বন্ধু হোৱাৰ যোগ্যতা নাই 'ট্ৰাম্প'ৰ!

তেওঁক ভাৰতৰ পৰম মিত্ৰ আখ্যা দিয়া হৈছিল। ভাৰতৰ অতি ঘনিষ্ঠ বন্ধু তালিকাত শীৰ্ষত আছিল তেওঁৰ নাম । কিন্তু বাহিৰৰ পৰা বন্ধু দেখাই ভাৰতৰ সৈতে তেওঁ প্ৰদৰ্শন

author-image
Asomiya Pratidin
New Update
72ed1c0d-8eb5-4998-8937-5b075a8410ad

ভাৰতৰ 'পৰম মিত্ৰ' বুলি দাবী কৰি ডনাল্ড ট্ৰাম্পে ভাৰতৰ সৈতে বন্ধুত্ব নিষ্ঠাৰে ৰক্ষা কৰিব পাৰিছেনে! দুমুখীয়া স্থিতিৰে আমেৰিকা তথা ট্ৰাম্পে কূটনৈতিক দিশৰ কথা বাদেই শেহতীয়াকৈ অৰ্থনৈতিক দিশতো ভাৰতৰ বিৰুদ্ধাচৰণ কৰাত নামি পৰিল। সবিশেষ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...

Advertisment

তেওঁক ভাৰতৰ পৰম মিত্ৰ আখ্যা দিয়া হৈছিল। ভাৰতৰ অতি ঘনিষ্ঠ বন্ধু তালিকাত শীৰ্ষত আছিল তেওঁৰ নাম । কিন্তু বাহিৰৰ পৰা বন্ধু দেখাই ভাৰতৰ সৈতে তেওঁ প্ৰদৰ্শন কৰা শত্ৰুতা সময়ে সময়ে পোহৰলৈ আহে। ভাৰতৰ অতি ঘনিষ্ঠ বন্ধু বুলি দাবী কৰি অহা আৰু দুতলীয়া কৰ্মকাণ্ডত অভিজ্ঞ এই ব্যক্তিগৰাকীয়েই হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প।

ভাৰতৰ সৈতে আমেৰিকাৰ ভিন্ন দিশত আছে সু-সম্পৰ্ক। দুয়োখন দেশৰ মাজত আছে আমদানি-ৰপ্তানিৰ বাবে সুচল ব্যৱস্থা। দুয়োখন দেশৰ মুৰব্বীয়েও দাবী কৰে তেওঁ ভাৰত আৰু আমেৰিকা এখন আনখন দেশৰ পৰম মিত্ৰৰ তালিকাত সদায়েই আছে আৰু থাকিব।  কিন্তু কূটনৈটিক কিছু দিশত আমেৰিকাই ভাৰতৰ সৈতে যি ব্যৱহাৰ বা সিদ্ধান্ত গ্ৰহণ কৰে সেয়া বন্ধুত্বৰ শাৰীত নপৰে।

বিশেষকৈ ডনাল্ড ট্ৰাম্প পুনৰ মাৰ্কিন ৰাষ্ট্ৰপতিৰ আসনত বহাৰ পিছৰে পৰা ভাৰতৰ সৈতে ইটোৰ পিছত সিটো লেঠা লাগিয়েই আছে। ৰাষ্ট্ৰপতিৰ আসনৰ বহাৰ পিছতে আমেৰিকাত থকা প্ৰৱাসী ভাৰতীয়সকলৰ প্ৰতি ট্ৰাম্প চৰকাৰৰ ব্যৱহাৰ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।  বিদেশী বহিষ্কাৰৰ বাবে ট্ৰাম্প চৰকাৰক নীতিক লৈ কবলগীয়া একো নাই। কিন্তু যি পদ্ধতিৰে অবৈধ প্ৰৱাসী ভাৰতীয়সকলক আমেৰিকাই উভতাই পঠালে তাক লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰিছিল। বিশেষকৈ বন্ধু এখন দেশৰ নাগৰিকৰ প্ৰতি মানৱীয়তা প্ৰদৰ্শন কৰি ট্ৰাম্পে বন্ধুত্বৰ পৰিচয় দিব লাগিছিল বুলি অভিজ্ঞ কুটনীতিবিদ সকলে মতপোষণ কৰিছিল।

দিন বাগৰাৰ লগে লগে সেই কথা পাহৰি যোৱা হৈছিল। পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে পেহেলগামত নাৰকীয় ঘটনা সংঘটিত কৰাৰ পাছতে ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰম্ভ কৰিছিল অপাৰেচন সিন্দূৰ। পাকিস্তানৰ প্ৰায় সকলোবোৰ সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতে চলাইছিল আক্ৰমণ। এই আক্ৰমণে যুদ্ধৰ ফালে গতি কৰোতেই আগমন ঘটিল ট্ৰাম্পৰ।

