৯.৪ লাখ একৰ মাটিঃ ৱাকফ বৰ্ডৰ সম্পত্তি, বিৰ্তক আৰু সংশোধনী বিধেয়ক...

ৱাকফ ব’ৰ্ডৰ হাতত থকা মুঠ মাটিৰ পৰিমাণ ৯.৪ লাখ একৰ। এতিয়া প্ৰশ্ন আহিব- এই ৱাকাফ ব’ৰ্ড কি আৰু কেনেকৈ ৱাকাফ ব’ৰ্ডৰ হাত লৈ ইমান বৃহৎ পৰিমাণৰ মাটি আহিল ?

author-image
Asomiya Pratidin
New Update
ৱাকফ বৰ্ড

তীব্ৰ বিৰ্তকৰ মাজতে মাজনিশা লোকসভাত পাৰিত হ'ল ৱাকফ (সংশোধনী) বিধেয়ক। এই বিধেয়ক আইনত পৰিণত হোৱা পিছত কি কি ক্ষেত্ৰত পৰিৱৰ্তন আহিব! দেশৰ তৃতীয় সৰ্বাধিক ভূ- সম্পত্তিৰ গৰাকী হ’ল- ৱাকাফ ব’ৰ্ড। এই বৰ্ডে অতদিনে কেনেকৈ আৰু কি পন্থাৰে কাৰ্য সম্পাদন কৰি আহিছিল, দেশৰ কত কত আছে তেওঁলোকৰ এই সম্পত্তি! অসমত থকা ৱাকফ বৰ্ডৰ সম্পত্তিৰ পৰিমাণ কিমান? অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...

Advertisment

যাৰ আছে মাটি, কাকো নকৰে খাটিৰ ! দেশৰ ভিতৰত সৰ্বাধিক ভূ- সম্পত্তিৰ গৰাকী বাৰু কোন ? কাৰ নামত আছে সৰ্বাধিক মাটি ? কেতিয়াবা এই প্ৰশ্নটো বাৰু আপোনাৰ মনলৈ আহিছেনে ? কাৰণ এতিয়া মাটিয়েই আটাইতকৈ দামী সম্পত্তি। ভাৰতীয় সামৰিক বাহিনীৰ নামত আছে দেশৰ সৰ্বাধিক পৰিমাণৰ ভূ-সম্পত্তি। ১৭.৯৯ লাখ একৰ মাটি আছে দেশৰ বিভিন্ন স্থানত থকা সামৰিক বাহিনীৰ হাতত। তাৰ পাছতে ভাৰতীয় ৰে’ল বিভাগৰ হাতত আছে ১২ লাখৰো অধিক একৰ মাটি।

ইয়াৰ পাছতে দেশৰ তৃতীয় সৰ্বাধিক ভূ- সম্পত্তিৰ গৰাকী হ’ল- ৱাকাফ ব’ৰ্ড। ৱাকাফ ব’ৰ্ডৰ হাতত থকা মুঠ মাটিৰ পৰিমাণ ৯.৪ লাখ একৰ। এতিয়া প্ৰশ্ন আহিব- এই ৱাকাফ ব’ৰ্ড কি আৰু কেনেকৈ ৱাকাফ ব’ৰ্ডৰ হাত লৈ ইমান বৃহৎ পৰিমাণৰ মাটি আহিল ? কেৱল ভূ- সম্পত্তিয়েই নহয়, ৯.৪ লাখ একৰ মাটিৰ উপৰিও ৮.৯ লাখ কোটি অন্যান্য সম্পত্তিৰ গৰাকীৰ এই ৱাকাফ ব’ৰ্ডবোৰ। ৱাকাফ ব’ৰ্ডৰ হাতত থকা মুঠ সম্পত্তিৰ পৰিমাণ আজিৰ তাৰিখত ১.২ লাখ কোটিৰো অধিক হ’ব।

