বিজেপিৰ হাত, টংকেশ্বৰৰ প্ৰভাৱ! ৰাভা হাছঙত কংগ্ৰেছ ধূলিস্যাৎ...

অসমত নিৰ্বাচনী জ্বৰ আৰম্ভ। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ পৰাই অসমত আৰম্ভ হ'ল নিৰ্বাচনৰ ইনিংছ।  প্ৰথমটো ইনিংছতে বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটৰ হাতত বিধ্বস্ত হ'ল বিৰোধী। ৰাভা হাছঙত অস্তিত্বহীন হ'ল কংগ্ৰেছ। 

author-image
Asomiya Pratidin
New Update
bikhekh protbikhekh protibedon  (1)ibedon  (1)

এনেকৈয়ে অসম বলা প্ৰথমজাক নিৰ্বাচনী বতাহত উৰি গ'ল বিৰোধী । ইয়াৰ বিপৰীতে ৰাভা হাছঙত ভেটিঁ অধিক সুদৃঢ় কৰিলে বিজেপি তথা এন ডি এ মিত্ৰজোটেঁ। কংগ্ৰেছৰ কি ভুল আৰু বিজেপিৰ কি শুদ্ধ সিদ্ধান্তৰ বাবে আহিল এই ফলাফল। টংকেশ্বৰ ৰাভাৰ প্ৰভাৱে কিদৰে মোহাচন্ন কৰিলে ৰাভা হাছংবাসীক। দুধনৈৰ পৰা স্বপন কুমাৰ ৰাভাৰ সহযোগত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কৰ এক বিশেষ প্ৰতিবেদন...

Advertisment

অসমত নিৰ্বাচনী জ্বৰ আৰম্ভ। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ পৰাই অসমত আৰম্ভ হ'ল নিৰ্বাচনৰ ইনিংছ।  প্ৰথমটো ইনিংছতে বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটৰ হাতত বিধ্বস্ত হ'ল বিৰোধী। ৰাভা হাছঙত অস্তিত্বহীন হ'ল কংগ্ৰেছ। 

ৰাভা হাছঙৰ এই নিৰ্বাচনৰ জৰিয়তে অসমত নিৰ্বাচনী বতাহ বলাঁ আৰম্ভণি হোৱা বুলি নিজেই ঘোষণা কৰিলে খোদ মুখ্যমন্ত্ৰীয়ে। লগতে ক'লে যে, ৰাভা হাছং, বি টি চি, পঞ্চায়ত আৰু বিধানসভা সকলো নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটৰ জয় একবাৰে নিশ্চিত বুলি দাবী কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

মুখ্যমন্ত্ৰী ড০ শৰ্মাই দাবী কৰাৰ দৰেই ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত মুঠ ৩৬খন আসনৰ ভিতৰত ৩৩খন আসনেই দখল কৰিলে বিজেপি মিত্ৰজোঁটে। ইয়াৰ বিপৰীতে নিদৰ্লীয় প্ৰাৰ্থী জিকিল ২খন আসনত। যেনতেন কুছধোৱা দৰংগিৰি পৰিষদীয় সমষ্টিৰ পৰা পৰমা ৰাভাই জয় লাভ কৰি কংগ্ৰেছৰ মান ৰাখিলে। 

ৰাভা হাছঙত একেবাৰে নিচিহ্ন হোৱাৰ পাছতো যেন কোনো অনুশোচনা নাই কংগ্ৰেছৰ। এগৰাকী প্ৰাৰ্থী জয়ী হোৱাৰ কথাটোকে সামাজিক মাধ্যমত শ্বেয়াৰ কৰি সন্তুষ্টি লভিলে। ইয়াৰ বিপৰীতে বিজেপিৰ সৈতে মিত্ৰতাত থাকিলেও ৰাভা হাছঙত নিজৰ প্ৰভাৱ পূৰ্বৰ দৰেই অক্ষুন্ন ৰাখিবলৈ সক্ষম হ'ল টংকেশ্বৰ ৰাভা।

