দুই শতাধিক অসমীয়াক ২৫বছৰে ৰামঠগন এন এইচ পি চিৰ...

২৫বছৰ কম সময় নহয়। ইমান এক দীৰ্ঘ সময় নিষ্ঠা-সততাৰে কাম কৰি যদিহে পাবলগীয়া খিনি নাপায়, তেন্তে ক্ষোভৰ উদগীৰণ হোৱাতো স্বাভাৱিক। জীৱিকাৰ বাবে নিজৰ জীৱনকো তুচ্চ কৰি কৰা কামৰ বিপৰীতে তেওঁলোক বিগত ২৫টা বছৰে পালে কেৱল প্ৰতাৰণাৰ ওপৰত প্ৰতাৰণা।

New Update
new bikhekh protibedon 2 (4)

অসম আৰু অসমীয়াক সদায়েই যেন প্ৰতাৰণা আৰু ধ্বংসৰ মুখলৈ ঠেলি দিয়াই এন এইচ পি চিৰ প্ৰধান কাম। উজনিৰ কেইবাখনো জিলাৰ লোকৰ জীৱন বিপন্ন কৰি এইবাৰ বিগত ২৫বছৰে প্ৰতিকূল পৰিস্থিতিতো প্ৰতিষ্ঠানটোত কাম কৰা ২শতাধিক অসমীয়া শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলিছে এন এইচ পি চিৰ কৰ্তৃপক্ষই। সবিশেষ সামৰি ডিম্পুল বৰগোহাঁইৰ এক প্ৰতিবেদন...

Advertisment

২৫বছৰ কম সময় নহয়। ইমান এক দীৰ্ঘ সময় নিষ্ঠা-সততাৰে কাম কৰি যদিহে পাবলগীয়া খিনি নাপায়, তেন্তে ক্ষোভৰ উদগীৰণ হোৱাতো স্বাভাৱিক। জীৱিকাৰ বাবে নিজৰ জীৱনকো তুচ্চ কৰি কৰা কামৰ বিপৰীতে তেওঁলোক বিগত ২৫টা বছৰে পালে কেৱল প্ৰতাৰণাৰ ওপৰত প্ৰতাৰণা।

ভাল দিন আহিব বুলি কি কৰা নাছিল তেওঁলোকে? কোনোবাই দিনে-ৰাতিয়ে কম্পিউটাৰৰ কী-বৰ্ড টিপিছিল, কোনোবাই প্ৰতিকূল বতৰতো বিদ্যুতৰ যিকোনো জটিল কাম কৰিবলৈ পিছ হুহকি অহা নাছিল। তেওঁলোকৰ হাতত ব্যঞ্জন খায়ে অনা-অসমীয়া উচ্চ পদস্থ বিষয়াৰ পেটৰ ভোক গুচিছিল। কিন্তু তেওঁলোকৰ দুৰ্দশা বুজোতা ২৫বছৰে কোনো নোলাল।

94719eba-7a77-47af-8046-b26f7b5c180c

নিজৰ জীৱনতকৈ কামক প্ৰাধান্য দিয়া আৰু সকলো জটিল কামত তেওঁলোকৰ সক্ৰিয়তাৰ বাবেই আজিকোপতি ১৭গৰাকীকৈ লোকে প্ৰাণ হেৰুৱালে। তাৰ পিছতো কিবা এটা ভাল হোৱাৰ আশাত তেওঁলোকে কাম কৰি আছে। কিন্তু কামৰ প্ৰতি থকা তেওঁলোকৰ দায়ৱদ্ধতা আৰু সৰলতাক দুৰ্বলতা বুলি ভাৱিলে উৰ্ধতম কৰ্তৃপক্ষই। চৰকাৰেও যেন পিঠি দিলে NHPCৰ এইসকল ঠিকাভিত্তিক কৰ্মচাৰীলৈ।

নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পত তেওঁলোকে কাম কৰে। প্ৰকল্পটোত তেওঁলোকে কাম কৰি আছে ২০০০চনৰ পৰা। অৰ্থাত ২০২৫লৈ তেওঁলোকে তাত কাম কৰি থকা ২৫টা বৰ্ষ পূৰ্ণ হল। ইলেকট্ৰিছিয়ান, মেকানিক, ড্ৰাইভাৰ, ৱেলডাৰ, প্লাম্বাৰ, কম্পিউটাৰ অপাৰেটৰ, লেব টেকনিচিয়ান, কাৰ্যালয় সহায়ক, কুকমেন, নাছ আদিৰ দৰে পদত তেওঁলোক প্ৰায় ২৬২গৰাকী কৰ্মচাৰীয়ে বিগত ২৫টা বছৰে কাম কৰি আছে।

d0af2c4a-80ad-4a11-ae12-9b1c512ba2b2

প্ৰথম অৱস্থাত তেওঁলোকক প্ৰতিশ্ৰুতি দিয়া হৈছিল যে, তেওঁলোকৰ এই পদসমূহ কোম্পানীত স্থায়ী কৰা হব। কিন্তু সময়ৰ সোঁতত এন এইচ পি চি কৰ্তৃপক্ষৰ এই প্ৰতিশ্ৰুতি হৈ পৰিল এক ডাঙৰ প্ৰতাৰণা। তেওঁলোকক সকলো কাম যিকোনো পৰিস্থিতিত কৰালে ঠিকেই, কিন্তু ২৫বছৰে ভিন্ন অজুহাতত চাকৰি স্থায়ীহে নহল।

শ্ৰমিক সকলে ক্ষোভ উজাৰিলে কাৰিকৰী অজুহাত দেখুৱাই পিছুৱাই থয় স্থায়ীকৰণৰ যাৱতীয় কাম-কাজ। কিন্তু ইয়াৰ মাজতো সময়ে সময়ে এন এইচ পি চিৰ কৰ্তৃপক্ষই অসমৰ বাহিৰৰ প্ৰকল্পত কৰ্মৰত বহু অনা-অসমীয়াক আনি স্থায়ী কৰ্মচাৰী কৰিলে। ফলত অসমতে বাৰে বাৰে বঞ্চিত হল প্ৰায় ৩শতাধিক এই অসমীয়া কৰ্মচাৰী।

497769d5-9568-45c7-888d-cee70cdf21cd

 বাৰে বাৰে এন এইচ পি চিৰ বঞ্চনাৰ বলি হোৱা এই ২৬২গৰাকী অসমীয়া কৰ্মচাৰীৰে গঠিত ঠিকাভিত্তিক শ্ৰমিক সন্থাই বিগত প্ৰায় ২টা দশক যুঁজি আছে। কিন্তু কোনো সুফল লাভ কৰা নাই। ২০০৬চনত সন্থাই কৰা প্ৰতিবাদত সেও মানি লখিমপুৰ জিলা শ্রম বিষয়াৰ কাৰ্যালয়ত কৰ্মচাৰীৰ সন্থাৰ প্ৰতিনিধি আৰু NHPC কর্তৃপক্ষৰ মাজত এক দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়, যত কৰ্মচাৰীসকলৰ কিছু সমস্যা মানি লৈ স্থায়ীকৰণৰ বিষয়টো অন্য স্থানত আলোচনাৰ মাজেৰে সমাধান কৰাৰ লিখিত প্রতিশ্রুতি প্রদান কৰিছিল।

কিন্তু এই প্ৰতিশ্ৰুতিও এন এইচ পি য়ে কৰা প্ৰতাৰণাৰ তালিকাতে তালিকাভূক্ত হল। NHPC কর্তৃপক্ষই এই প্ৰতিশ্ৰুতিক লৈও কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সন্থাৰ তৰফৰ পৰা হাৰিয়ানাস্থিত NHPCৰ মুখ্য কাৰ্যালয়ত ২০০৮ চনত NHPC Chairman cum Managing Director ক দাবী জনোৱা হৈছিল।

