/asomiyapratidin/media/media_files/2025/06/10/T04oyBpxwADT0Tj0amEf.jpg)
ভাৰত চৰকাৰৰ স্কিল ইণ্ডিয়া আচঁনিৰ নামত চলিছে কি? এই আচঁনিক দুষ্ট চক্ৰই ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে নেকি? শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক স্বনিৰ্ভৰশীল হোৱাৰ সপোন দেখুৱাই চিৰাঙৰ এগৰাকী লোকে এই আঁচনিৰ জৰিয়তে বহিঃৰাজ্যলৈ ৩১গৰাকী যুৱতীক নি অন্য এজেন্সীক গতাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰে ১৮গৰাকী ঘৰলৈ অভিভাৱকে ঘূৰাই আনিছে যদিও বাকী ১৩গৰাকী ধন অভাৱত এতিয়াও বহিঃৰাজ্যতে আছে। সবিশেষ সামৰি চিৰাঙৰ সংবাদাতাৰ সহযোগত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
যি সময়ত ভাৰত চৰকাৰে শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক স্বনিৰ্ভৰশীল হোৱাৰ বাবে স্কিল ইণ্ডিয়া আচঁনিৰ অধীনত বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ কাৰ্যসূচী আগবঢ়াই আছে। তেনেসময়তে চিৰাং জিলা সদৰ কাজলগাঁৱত অণ্টাই গৌৰা নাৰ্জাৰী নামৰ এজন যুৱকৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ স্কিল ইণ্ডিয়া আচঁনিৰ অধীনত ৩১ গৰাকী যুৱতীৰ পৰা নাৰ্চিং প্ৰশিক্ষণ আৰু নিশ্চিত কৰ্মসংস্থান দিয়াৰ প্ৰলোভন দি বুজন পৰিমানৰ টকা আত্মসাত কৰাৰ লগতে যুৱতী সকলক বহিঃৰাজ্যলৈ পঠিয়াই দি তেওঁলোকৰ সৈতে চৰম প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।
যুৱতী দলটোক নাৰ্চিং সেৱা আৰু উচ্চ প্ৰশিক্ষণৰ কথা কৈ তেলেংগনাৰ হাইদৰাবাদত এটা প্লেচমেন্ট এজেন্সিৰ হাতত গতাই দিয়ে । প্লেচমেন্ট এজেন্সিটোয়ে নাৰ্চিং সেৱাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত নাৰ্চিং সেৱাৰ ঠাইত শৌচাগাৰ, বাথৰুম, মজিয়া ছাফাইৰ কামত নিয়োগ কৰে । এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছত প্ৰৱঞ্চনাৰ চিকাৰ হোৱা ১৮ গৰাকী যুৱতীক পৰিয়ালৰ লোকে নিজ ঘৰলৈ উভতাই আনে যদিও ১৩ গৰাকী দুখীয়া ঘৰৰ যুৱতী টকা পইচাৰ অভাৱত নিজ গৃহলৈ উভতিব পৰা নাই বৰ্তমান তেওঁলোক তেলেংগনাত আবদ্ধ হৈ আছে ।
এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছত চিৰাঙৰ কাজলগাঁৱত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰাপ্ত খবৰ অনুসৰি বাসুগাঁও থানাৰ অন্তৰ্গত তিৰিমাৰী গাঁৱৰ বাসিন্দা অন্টাই গৌৰা নাৰ্জাৰীয়ে ভাৰত চৰকাৰৰ নেচনেল স্কিল ডেভেলপমেন্ট কৰ্পোৰেচন অধীনস্থ স্কিল ইণ্ডিয়াৰ নাম ব্যবহাৰ কৰি কাজলগাঁৱত ঘৰ ভাৰা লৈ ইশিনগাইহাদৌৰ নাৰ্চিং (জিডিএ) ট্ৰেইনিং ইনষ্টিটিউট খুলি জিএনএম আৰু জিডিএ দুটা বিভাগৰ নাৰ্চিং প্ৰশিক্ষণ আৰম্ভ কৰি কম খৰচত নাৰ্চিং প্ৰশিক্ষণ আৰু নিশ্চিত কৰ্মসংস্থান দিয়াৰ প্ৰতিশ্ৰুতি সম্পন্ন বিজ্ঞাপন সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল।