এইবেলি নিৰ্বাচনত ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাৰ অধিক অগ্ৰাসী ৰূপত দেখা গৈছিল। নিৰ্বাচনী সভাসমূূহত তেওঁৰ কন্ঠ আছিল উদাত্ত। ৰাভা জাতিৰ সংস্কৃতি আৰু সত্তা ৰক্ষা বাবে বিজেপিৰ লগত থাকিলেও সদায়েই জাতিৰ স্বাৰ্থত তলমূৰ নকৰাৰ কথা কৈছিল ৰাইজক। তেওঁৰ এই কথাবোৰেই যেন সকলো ৰাভা জনতাই বুকুত টোকৰ মাৰিছিল। আৰু তাৰ ফলাফল আজি সকলোৰো সন্মুখত।

ৰাভা হাছঙৰ নিৰ্বাচনক ২০২৫ৰ নিৰ্বাচনী ইনিংছৰ প্ৰথম মেচ বুলি ধৰি লৈয়েই বিজেপিয়েও অতিপাত গুৰুত্ব দিছিল। কেইবাগৰাকীও মন্ত্ৰীক দায়িত্ব অৰ্পন কৰিছিল। খোদ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী সভাত অংশ লৈ ৰাভা জাতিৰ বাবে আৰু অধিক কল্যাণমূলক কাম কৰাৰ বাবে সুযোগ বিচাৰিছিল। সেই সুযোগেই দিলে ৰাভা হাছঙৰ ৰাইজে।

বিজেপি, ৰাভা যৌথ সংগ্ৰামী মঞ্চৰ লগতে অন্যান্য মিত্ৰদল সমূহে এই নিৰ্বাচনক যিমান গুৰুত্ব সহকাৰে লৈছিল, তাৰ বিপৰীতে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ এই নিৰ্বাচনৰ প্ৰতি দেখা গৈছিল অনীহা মনোভাৱ। বিধায়িক নন্দিতা দাসে কামৰূপ জিলাৰ প্ৰায়কেইটা পৰিষদীয় সমষ্টিত প্ৰচাৰ চলাইছিল যদিও আটাইকেইটা সমষ্টিতে কংগ্ৰেছ প্ৰাৰ্থী হাৰিল। আনকি বকো পৰিষদীয় সমষ্টিতো পৰাজয়বৰণ কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে।

কংগ্ৰেছে এই নিৰ্বাচনটোৰ প্ৰতি কেনেদৰে অনীহা প্ৰকাশ কৰিছিল তাৰ এটা সৰু উদাহৰণ দিও। ১এপ্ৰিলত অন্ত পৰিছিল ৰাভা হাছং নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ। তাৰ এদিনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ৰাভা হাছঙত নিজেই জনসভা সম্বোধন কৰাৰ লগতে সভাপতি,  প্ৰায় সংখ্যক মন্ত্ৰী জপিয়াই পৰিছিল প্ৰচাৰত।

কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছ ব্যস্ত থাকিল নিজৰ দলৰ খামখেয়ালিৰ মাজতেই। উক্ত হাইভল্টেজ প্ৰচাৰৰ দিনটোত কংগ্ৰেছ ৰাজীৱ ভৱনতে ব্যস্ত থাকিল। কংগ্ৰেছৰ জিতেন্দ্ৰ সিং আহি ব্যস্ত থাকিল তেজপুৰত। কংগ্ৰেছৰ সভাপতি, সাংসদ, বিধায়কসকল নিজৰ নিজৰ কামতেই ব্যস্ত থাকিল। ইয়াৰ বিপৰীতে প্ৰাথীসকলে নিজেই চলাইছিল প্ৰচাৰ অভিযান। 

প্ৰচাৰৰ যুদ্ধ খনতেই একপ্ৰকাৰৰ পৰাস্ত হৈছিল কংগ্ৰেছ, বাকী আছিল যেন আনুষ্ঠিকতাহে। সেই আনুষ্ঠিকতা ওলাল ৪এপ্ৰিল, ২০২৫ত। টংকেশ্বৰ ৰাভাৰ নেতৃত্বত পুনৰ ৰাভা হাছং দখল কৰিলে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে। 

