এনে কিয় হয়ঃ ইণ্ডিয়ান আৰ্মীত চিপাহী ৪২ত, মেজৰ জেনেৰেলৰ অৱসৰ ৬০ত...

এনে কিয় হয়ঃ ইণ্ডিয়ান আৰ্মীত চিপাহী ৪২ত, মেজৰ জেনেৰেলৰ অৱসৰ  ৬০ত...

ইণ্ডিয়ান আৰ্মী তথা ভাৰতীয় সেনাৰ ভিতৰুৱা কিছু নীতি-নিয়মৰ বিষয়ে আমি বহুতেই নাজানো। সেনা বিষয়া-জোৱানসকলে কি পদ্ধতিৰে কাম কৰে, কিমান দৰমহা পায়, কি কি সুবিধা লাভ কৰে এনে কিছু তথ্যৰে আমাৰ এলানি প্ৰতিবেদনৰ দিহা কৰা হৈছে। ইণ্ডিয়ান আৰ্মীৰ কাৰ্যকাল আৰু তেওঁলোকৰ দৰমহাৰ ভিন্ন তথ্যক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ প্ৰথমখন প্ৰতিবেদন...

তেওঁলোকৰ কান্ধত থাকে দেশৰ কোটি কোটি জনতাৰ নিৰাপত্তাৰ দায়িত্ব। পৰিয়াল, আত্মীয় স্বজনৰ পৰা দূৰত থাকি তেওঁলোকে শত্ৰুৰ ওপৰত ৰাখে তীক্ষ্ণ নজৰ। কিন্তু ইমানখিনি ত্যাগৰ পাছতো তেওঁলোকে পায়নে উচিত মৰ্যদা  তথা সা-সুবিধাসমূহ।

ভাৰতীয় সেনাত ভৰ্তি হোৱাৰ বয়স অতি কম ১৯বছৰ নাইবা অতি বেছি ২৫বছৰ হ’ব লাগে। জীৱনৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়ৰ আৰম্ভণিৰ সময়তে এগৰাকী যুৱক ভৰ্তি হব লগা হয় সেনা বাহিনীত। দেশ ৰক্ষাৰ হকে হাবি-বননি নাইবা সীমান্তত পাৰ হয় তেওঁলোকৰ জীৱন।

জীৱনৰ মূল্যৱান সময়খিনি দেশৰ বাবে সমৰ্পণ কৰাৰ পাছত জীৱনৰ আদবাটতে শেষ হয় তেওঁলোকৰ কৰ্মজীৱন। অৱশ্যে সেনা বাহিনীত প্ৰতিটো ৰেংকৰ বিষয়া-জোৱানৰ অৱসৰৰ সময় পৃথক পৃথক। নিম্নবৰ্গৰ জোৱানতকৈ উচ্চ পদবীধাৰী সেনা বিষয়াৰ কাৰ্যকালৰ সময়সীমা বেছি।

ভাৰতীয় সেনাত X গ্ৰুপৰ চিপাহীসকলৰ কৰ্মজীৱনৰ সময়সীমা হৈছে ২২বছৰ। এই গ্ৰুপৰ চিপাহীসকলে ৪২বছৰ বয়সত অৱসৰ লব লাগে। ইফালে চিপাহীৰ Yগ্ৰুপৰ জোৱানসকলে ২২বছৰ চাকৰি কৰি ৪৮বছৰ বয়সত অৱসৰ লব লাগে।

চিপাহীতকৈ ওপৰ ৰেংকৰ পদবীটো হৈছে হাবিলদাৰ। হাবিলদাৰে ২৬বছৰ চাকৰি কৰি ৪৯বছৰ বয়সত অৱসৰ লোৱাৰ নিয়ম। হাবিলদাৰৰ প্ৰায় সমৰেংকৰ নায়ক পদবীৰ এগৰাকী লোকে ৪৯বছৰ বয়সৰ লৈকে চাকৰি কৰিব পাৰে। নায়কৰ চাকৰি জীৱন হৈছে ২৪বছৰ।

সেনাত কৰ্মৰত এগৰাকী চুবেদাৰে ৫২বছৰ বয়সৰ লৈকে চাকৰি কৰিব পাৰে। প্ৰায় ৩০বছৰ চাকৰি কৰাৰ পাছত সেনাৰ পৰা অৱসৰ লব লাগে এই পদবীত কৰ্মৰত ব্যক্তিয়ে। ইফালে মেজৰ চুবেদাৰৰ চাকৰি জীৱন হৈছে ৩৪বছৰ। এগৰাকী মেজৰ চুবেদাৰে ৫৪বছৰ বয়সত অৱসৰ লোৱাৰ নিয়ম আছে ভাৰতীয় সেনাত।

ইফালে সেনাৰ উচ্চ পদত কৰ্মৰত বিগ্ৰেডিয়াৰ এগৰাকী ৫৬বছৰ বয়সৰ লৈকে চাকৰি কৰিব পাৰে। ইয়াৰ বিপৰীতে এগৰাকী কৰ্ণেলে ৫৪বছৰ, লেফটানেল জেনেৰেলে ৬০বছৰ, মেজৰ জেনেৰেলে ৫৮ আৰু জেনেৰেল শীৰ্ষ অফিচাৰ গৰাকীয়ে ৬২বছৰ বয়সৰ লৈকে চাকৰি কৰিব পাৰে।  

ওপৰৰ এই তথ্যখিনি চালে আপুনি সহজেই বুজিব যে, ভাৰতীয় সেনাত উচ্চ পদস্থ বিষয়াসকলতকৈ নিম্নবৰ্গৰ জোৱান সকলৰ চাকৰিৰ কাৰ্যকাল যথেষ্ট কম। এগৰাকী উচ্চ পদস্থ বিষয়াই যদি ৬০বছৰ বয়সত অৱসৰ লয় তাৰ বিপৰীতে এগৰাকী চিপাহীয়ে ৪২বছৰ বয়সত অৱসৰ লব লাগে।