সেইসময়ত তেখেতে বিষয়টো সমাধান কৰাৰ পূৰ্ণ প্রতিশ্রুতি প্ৰদান কৰিছিল যদিও ২০১৪চনত নদী বান্ধ আন্দোলনৰ অজুহাত দেখুওৱাই স্থানীয় কৰ্মচাৰী সকলক কামৰ পৰা চাটাই কৰাৰ জাননী জাৰি কৰে। কিন্তু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত উক্ত জাননী খন বাতিল কৰিবলৈ NHPC কর্তৃপক্ষ বাধ্য হৈছিল।

900894e2-30df-43a7-92ab-4366936e7a01

 প্রয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰৰ শক্তি মন্ত্ৰী তথা বৰ্তমানৰ সাংসদ প্রদ্যুৎ বৰদলৈ  আৰু সেই সময়ৰ কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে এই সমস্যাটো সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল যদিও পৰৱৰ্তী সময়ত কোনোধৰণৰ সুফল নাপালে তেওঁলোকে। তাৰোপৰি সন্থাই দীর্ঘদিনীয়া সমস্যাসমুহ সমাধান কৰিবলৈ স্থানীয় বিধায়ক তথা শিক্ষামন্ত্ৰী ৰনোজ পেগু , লখিমপুৰ জিলাৰ সাংসদ প্রদান বৰুৱাৰ লগতে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাকো কেইবাবাৰো সাক্ষাৎ কৰি লিখিত ভাৱে অনুৰোধ জনাইছিল।

অতি পৰিতাপৰ বিষয় যে,  বৰ্তমানৰ অসম চৰকাৰখনে Advantage Assam ৰ জৰিয়তে অসমৰ নিবনুৱা সমস্যা সমাধান কৰাৰ কথা কোৱাৰ বিপৰীতে NHPC ত এজনো থলুৱা নিবনুৱাক নিয়োগ কৰিব নোৱাৰাটো অতি দুর্ভাগ্য জনক। সন্থাৰ দীৰ্ঘদিনীয়া সমস্যাসমুহ সমাধানৰ দাবীত ২০২২ বৰ্ষত সন্থাই হাতত লোৱা ধাৰাবাহিক আন্দোলন কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় উপ মুখ্য শ্রম আয়ুক্ত, এচ.কে.ৰয়ৰ মধ্যস্থতাত ১১আৰু ২২ এপ্রিল,  ২০২২ত প্ৰকল্প স্থলীৰ NHPC ৰ মুখ্য কাৰ্যালয়ত সন্থাৰ প্ৰতিনিধি আৰু NHPC কর্তৃপক্ষৰ মাজত দুদিনীয়াকৈ আলোচনা অনুষ্ঠিত হৈছিল।

068b138b-26ee-4fe0-aeff-b15410383f38

 

উক্ত আলোচনাত ভুটানৰ কুৰিশ্ৰু প্ৰকল্প আৰু মনিপুৰৰ লুকটাক প্ৰকল্পৰ অস্থায়ী কৰ্মচাৰী সকলৰ পদসমূহ স্থায়ীকৰণ কৰাৰ দৰে নামনি সোৱণশিৰি জলবিদ্যুত প্রকল্পটো অস্থায়ী ভাৱে কৰ্মৰত থলুৱা কৰ্মচাৰীৰ পদসমূহ স্থায়ীকৰণ কৰিবলৈ সন্থাই জনোৱা দাবীৰ পৰিপ্ৰেক্ষিততে NHPC কর্তৃপক্ষই বিষয়টো স্থায়ী সমাধানৰ বাবে NHPC CMD আৰু Director Project ৰ লগত চাৰি পাঁচ বাৰকৈ সন্থাৰ নেতৃত্বৰ মাজত হোৱা আলোচনাত বিষয়টো স্থায়ী সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ বাহিৰে বৰ্তমানলৈকে কোনো ধৰনৰ ফলপ্ৰসু সিদ্ধান্ত গ্ৰহণ নকৰিলে।