ৱাকাফ হৈছে এক ইছলামিক পৰম্পৰা। আৰবিক শব্দ ‘ৱাকাফ’ৰ পৰা ৱাকাফ ব’ৰ্ড হৈছে। “ৱাকফ”ৰ অৰ্থ হ’ল ইছলামত ধৰ্মপৰায়ণ, ধৰ্মীয় বা দাতব্য হিচাপে সন্নিবিষ্ট কৰা উদ্দেশ্যৰ বাবে স্থাৱৰ বা স্থাৱৰ সম্পত্তি স্থায়ীভাৱে উৎসৰ্গা কৰা। ঐতিহাসিকভাৱে ভাৰতৰ বিভিন্ন সময়ত ৱাকফ প্ৰতিষ্ঠা কৰি সেই সম্পত্তিবোৰৰ দায়িত্ব ইয়াৰ ওপৰত ন্যস্ত কৰা হৈছিল। সমগ্ৰ দেশত ৩২খন ৱাকাফ ব’ৰ্ড আছে।

ভাৰতত ৱাকফৰ ধাৰণাটো দিল্লী চুলতানৰ শাসনৰ পৰাই আৰম্ভ হৈছিল। ইয়াৰ প্ৰাৰম্ভিক উদাহৰণসমূহৰ ভিতৰত অন্যতম হৈছে- চুলতান মহম্মদ ঘোৰীয়ে ২খন গাঁও মুলতানৰ জামা মছজিদত উৎসৰ্গা কৰিছিল। ভাৰতত মুছলমানৰ শাসনৰ ধাৰাবাহিকতা অৱ্যাহত থকাৰ লগে লগে ৱাকাফৰ সম্পত্তিৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। ১৯ শতিকাৰ শেষৰফালে দেশৰ পৰা ৱাকাফ বিলুপ্তিৰ বাবে এক গোচৰ ৰুজু হৈছিল। সেই গোচৰ বৃটিছৰ শাসনকালত লণ্ডনৰ পি ভি কাউন্সিলত চলিছিল। এই গোচৰৰ ৰায় দি ৪জনীয়া বৃটিছ ন্যায়াধীশে ৱাকাফক এক বিপদজনক প্ৰক্ৰিয়াৰ আখ্যা দি ইয়াক অবৈধ ঘোষণা কৰিছিল।

ভাৰতত কিন্তু সেই ৰায় মানি লোৱা নহ’ল। বৰঞ্চ ১৯১৩ চনত মুছলমান ৱাকাফ বৈধকৰণ আইন প্ৰণয়ন হোৱাত এই ৱাকাফ দেশত থাকি গ’ল। স্বাধীনতাৰ পাছত ১৯৫৪ চনত গৃহীত হোৱা ৱাকাফ আইনখনে ইয়াক আৰু দৃঢ় কৰিলে। ভাৰতীয় কেন্দ্ৰীয় ৱাকাফ পৰিষদৰ অধীনত ভাৰত চৰকাৰে ১৯৬৪ চনত এক বিধিগত সংস্থা স্থাপন কৰে।

এই কেন্দ্ৰীয় সংস্থাটোৰ তত্বাৱধানত ৱাকাফৰ ধাৰা ৯ (১)ৰ অধীনত স্থাপন কৰা ৰাজ্যিক ৱাকাফ ব’ৰ্ডৰ অধীনলৈ এই সম্পত্তিবোৰৰ দায়িত্ব আৰু মালিকত্ব প্ৰদান কৰা হয়। ৱাকাফ ব’ৰ্ডৰ কাম- কাজ পৰিচালিত হৈ আহিছে মূলতঃ ১৯৫৪ চনত গৃহীত হোৱা ৱাকাফ আইনৰ জৰিয়তে।