উক্ত প্ৰচাৰৰ প্ৰতি আকৰ্ষিত হৈ চিৰাং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বড়ো জনগোষ্ঠীয় লোক সকলে তেওঁলোকৰ শিক্ষিত কন্যা সন্তানক লৈ উক্ত নাৰ্চিং প্ৰশিক্ষণ প্ৰতিষ্ঠান আহি উপস্থিত হয় । নাৰ্চিং প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ গৰাকী তথা প্ৰবঞ্চক অন্টাই গৌৰা নাৰ্জাৰীয়ে বিভিন্ন প্ৰলোভন দি প্ৰশিক্ষণৰ প্ৰাৰ্থী সকলৰ পৰা জিডিএ আৰু জিএনএম নাৰ্চৰ প্ৰশিক্ষণৰ বাবদ নূন্যতম ৬ হেজাৰ পাঁচশ টকাৰ পৰা আৰম্ভ কৰি পঞ্চাশ/ষাঠি হেজাৰ টকা পৰ্যন্ত সংগ্ৰহ কৰিছিল।
প্ৰথমে কোৱা হৈছিল জিএনএম নাৰ্চিং প্ৰশিক্ষণ বাবে ছমাহ আৰু জিডিএ প্ৰশিক্ষণ তিনিমহীয়া হব । কিন্তু ৪৫ দিনতে কেৱল জিডিএ নাৰ্চিং প্ৰশিক্ষণ সমাপ্ত কৰা প্ৰশিক্ষাৰ্থী সকলক পশ্চিমবংগৰ আলিপুৰ দুৱাৰৰ কে, কুণ্ডু নামৰ এগৰাকী ব্যক্তিৰ মালিকানাধীন এমজিওৱাইচিই গ্লোবেল এডুকেচন প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানৰ পৰা জিডিএ নাৰ্চিং কৰ্চ ৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ।
সেই প্ৰমাণ পত্ৰ প্ৰদান কৰা প্ৰতিষ্ঠান আৰু প্ৰমাণ পত্ৰক লৈয়ো এতিয়া ৰাইজৰ মাজত প্ৰশ্ন উদ্বেগ হৈছে । প্ৰবঞ্চক অন্টাই গৌৰা নাৰ্জাৰীয়ে তেওঁৰ নাৰ্চিং প্ৰশিক্ষণ প্ৰতিষ্ঠানত জিডিএ প্ৰশিক্ষণ সম্পূৰ্ণ কৰা ৩১ গৰাকী যুৱকীক উচ্চ প্ৰশিক্ষণ আৰু কৰ্মসংস্থানৰ কথা কৈ প্ৰশিক্ষণৰ বাবে নতুন দিল্লী তাৰ পিছত হাইদৰাবাদ যোৱাৰ বাবে যুৱতী সকলৰ অভিভাৱকৰ পৰা যাতায়াতৰ বাবদ ৫ হেজাৰৰ পৰা ৭ হেজাৰ টকা অতিৰিক্ত ভাবে সংগ্ৰহ কৰে ।
তাৰ পিছত মে মাহৰ ২৫ তাৰিখে নিউ বঙাইগাঁৱৰ পৰা প্ৰথমে নতুন দিল্লীত লৈ যায় তাৰ পিছত ২৮ মে তাৰিখে দিল্লীৰ পৰা ট্ৰেইন যোগে তেলেংগনাৰ ৰাজধানী হাইদৰাবাদ লৈ যায় প্ৰবঞ্চক অণ্টাই গৌৰা নাৰ্জাৰীয়ে । তাৰ পিছত প্ৰবঞ্চক অন্টাই গৌৰা নাৰ্জাৰীয়ে লগত লৈ যোৱা ৩১ গৰাকী নাৰ্চিং প্ৰশিক্ষাৰ্থী যুৱতীক হাইদৰাবাদৰ ইলাইট আউটছোৰ্চিং ছাৰ্ভিচেচ নামৰ এটা প্লেচমেন্ট এজেন্সিৰ হাতত গতাই দিয়ে ।
