মাতৃভাষাৰ চৰ্চা, উত্তৰণ আৰু ঐহিত্য ৰক্ষাৰ সংকল্পৰে এক নতুন প্ৰয়াস...

মাতৃভাষাৰ গৌৰৱী গাঁথা অসমৰ চুকে-কোণে বিয়পাবলৈ আৰম্ভ হ'ল এক সবল যাত্ৰাৰ।  মাতৃভাষাৰ চৰ্চা, উত্তৰণ আৰু ঐহিত্য ৰক্ষাৰ সংকল্পৰে সমৰ্পিত এই নতুন প্ৰয়াস নাম- প্ৰণামো মাতৃভাষা।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
new bikhekh protibedon 1

মাতৃভাষাৰ গৌৰৱী গাঁথা অসমৰ চুকে-কোণে বিয়পাবলৈ আৰম্ভ হ'ল এক সবল যাত্ৰাৰ।  মাতৃভাষাৰ চৰ্চা, উত্তৰণ আৰু ঐহিত্য ৰক্ষাৰ সংকল্পৰে সমৰ্পিত এই নতুন প্ৰয়াস নাম- প্ৰণামো মাতৃভাষা। দেওবাৰে এই পৰিকল্পনাক লৈ আয়োজন কৰা সংবাদমেলৰ আধাৰত ডিম্পুল বৰগোহাঁইৰ এক প্ৰতিবেদন...

Advertisment

জাতীয় স্বাভিমান, জাতীয় পৰিচয় আৰু শিক্ষা-ভাষা-সংস্কৃতিৰ উত্তৰণৰ অন্যতম অপৰিহাৰ্য্য চৰ্ত হৈছে মাতৃভাষাৰ চৰ্চা আৰু ভাষাটোৰ প্ৰতি প্ৰতিগৰাকী নাগৰিকৰ সন্মান। মাতৃভাষাৰ গৌৰৱী গাথাঁ অসমৰ চুকে-কোণে সঞ্চাৰিত কৰি প্ৰতিগৰাকী লোকৰ কাষলৈ এই বাৰ্তা কঢ়িয়াই নিয়াৰ বাবে আৰম্ভ হল প্ৰণামো মাতৃভাষা শীৰ্ষক এক প্ৰয়াস।

মাতৃভাষাৰ হকে নতুন অথচ সূদুৰপ্ৰসাৰী চিন্তা-চৰ্চাৰে আৰম্ভ হোৱা এই প্ৰয়াসৰ কাৰ্য-কলাপ আৰু লক্ষ্য-উদ্দেশ্যৰ বিষয়ে দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সবিস্তাৰে বিৱৰণ দিছে ইয়াৰ সৈতে জড়িত হৈ থকা বিশিষ্ট ব্যক্তিসকলে।

প্ৰণামো মাতৃভাষাই প্ৰাৰম্ভিক স্তৰত বিশেষ ৫টা লক্ষ্য আৰু উদ্দেশ্য স্থিৰ কৰিছে। ইয়াৰে প্ৰথমটো লক্ষ্য হৈছে- মাতৃভাষা মাধ্যমৰ প্রতি সজাগতা বৃদ্ধি। দ্বিতীয়টো হৈছে- আত্মবিশ্বাস আৰু গৌৰৱ সহকাৰে মাতৃভাষা মাধ্যমত শিক্ষাগ্রহণৰ বাবে সতি-সন্ততিক আগবঢ়াই দিবলৈ অনুপ্রাণিত কৰা। তৃতীয় লক্ষ্যটো হৈছে- গ্রন্থ-আলোচনী-বাতৰিকাকতৰ নিয়মীয়া অধ্যয়নেৰে ভাষাটোৰ সমৃদ্ধিৰ বাবে ইতিবাচক পৰিবেশ ৰচনা কৰা।

প্ৰণামো মাতৃভাষাৰ চতুৰ্থটো লক্ষ্য হৈছে- ইংৰাজী মাধ্যমত পঢ়া শিক্ষার্থীসকলকো ভাষা হিচাপে নিজৰ মাতৃভাষাটো আগ্রহেৰে অধ্যয়ন কৰিবলৈ উৎসাহিত কৰা আৰু পঞ্চমটো হৈছে- জনগোষ্ঠীয় ভাষাসমূহৰ লগত পৰিচিত কৰোৱা ইত্যাদি।