১৯৯৫ চনত এই আইনখন মুছলমানসকলৰ বাবে অধিক অনুকূল কৰি ইয়াক সংশোধিত কৰা হয়। সেয়ে আইনৰ জৰিয়তে ৱাকাফ ন্যায়াধীকৰণসমূহক দেৱানী আদালতৰ সলনি কাম কৰাৰ ক্ষমতা প্ৰদান কৰে। লগতে ৱাকাফ পৰিষদ, ৰাজ্যিক ৱাকাফ ব’ৰ্ড, মুখ্য কাৰ্যবাহী বিষয়াৰ ক্ষমতা, মতাৱল্লীৰ কৰ্তব্য আদি নিৰ্ধাৰণ কৰা হৈছিল।

২০১৩ চনত এই আইন সংশোধন কৰি আৰু কিছুমান নীতি- নিয়ম সাল- সলনি আৰু সংযোজন কৰা হৈছিল। কিন্তু এই আইনখনেও ৱাকাফৰ প্ৰশাসনিক উন্নতি ফলপ্ৰসু পৰিৱৰ্তন আনিব নোৱাৰিলে। ২০২৩ৰ ৮ ডিচেম্বৰত ৱাকাফ এক্ট ১৯৯৫ৰ সংশোধিত এক বিধেয়ক ৰাজ্যসভাত উত্থাপন কৰা হৈছিল।

ৱাকাফৰ নিয়ম অনুসৰি তেওঁলোকৰ অধীনত থকা সম্পত্তিসমূহ আল্লাৰ নামলৈ স্থানান্তৰিত কৰা হয়। সেয়েহে কোনেও ইয়াক ঘূৰাই ল’ব বা নিজৰ নামলৈ প্ৰয়োজনতো স্থানান্তৰ কৰিব নোৱাৰে। এবাৰ ৱাকাফৰ সম্পত্তি বুলি ঘোষণা কৰাৰ পাছত সেয়া চিৰদিনৰ বাবে ৱাকাফৰ সম্পত্তি হৈয়ে ৰৈ যায়।

তাৰ পৰিণামো দেশে ইতিমধ্যে ভোগ কৰিছে। এই অপ্ৰত্যাহাৰযোগ্যতাই বিভিন্ন বিবাদ আৰু দাবীৰ সৃষ্টি কৰিছে। ১৮৫০ চনৰ পৰাই ৱাকফ সম্পত্তি হিচাপে দাবী কৰা বেংগালুৰু ঈদগাহ খেলপথাৰ, চুৰাট পৌৰ নিগমৰ ভৱনকে ধৰি দেশৰ প্ৰায় ২শৰো অধিক ঐতিহ্যপূৰ্ণ স্থান আৰু সম্পত্তিৰ গৰাকী হৈ আছে ৱাকাফ ব’ৰ্ড।

কলকাতাৰ টলিগুংগে ক্লাব, ৰয়েল কলিকতা গলফ ক্লাব, বেংগালুৰুৰ আইটিচি উইণ্ডচৰ হোটেল আটাইকেইটা ৱাকফ ভূমিত আছে বুলি এক বিবাদ সৃষ্টি হৈ আছে এতিয়াও। কিয়নো এবাৰ ৱাকফৰ সম্পত্তি ঘোষণা হোৱাৰ পাছত সেইবোৰ আনৰ নাম হ’ব নোৱাৰাৰ যি আইন, সেই আইনে এইবোৰ ৱাকাফৰ সম্পত্তি কৰি ৰাখিছে।

২০২২ চনৰ ছেপ্টেম্বৰত তামিলনাডু ৱাকফ ব’ৰ্ডে হিন্দু প্ৰধানকৈ বসবাস কৰা সমগ্ৰ থিৰুচেন্দুৰাই গাঁৱখনৰ ওপৰত মালিকীস্বত্ব দাবী কৰিছিল এই আইনৰ অধীনতে। ৱাকাফৰ ধাৰণাত আৰু ইয়াৰ অধীনত থকা সম্পত্তিৰ সন্দৰ্ভত কৰ্তৃত্ব বিভিন্ন দেশে ইতিমধ্যে নুই কৰিছে। ১৯২৪ চনত তুৰ্কী গণৰাজ্যই ৱাকাফ মন্ত্ৰণালয় ভংগ কৰি সেই দায়িত্ব সাধাৰণ প্ৰশাসনৰ হাতত তুলি দিছিল।

