দৰিদ্ৰতা, শাৰিৰিক বাধাগ্ৰস্ততাক পৰাজয় কৰা 'ৰামচন্দ্ৰ'ৰ কাহিনী এয়া...

সফলতা চমু বাটেৰে নাহে। একগ্ৰতা, নিষ্ঠা আৰু প্ৰচুৰ কষ্টই বাট কাটে সফলতাৰ। ৪বছৰ বয়সতে পলিঅ’ত আক্ৰান্ত হৈ ককালৰ পৰা তলৰ অংশ সম্পূৰ্ণৰূপে বিকল হৈ পৰা এটি শিশুৰ সংঘৰ্ষময় সফলতাৰ কাহিনী এয়া।

author-image
Asomiya Pratidin
New Update
new bikhekh protibedon 25

এয়া ৰামচন্দ্ৰৰ কাহিনী!  অহংকাৰী ৰাৱনক পৰাজয় কৰা ৰামচন্দ্ৰ নহয়! দৰিদ্ৰতা, শাৰিৰিক বাধাগ্ৰস্ততাক পৰাজয় কৰি সপোনৰ সম্ৰাজ্য প্ৰতিষ্ঠা কৰা ৰামচন্দ্ৰৰ কাহিনী এয়া। ২৮টকাৰ পৰা ৬হাজাৰ কোটিৰ বিশাল ব্যৱসায়িক সম্ৰাজ্য প্ৰতিষ্ঠা কৰা এগৰাকী ব্যক্তিক লৈ আজিৰ এই বিশেষ প্ৰতিবেদন...

Advertisment

সফলতা চমু বাটেৰে নাহে। একগ্ৰতা, নিষ্ঠা আৰু প্ৰচুৰ কষ্টই বাট কাটে সফলতাৰ। ৪বছৰ বয়সতে পলিঅত আক্ৰান্ত হৈ ককালৰ পৰা তলৰ অংশ সম্পূৰ্ণৰূপে বিকল হৈ পৰা এটি শিশুৰ সংঘৰ্ষময় সফলতাৰ কাহিনী এয়া।

এই শিশুটিৰ অদম্য সাহস আৰু কিবা এটা কৰাৰ প্ৰচণ্ড কৰ্মস্পৃহাই সলনি কৰি দিলে দেশৰ বাণিজ্যিক ক্ষেত্ৰখনৰ লগতে বহু হাজাৰ লোকৰ জীৱন। শিশুটিৰ নামৰ ৰামচন্দ্ৰ। কলকাতাৰ অতি সাধাৰণ এক পৰিয়ালত জন্ম হৈছিল তেওঁৰ। সম্পূৰ্ণ নাম ৰামচন্দ্ৰ আগৰৱালা।

শৰীৰৰ তলৰ অংশ কাম নকৰাৰ বাবে উচ্চশিক্ষিত হৈও বাৰে বাৰে চাকৰিৰ পৰা উলিয়াই দিয়া হৈছিল ৰামচন্দ্ৰক। চূড়ান্ত অৱহেলাৰ সন্মুখীন হৈ অৱশেষত তেওঁ নিজেই কিবা এটা কৰাৰ সিদ্ধান্ত ললে। হাতত নাছিল ধন, কিন্তু মন আছিল সবল।

ঘৰৰ ওচৰৰে এগৰাকী লোকৰ পৰা ধন ধাৰলৈ লৈ আৰম্ভ কৰিলে এখন ফটোষ্টেট কৰাৰ দোকান। ১বছৰ সেই দোকানতে পাৰ কৰিলে তেওঁ। তাৰ পিছত তেওঁ মন অইন ব্যৱসায়লৈ উৰিল। আৰম্ভ কৰিলে পানীৰ ব্যৱসায়। সেই ব্যৱসায়তো মন নবহিল তেওঁ।

সকলো এৰি তেওঁ আৰম্ভ কৰিলে কাপোৰৰ ব্যৱসায়। ফটোষ্টেটত সৰু দোকানখনতে কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিলে। প্ৰায় ১৫বছৰ ধৰি ৰামচন্দ্ৰই কাপোৰৰ ব্যৱসায়ত মনোনিৱেশ কৰিলে। কাপোৰৰ ব্যৱসায়ৰ ভিতৰখন দেখি তেওঁ অনুভৱ কৰিলে এই ক্ষেত্ৰখনত আছে প্ৰচুৰ সম্ভাৱনা।