প্ৰণামো মাতৃভাষাৰ হৈ এই সমগ্ৰ পৰিকল্পনাৰ সন্দৰ্ভত সংবাদমাধ্যমত বিস্তাৰিতভাৱে অৱগত কৰে প্ৰণামো মাতৃভাষাৰ সভাপতি তথা কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ৰমেশ চন্দ্ৰ ডেকা, প্ৰণামো মাতৃভাষাৰ আহ্বায়ক তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ড০ নাৰায়ণ শৰ্মা, বিশিষ্ট সাহিত্যিক তথা এপিডিচিএলৰ প্রাক্তন মুখ্য অভিযন্তা অভিজিত শর্মা বৰুৱা, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য্য ড° হিতেশ ডেকা, সংগীত শিল্পী তথা বকলীয়া ঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক জয়মতী নাৰ্জাৰী আৰু বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই। 

WhatsApp Image 2025-06-22 at 7.50.28 PM

তেওঁলোকে স্পষ্ট ভাষাত কয় যে, প্ৰণামো মাতৃভাষাৰ উদ্দেশ্য অইন মাধ্যমৰ বিদ্যালয়ৰ বিৰুদ্ধাৰণ কৰা নহয়। বৰঞ্চ মাতৃভাষাৰ প্ৰতি সজাগতা বৃদ্ধি আৰু হীনমন্যতাৰ বিপৰীতে আত্মবিশ্বাস, আত্মসন্মানবোধৰে মাতৃভাষাটোক বুকু কঢ়িয়াই লৈ ফুৰাৰ বাবে এক পৰিৱেশ সৃষ্টি কৰা। এই মাতৃভাষাৰ ভিতৰত কেৱল অসমীয়াই নহয়, ৰাজ্যৰ প্ৰতিটো জনগোষ্ঠীৰ ভাষাক সামৰি লোৱা হব বুলিও তেওঁলোকে অৱগত কৰে।

সংবাদমেলত, ডা০ নাৰায়ণ শৰ্মাই কয় যে, এটা ভাষা একোটা জাতিৰ পৰিচয় আৰু স্বাভিমানৰ মূল প্রতীক। ভাষাৰ অৱনতি বা মৃত্যু মানে জাতি এটাৰ মৃত্যু। ১৯৯১ চনৰ লোকপিয়ল অনুসৰি অসমত অসমীয়া ভাষী লোকৰ সংখ্যা আছিল মুঠ জনসংখ্যাৰ ৫৭.৮১%, ২০০১ চনত সেয়া হয়গৈ ৪৮.৮০%, ২০১১ চনত ৪৮.৩৮%।

তেওঁ লগতে কয়,  পৰৱৰ্তী লোকপিয়লত এই পৰিসংখ্যা যে আৰু অৱনমিত হ'ব তাৰ পূর্বাভাষ ইতিমধ্যে প্রকট হৈ উঠিছে। ২০২৪ চনৰ ৪ অক্টোবৰ তাৰিখে ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্য্যাদা প্রদান কৰিলে। এই স্বীকৃতিয়ে অসমীয়া ভাষাৰ স্বকীয় পরিচয়, ঐতিহ্য আৰু প্রাচীনতাক বিশ্ব দৰবাৰত সবলভাবে প্রতিষ্ঠা কৰিলে। এয়া প্রতিজন অসমীয়া মানুহৰ বাবে গৌৰৱ আৰু স্বাভিমানৰ প্রতীক। কিন্তু একমাত্র ধ্রুপদী ভাষাৰ মৰ্য্যাদাই ভাষা এটাক জীয়াই নাৰাখে। ভাষাটোৰ চর্চা নাথাকিলে এনে স্বীকৃতি এসময়ত অসাৰ প্রতিপন্ন হ'ব।

