈ বেংকটোৰ অধ্যক্ষ ফুকনে সকলো ব্যৱস্থা ইতিমধ্যে কৰি পেলাইছে। সেই অনুসৰি, অহা ২২ আৰু ২৩মাৰ্চ, ২০২৫ত অনুষ্ঠিত কৰিব ইয়াৰ বাবে নিয়মমাফিক সাক্ষাৎকাৰ।
বেংকটোৰ আন বিষয়া-কৰ্মচাৰীসকলে বেংকৰ নিযুক্তি প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই আদালতৰো কাষ চাপিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ত সেই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ নম্বৰ আছিল- WP© /5779/2019। এই গোচৰৰ ৰায়দান কৰি ন্যায়ালয়ে ২৭/০৬/২০২২ত এপেক্স বেংক ষ্ট্ৰাফ এছোচিয়েশ্যনৰ এই আবেদনৰ ভিত্তিতে ন্যায়ালয়ে বেংকৰ নিযুক্তিৰ সন্দৰ্ভত এটা বেংক ৰিকুইন্টমেন্ট পলিচী তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিছিল।
ন্যায়ালয়ৰ সেই নিৰ্দেশ ইমানদিনে কাৰ্যকৰী নহ’ল। নিৰ্দেশটোত ন্যায়ালয়ে বেংকৰ আন বিষয়া-কৰ্মচাৰীসকলে বিচৰাৰ দৰেই ৫০শতাংশ এনে পোষ্টত নিযুক্তি বেংকৰ আন বিষয়াসকলৰ প্ৰমোচনৰ পৰা দিবলৈ কোৱা হৈছিল।
ন্যায়ালয়ৰ এইবোৰ নিৰ্দেশ বিশ্বজিৎ ফুকনে নামানে। তেওঁৰ কথাই এতিয়া বেংকটোৰ আইন আৰু নিয়ম। আনকি নিৰ্দেশটোত বৰ্ড অৱ ডাৰেক্টৰছৰ এই সন্দৰ্ভত এটা পলিচী দুমাহৰ ভিতৰতে তৈয়াৰ কৰি নিযুক্তি ব্যৱস্থা কৰিবলৈ কৈছিল।
সেই সকলোবোৰলৈ পিঠি দি এতিয়া নিজৰ মানুহ নিযুক্তিৰ বাবে বিশ্বজিৎ ফুকন সাজু হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও এই বেংকটোৰ অন্যতম শীৰ্ষ পদবীধাৰী। সঞ্চালক পদত আছে ড০ শৰ্মা। কিন্তু তেওঁ নামতহে। সকলো কাম কৰে বিশ্বজিৎ ফুকনে।
আনকি বেংকটোৰ বৰ্তমানৰ পৰিচালন সঞ্চালক অৰ্থাৎ এম ডি নিযুক্তিতো কোনো নীতি-নিয়ম নমনাৰ অভিযোগ উত্থাপন হৈছিল ২০২০চনতে। মেঘালয়ৰ এটা বেংকত বান্স মেনেজাৰ হিচাপে কৰ্মৰত এজন লোকক আনি খেয়াল-খুচিমতে বিশ্বজিৎ ফুকনে এম ডি ৰূপে নিযুক্তি দিছিল।
১৪/১২/২০২০ত ৰেফাৰেন্স নং-ACAB/CHAIRMAN’S OFFICE/MD – APPTT/2020ৰ যোগে ডম্বৰু শইকীয়া নামৰ ব্যক্তিগৰাকীক এই বেংকটোৰ পৰিচালন সঞ্চালক হিচাপে দিয়া নিযুক্তি পত্ৰত চহী কৰিছিল স্বয়ং বিশ্বজিৎ ফুকনে।
০৪/০৯/২০২০ত সাক্ষাৎকাৰ অনুষ্ঠিত হোৱা দেখুৱাই বেংকটোৰ অধ্যক্ষৰ অনুমোদন সাপেক্ষে শইকীয়াক এই পদত বহুৱাই তেতিয়াই ৫বছৰৰ বাবে এই নিযুক্তি দিয়া হৈছিল।শইকীয়াৰ দৰমহা নিৰ্ধাৰণ কৰা হৈছিল ১লাখ ৮০হাজাৰ।