এন ডি  এ মিত্ৰজোঁটৰ সবাতোকৈ শক্তিশালী দল হোৱাৰ স্বত্ত্বেও ৰাভা হাছঙৰ পৰিস্থিতি তথা টংকেশ্বৰ ৰাভাৰ প্ৰভাৱৰ উমান পায়ে বিজেপিয়ে মাত্ৰ ৬খন আসনতহে দিছিল প্ৰাৰ্থিত্ব। বাকী সকলো এৰি দিছিল ৰাভা যৌথ সংগ্ৰামী মঞ্চক। বিজেপিয়ে লোৱা এই সিদ্ধান্তও আছিল এই ইনিংছত সবল জয়ৰ অন্যতম এক কাৰণ।

সেয়া যি কি নহলেওঁ,  যোৱা ২ এপ্ৰিলত অনুষ্ঠিত হোৱা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ ৩৬টা সমষ্টিৰ ৩৩ টা সমষ্টিত অনুষ্ঠিত নিৰ্বাচনত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু মিত্ৰজোঁটে গোৱালপাৰাত  ১৮খন আসন লাভ কৰে ।  ইয়াৰ বিপৰীতে এখন আসনত কংগ্ৰেছ আৰু এখন আসনত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰে।

১ নং ধূপধৰা সাধাৰণ পৰিষদীয় (অসংৰক্ষিত) সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থী অনাদি সৰকাৰ বিপুল ভোটত জয়ী হয়। নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীনা পাটগিৰীক ৫৪৬১ ভোটৰ ব্যাৱধানত পৰাজিত কৰে৷ অনাদি সৰকাৰে  ৭৪০৬ ভোট পোৱাৰ বিপৰীতে মীনা পাটগিৰীয়ে ২০০০  টা ভোট লাভ কৰে৷ 

২ নং কোঠাকুঠি সাধাৰণ পৰিষদীয় (জনজাতি) সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ভৈৰৱ কছাৰী নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰবীন্দ্ৰ ৰাভাক ৩৭১৯ ভোটৰ ব্যাৱধানত পৰাজিত কৰে৷  ভৈৰৱ কছাৰীয়ে ৫৫৪৭ ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছৰ ৰবীন্দ্ৰ ৰাভাই ১৮২৮ টা ভোট লাভ কৰে৷

৩ নং ধনুভাঙা পৰিষদীয় সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী ফনীন্দ্ৰ ৰাভাই  জয়লাভ কৰে৷ ফনীন্দ্ৰ ৰাভাই ৫১৯৩ টা আৰু কংগ্ৰেছৰ পাৰ্থ প্ৰতীম কছাৰীয়ে ২৫৭৩ টা ভোট লাভ কৰে। ফলত ২৬২০ টা ভোটত বিজয়ী হয় ফনীন্দ্ৰ ৰাভাই৷ 

৪ নং ৰংজুলি পৰিষদীয় সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী মনিদীপা ৰাভাই ৬১৩৮ টা ভোট লাভ কৰাৰ বিপৰীতে  কংগ্ৰেছৰ প্ৰাৰ্থী সুভাষিনী ৰাভাই লাভ কৰে ২৬৬৮ টা ভোট। 

৫ নং দৰংগিৰি কুশধোৱা সাধাৰণ পৰিষদীয় (জনজাতি) সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থী হিতেশ ৰাভা পাটগিৰী পৰাজিত হয় ৷ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছ দলৰ প্ৰাৰ্থী পৰমা ৰাভাই ৬০১ টা ভোটৰ ব্যাৱধানত পৰাজিত কৰে হিতেশ ৰাভা পাটগিৰীক৷ 

পৰমা ৰাভাই  ৫৫৭৬ ভোট পোৱাৰ বিপৰীতে হিতেশ ৰাভা পাটগিৰীয়ে ৪৯৭৫  টা ভোট লাভ কৰে৷ ৬ নং উত্তৰ দুধনৈ সাধাৰণ পৰিষদীয় (অসংৰক্ষিত মহিলা ) সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থী উজ্জ্বলা ব্ৰক্ষ্ম বিপুল ভোটত জয়ী হয়। নিকটতম প্ৰতিদন্ডী কংগ্ৰেছ দলৰ প্ৰাৰ্থী শান্তি বসুমতাৰীক ৪৯৫০ ভোটৰ ব্যাৱধানত পৰাজিত কৰে৷ 