লক্ষ্যণীয়ভাৱে সেনাৰ চাকৰিৰ পৰা জীৱনৰ আদবাটতে অৱসৰ লোৱাৰ পাছত নিম্নবৰ্গৰ এই জোৱানসকল পুনৰ এটা নতুন জীৱন আৰম্ভ কৰিব লগা হয়। বহু সময়ত এনে জোৱানক পিছৰ পৰ্যায়ত ব্যক্তিগত কোম্পানীতো কাম কৰা দেখা যায়। ইফালে উচ্চ পদস্থ বিষয়াসকলে অৱসৰৰ পাছতো যিধৰণৰ ভাট্টা নাইবা অন্যান্য সুবিধা লাভ কৰে এই চিপাহী পৰ্যায়ৰ জোৱানসকলে তেনে সুবিধা নাপায়। কেন্টিনৰ নামতো যি সুবিধা প্ৰদান কৰা হয়, তাৰে একাংশ সামগ্ৰীৰ বাদে বাকীবোৰত অন্য নাগৰিকৰ দৰেই ধন ব্যয় কৰিব লাগে।

সেনাবাহিনীত জোৱান-বিষয়া সকলৰ দৰমহাৰ ক্ষেত্ৰতো আছে আকাশ-পাতাল পাৰ্থক্য। ২৫-৩০হাজাৰৰ পৰা আৰম্ভ হৈ এই দৰমহা আঢ়ৈ লাখ টকা পৰ্যন্ত হয়গৈ। ইয়াৰোপৰি থাকে অন্যান্য ভাট্টা তথা সা-সুবিধাসমূহ।

7th Pay Commissionৰ আধাৰত ভাৰতীয় সেনা বাহিনীৰ বিষয়াসকলে দৰমহা লাভ কৰে। সেনাবাহিনীত এগৰাকী চিপাহীয়ে মাহিলী লাভ কৰে ২৫হাজাৰ টকা। লেন্স নায়কে ৩০হাজাৰ, নায়কে ৩৫হাজাৰ, হাবিলদাৰে ৪০হাজাৰ, চুবেদাৰে ৪৫হাজাৰ, চুবেদাৰ জেনেৰেলে ৬৫হাজাৰ টকা মাহিলী দৰমহা লাভ কৰে। অৱশ্যে ইয়াৰ লগত যোগ হয় অন্য আনুসংগিক কিছু ভাট্টা।

সেনা বাহিনীত এগৰাকী লেফন্টানেলে ৫৭হাজাৰ টকাৰ পৰা ১লাখ ৭৭হাজাৰ টকা, কেপ্তেইনে ৬১,৩০০টকাৰ পৰা ১লাখ ৯৩হাজাৰ টকা, মেজৰে ৬৯হাজাৰ টকাৰ পৰা ২লাখ ৭হাজাৰ টকা পৰ্যন্ত দৰমহা মাহিলী লাভ কৰে।

লেফন্টানেল কৰ্ণেল এগৰাকী মাহিলী ১লাখ ২১হাজাৰ টকাৰ পৰা ২লাখ ১২হাজাৰ টকা পৰ্যন্ত দৰমহা লাভ কৰে। ইয়াৰ বিপৰীতে এগৰাকী কৰ্ণেলে লাভ কৰে ১.৩০লাখ টকাৰ পৰা ২.১৭লাখ টকাৰ দৰমহা।

ভাৰতীয় সেনাত এগৰাকী বিগ্ৰেডিয়াৰে ১.৩৯লাখ টকাৰ পৰা ২.১৭লাখ টকা, মেজৰ জেনেৰেলে ১.৪৪লাখৰ পৰা ২.১৮লাখ টকা, লেফন্টানেল জেনেৰেলে ১.৮২লাখ টকাৰ পৰা ২.২৪লাখ টকা মাহিলী দৰমহা (Inhand Salary) লাভ কৰে। ভাৰতীয় সেনাৰ চীফ অৱ দ্য আৰ্মী ষ্ট্ৰাফত থকা ব্যক্তিগৰাকীয়ে মাহিলী আঢ়ৈ লাখ টকা দৰমহা লাভ কৰে।

মাহিলী দৰমহা (Inhand Salary)ৰ উপৰিও ভাৰতীয় সেনাৰ জোৱান-বিষয়াসকলে স্থল আৰু বিমান পৰিবহন, ইউনিফৰ্ম, চিকিতসাকে আদি কৰি মুঠ ১০টা অন্য কামত লাভ কৰে Allowance.

এনেকৈয়ে পৰ্যায় অনুসৰি ভাৰতীয় সেনাৰ বিষয়া-জোৱানসকলে লাভ কৰে দৰমহা আৰু ভিন্ন সা-সুবিধা। কিন্তু লক্ষ্যণীয় কথাটো হৈছে ভাৰতীয় সেনাত নিম্ন পৰ্যায়ৰ জোৱানসকলৰ চাকৰি সময়সীমাৰ লগতে দৰমহাও কম আৰু উচ্চপদস্থ বিষয়াসকলৰ চাকৰি সময় তুলনামূলকভাৱে দীঘলীয়া হোৱাৰ লগতে দৰমহাও বেছি।

এনে কিয় হয়ঃ ইণ্ডিয়ান আৰ্মীত চিপাহী ৪২ত, মেজৰ জেনেৰেলৰ অৱসৰ  ৬০ত...
আভা বিলাই গুচি গ’ল বিৰুৱালা ৰাভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in