সাধাৰণ দৰিদ্ৰ আৰু মধ্যবিত্ত লোকৰ জীৱনশৈলীৰ প্ৰতি ধ্যান ৰাখি তেওঁ আৰম্ভ কৰিলে বিশাল মেগামাৰ্ট। বহুদিনৰে পৰা ডাঙৰকৈ কিবা এটা কৰাৰ প্ৰচণ্ড হেঁপাহ আৰু সপোনে অৱশেষত পূৰ্ণতা পালে ২০০১-০২বৰ্ষত।

আৰম্ভণিৰ প্ৰায় ৭বছৰৰ পাছত দেশৰ ৪১৪খন চহৰত ৬৪৫টা বিশাল মেগামাৰ্টৰ ষ্টোৰ আৰম্ভ হল। দেশৰ শ্বেয়াৰ বজাৰত আগশাৰীৰ ৰিটেইল বিক্ৰী কৰা প্ৰতিষ্ঠানৰ আগস্থান পালে বিশাল মেগামাৰ্টে।

কিন্তু ব্যৱসায় সদায় একে নাথাকে। শ্বেয়াৰ বজাৰত হঠাতে স্থান অৱনমিত হল বিশাল মেগামাৰ্টৰ। ২০০৮চনত শ্বেয়াৰ বজাৰত হোৱা পতনে বিশাল মেগাৰ্মাটৰ ডিঙিত লাগিল ৭৫০কোটি টকাৰ ধাৰৰ বোজা।

২০১১চনৰ লৈকে বিশাল মেগামাৰ্টৰ অৱস্থা তথৈবচ হৈছিল। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ মাত্ৰ ৭০কোটি টকাত ৰামচন্দ্ৰই বিক্ৰী কৰি দিলে বিশাল মেগাৰ্মাট। চন ২০১৮ত কেডাৰা কেপিটেল আৰু পাৰ্টনাৰ গ্ৰুপে ৩৫০মিলিয়ন ডলাৰত ক্ৰয় কৰে এই প্ৰতিষ্ঠানটো।

ভয়ংকৰ লোকচানত পৰি নিজৰ সপোনৰ প্ৰকল্পটো বিক্ৰী কৰিলেও হাৰ মনা নাছিল ৰামচন্দ্ৰ আগৰৱালাই। তেওঁ পুনৰ আৰম্ভ কৰিলে V2 RETAIL নামৰ এটা কাপোৰৰ প্ৰতিষ্ঠান।  ২১মে, ২০২৫ৰ লৈকে এই প্ৰতিষ্ঠানটোৰ মাৰ্কেট ভেল্যু প্ৰায় ৬,৫৩০কোটি টকা।

শাৰিৰিকভাৱে বাধাগ্ৰস্ত হৈও প্ৰচণ্ড ইচ্ছাশক্তিৰ বাবে দেশৰ দুটা অতিকৈ চিনাকি কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানক জন্ম দিছিল ৰামচন্দ্ৰই। এই যাত্ৰা সহজ নাছিল। লোকৰ পৰা ধাৰলৈ লোৱা ধনেৰে ফটোষ্টেট এখন দোকানেৰে আৰম্ভ কৰা এই যাত্ৰাক বহুতে অসম্ভৱ বুলি ভাৱিছিল যদিও, তাক সম্ভৱ কৰি তুলিছিল ৰামচন্দ্ৰই।

শেহতীয়াকৈ যুৱসমাজৰ মাজত হতাশাজনক এক মনোভাৱে পূৰ্বতকৈ অধিক ক্ৰিয়া কৰা দেখা গৈছে। কিবা এটা আৰম্ভ কৰি সহজতে হাৰ মানি দিয়া, কষ্ট কৰিব নোৱাৰা মানসিকতাই এই হতাশা সৃষ্টি কৰে বুলি সমীক্ষাত প্ৰকাশ পাইছে।

শাৰিৰিকভাৱে সম্পূৰ্ণ সুস্থ হৈও এনে হতাশা কিয় আহে?  যিসকলৰ মন অধিক হতাশাৰে ভাৰাক্ৰান্ত তেওঁলোকে ৰামচন্দ্ৰৰ দৰে লোকৰ জীৱনৰ পৰা অনুপ্ৰাণিত হোৱাৰ প্ৰয়োজন আছে। যি জীৱন কাহিনীয়ে এগৰাকী লোকৰ জীৱনত সৃষ্টি কৰিব পাৰে অফুৰন্ত প্ৰেৰণাৰ ভাণ্ডাৰ...

 

VISHAL MEGA MART