পাকিস্তানীয়ে কান্দিছে তিনিচুকীয়াত...

সীমান্তত বাজিছে যুদ্ধৰ দাদামা। দুই ৰাষ্ট্ৰই পৰোক্ষ-প্ৰত্যক্ষভাৱে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে ভাবুকি যুদ্ধ অব্যাহত ৰাখিছে। পহলগামৰ নাৰকীয় আক্ৰমণৰ পাছত এখন সাম্ভাৱ্য যুদ্ধৰ পৰিৱেশ এতিয়া। 

author-image
Asomiya Pratidin
New Update
পাকিস্তানী যুৱতী

যুদ্ধৰ দাদামা বাজিছে সীমান্তত। অশান্ত এতিয়া কাশ্মীৰ। মোৰ কি হব বুলি তিনিচুকীয়া কান্দিছে পাকিস্তানী যুৱতীয়ে। সবিশেষ পঢ়ক অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই বিশেষ প্ৰতিবেদনত...

Advertisment

সীমান্তত বাজিছে যুদ্ধৰ দাদামা। দুই ৰাষ্ট্ৰই পৰোক্ষ-প্ৰত্যক্ষভাৱে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে ভাবুকি যুদ্ধ অব্যাহত ৰাখিছে। পহলগামৰ নাৰকীয় আক্ৰমণৰ পাছত এখন সাম্ভাৱ্য যুদ্ধৰ পৰিৱেশ এতিয়া। 

হেৰুৱাবলৈ একো নথকা পাকিস্তানে ভাৰতক পাৰমাণৱিক বোমা আক্ৰমণৰ হুংকাৰ প্ৰদান কৰিছে। কৈছে-  এনেই সাজু কৰি থোৱা নাই ১৩০ৰো অধিক পাৰমাণৱিক বোমা।

নতুন দিল্লীয়েও সেনাৰ শীৰ্ষৰ বিষয়াৰ সৈতে সঘনাই পৰিস্থিতিৰ পৰ্যালোচনা কৰিছে। দেশদ্ৰোহীৰ অপৰাধত এই আক্ৰমণক প্ৰশ্ন আৰু বিৰ্তকিত মন্তব্য কৰা বহুসংখ্যক লোকক কাৰাগাৰলৈ নিক্ষেপ কৰিছে।

নিষিদ্ধ কৰা হৈছে পাকিস্তানৰ বাতৰি আৰু ইউটিউব চেনেল। কি হব, সেই প্ৰশ্ন এতিয়া সকলোৰে মনত! কিন্তু কেনেদৰে সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা কৰা চিৰবৈৰী পাকিস্তানক ভাৰতে শিক্ষা দিব তাৰ অপেক্ষাত ভাৰতবাসী।

বি বি চি, নিউৰ্য়ক টাইমছৰ খবৰক লৈ ভাৰত নাৰাজ। সন্ত্ৰাসবাদীক উগ্ৰবাদী আখ্যা দি এই সমগ্ৰ কাণ্ডক পাতল কৰাৰ চেষ্টা কৰা বুলি অসন্তুষ্টি প্ৰকাশ কৰিছে ভাৰত চৰকাৰে। 

এনে পৰিৱেশৰ মাজতে পাকিস্তানক লৈ চৰ্চাত আছে অসম। তিনিটা প্ৰশ্নৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আকৌ এবাৰ জবাবদিহি কৰিছে ৰাজ্যৰ এগৰাকী সাংসদক। প্ৰশ্ন তুলিছে- পাকিস্তানলৈ তেওঁ ১৫দিনৰ বাবে যোৱাতো সচাঁ নে মিছা?

এই সাংসদগৰাকীৰ পত্নীয়ে ভাৰতত কাম কৰি পাকিস্তানৰ পৰা দৰমহা লোৱা কথাতো মিছা নেকি?  একেদৰে সাংসদগৰাকীৰ দুই সন্তানৰ ধৰ্ম আৰু নাগৰিকত্ব কি বুলিও প্ৰশ্ন তুলি একেপাত শৰতে দুই চিকাৰ কৰা চেষ্টা কৰিছে।

ৰাজ্যৰ দুই নেতাৰ সেই ৰাজনৈতিক যুদ্ধ পাকিস্তানকেন্দ্ৰিক হৈ গৈ আছে। তাৰ মাজতেই সংবাদ শিৰোনাম দখল কৰিছে এগৰাকী পাকিস্তানী মহিলাই। নাম তেওঁৰ ৰাবিয়া আইয়ুছ।

সেই পাকিস্তানী যুৱতী ২০১৩চনতেই অসমৰ বোৱাৰী হৈছিল। কৰাছীত পাতিছিল অসমৰ এজন যুৱকৰ সৈতে বিয়া। জানিব পৰা মতে, আৱেজ নামৰ যুৱকজনৰ সৈতে তেওঁ বিবাহ পাশত আৱদ্ধ হৈছিল।

বৰ্তমান তেওঁলোক তিনিচুকীয়াৰ বৰপথাৰৰ এটা ভাৰাঘৰত থাকে। ২০২২চনত তিনিচুকীয়ালৈ প্ৰথম আহিছিল ৰাবিয়া। এতিয়া ৰাবিয়াৰ আইয়ুছৰ নাম ৰাবিয়া বেগম। শেষবাৰৰ বাবে ২০২১ত পাকিস্তান ভ্ৰমণলৈ গৈছিল আৱেজ আৰু তেওঁৰ পত্নী ৰাবিয়া।

তিনিচুকীয়াৰ থানা চাৰিআলিত আছে এখন মণিহাৰী দোকান। সেই দোকানখনেই তেওঁলোকৰ জীৱিকাৰ পথ। শেহতীয়া পৰিস্থিতিৰ পাছত চিন্তা বাঢ়িছে ৰাবিয়া আৰু আৱেজৰ পৰিয়ালৰ। কিয়নো অসমৰ এই যুৱকজনলৈ বিয়া হৈ আহিলেও ভাৰতীয় নাগৰিকত্ব পোৱা নাই ৰাবিয়াই।

সেয়েহে ভিছাৰ ম্যাদ উকলাৰ আগতেই দীৰ্ঘম্যাদী ভিছা আৰু নাগৰিকত্বৰ বাবে তেওঁ আবেদন কৰিছিল যদিও সেই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠা নাই। তীক্ষ্ণ নজৰ ৰাখিছে আৰক্ষী আৰু চোৰাংচোৱাই।

ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছে ৰাবিয়া। কি হ  তাক লৈ চিন্তিত আৱেজ। ভাৰত এৰি যাব নোখোজে পাক যুৱতীগৰাকী। হব খোজে তেওঁ ভাৰতৰ নাগৰিক কিয়নো তেওঁ মনে-প্ৰাণে তেওঁ এতিয়া অসমৰ বোৱাৰী।

 

 

ভাৰত-পাকিস্তান