/asomiyapratidin/media/media_files/2025/05/02/3LatcQvJYHz8QCihbZT5.jpg)
পাকিস্তান-চীন ভাই ভাই! পেহেলগাম ঘটনাৰ আঁৰত পাকিস্তানক সহায় কৰিছিল ৰঙা চীনে। শেহতীয়াকৈ ইয়াৰ প্ৰমাণো লাভ কৰিছে তদন্তকাৰী সংস্থাই। পেহেলগামৰ উক্ত স্থানত উদ্ধাৰ হৈছে সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা চীনৰ হুবেই কোম্পানীৰ চেটেলাইট ফোন। সবিশেষ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন...
পেহেলগামৰ নৰসংহাৰ ঘটনাক লৈ নিতৌ পোহৰলৈ আহিছে ন ন তথ্য। তদন্তৰ ভাৰ নিয়াই গ্ৰহণ কৰাৰ পাছতে এই ঘটনাৰ বহু তথ্য মুকলি হৈছে। শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পেহেলগামত ২২ এপ্রিলত পাক সন্ত্রাসবাদীয়ে যি তেজৰ ফাকুৱা খেলিছিল, তাত যে ভাৰতৰ আন এক শত্রু চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ সহায় আছে সেয়া ক্রমাৎ স্পষ্ট হৈছে।
পেহেলগাম আক্রমণতে নহয় সাম্প্রতিক সময়ছোৱাত জম্মু-কাশ্মীৰত সংঘটিত কূটাঘাততো চীনৰ হাত যে আছে তাৰ তথ্যও ভাৰতে লাভ কৰিছে। তথ্য-প্রযুক্তিৰ পৰা আৰম্ভ কৰি সীমান্তত শক্তিশালী বাংকাৰ স্থাপনপর্যন্ত পাকিস্তানক চীনে সক্রিয়ভাবে সহায় কৰি আহিছে।
পেহেলগাম কাণ্ডত চীনে পাকিস্তানক সহায় কৰা সুনির্দিষ্ট প্রমাণ পোৱা গ'ল হত্যাকাৰীয়ে ঘটনাস্থলীত এৰি যোৱা চীনা পেহেলগাম গণ হত্যাকাণ্ডৰ আঁৰত চীন সামগ্রী উদ্ধাৰৰ পাচত। পেহেলগামৰ নৰসংহাৰৰ দিনা এলেকাটোত হুবেই ছেটেলাইট ফোন সক্রিয় হৈ থকাৰ তথ্য ভাৰতে লাভ কৰিছে।
এই ছেটেলাইট ফোনযোগেই সন্ত্রাসবাদীয়ে তেওঁলোকৰ পৃষ্ঠপোষকসকল অর্থাৎ হেণ্ডালাৰ্ছৰ সৈতে নিবন্তৰ যোগাযোগ ৰাখিছিল। এই ছেটেলাইট ফোনটো ট্রেক কৰাৰ বাবে ভাৰতীয় তদন্তকাৰী সংস্থাসমূহে কাৰিকৰী চোৰাংচোৱা আৰু পশ্চিমীয়া চোৰাংচোৱা সংস্থাসমূহৰ সহায় লৈছে। উল্লেখ্য যে হুবেই কোম্পানীৰ সকলো সামগ্ৰী ভাৰতত নিষিদ্ধ।
চীনা ছেটেলাইট ফোন আৰু এনক্রিপটেড মেছেজ এপৰ জৰিয়তেই সীমান্তৰ সিপাৰৰ পৃষ্ঠপোষক বা নিয়ন্ত্রকসকলৰ সৈতে যোগাযোগ ৰাখিছিল পেহেলগামৰ নৃশংস হত্যাকাণ্ড সংঘটিত কৰা সন্ত্রাসবাদীসকলে। পেহেলগামত হত্যাকাণ্ড সংঘটিত কৰা সন্ত্রাসবাদীয়ে 'আল্ট্রা ছেট' নামেৰে জনাজাত এনক্রিপটেড চীনা টেলিকম সামগ্রীও ব্যাপকভাবে ব্যৱহাৰ কৰিছিল।
সাধাৰণতে এই আল্ট্রা ছেট পাকিস্তানী সেনাক চীনে যোগান ধৰি আহিছে যদিও ইতিমধ্যে সেয়া যে সন্ত্রাসবাদীৰ হাতত পৰিছে সেইটো স্পষ্ট হ'ল পেহেলগাম আক্রমণত। আল্ট্রা ছেটৰ ভিতৰত আছে বিশেষভাবে প্রস্তুত হেণ্ডছেটো।
পৰম্পৰাগত জি এছ এম বা চিডি এম এ ম'বাইল প্রযুক্তিৰে এই হেণ্ডছেটচালিত নহয়, বিশেষীকৃত হেণ্ডছেটটো চেলফোন আৰু ৰেডিঅ' তৰংগ প্রযুক্তিৰ সমাহাৰ। ফলত এই হেণ্ডছেটৰ বাৰ্তা প্রতিপক্ষই ধৰা পেলোৱাটো সহজ নহয়।