WhatsApp Image 2025-06-22 at 7.50.24 PM

ড০ শৰ্মাই লগতে কয়,  নিজৰ ভাষাটো পঢ়া, লিখা, কোৱাৰ লগতে সকলোবে মাতৃভাষাটোৰ প্রতি সম্মান প্রদর্শন নকৰিলে; ভাষাটোক লৈ গৌৰৱবোধ কৰিবলৈ নিশিকিলে, সাহিত্য সৃষ্টি আৰু অধ্যয়নৰ নিৰবচ্ছিন্ন প্রক্রিয়া চলাই নাৰাখিলে ধ্রুপদী ভাষাৰ প্ৰমাণ পত্রখনে অসমীয়া ভাষাকো জীয়াই নাৰাখিব। শিক্ষা, সাহিত্য, সংস্কৃতি, অর্থনীতি, ব্যৱসায়-বাণিজ্য, চৰকাৰী কাম-কাজ সকলোতে ভাষাটোৰ চৰ্চা আৰু উত্তৰণৰ বাবে সকলোবে অক্লান্ত প্রচেষ্টা চলাই যাব লাগিব।কিন্তু সম্প্রতি অসমীয়া ভাষাটোৰ প্রতি আহি পৰা প্ৰত্যাহ্বানসমূহ পৰ্য্যালোচনা কৰিলে দেখা যায়, আমাৰ ভাষাটোৰ প্ৰতি মূল প্রত্যাহ্বান আহি পৰিছে মূলতঃ অসমীয়া ভাষী মানুহখিনিৰ পৰাই।

আনহাতে প্ৰণামো মাতৃভাষাৰ সভাপতি ড০ ৰমেশ চন্দ্ৰ ডেকাই কয় যে, লোকপিয়লৰ তথ্য অনুসৰি অসমীয়া ভাষীৰ যি পৰিসংখ্যা দেখুওৱা হৈছে, সেই পৰিসংখ্যাৰ শতাংশ হাৰতকৈও অধিক উদ্বেগজনক কথাটো হৈছে এই ৪৮.৩৮% শতাংশ অসমীয়া ভাষী মানুহৰ কিমান শতাংশই নিজৰ ভাষাটোৰ সন্মান সহকাৰে চর্চা কৰে, মাতৃভাষা মাধ্যমত সতি-সন্ততি/ নাতি-নাতিনীক শিক্ষাগ্রহণ কৰোৱাৰ বাবে ব্যৱস্থা লয়, ভাষা-সাহিত্যৰ চৰ্চা তথা অধ্যয়ন কৰে ইত্যাদি।

WhatsApp Image 2025-06-22 at 7.50.27 PM

বিগত সময়ছোৱাত চৰকাৰী অসমীয়া মাধ্যমৰ প্রায় আঠ হেজাৰ বিদ্যালয় শিক্ষার্থীৰ অভাৱত বন্ধ হৈ গৈছে বা আন বিদ্যালয়ৰ লগত চামিল কৰি দিয়া হৈছে। ইয়াৰ দ্বাৰা মুকলি হোৱা ক্ষেত্ৰখনত ইংৰাজী মাধ্যমৰ বিদ্যালয় তীব্রগতিত বৃদ্ধি পাইছে। বহুতো শিক্ষার্থী এনে ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ ঢাপলি মেলিছে। একাংশ শিক্ষার্থীয়ে জাতীয় বিদ্যালয় বা শংকৰদেৱ শিশু নিকেতনৰ দৰে মাতৃভাষা মাধ্যমৰ বেচৰকাৰী বিদ্যালয়সমূহত নামভৰ্তি কৰি শিক্ষাগ্রহণ কৰি আছে।

এইদৰে বছৰে বছৰে অসমীয়া ভাষাত শিক্ষাগ্রহণ কৰা, ভাষাটোৰ চৰ্চা কৰা শিক্ষার্থীৰ সংখ্যা কমি আহিছে। ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰতো অসমীয়া বা আন মাতৃভাষা যথাযথ গুৰুত্ব সহকাৰে শিকোৱা হোৱা নাই, ভাষাটোক সম্মান কৰিবলৈ শিকোৱা হোৱা নাই। বিদ্যালয় পৰ্য্যায়তে মাতৃভাষাৰ সঠিক চর্চা নহলে অদূৰ ভৱিষ্যতে অসমীয়া বা আন মাতৃভাষাত ৰচিত সাহিত্য অধ্যয়ন কৰিবলৈ, নতুন সৃষ্টি কৰিবলৈ কিমান মানুহ থাকিবগৈ? সেইটোৱেই আটাইতকৈ গুৰুত্বপূর্ণ আৰু চিন্তনীয় বিষয়।