উজ্জ্বলা ব্ৰক্ষ্মই ৭০২৫  ভোট পোৱাৰ বিপৰীতে শান্তি বসুমতাৰীয়ে ২০৭৫ টা ভোট লাভ কৰে৷ ৭ নং দক্ষিণ দুধনৈ সাধাৰণ পৰিষদীয় (জনজাতি) সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থী টংকেশ্বৰ ৰাভাই নিকটতম প্ৰতিদন্ডী কংগ্ৰেছ দলৰ প্ৰাৰ্থী সঞ্জীৱ ৰাভাক ৫৫৬৮ ভোটৰ ব্যাৱধানত পৰাজিত কৰে৷ 

টংকেশ্বৰ ৰাভাই  ৭১৬৪ ভোট পোৱাৰ বিপৰীতে সন্জীৱ ৰাভাই ১৫৯৩  টা ভোট লাভ কৰে৷ সমষ্টিৰ আন গৰাকী প্ৰাৰ্থী পুনম কছাৰীয়ে ২০১ টা ভোট লাভ কৰে৷ এই বিজয়ৰ জৰিয়তে টংকেশ্বৰ ৰাভাৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে ৰাভা হাছং পৰিষদত চৰকাৰ গঠনৰ পথ প্ৰশস্ত হৈ পৰিল৷ 

৮ নং বান্দশী সমষ্টিত ৰাভা যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী দিবানিঠা মাৰাকে জয়লাভ কৰে। ৯ নং মাজজাখেলি সাধাৰণ পৰিষদীয় (অসংৰক্ষিত) সমষ্টি যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী প্ৰবোধ কলিতাই৷ নিকটতম প্ৰতিদন্ডী নিৰ্দলীয় প্ৰাৰ্থী হীৰকজ্যোতি কলিতাক ২৪২৪ টা ভোটৰ ব্যাৱধানত পৰাজিত কৰে৷ 

প্ৰবোধ কলিতাই ৪৪৩৫ ভোট পোৱাৰ বিপৰীতে হীৰকজ্যোতি কলিতাই ২০১১ টা ভোট লাভ কৰে৷ ১০ নং শালপাৰা সমষ্টিৰ ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থী অলকা ৰাভাই ৩৬৯১ টা ভোট লাভ কৰি জয় সাব্যস্ত কৰে।

১১ নং হাব্ৰাঘাট সাধাৰণ পৰিষদীয় ( জনজাতি) সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থী প্ৰতাপ ৰাভা বিজয়ী হয়৷ নিকটতম প্ৰতিদন্ডী কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাখী সাংমাক ২০১৫ টা ভোটৰ ব্যাৱধানত পৰাজিত কৰে৷ 

প্ৰতাপ ৰাভাই ৩৩৪৯  ভোট পোৱাৰ বিপৰীতে ৰাখী চাংমাই ১৩৩৪ টা ভোট লাভ কৰে৷ ১২ নং ডিৰ্মাজাখিলি পৰিষদীয় সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী জীৱন ৰাভাই  জয়লাভ কৰে৷ জীৱন ৰাভাই ৬০৮০ টা ভোট পোৱাৰ বিপৰীতে  কংগ্ৰেছ প্ৰাৰ্থীয়ে ১৬৫৪ টা ভোট লাভ কৰে৷ 

১৪ নং জিনাৰী পৰিষদীয় সমষ্টিত দেবান মোমিন বিজয়ী হয়৷ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী দেৱান মোমিনে ৩৩৭৮ ভোট লাভ কৰাৰ বিপৰীতে সুনীলছোন মোমিনে ৩০৮৯ টা ভোট পায়৷ ফলত ২৮৯ টা ভোটত বিজয়ী হয় এন ডি এ প্ৰাৰ্থী৷ ১৬ নং দ্বাৰকা পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী মোদিত ৰাভাই জয়লাভ কৰে।