বার্তা সংবহন আৰু গ্ৰহণ ৰেডিঅ' তৰংগৰে সম্পন্ন হয় আৰু সমগ্র সীমান্ত এক নিয়ন্ত্রণ কক্ষৰে ই সংযোজিত। বার্তাসমূহ চীনা কৃত্রিম উপগ্ৰহৰ জৰিয়তে পাকিস্তানৰ মাষ্টাৰ ছাৰ্ভাৰলৈ প্ৰেৰণ কৰা হয় জটিল সাংকেতিক ভাষাৰে।
চীন হ'ল পাকিস্তানৰ আটাইতকৈ বৃহৎ অস্ত্র আৰু প্রযুক্তি যোগনীয়াৰ দেশ। ভাৰতৰে নিয়ন্ত্ৰণৰেখা এলেকাত পাকিস্তানৰ ভূমিত দেশখনক সামৰিকভাৱে শক্তিশালী উপস্থিতিৰ বাবে সক্রিয়ভারে সহায় কৰি আহিছে চীনে।
সীমান্তত ষ্টীলহেড বাংকাৰ স্থাপনত পাকিস্তানক সহায় কৰাৰ লগতে নিয়ন্ত্রণৰেখাত পাক সেনাৰ বাবে ভূগর্ভগত ফাইবাৰ কেবল স্থাপন কৰিছে চীনে। বিগত বছৰত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত নিহত বিদেশী সন্ত্রাসবাদীৰ জিম্মাৰ পৰা উদ্ধাৰ হৈছিল কেইবাটাও চীনত নির্মিত ছেটেলাইট ফোন, লগতে বেইডু ভিত্তিক চীনা নেভিগেচন ব্যবস্থা।
বেইডুৰ নিয়ন্ত্রক হ'ল 'চাইনা নেচনেল স্পেচ এডমিনিস্ট্রেচন'। ভাৰতীয় নিৰাপত্তা বাহিনীৰ চকুত ধৰা নপৰাত এই নেভিগেচন ব্যৱস্থাই ব্যাপক সুফল দিছে পাকিস্তানী সন্ত্রাসবাদীক। পেহেলগামৰ হত্যাকাৰীয়ে যে এই চীনা নেভিগেচন প্রযুক্তিয়ে ব্যৱহাৰ কৰিছে সেয়া একপ্ৰকাৰ নিশ্চিত।
সীমান্ত এলেকাত পাক সেনাই ব্যৱহাৰ কৰা ট্রাক-পৰিবাহী বৰতোপৰ (এছ এইচ-১৫) সঞ্চালনৰ আলোকচিত্ৰ ভাৰতীয় সেনাই লাভ কৰিছে। অতিৰিক্তভাৱে নিয়ন্ত্রণৰেখা এলেকাত পাক সেনাই ব্যৱহাৰ কৰি আহিছে চীনা ৰাডাৰ ব্যৱস্থা।
আক্ৰমণৰ লক্ষ্য সুনির্দিষ্ট কৰাৰ বাবে পাক সেনাই ব্যৱহাৰ কৰি আহিছে চীনা জে বাই আৰু এইচ জি আৰ ছিৰিজৰ ৰাডাৰ। গুলী-বাৰুদৰ উপৰি মানৱবিহীন বায়ু যান (ইউ এ ভি) চীনৰ পৰা লাভ কৰি আহিছে পাকিস্তানে।
চীনা অস্ত্র-শস্ত্ৰৰেই পাকিস্তানী সন্ত্রাসবাদীয়ে দুষ্কার্য সংঘটিত কৰি অহাৰ স্পষ্ট প্রমাণ পোৱা গৈছিল ২০২৩ চনত জম্মু-কাশ্মীৰৰ চাম্বা জিলাৰ ৰাখ বাৰুটীয়া গাঁৱত পাকিস্তানী ড্রোনে পেলাই থৈ যোৱা অস্ত্ৰৰ টোপোলাৰ পৰা। ভাৰতীয় নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰা অস্ত্ৰখিনিৰ ভিতৰত আছিল তিনিটা চীন নির্মিত পিষ্টল, ছটা মেগজিন, ৪৮ টা বুলেট আৰু চাৰিটা হেণ্ড গ্রেনেড।
পাক অধিকৃত কাশ্মীৰত চীন-পাকিস্তান অর্থনৈতিক কৰিডৰৰ সুৰক্ষাৰ স্বাৰ্থত নে ভাৰতক আর্থিক-সামৰিকভারে দুৰ্বল কৰাৰ বাবে পাকিস্তানক চীনে সহায় কৰিছে নে পাকিস্তানৰ পিচফালে থাকি চীনে ভাৰতৰ বিৰুদ্ধে যুঁজ দি আহিছে তাক লৈ প্রশ্ন উত্থাপন হৈছে। চীন-পাকিস্তানৰ অসৎ সংগই যে দিনকদিনে ভাৰতক বিপদলৈ ঠেলি নিছে সেয়া গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে