/asomiyapratidin/media/media_files/2025/06/11/26H0qogUdWv2pLhhPzCa.jpg)
দুখৰ সাগৰত চকুপানীবোৰ শুকাই গৈছিল। বুকুত এটা শিল বান্ধি নিজ কন্যাৰ চিতাত জুই দিলে এগৰাকী পিতৃয়ে। নতুন দিল্লীত পৰীক্ষা দিবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা ছোৱালীজনী আৰু ঘূৰি নাহিল। কন্যাৰ মৃতদেহ ঘৰলৈ ঘূৰাই অনাৰ তীব্ৰ বাসনাৰ স্বত্বেও অসহায় পিতৃয়ে বহিৰাজ্যতেই শেষকৃত্য সম্পন্ন কৰিলে ৰশ্মিতা হোজাইৰ। শেহতীয়া কিছু তথ্য সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
নতুন দিল্লীত পৰীক্ষা দিবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা ছোৱালীজনী আৰু ঘূৰি নাহিল। নাহিল মানে নাহিলেই, ছোৱালীজনীৰ নশ্বৰ দেহটোও ঘৰলৈ আনিব নোৱাৰিলে পৰিয়ালে। ডিমা হাছাওৰ ৰশ্মিতা হোজাইৰ শেষকৃত্য মঙলবাৰে সম্পন্ন কৰা হ'ল উত্তৰাখণ্ডত। অৰ্থৰ অসুবিধাৰ লগতে আৰক্ষীৰ আইনী মেৰপেছৰ বাবে ইচ্ছা থাকিও পৰিয়ালে ৰশ্মিতাৰ মৃতদেহ ঘৰলৈ ঘূৰাই আনিবলৈ সক্ষম নহ'ল।
উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ৪জুন, ২০২৫ত নতুন দিল্লীত ৰেলৱে বিভাগৰ পৰীক্ষা দিবলৈ গৈছিল ৰশ্মিতা। ৫জুন, ২০২৫ত উক্ত পৰীক্ষা দিয়াৰ পাছতে নিৰুদ্দেশ হৈ আছিল মেধাৱী ছাত্ৰীগৰাকী। ৰশ্মিতাৰ সৈতে যোগাযোগ কৰিবলৈ পৰিয়ালে চেষ্টা কৰিও ব্যৰ্থ হৈছিল। তাৰ পিছতে হাহাকাৰ লাগে পৰিয়ালত।
পৰিয়ালে আৰক্ষীৰ ওচৰ চাপে। অৱশেষত যোৱা মঙলবাৰে উত্তৰাখণ্ডৰ গৰৱালৰ গংগাৰ পাৰত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত পোহৰলৈ আহে যে, ৬জুন, ২০২৫ত দিল্লীৰ পৰা দুই বন্ধুৰ হেমন্ত শৰ্মা আৰু পংকজ কক্কৰৰ সৈতে উত্তৰাখণ্ডৰ ঋষিকেশৰ সমীপৰ শিৱপুৰী কেম্পলৈ গৈছিল ৰশ্মিতা। তাৰ পিছতে সংঘটিত হৈছিল এই অঘটন।
/asomiyapratidin/media/media_files/2025/06/11/epckCzfZqzpIKi3gs42j.jpg)
পৰিয়ালৰ সদস্যই জানিবলৈ দিয়া মতে, অতি মেধাৱী আছিল ৰশ্মিতা। হাৰিয়ানাৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত দিল্লীত দুটা বছৰ থাকি ইউ পি এছ চিৰ বাবে প্ৰস্তুতি চলাইছিল ৰশ্মিতাই। আৰ্থিক সংকটৰ বাবে তাৰ পিছত গুৱাহাটীলৈ ঘূৰি আহিছিল তেও। হাৰিয়ানাত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰি থকাৰ সময়ৰে বন্ধু আছিল এই হেমন্ত আৰু পংকজ।
আৰক্ষীয়ে ইতিমধ্যে ঋষিকেশৰ এখন হোটলৰ চি চি টিভিৰ ফুটেজত ৰশ্মিতাৰ শেষ মূৰ্হূতত কাৰ সৈতে আছিল তাক স্পষ্ট কৰিছে। উক্ত ফুটেজত ৰশ্মিতা বন্ধু হেমন্তৰ সৈতে এখন দুচকীয়া বাহনত উঠি যোৱা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে দুই বন্ধুক গ্ৰেপ্তাৰ কৰিছিল যদিও মঙলবাৰে তেওলোক দুয়োকে মুকলি কৰি দিয়ে।
/asomiyapratidin/media/media_files/2025/06/11/fCT6XviB2WYaoSmALe88.jpg)