সেইমতে এজেন্সিটোয়ে যুৱতী সকলক কৰ্মসংস্থানৰ নামত হাইদৰাবাদৰ যশোদা হস্পিতাল নামৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত নাৰ্চিং সেৱাৰ ঠাইত হাউচ কিপিঙৰ কামত নিয়োগ কৰে । ৰোগী সকলৰ সেৱা শুশ্ৰূষাৰ ঠাইত যুৱতী সকলক শৌচাগাৰ, বাথৰুম, মজিয়া পৰিষ্কাৰৰ কাম লগাই দিয়ে। যিটো কাম যুৱতী সকলে কৰিবলৈ বিভিন্ন ধৰনে হেচাঁ প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে ইলাইট আউটছোৰ্চিং ছাৰ্ভিচেচ নামৰ এটা এজেন্সিৰ লোক সকলে।
যুৱতী সকলক থকা খোৱাৰ সুব্যবস্থা নথকাৰ বাবেও যুৱতী সকলে আপত্তি কৰে আৰু তেওঁলোকৰ সৈতে প্ৰবঞ্চনা কৰা হৈছে বুলি চিৰাঙৰ পৰা লৈ প্ৰবঞ্চক অন্টাই গৌৰা নাৰ্জাৰীক লগ ধৰাৰ কথা এজেন্সি কতৃপক্ষক জনায়। কিন্তু এজেন্সিৰ লোকসকলে কয় যে অন্টাই গৌৰা নাৰ্জাৰী ইতিমধ্যেই অসমত গুচি গৈছে বুলি তেওঁলোকক জানিবলৈ দিয়ে । ইয়াৰ পিছতেই শিক্ষিত যুৱতী সকলে বুজি পায় যে তেওঁলোকক উচ্চ প্ৰশিক্ষণ আৰু নিশ্চিত কৰ্মসংস্থান দিয়াৰ নামত অন্টাই গৌৰা নাৰ্জাৰীয়ে তেওঁলোকৰ সৈতে চৰম প্ৰৱঞ্চনা কৰিছে।
তাৰ পিছতেই প্ৰৱঞ্চনাৰ চিকাৰ হোৱা যুৱতী সকলে তেওঁলোকৰ অভিভাৱক সকলৰ সৈতে ফোনযোগে যোগাযোগ কৰি সকল তথ্য অৱগত কৰে । ইয়াৰ পিছতেই অভিভাৱক সকলৰ এটা দল হাইদৰাবাদ গৈ ৩১ গৰাকী যুৱতীৰ ভিতৰত ১৮ গৰাকী যুৱতীক স্বগৃহত ওভতাই আনে । কিন্তু দুৰ্ভগীয়া ১৩ গৰাকী যুৱতীৰ পৰিয়ালৰ আৰ্থিক স্থিতি স্বচ্ছল নথকাত তেওঁলোকক ওভতাই আনিব নোৱাৰিলে । তেওঁলোকে ১/২ মাহ কাম কৰি ঘৰলৈ উভতি আহিব বুলি উভতি অহা ভুক্তভোগী যুৱতী সকলে সংবাদ মাধ্যমৰ আগত সদৰি কৰে।
আশ্চৰ্য্যজনক বিষয় ৩১ গৰাকী যুৱতীক নাৰ্চিং প্ৰশিক্ষণ আৰু কৰ্মসংস্থান দিয়াৰ নামত অসমৰ পৰা বহিঃৰাজ্যত নি সম্ভৱত গোপন বুজাবুজিৰে এটা প্লেচমেন্ট এজেন্সিৰ হাতত গতাই অসমত গুচি অহা প্ৰবঞ্চক অন্টাই গৌৰা নাৰ্জাৰীৰ বিৰুদ্ধে কোনো এটা পৰিয়ালে আৰক্ষীৰ ওচৰত লিখিত অভিযোগ কৰা নাই, যাৰ কাৰনে প্ৰবঞ্চক অণ্টাই গৌৰা নাৰ্জাৰী এতিয়াও মুকলি আকাশৰ তলতে ঘুৰি ফুৰি আছে ।
কাৰণ তেওঁলোকে প্ৰবঞ্চক অন্টাই গৌৰা নাৰ্জাৰীক আইনৰ দ্বাৰা শাস্তি প্ৰদান কৰাৰ বিপৰীতে ভুক্তভোগী সকলে নাৰ্চিং প্ৰশিক্ষণৰ নামত অন্টাই গৌৰা নাৰ্জাৰীয়ে যিমান টকা সংগ্ৰহ কৰিছে সেই টকা ঘূৰাই লোৱাৰ ওপৰত গুৰুত্বাৰোপ কৰা পৰিলক্ষিত হৈছে । ভুক্তভোগী সকলে এবছুৰ উপস্থিতিত প্ৰবঞ্চক অন্টাই গৌৰা নাৰ্জাৰীয়ে আত্মসাত কৰা টকা নিদিষ্ট সময়ৰ ভিতৰত ঘুৰাই দিব বুলি লিখিত প্ৰতিশ্ৰুতি দিছে বুলি অভিভাৱক সকলে জানিবলৈ দিছে । ইয়াৰ পিছতো যদি আত্মসাত কৰা টকা ঘুৰাই নিদিয়ে তেনেহলে প্ৰবঞ্চক অন্টাই গৌৰা নাৰ্জাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।