প্ৰতিমাহত এই ধন তেওঁ দৰমহা পোৱা উপৰিও আন ভাট্টা, ঘৰ ভাড়া আদি সা সুবিধা প্ৰদান কৰা হৈছিল। নিজৰ মানুহ শইকীয়াক বেংকৰ ফালৰ পৰা দিয়া আন সুবিধাসমূহৰ ভিতৰত আছিল- চালকৰ সৈতে এখন বাহন, মাহেকত ১০০লিটাৰ পেট্ৰল, বাসভৱনত এজন পিয়ন, প্ৰতিদিনে দুখনকৈ বাতৰি কাকত, মোবাইল ফোনৰ বিল, ভ্ৰমণ বোনাচ ইত্যাদি।
সেইজন ডম্বৰু শইকীয়াক লৈয়ে বিশ্বজিৎ ফুকনে চলাই গৈছে এই বেংকৰ লুন্ঠনৰাজ। এসময়ত নিজৰ মানুহ ৰাজেশ বাজাজক অকৰ্তৃত্বশীলভাৱে বেংকৰ কোটি কোটি টকা দিবলৈ এম ডিৰ জৰিয়তেই তলতীয়া বিষয়াক নিৰ্দেশ দিছিল ফুকনে।
সুযোগ বুজি নিজক সুৰক্ষিত কৰিবলৈ বেংকটোৰ এজন শাখা প্ৰৱন্ধকৰ গাত সকলো দোষ ঠেলি দি তেওঁ ধোৱাঁ তুলসী পাত হৈ থকাৰ চেষ্টা আজিও অব্যাহত ৰাখিছে। ন্যায়ালয়ৰ মজিয়াত ৰাজেশ বাজাজক ধন উলিয়াই দিয়াৰ অপৰাধত অভিযুক্ত শাখা প্ৰৱন্ধকে যেতিয়া এম ডিয়ে তেওঁক সেই ধন প্ৰদান কৰিবলৈ মোবাইলত নিৰ্দেশ দিয়া ফোনকলৰ ৰেকৰ্ডিং ফাদিল হৈছিল, তেতিয়াই গম পোৱা গৈছিল এই সমগ্ৰ কাণ্ডৰ আঁৰৰ মানুহ কোন আৰু কাৰ জৰিয়তে সেই চাবি বিশ্বজিৎ ফুকনে পকায়।
ঘোটালাৰ শেষ নাই এই বেংকত। সেই ঘোটালাবোৰৰ আঁৰৰ মূল মানুহ কোন, সেই কথাও মানুহৰ মুখে মুখে। বেংকত ঋণৰ বিনিময়ত প্ৰদান কৰা এটুকুৰা কোটি টকীয়া মাটিৰ নামত সংঘটিত আন এক কাহিনীও মনকৰিবলগা।
কেনেকৈ কোনে কাৰ আৰ্শীবাদত এইবোৰ কৰি আছে, সেই কথাবোৰ বেংকৰ কৰ্মচাৰীয়ে সবিস্তাৰে জানে। বেংকৰ কৰ্মচাৰীয়েই কোৱামতে, বৰ্তমানৰ এম ডি গৰাকীৰ নিযুক্তিক লৈ সেই সময়ত সন্তুষ্ট নাছিল খোদ মুখ্যমন্ত্ৰী। মু্খ্যমন্ত্ৰী শৰ্মাক ডম্বৰু শইকীয়াই পাৰিব বুলি আশ্বস্ত কৰিছিল বিশ্বজিৎ ফুকনে।
ফুকনৰ মতে এতিয়া বেংক চলি আছে। ডম্বৰু শইকীয়াক শিখণ্ডী কৰি লৈ লুটিব লগা সকলে বেংকটো লুঁটি আছে। বেংকৰ ভিতৰচৰাত নিযুক্তিকে ধৰি আন কেলেংকাৰীবোৰ সুচাৰুৰূপে চলি গৈছে।
এই সকল জনপ্ৰতিনিধিৰ ইচ্ছাত অনিয়মবোৰেই নিয়ম হৈ থাকিব। হয়তো এদিন এই বেংকো দেউলীয়া হৈ বন্ধ হ’ব! তেতিয়াহে হয়তো বাতৰি শীৰ্ষ হ’ব- বিশ্বজিৎ ফুকন বাহিনীৰ লুন্ঠনৰ প্ৰকোপত তলা ওলমিল এপেক্স বেংকত...