/asomiyapratidin/media/media_files/2025/07/29/ap-bikhekh-pratibedon-2025-07-29-22-36-23.jpg)
অভিনেত্ৰীৰ তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু এগৰাকী কৃতি শিক্ষাৰ্থীৰ। তাৰ পিছতো কোনো অনুশোচনা নাই অভিনেত্ৰী নন্দিনী কাশ্যপৰ। কি শক্তিৰে ইমান বলিয়ান এই অভিনেত্ৰীগৰাকী? পূৰ্বতেও দ্ৰুতবেগত গাড়ী চলোৱা অভিযোগ থকা নন্দিনীৰ কিছু নজনা কথাক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
হিট এণ্ড ৰাণ গোচৰত আটক হোৱা অভিনেত্ৰী নন্দিনী কাশ্যপৰ সন্দৰ্ভত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই। থিয়েটাৰখনৰ প্ৰযোজক বাসু ৰয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে অসমীয়া প্ৰতিদিন ডিজিটেল আগত।
প্ৰযোজকগৰাকীয়ে কয় যে, থিয়েটাৰ কৰ্তৃপক্ষৰ সিদ্ধান্ত কোনো কাৰণতে ৰাইজৰ প্ৰতিকূলে নাযায়। ৰাইজে বেয়া পোৱা বা আদৰি নোলোৱা কোনো অভিনেতা-অভিনেত্ৰীক লৈ ভ্ৰাম্যমাণ চলিব নোৱাৰে। অৱশ্যে এই সংবেদনশীল আৰু কঠোৰ সিদ্ধান্ত ল’বলৈ যাওঁতে যাতে আন সাংস্কৃতিক আৰু অভিনয়ৰ জগতৰ জড়িত লোকসকলৰ স্বাভিমান আৰু আত্মসন্মানত কোনো আঘাত নাহানে তাৰ প্ৰতিও সৰ্তক হৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজধানী থিয়েটাৰে।
অসমীয়া প্ৰতিদিন ডিজিটেলক তেওঁ জানিবলৈ দিয়া মতে, যোৱা ৩দিন ধৰি ৰাজধানী থিয়েটাৰৰ আখৰাত অংশ লোৱা নাই অভিনেত্ৰী নন্দিনীয়ে। সংবাদ মাধ্যমত প্ৰকাশিত খবৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয়- দুটা বছৰৰ কাৰণে ৰাজধানী থিয়েটাৰৰ সৈতে চুক্তিৱদ্ধ হোৱা নাছিল নন্দিনী কাশ্যপ। এবছৰৰ বাবেহে তেওঁ ৰাজধানী থিয়েটাৰত চুক্তিৱদ্ধ হৈছিল আৰু সেই অনুসৰি ৭জুলাই, ২০২৫ৰ পৰা তেওঁ আখৰাত অংশ লৈছিল।
গুৱাহাটীৰ দক্ষিণ গাঁৱৰ সমীপত এক পথ দুৰ্ঘটনা সংঘটিত কৰি পলাই যাব খোজা বুলি নন্দিনীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল। যি দুৰ্ঘটনাত নলবাৰীৰ পলিটেকনিক প্ৰতিষ্ঠানত অধ্যয়নৰত ছামিউল হক নামৰ ছাত্ৰজন আহত হৈছিল। প্ৰথমে তেওঁক জি এম চি এইচত ভৰ্তি কৰা হৈছিল হৈছিল যদিও পৰৱৰ্তী সময়ত এপল হস্পাতালৈ স্থানান্তৰ কৰা হৈছিল। এ’পলতে মঙলবাৰে মৃত্যুক সাৱটি লৈছিল ছামিউলে।
অভিনেত্ৰী নন্দিনী কাশ্যপৰ বিৰুদ্ধে তাৰ পিছতেই সামাজিক আৰু সংবাদ মাধ্যমত সৰৱ চৰ্চা চলিছিল। অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত পৰা তথ্য অনুসৰি, মহানগৰীৰ উচ্চ পদস্থ আৰক্ষী বিষয়াৰ সৈতে থকা সুসম্পৰ্কৰ বাবে দিছপুৰ থানাত তেওঁৰ বিৰুদ্ধে প্ৰথম পৰ্যায়ত গোচৰ ৰুজু হোৱা নাছিল। আনকি, দুৰ্ঘটনা সংঘটিত কৰা অভিনেত্ৰী কাশ্যপক মেডিকেল নকৰাকৈয়ে যাবলৈ দিছিল দিছপুৰ আৰক্ষীয়ে।
অভিনেত্ৰীগৰাকীয়ে পূৰ্বতেও দ্ৰুতগতিত বাহন চলোৱা বহু অভিযোগ আছে। সদ্য মুক্তি প্ৰাপ্ত ৰুদ্ৰ ছবিৰ নায়িকা নন্দিনী কাশ্যপৰ আছে এক চৰ্চিত জীৱন অধ্যায়। বামুণীমৈদামত সপৰিয়ালে বাস কৰা কাশ্যপৰ পিতৃৰ নাম ৰাজু দাস আৰু মাতৃৰ নাম কুঞ্জলতা গগৈ। তেওঁৰ মাতৃ উদ্যমী মহিলা আৰু প্ৰযোজক হিচাপে পৰিচিত।
৩০বছৰীয়া অভিনেত্ৰীগৰাকীয়ে দুবছৰৰ পূৰ্বে এগৰাকী অনা অসমীয়া ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। অৱশ্যে সেই সম্পৰ্ক সাং কৰি তেওঁ অসমীয়া চলচ্ছিত্ৰ জগতৰ সৈতে জড়িত হৈ পৰিছিল শেহতীয়াকৈ। পূৰ্বতে জনকনন্দিনী নামৰ এখন ছবিত অভিনয় কৰিছিল নন্দিনীয়ে।
নায়িকা চৰিত্ৰত অভিনয় কৰা এই ছবিখনৰ এটা গীতক লৈও হৈছিল বিৰ্তক। যিখন ছবিৰ প্ৰযোজক দায়িত্বত আছিল এজন ক্ষমতাশালী লোক। সেই সূত্ৰেই আৰক্ষী তথা প্ৰশাসনৰ সৈতে এক সুসম্পৰ্ক বজাই আছিল অভিনেত্ৰীগৰাকীয়ে। তেওঁৰ ঘনিষ্ঠ মহলে জানিবলৈ দিয়া মতে, এক বেপেৰুৱা জীৱন প্ৰণালীত অভ্যস্ত আছিল এই অভিনেত্ৰীগৰাকী।