ইজিপ্টতো মহম্মদ আলীয়ে কৃষি ৱাকাফ জব্দ কৰি তাৰ নিয়ন্ত্ৰণ সংসদৰ হাতলৈ নিছিল। ৰাছিয়াত অক্টোবৰ বিপ্লৱৰ আগলৈকে ইয়াৰ সম্পত্তিৰ দায়িত্ব ৱাকাফৰ হাতত আছিল যদিও এই বিপ্লৱৰ পাছত সেইবোৰ চৰকাৰে জব্দ কৰিছিল।

কেৱল ভাৰতত ৱাকাফ চলি আছে আৰু চূড়ান্ত অনিয়মেৰে এইবোৰ পৰিচালিত হৈ আহিছে। মতৱল্লীসকলৰ ক্ষমতাৰ অপব্যৱহাৰ, ৱাকাফ পৰিষদ গঠনত থকা ধৰ্মীয় সীমাৱদ্ধতা, সম্পত্তিসমূহৰ সঠিক হিচাপ আৰু পঞ্জীয়ন নোহোৱা, তেনে বহু সম্পত্তি বেদখলকাৰীৰ হাতলৈ যোৱা, অতি কম পৰিমাণৰ ৰাজহ সংগ্ৰহ আদি বহু প্ৰত্যাহ্বানে এই ৱাকাফ আইন সংশোধন কৰাৰ এক অৱকাশ ইতিমধ্যে সৃষ্টি কৰিছে।

দেশত আন ধৰ্মৰ সম্পত্তিৰ বাবে যি সময়ত এনে বিশেষ আইন নাই, তেনে ক্ষেত্ৰত কেৱল এটা বিশেষ ধৰ্মৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা আৰু গ্ৰহণযোগ্যতাকলৈ প্ৰশ্ন উঠিছে। সেয়েহে এই সম্পত্তিসমূহৰ অধিকাৰ, ব্যৱহাৰ সঠিকভাৱে কৰিবলৈ এই আইনখনৰ সংশোধন কৰাৰ কথা বৰ্তমানৰ চৰকাৰে চিন্তা- চৰ্চা কৰিছে। ইয়াৰ পূৰ্বে চাচা কমিটী গঠন কৰি এই সম্পত্তিসমূহৰ কাৰ্যক্ষম আৰু বজাৰযোগ্য কৰিবলৈ কিছু পৰামৰ্শ আগবঢ়োৱা হৈছিল।

২০০৬ চনত চাচা কমিটীয়ে দাখিল কৰা প্ৰতিবেদনত ৱাকাফ পৰিচালনাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়োৱা হয়। যি সময়ত ৱাকাফে মূল সম্পত্তিৰ ১০ শতাংশ ৰাজহ আহৰণ কৰিলেও বছৰি ১২শ কোটি টকা সংগ্ৰহ কৰাৰ বাট আছে, কিন্তু সেয়া সম্ভৱ হৈ উঠা নাই বিভিন্ন কাৰণত।

এই কমিটীয়ে দিয়া পৰামৰ্শ মতে মতৱল্লীৰ কাৰ্যকলাপ আৰু কৰ্তব্য নিয়ন্ত্ৰণ কৰা, দক্ষ ব্যৱস্থাপনা, বিত্তীয় নিৰীক্ষণ ব্যৱস্থা, ৱাকফ পৰিচালনাত কাৰিকৰী বিশেষজ্ঞ অন্তৰ্ভূক্ত, কেন্দ্ৰীয় ৱাকাফ ব’ৰ্ড আৰু ৰাজ্যিক ৱাকাফ ব’ৰ্ডত সাংগঠনিক সংস্কাৰ, মহিলা সদস্য অন্তৰ্ভূক্ত আদি প্ৰধান আছিল। ২০০৮ চনৰ ৪ মাৰ্চত সংসদৰ যুটীয়া কমিটীয়ে এক প্ৰতিবেদন দাখিল কৰিছিল ৱাকাফ সন্দৰ্ভত।