সংবাদমেলত বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই এই সমগ্ৰ পৰিকল্পনাৰ সন্দৰ্ভত কয় যে, এক পৰিসংখ্যা অনুসৰি পৃথিৱীৰ প্রায় সাত হেজাৰ ভাষাৰ মাজৰ পৰা চাৰে-তিনি হাজাৰ ভাষা এই শতিকাৰ শেষলৈ বিলুপ্ত হ'ব। ইউনেস্ক'ৰ সমীক্ষা মতে ১৯৫০ চনৰ পৰা ২০১০ চনলৈ ভাৰতৰ ২৩০ টা ভাষা বিলুপ্ত হৈছে। UNESCO Atlas of the World's Languages in Danger 2009 অনুসৰি ভাৰতৰ প্রায় ১৯৭ টা ভাষা সম্প্রতি বিপদাপন্ন (endangered) ভাষা হিচাপে চিহ্নিত হৈছে।ভাৰতৰ অষ্টম অনুসূচীত অন্তর্ভুক্ত ২২টা ভাষাৰ ভিতৰৰ অসমীয়া বা বড়ো ভাষা এতিয়াও বিপদাপন্নৰ তালিকাত সোমোৱা নাই যদিও ক্রমান্বয়ে অসমীয়া ভাষাৰ লগতে আন কিছু জনজাতীয় ভাষাৰ অস্তিত্বৰ ক্ষেত্ৰত সংকট আৰু শংকা যে বাঢ়ি আহিছে সেয়া সঁচা। এনে প্রেক্ষাপটত মাতৃভাষাৰ চর্চা, উত্তৰণ আৰু ঐতিহ্য ৰক্ষাৰ উদ্দেশ্য আৰু সংকল্পৰে আমি এক বহুমুখী প্রচেষ্টা ল'বলৈ বিচাৰিছোঁ।

সংবাদমেলত প্ৰণামো মাতৃভাষাৰ মূল উদ্যোক্তাসকলে তথ্য সহকাৰে এই কথা দাঙি ধৰে যে, কিছু বাস্তৱ উপলব্ধিৰ আধাৰত অসমীয়া তথা মাতৃভাষাৰ চর্চা, উত্তৰণ, সংবক্ষণ তথা ঐতিহ্য ৰক্ষাৰ সংকল্প লৈ কেইগৰাকীমান ব্যক্তিৰ উদ্যোগত এটি নতুন প্রয়াসব আৰম্ভণি কৰিবলৈ বিচৰা হৈছে। মূলতঃ মাতৃভাষা মাধ্যমত বিদ্যালয় পর্যায়ত শিক্ষাগ্রহণ তথ্য ভাষা হিচাপে ইংৰাজী ভাষাটোৰ দক্ষতা আহৰণ কৰাত বিশ্বাসী সম মনোভাবাপন্ন ব্যক্তিসকল এই প্রয়াসটোৰ লগত জড়িত। অসমৰ প্রতিটো জনগোষ্ঠীৰ মাতৃভাষাৰ উত্তৰণেহে অসমৰ ভাষিক-সাংস্কৃতিক বিশেষত্ব ৰক্ষা কৰিব বুলি আমি গভীৰভাবে বিশ্বাসী। সেইবাবে অসমীয়া তথা অসমৰ প্রতিটো জাতি জনগোষ্ঠীৰ মাতৃভাষাৰ সমৃদ্ধি আৰু বিকাশৰ প্রতি আমি দায়বদ্ধ।

উল্লেখ কৰা প্ৰয়োজন যে, এই প্রচেষ্টাত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন আৰু জাতীয় বিদ্যালয়সমূহৰ শিক্ষা-ব্যৱস্থাৰ লগত জড়িত কিছু সংখ্যক ব্যক্তিক অন্তর্ভুক্ত কৰা হৈছে। পৰৱৰ্তী পৰ্য্যায়ত এই প্রয়াসৰ প্রতি আগ্রহী ৰাজ্যখনৰ সকলো প্রান্তৰে আন ব্যক্তিৰো সহযোগিতা বিচৰা হ'ব বুলি সংবাদমেলত সদৰি কৰে।

