কলেজ শিক্ষক সংস্থা! ভিতৰি বৰ বেয়া অৱস্থা...

কলেজৰ শিক্ষক মানেই সমাজৰ সন্মানীয় ব্যক্তি। এই শিক্ষকসকলৰ সংগঠন অসম কলেজ শিক্ষক সংস্থা এটা ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। কলেজ শিক্ষকসকলৰ যিবোৰ অনুষ্ঠান বা সংগঠন দেশত আছে

author-image
Asomiya Pratidin
New Update
ap BIKHEKH LEKHA (22)

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

কলেজৰ শিক্ষক মানেই সমাজৰ সন্মানীয় ব্যক্তি। এই শিক্ষকসকলৰ সংগঠন অসম কলেজ শিক্ষক সংস্থা এটা ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। কলেজ শিক্ষকসকলৰ যিবোৰ অনুষ্ঠান বা সংগঠন দেশত আছে সেইবোৰৰ ভিতৰত অসমৰ এই কলেজ শিক্ষকসকলৰ সংগঠনটো দ্বিতীয় বৃহৎ।

অসম কলেজ শিক্ষক সংস্থা এক বৰ্ণিল ইতিহাস আছে। ১৯৪৯চনৰ এই সংগঠনটো নগাওঁ কলেজত গঠন কৰা হৈছিল। ইয়াৰ লক্ষ্য, উদ্দেশ্যৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ লক্ষ্য বা উদ্দেশ্য আছিল অসমৰ উচ্চ শিক্ষা খণ্ডক সু-সংগঠিত কৰি এক উন্নত পৰ্যায়ৰ শৈক্ষিক পৰিৱেশ গঢ় দিয়া। 

প্ৰফেছৰ আৰ আৰ থমাছ আছিল এই অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক সভাপতি আৰু প্ৰফেছৰ মহেশ চন্দ্ৰ গোস্বামী আছিল প্ৰতিষ্ঠাপক সম্পাদক। প্ৰথম অৱস্থাত এই অনুষ্ঠানটোৰ নাম আছিল- অল আছাম নন গৰ্ভমেন্ট কলেজ টিচাৰ্ছ এচোছিয়েশ্যন। 

নগাওঁ কলেজত অনুষ্ঠিত হোৱা এখন সন্মিলনত এই অনুষ্ঠানটোৰ জন্ম দিয়া হৈছিল। জন্মৰ পৰৱৰ্তী বছৰতেই অনুষ্ঠানটোৰ নাম আছাম কলেজ টিচাৰ্ছ এচোছিয়েশ্যন চমুকৈ ACTA কৰা হয়। ১৯৬১চনত যোৰহাট কনফাৰেন্সত সংগঠনটোৰ সংবিধানখন গৃহীত কৰা হয়।  

বৰ্তমান অসম কলেজ শিক্ষক সংস্থাৰ সেই সংবিধানমতে পৰিচালিত হৈ আহিছে। সাংগাঠনিক দিশত এই সংগঠনটোৰ আছে এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটি, ২১ টা জ'নৰ পৰা প্ৰতিনিধি আৰু ২০০ৰো অধিক শিক্ষক গোট। গুৱাহাটী চলাপাৰাত আছে ইয়াৰ কেন্দ্ৰীয় কাৰ্যালয়।

কলেজ শিক্ষকসকলৰ এই অনুষ্ঠানটোৱে আজিৰ তাৰিখত শিক্ষক-ছাত্ৰ বা ৰাজ্যৰ উচ্চ শিক্ষা পৰিৱেশ গঢ়াত দায়িত্ব পালন কৰিব পাৰিছেনে নাই সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। এই অনুষ্ঠানটোৰ নেতৃত্ব দিয়া সকলৰ বিৰুদ্ধে অভিযোগ সময়ে সময়ে উত্থাপন হৈ আহিছে। 