সেই পৰামৰ্শতো ৱাকাফ ব’ৰ্ডৰ বাবে মুখ্য কাৰ্যবাহী নিযুক্তি, সম্পত্তিৰ উপযুক্ত পঞ্জীয়ন, দায়িত্ব পালনত ব্যৰ্থ, মতৱল্লীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰা হৈছে। তেনেবোৰ পৰামৰ্শৰ আধাৰতে সদনত উত্থাপন হৈছিল ৱাকফ (সংশোধনী) বিধেয়ক ২০২৪। এই বিধেয়কত ৱাকাফ আইন ১৯৯৫ৰ নাম সলনি কৰা, ৱাকাফ গঠন ক্ষেত্ৰত বিশেষ কিছু নীতি- নিয়ম মালি চলাৰ বাবে আইনখনৰ সাল- সলনি কৰিব বিচৰা হৈছে।

যেনে- ৫ বছৰ ইছলাম ধৰ্ম পালন কৰা ব্যক্তিয়েহে ৱাকাফ ঘোষণা কৰিব পাৰিব, ধৰ্মীয় উদ্দেশ্যতহে দীৰ্ঘদিনীয়া ব্যৱহাৰৰ ভিত্তিত ৱাকাফ বুলি গন্য কৰা, মহিলা উত্তৰাধিকাৰীকে ধৰি দাতাৰ উত্তৰাধিকাৰীক অগ্ৰাহ্য নকৰা, কোনো সম্পত্তি ৱাকাফ হয় নে নহয় সেয়া নিশ্চিত কৰা, ৱাকাফৰ উপযুক্ত জৰীপৰ ব্যৱস্থা কৰা, ৱাকাফ পৰিষদত দুজন মহিলা সদস্য থকা, পঞ্জীয়ন, ৱাফাৰ সদস্য হিচাপ ৰাজহুৱা কৰা, জিলা প্ৰাশাসনৰ উদ্যোগত সম্পত্তিৰ মূল্যায়ন, অমুছলমান লোকো ইয়াৰ মুখ্য কাৰ্যবাহী বিষয়া হোৱা ইত্যাদি।

এই ৱাকাফ বিধেয়কক লৈ ইতিমধ্যে যথেষ্ট আলোচনা আৰু বিতৰ্কৰ সূচনা হৈছে। ইয়াক কেৱল ধৰ্মীয় দৃষ্টিৰে আজিৰ দিনত চোৱাতো অনুচিত। কিয়নো “এক দেশ এক আইন” দৃষ্টিৰে এই ৱাকাফক মূল্যায়ন কৰা দাবীক কোনেও অস্বীকাৰ কৰিব নোৱাৰে।

দেখা যায় যে পশ্চিমবংগত ৱাকাফৰ অধীনত ৫৯,০৯০ একৰ, উত্তৰ প্ৰদেশত ১৫০০০ একৰ, কেৰালাত ২২৪১০ একৰ, অন্ধ্ৰ প্ৰদেশত ১,৪৫,৫১২ একৰ, কৰ্ণাটকত ১৮,০৩৩ একৰ, মহাৰাষ্ট্ৰত ৯২২০৭ একৰ, ৰাজস্থানত ১,৫৩১৮০ একৰ, গুজৰাটত ৮২৯২ একৰ, হাৰিয়ানাত ২০৮৯৫ একৰ, পঞ্জাৱত ১৭৭৮ একৰ, অসমত ১৯০ একৰ ভূমি আছে। এইবোৰৰ উপৰিও আন স্থাৱৰ- অস্থাৱৰ সম্পত্তি আল্লাৰ নামত দান দিয়া হৈছে যদিও কাৰ্যতঃ সেইবোৰ ভিতৰত বহু সম্পত্তিৰ ভোগ এচাম লোকে অনীতিগতভাৱে কৰি আছে।