দুমুখীয়া স্থিতিৰে এই সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ বাবে উঠি পৰি লাগিল ট্ৰাম্প। এফালে ভাৰতৰ সৈতে থকা বুলি কৈ পাকিস্তানৰ সৈতেও মিতিৰালিৰ পথ বৰ্তাই ৰাখি আমেৰিকাই এই পৰিস্থিতি নিয়ন্ত্ৰণৰ কৰি বিশ্বগুৰু হিচাপে এক বাৰ্তা দিলে সমগ্ৰ বিশ্বক। ইয়াৰ বিপৰীতে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া পাকিস্তানৰ সৈতে একেশাৰীতে ৰাখি ভাৰতকো বান্ধি দিলে কিছু চৰ্ত। ব্যৱসায়িক লোভ দিয়াৰ বাবেই দুয়োখন দেশে এই যুদ্ধবিৰতি মানি লৈছে বুলি ঘোষণাও কৰিলে ট্ৰাম্পে। এখন বন্ধু ৰাষ্ট্ৰৰ প্ৰতি ট্ৰাম্পৰ এই ব্যৱহাৰে পুনৰ হতচকিত কৰিলে সকলোকে।

কূটনৈতিক এই দিশবোৰৰ উপৰিও ডনাল্ড ট্ৰাম্পে এইবাৰ হাত দিলে দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত। ভাৰত চৰকাৰৰ মেক ইন ইণ্ডিয়াক একপ্ৰকাৰে বুঢ়া আঙুলি দেখালে ট্ৰাম্পে। ভাৰতৰ বৰ্দ্ধিত অৰ্থনৈতিক অৱস্থাটো দেখি যেন হজম হোৱা নাই ট্ৰাম্পৰ। সেয়েহে ভাৰতৰ পৰাই শেহতীয়াকৈ সমগ্ৰ বিশ্বত অধিকাংশ সামগ্ৰী উতপাদন কৰা এপলৰ মুৰব্বীক মুকলিকৈ ট্ৰাম্পে আওপকীয়াকৈ ভাবুকিসূচক আহ্বান কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানে এপলে শেহতীয়াকৈ ভাৰতৰ কেইবাস্থানতো স্থাপন কৰিছে কাৰখানা। এছিয়াৰ লগতে বিশ্বৰ প্ৰায়বোৰ তথা আমেৰিকালৈও ভাৰতৰ প্ৰস্তুত কৰা সামগ্ৰী এপলে যোগান ধৰে। ব্যৱসায়িক ক্ষেত্ৰত ভাৰতত থকা সুচলতা আৰু ভাৰত চৰকাৰে প্ৰদান কৰা ভিন্ন  সা-সুবিধাৰ বাবে এপলে ভাৰতৰ পৰাই নিয়ন্ত্ৰণ কৰিবলৈ লৈছিল অধিকাংশ ব্যৱসায়। শেহতীয়াকৈ ভাৰতত বহুকেইটা প্লান্ট স্থাপনৰ প্ৰস্তাৱো গ্ৰহণ কৰিছিল এপলে।

এপলে ভাৰতৰ সৈতে বৃদ্ধি কৰা এই ঘনিষ্ঠতা হজম হোৱা নাছিল ট্ৰাম্পৰ। সেয়েহে শেহতীয়াকৈ এই কথা মুকলিকৈ কৈয়েই পেলালে ট্ৰাম্পে। ডহাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এপলৰ চি ই অ' টিম কুকক ৰাজহুৱাই ভাৰতত প্লান্ট নবহালৈ আহ্বান কৰে ট্ৰাম্পে। ভাৰতে এতিয়া নিজৰ যত্ন নিজেই লব পাৰে বুলি কৈ ট্ৰাম্পে এপলৰ শেহতীয়াকৈ কাম কাজত কিছু অসন্তুষ্ট হৈছে বুলিও মুকলিকৈ কয়।

এপলে নিজৰ সামগ্ৰী উতপাদনৰ বাবে ভাৰতক নিৰ্বাচন কৰা সিদ্ধান্তক লৈ ট্ৰাম্প সুখী নহয় বুলি কৈ আগন্তুক সময়ত ভাৰতত ব্যৱসায় বৃদ্ধি নকৰিবলৈ আহ্বান জনায়। পৰম মিত্ৰ বুলি দাবী কৰিও ট্ৰাম্পে ভাৰতৰ প্ৰতি প্ৰায় সকলো ক্ষেত্ৰতে এনে স্থিতি লোৱাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে। কূটনৈতিক দিশবোৰৰ কথা বাদেই, অৰ্থনৈতিক দিশতো ট্ৰাম্পে ভাৰতবিৰোধী এনে কাৰ্যকলাপে দুয়োখন দেশৰ সম্পৰ্কত প্ৰভাৱ পেলোৱাতো স্বাভাৱিক। দুমুখীয়া স্থিতিৰে ট্ৰাম্পৰ এনে বোৰ কাম-কাজ বন্ধুত্বৰ শাৰীত পৰেনে নপৰে, সেয়া বিচাৰ নিশ্চয় ভাৰত চৰকাৰেও সময়ত কৰিব...

ডোনাল্ড ট্ৰাম্প