কলেজ শিক্ষকসকলৰ স্বাৰ্থৰ প্ৰতি সম্পূৰ্ণ উদাসীনতাই পৰিচালিত হৈ আহিছে অসম কলেজ শিক্ষক সংস্থা। সংস্থাৰ সভাপতি জয়ন্ত বৰুৱা আৰু সাধাৰণ সম্পাদক পৰাগ জ্যোতি মহন্তই দীৰ্ঘকাল ধৰি অনুষ্ঠিত কৰিব পৰা নাই সন্থাৰ অধিৱেশন। যাৰ বাবে জৰ্নেলৰ পৰা মূল কমিটিলৈ নিৰ্বাচিত হোৱা সদস্যসকলে মাহ মাহ ধৰি শপত গ্ৰহণেই কৰাৰ সুযোগ লাভ কৰা নাই।

কেৱল হোৱাটছ এপ গ্ৰুপত সাধাৰণ সম্পাদকে দুই এটা মেচেজ দিয়েই পৰিচালনা কৰি আহিছে সংগঠনটো। আনহে নালাগে, কলেজ শিক্ষকসকলৰ SAMARTH পৰ্টেল আৰু OM সংক্ৰান্তৰ জটিলতাখিনিতেই সমাধান কৰিবলৈ উদ্যোগ ল’ব পৰা নাই। 

সন্থাৰ কৰ্মকতাসকলে ২০২৫ৰ ২১জুনত শিক্ষামন্ত্ৰীক লগ ধৰি SAMARTHৰ সমন্বয়ক ড০ প্ৰাঞ্জল বৰুৱাক দিল্লীলৈ গৈ সেই জটিলতাৰ সমাধান কৰাৰ কথা আছিল। বহু কলেজ শিক্ষকে সময়মতে পদোন্নতি পোৱা নাই যদিও সেই দিশতো এই সংগঠনটোৰ ভূমিকা দুখঃজনক। 

অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি জয়ন্ত বৰুৱাই সন্থাৰ হোৱাটছ এপ গ্ৰুপত ঠিকেই মেচেজ দিয়ে। শিক্ষামন্ত্ৰীক ৰাতি ১২.০০বজাত লগ ধৰা, ছেপ্টেম্বৰৰ ভিতৰত পদোন্নতি প্ৰক্ৰিয়া সমাপ্ত কৰা, পূৰ্বতে পদোন্নতি পোৱা সকলৰ পৰৱৰ্তী পদোন্নতিৰ বাবে DUE DATE সহ আবেদনৰ সুবিধা কৰি দিয়া ইত্যাদি।

এনে খবৰো কলেজ শিক্ষকসকলক এইসকলে দিয়ে যে, প্ৰমোচনৰ ফাইল ২০২৪ৰ ৩১ডিচেম্বৰৰ আগতে ডি এই ইলৈ পঠোৱা ব্যৱস্থা আদি। কিন্তু কামবোৰহে সময়মতে নহয়। পদোন্নতি তালিকাৰ ৩খনকৈ খচৰা প্ৰস্তুত কৰাৰ পাছত দেখা পোৱা গৈছিল বহু জ্যেষ্ঠ, যোগ্য কলেজ শিক্ষকৰ নাম তাত অন্তভূৰ্ক্ত হোৱা নাছিল।

সেইসকলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস ঠিকেই দিয়ে তেওঁলোকে। কিন্তু সেই কামবোৰ কৰাৰ ক্ষেত্ৰত চৰকাৰী পক্ষক হেচাঁ দিয়াত বিফল হয়। আনকি মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবেও সময় নাপাই এই সংস্থা নেতৃত্বই। 

সংগঠনৰ নামত যথেষ্ট ধন সংগৃহীত হয়। সেই ধনৰ লোভতেই সন্থাৰ বিষয়বাব লোৱাত তেওঁলোকে বিভিন্ন অভিসন্ধি ৰচে। ইয়াৰ ভিতৰচ’ৰা ইমান ভয়ংকৰ যে কল্পনা কৰিব নোৱাৰি। ২২জুন, ২০২৫ত সন্থাৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল। এই সভাতো বহুবোৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল সন্থাই। 

কাগজে-পত্ৰই তেনে প্ৰস্তাৱ গ্ৰহণ কৰাতেই থাকি যায়। কেৱল পদবীৰ লোভৰ বাবেই ইয়াত প্ৰতিযোগিতা চলে। কলেজ শিক্ষকসকলৰ এইখন এখন পৃথক পৃথিৱী। এই ৰাজহুৱা অনুষ্ঠানটোৰ আয়-ব্যয়ৰ হিচাপ হেনো বহু বছৰ ধৰি হোৱা নাই। 