ৱাকাফ ব’ৰ্ডৰ সম্পত্তিৰ উপযুক্ত মূল্যায়ন, ব্যৱস্থাপনা আৰু ৰাষ্ট্ৰীয় কল্যাণৰ দৃষ্টিৰে সেইবোৰৰ সদব্যৱহাৰ কৰাতো দেশৰ গৰিষ্ঠসংখ্যক লোকে বিচাৰিছিল। ইয়াক কেৱল ধৰ্মীয় দৃষ্টিৰে গ্ৰহণ নকৰি, আইনগতভাৱে বহল পৰিধিৰে নিৰীক্ষণ কৰি প্ৰয়োজনীয় সংস্কাৰ কৰাতো সময়ৰ আহ্বান বুলি বহু সময়ত যুক্তি দিছিল। 

উল্লেখ্য যে, অসম ব'ৰ্ড অৱ ৱাকফৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাত ক্ৰমান্বয়ে ৮,৫৯০ বিঘা ভূমি আৰু ১৩,৭৪০ বিঘা ভূমি আছে । ৱাকফ সম্পত্তিৰ বেদখল আৰু অবৈধ ব্যৱহাৰৰ ৩২ টা গোচৰৰ শুনানি বৰ্তমান আদালতত চলি আছে ।ইপিনে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনাইদ খালিদে আৰ টি আই ৰ তথ্য সদৰী কৰি কয়," ৰাজ্যৰ ৱাকফ সম্পত্তি কিমান আছে আৰু কিমান বেদখল হৈ আছে সেয়া লৈ অসম ব'ৰ্ড অৱ ৱাকফত আৰ টি‌ আই কৰা হৈছিল । এই আৰ টি আইৰ তথ্যত অধিকাংশ ৱাকফ সম্পত্তি বেদখল হৈ থকাৰ তথ্য ওলাই পৰিছে । গুৱাহাটীতে ৬৬ বিঘা ৩৬ কঠা ১৩৫ লেচা ৱাকফৰ মাটি আছে । এইবোৰৰ অধিকাংশ জি এছ ৰোডৰ আশে-পাশে, শান্তিপুৰ, ফাঁচী বজাৰ আৰু পাণবজাৰত আছে ।

লোকসভাত এতিয়া এই বিল পাৰিত হোৱাৰ পিছতে ৱাকফৰ সম্পত্তিৰ পৰিচালনা আধুনিকীকৰণ, মহিলাৰ অধিকাৰ সুৰক্ষিত কৰা, কেন্দ্ৰীয় ৱাকফ পৰিষদ আৰু ৱাকফ ব’ৰ্ডত ন্যায্য প্ৰতিনিধিত্ব নিশ্চিত কৰা, মামলা হ্ৰাস কৰা, ৰাজহ বিভাগৰ সৈতে ফলপ্ৰসূ সমন্বয় স্থাপন কৰা, ন্যায়াধিকৰণৰ সিদ্ধান্তৰ ওপৰত ন্যায়িক তদাৰকী প্ৰদানৰ দৰে বিষয়ত চৰকাৰে হস্তক্ষেপ কৰিব পাৰিব।

সৰ্বভাৰতীয় মুছলিম পাৰ্ছনেল ল' ব’ৰ্ডে বিধেয়কখনক ব্যক্তিগত আইনত হস্তক্ষেপ বুলি অভিহিত কৰি গণ আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ দিছে। অৱশ্যে চুফী দৰগাহসমূহক প্ৰতিনিধিত্ব কৰা শীৰ্ষ সংস্থা অল ইণ্ডিয়া চুফী ছাজ্জাদানাছিন কাউন্সিলে চৰকাৰৰ এই আইনক আদৰণি জনাইছে। 

ৱাকফ সংশোধনী বিধেয়ক