কেন্দ্রীয় উপ মুখ্য শ্রম আয়ুক্ত, এচ.কে.ৰয়ৰ মধ্যস্থতাত NHPC কর্তৃপক্ষ আৰু সন্থাৰ নেতৃত্বৰ মাজত হোৱা কেইবালানিও আলোচনা বিফল হোৱাত কেন্দ্ৰীয় শ্রম মন্ত্ৰালয়ৰ নিৰ্দেশ মর্মে Central Government Industrial Tribunal (CGIT) ত বিষয়টো বিচাৰাধীন হৈ আছে যদিও ন্যায়ালয়ৰ পৰা দিয়া যোৱা তিনিটা তাৰিখত NHPC কর্তৃপক্ষই আমাৰ বিষয় সমূহৰ ওপৰত কোনোধৰণৰ লিখিত উত্তৰ নিদিয়াকৈ থকা কার্যত কৰ্মচাৰী সকল শংকিত হৈ পৰিছে।

২০২৪ নৱেম্বৰত ভাৰতৰ মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া দিনীয়া সমস্যা সমুহ সমাধানৰ বাবে লিখিত ভাৱে অনুৰোধ জনোৱা পৰিপ্ৰেক্ষিতত PMO অফিচৰ পৰা NHPC কর্তৃপক্ষলৈ আমাৰ স্মাৰক প্ৰত্ৰৰ ওপৰত প্ৰত্যুত্তৰ বিচাৰে যদিও আশ্চর্যজনক ভাৱে বিষয়টোৰ ওপৰত কোনোধৰণৰ সহাঁৰি নোপোৱাত কৰ্মচাৰী সকলৰ ভৱিষ্যত জীৱনলৈ চৰম হতাশা নামি আহিছে।

কৰ্মচাৰীসকলৰ এই হতাশা পৰিস্ফূৰ্ট হল ২৯মে, ২০২৫ত গুৱাহাটী প্ৰেছ ক্লাৱত সম্বোধন কৰা সংবাদমেলত। এই সংবাদমেলৰ জৰিয়তে এন এইচ পি চি কৰ্তৃপক্ষৰ লগতে অসম আৰু কেন্দ্ৰীয় চৰকাৰলৈ শেষ সকিয়নী প্ৰদান কৰিছে এন এইচ পি চিৰ ঠিকাভিত্তিক শ্ৰমিক সন্থাই।

1bf3f47d-9625-4240-ade8-ef39c1a08eac

এইবাৰ তেওঁলোকৰ সমস্যা সমাধান নহ’লে জীৱনৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰো সকিয়নী দিলে তেওঁলোকে। আৰু ইয়াৰ বাবে সম্পূৰ্ণৰূপে এন এইচ পি চি কৰ্তৃপক্ষ দায়ী হব বুলিও মুকলি ঘোষণা কৰিলে সন্থাৰ বিষয়ববীয়াই।

অসমৰ উন্নয়ন আৰু প্ৰায় ২সহস্ৰাধিক অসমীয়াক সংস্থাপনৰ সপোন দেখুওৱা এন এইচ পি চিয়ে কিয় ২৫বছৰে দিন-ৰাতি একাকাৰ কৰি কাম কৰা শ্ৰমিকসকলক স্থায়ী নিযুক্তি দিব নোৱাৰে তাক লৈ প্ৰশ্ন কৰিছে তেওঁলোকে?

জীৱনৰ ২৫টা বসন্তকাল উক্ত প্ৰতিষ্ঠানটোৰ বাবে দেহে-কেহে কাম কৰা এই অসমীয়া শ্ৰমিকসকলে এতিয়া ন্যায় বিচাৰিছে। সদায়ে অসম আৰু অসমীয়াৰ দাবীলৈ পিঠি দিয়া এন এইচ পি চিয়ে ২৬২গৰাকী খাটিখোৱা অসমীয়াক ২৫বছৰে কৰা চৰম প্ৰতাৰণা আৰু বঞ্চনাৰ অন্ত কেতিয়া পৰিব, সেয়াও এতিয়া ডাঙৰ প্ৰশ্ন...

এন এইচ পি চি