এনে খবৰো আছে, সংস্থাৰ কৰ্মকতাসকলে অতি কম দুৰত্বৰ স্থানলৈও বিমানেৰে অহাযোৱা কৰি বিলাস কৰে। এফালে কলেজ শিক্ষকসকলৰ সমস্যাসমূহৰ সমাধানত ব্যৰ্থ হোৱা এই সংস্থাটোৱে ৰাজ্যৰ উচ্চ শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰতো চৰকাৰী পক্ষক যথোপযুক্ত পৰামৰ্শ প্ৰদানত ব্যৰ্থ হৈছে। 
অসমৰ সমাজ আৰু শৈক্ষিক জীৱনৰ সংকটকালীন মূৰ্হুতত তেওঁলোকৰ মুখত কোনো মাত শুনিবলৈ পোৱা নাযায়। অথচ, কেইবা সহস্ৰাধিক কলেজ শিক্ষকৰ এইটো এটা শক্তিশালী উচ্চশিক্ষিত লোকেৰে গঠিত অনুষ্ঠান। 

কলেজ শিক্ষকসকলেই এতিয়া সংস্থাৰ বৰ্তমানৰ কৰ্মকতা সকলৰ কাৰু-কাৰ্যক লৈ ক্ষোভিত। দুৰ্নীতি আৰু অনিয়মৰ অভিযোগত অভিযুক্ত নেতৃত্ববাহী সকল চৰকাৰী তৈলমৰ্দনত মছগুল হৈ আছে নিজৰ চাকৰি সুৰক্ষিত কৰাৰ বাবে। এই অনুষ্ঠানটোক নিকা ভাৱে পৰিচালিত কৰিবলৈ নতুন প্ৰজন্মৰো বহু কলেজ শিক্ষক আছে। কিন্তু ভিতৰি থকা লবীবাদে সেইসকলক তেনে সুযোগ প্ৰদান নকৰে। 

সাধাৰণতে এইবোৰ অনুষ্ঠানৰ কথা আৰু ভূমিকাক লৈ সাধাৰণ লোকৰ মাজত আলোচনা নহয়। তাৰ সুযোগ গ্ৰহণ কৰিয়েই এতিয়া অসম কলেজ শিক্ষক সন্থা যেন এটা নিয়মমাফিক অনুষ্ঠানলৈ অৱনমিত হৈছে। 

ৰাজ্যৰ কলেজ শিক্ষকসকলে ইচ্ছা কৰিলে এই অনুষ্ঠানক নতুন মাত্ৰা প্ৰদান কৰিব পাৰে। পদবীৰ লোভত ব্যস্ত হৈ অনুষ্ঠানটোৰ গৰিমাত আঘাত হনা সকলৰ ‘হটাও অভিযান’ চলাব পাৰে। বিশিষ্ট নাগৰিক হিচাপে সমাজত পৰিচিত কলেজৰ শিক্ষকসকলে নিশ্চয় এনে এক প্ৰক্ৰিয়াত অংশ লৈ অসমৰ শৈক্ষিক আৰু বৌদ্ধিক ক্ষেত্ৰখনক সমৃদ্ধ কৰিব। 

লাখ টকা ওপৰৰ দৰমহা পোৱা কলেজ শিক্ষকসকলৰ দান-বৰঙণিৰে আৰ্থিকভাৱে স্বচ্ছল এই  সন্থাটো। অনুষ্ঠানটোৰ ভিতৰচ’ৰাত চলে এতিয়া ক্ষমতাকেন্দ্ৰিক যুঁজ-বাগৰ। ঐতিহ্যমণ্ডিত অসম কলেজ সংস্থাৰ কবৰ খান্দি আছে এচামে। কেনেকৈ আৰু কোনে সেই কাম কৰিছে কলেজ শিক্ষকসকলে ইতিমধ্যে বুজি উঠিছে...

কলেজ শিক্ষক