আৰক্ষীয়ে সদৰি কৰা মতে, আত্মহত্যা কৰিছে ৰশ্মিতাই। হত্যাকাণ্ড বুলি প্ৰমাণ কৰিব পৰাকৈ কোনো সমলেই নাই বুলি আৰক্ষীয়ে সদৰি কৰিছে পৰিয়ালক। ৰহস্যজনকভাৱে আৰক্ষীয়ে এই তথ্যও সদৰি কৰিছে যে, পৰীক্ষা ভৱামতে নোহোৱাৰ বাবেই হতাশ গৈ ৰশ্মিতাই এই সিদ্ধান্ত গ্ৰহণ কৰিলে। এতিয়া সচেতন লোকে এই প্ৰশ্নও কৰিছে যে, মৃত্যু হোৱা এগৰাকী যুৱতীৰ মানসিক অৱস্থাৰ কথা কেনেকৈ ইমান স্পষ্টকৈ গম পালে আৰক্ষীয়ে।
ইফালে উত্তৰাখণ্ডত নিজ কন্যাক চিতাৰ ওপৰত তুলি দিলে পিতৃয়ে। এই সমগ্ৰ ঘটনাক লৈ ডিমা হাছাওৰ তিনি সংগঠন ক্ৰমে JADIKHE NAISHO HOSOM (JNH), DIMASA STUDENTS’ UNION (DSU) আৰু DIMASA MOTHERS’ ASSOCIATION (DMA) য়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ৰশ্মিতাৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দাবী জনাইছে। ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচায়ো নিজ সামাজিক মাধ্যমত যুৱতী গৰাকী নিৰুদ্দেশ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়াক লৈ আক্ষেপ প্ৰকাশ কৰে।
/asomiyapratidin/media/media_files/2025/06/11/zFsOqklYsmpvPd334WqJ.jpg)
ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ এই আক্ষেপ কেৱল যেন সামাজিক মাধ্যমতেই যেন সীমাৱদ্ধ থাকিল। ৰশ্মিতাৰ শেষকৃত্য বহিঃৰাজ্যতে সম্পন্ন হোৱাৰ পৰিৱৰ্তে পৰিষদে চৰকাৰৰ সহায়ত নিজ গৃহলৈ উভতাই আনিবলৈ উদ্যোগ গ্ৰহণৰ পোষকতা কৰিছিল সকলোৱ। কিন্তু অৱশেষত সেয়া হৈ নুঠিল। পৰিষদৰ অমনোযোগিতাৰ বাবেই অন্তৰত প্ৰচণ্ড দুখ লৈ এগৰাকী অসহায় পিতৃয়ে বহিঃৰাজ্যতে সম্পন্ন কৰিব লগা হল কন্যাৰ শেষকৃত্য।
ইফালে তদন্তকাৰী আৰক্ষীৰ ভাষ্য শুনাৰ পাছতে ৰশ্মিতাৰ পৰিয়ালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰক্ষীয়ে হতাশাত ভুগি ৰশ্মিতাই আত্মহত্যা কৰিছে বুলি কোৱা কথাক কোনো পধ্যই মানি লব পৰা নাই পৰিয়ালে। ৰশ্মিতাৰ খুৰাকে এই সমগ্ৰ ঘটনাক লৈ কয়- ৰশ্মিতা যথেষ্ট সাহসী ছোৱালী আছিল। দিল্লীত অধ্যয়ন কৰাৰ লগতে বহু দিনৰে পৰাই প্ৰশাসনীয় পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল। অতি সাহসেৰে তাই সকলো জটিল পৰিস্থিতিৰ সৈতে মুখামুখি হৈ আহিছে। সৰুৰে পৰাই তাই প্ৰত্যাহ্বানৰ মাজতে ডাঙৰ হৈছে। গতিকে জীৱনৰ সৈতে যুজি নিজক শেষ কৰি দিব পৰা মানসিকতাৰ গৰাকী ৰশ্মিতা নহয়।'
শেষবাৰৰ বাবে বন্ধুৰ সৈতে প্ৰত্যক্ষ কৰাৰ স্বত্ত্বেও কিয় আৰক্ষীয় পুংখানুপুংখভাৱে তদন্ত নকৰি তেওলোকক এৰি দিলে তাক লৈও প্ৰশ্ন কৰিছে পৰিয়ালবৰ্গই। ইফালে পাহাৰীয়া জিলাখনৰ দল-সংগঠনে এই বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ লগতে ডিমা হাচাও স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ পোষকতা কৰিছে।
ৰশ্মিতাৰ ঘৰত এতিয়া শোকাকূল পৰিৱেশ। সপোন দেখি ঘূৰি ফুৰা ছোৱালীজনীক অকালতে হেৰুৱাই ভাগি পৰিছে মাতৃ। বাৰে বাৰে মনত পেলাইছে তাই স্কুলীয়া দিনত আজুৰি অনা কৃতিত্বৰ কথা। আনফালে বুকুত এটা শিল বান্ধি নিজ কন্যাৰ চিতাত জুই দিলে নিসহায় পিতৃয়ে...