১৭ নং বৰদামাল-কল্যাণপুৰ পৰিষদীয় সমষ্টিত  ৰাভা হাছং যৌথ সংগ্রাম সমিতিৰ প্ৰাৰ্থী লেগেন ৰাভাই ৮২৮২ ভোট লাভ কৰি বিপুল ভোটত জয়লাভ কৰে।  ১৩ নং পূব অজগৰ সমষ্টিত ভুলাই ৰাভা,  ১৯ নং দদান পৰিষদীয় সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ দিবাকৰ ৰাভা জয়ী হয় । 

ইপিনে ২০ নং জয়ৰামকুছি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰেমাজুলি ৰাভাই বিনা প্ৰতিদ্বন্দীতাৰে জয়লাভ কৰে।
আনফালে কামৰূপ জিলাৰ ১৬টা সমষ্টিৰ ফলাফল ইতিমধ্যে ঘোষণা হৈছে।  গোৱালপাৰাৰ দাৰিদৰি সমষ্টিত ৰাভা সংগ্ৰাম যৌথ মঞ্চ আৰু আৰু আগিয়াত বিজেপিৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিলে। 

কামৰূপ জিলাৰ ১৪টা ৰাভা হাছং পৰিষদীয় সমষ্টিত বৃহৎ জয় সাব্যস্ত কৰা প্ৰাৰ্থী সমূহ ক্ৰমে-
•    বকো সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী সুমিত ৰাভাৰ জয়লাভ।
•    জোঙাখুলি সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী অৰ্জুন চেত্ৰীৰ জয়লাভ । 
•    বামুনীগাও সমষ্টিৰ বিজেপি প্ৰাৰ্থী অজিত ৰাভাৰ জয়লাভ । 
•    বন্দাপাৰা সমষ্টিত বিজেপি প্ৰাৰ্থী মেঘালী ৰাভা জয়লাভ ।
•    লুকী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰেলিন্না জে. মাৰাকৰ জয়লাভ ।
•    উত্তৰ বনগাওঁ সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী আদিত্য ৰাভাৰ জয়লাভ ।
•    জাৰিহাট সমষ্টিত যৌথ মঞ্চৰ প্ৰাৰ্থী অশোক কুমাৰ ৰাভাৰ জয়লাভ ।
•    পান্টান সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী ৰমাকান্ত ৰাভাৰ জয়লাভ ।
•    গোবৰ্ধন সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী জ্যোতিষ চন্দ্ৰ ৰাভাৰ জয়লাভ ।
•    ৰানী সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী পুষ্পাঞ্জলি কুমাৰী বড়োৰ জয়লাভ ।
•    শিলপোটা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কমলেশ্বৰ ৰাভাৰ জয়লাভ  ।
•    দক্ষিন বনগাওঁ সমষ্টিৰ যৌথ মঞ্চৰ মিনতি ৰাভা জয়লাভ  ।
•    চান্দডুবি সমষ্টিৰ যৌথ মঞ্চৰ  নৃপেন চন্দ্ৰ ৰ‍াভাৰ জয়লাভ ।
•    কুলচি সমষ্টিৰ যৌথ মঞ্চ ৰশ্মি মালা ৰাভাৰ জয়লাভ ।

উল্লেখযোগ্য যে,  ইতিমধ্যে গোৱালপাৰা জিলাৰ ২০ নং জয়ৰামকুছি সমষ্টিত বিজেপি সমৰ্থিত প্ৰাৰ্থী প্ৰেমাজলী ৰাভা, কামৰূপ জিলাৰ ২৩ নং খালিহাকোঠ সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী নগৰমল স্বৰ্গীয়াৰী আৰু ২৫ নং হাহিম সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী সোণাৰাম ৰাভা বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। 

এনেকৈয়ে অসম বলা প্ৰথমজাক নিৰ্বাচনী বতাহত উৰি গ'ল বিৰোধী তথা কংগ্ৰেছ। ইয়াৰ বিপৰীতে ৰাভা হাছঙত ভেটিঁ অধিক সুদৃঢ় কৰিলে বিজেপি তথা এন ডি এ মিত্ৰজোটেঁ। আজিৰ ৰাভা হাছঙৰ চূড়ান্ত স্কৰ হল এনেধৰণৰ- 

এন ডি এ- ৩৩, নিৰ্দলীয়- ২, কংগ্ৰেছ-১

 

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