আজিৰ সংবাদমেলত উপস্থিত থাকে-  প্ৰণামো মাতৃভাষাৰ সম্পাদক তথা এ পি ডি চি এলৰ প্ৰাক্তন মুখ্য অভিযন্তা অভিজিত শৰ্মা বৰুৱা। আহ্বায়ক তথা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰধান উপাচাৰ্য ড০ হিতেশ ডেকা,  অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ কাৰ্যকৰী সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰী, শিশু শিক্ষা সমিতি, অসমৰ সভাপতি কুলেন্দ্ৰ কুমাৰ ভাগৱতী আৰু সাধাৰণ সম্পাদক জগন্নাথ ৰাজংবংশী, অৱসৰপ্ৰাপ্ত শিক্ষক তথা সংগীত শিল্পী জয়মতী নাৰ্জাৰীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।

সংবাদমেলৰ শেষত এই সমগ্ৰ পৰিকল্পনাৰ সন্দৰ্ভত ডাঃ নাৰায়ণ শৰ্মাই অসমীয়া প্ৰতিদিন ডিজিটেল সৈতে হোৱা এক আছুতীয়া বাৰ্তালাপত কয় যে,  সাহিত্যিক এগৰাকীৰ নিজৰ মাতৃভাষাতহে যে বিশ্ব-সাহিত্যৰ প্ৰায়বোৰ অমৰ সাহিত্য সৃষ্টি হৈছে আৰু পৰৱৰ্তী সময়ত এইসমূহ ইংৰাজী তথা অন্য ভাষালৈ অনুদিত হৈছে, সেয়া ইতিহাসে প্রমাণ কৰিছে। উদাহৰণ স্বৰূপে, ২০২২ চনত হিন্দী ভাষাত আৰু ২০২৫ চনত কানাড়া ভাষাত বচিত গ্রন্থই বিশ্বৰ অন্যতম শ্রেষ্ঠ সাহিত্য পুৰস্কাৰ 'বুকাৰ প্রাইজ' লাভ কৰিবলৈ সক্ষম হৈছে।

তেওঁ লগতে কয়-  একেদৰে, সভ্যতাৰ আন সকলো দিশতেই যিসকল বিজ্ঞানী, সমাজ সংস্কাৰক, বাষ্ট্র নির্মাতা, শিল্পী, সাহিত্যিকে তেওঁলোকৰ যুগান্তকাৰী অৱদানেৰে মানৱ সভ্যতাক আজিৰ স্তৰত উপনীত কৰাইছেহি, তেওঁলোকৰ অধিকাংশৰে মৌলিক সৃষ্টি, গৱেষণা, চিন্তা-চর্চা আদি প্রস্ফুটিত হৈছিল আপোন ভাষাটোৰ জৰিয়তেহে, আন কোনো বিদেশী ভাষাৰ মাধ্যমত নহয়। নিজৰ ঘৰখনত, পৰিয়ালত, চৌপাশৰ সামাজিক ক্ষেত্ৰখনত আমিও আমাৰ আপোন ভাষাটোক শ্রদ্ধা কৰিবলৈ, ভাল পাবলৈ আৰু চর্চা কৰিবলৈ সকলো ধৰণৰ হীনমন্যতাৰ বিপৰীতে আত্মবিশ্বাস আৰু আত্মসম্মানবোধেৰে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব লাগিব।আমি বিশ্বাস কৰোঁ জাতীয় স্বাভিমান, জাতীয় পৰিচয় আৰু শিক্ষা-ভাষা-সংস্কৃতিৰ উত্তৰণৰ অন্যতম অপৰিহার্য্য চর্ত হৈছে মাতৃভাষাৰ চৰ্চা আৰু ভাষাটোৰ প্রতি সম্মান।

এই অনুষ্ঠানটোৰ প্ৰধান উদ্যোক্তাসকল হৈছে কটন বিশ্ববিদ্যালয়ৰ উপাচার্য্য ড° ৰমেশ চন্দ্র ডেকা, বিশিষ্ট সাহিত্যিক তথা এপিডিচিএলৰ প্রাক্তন মুখ্য অভিযন্তা অভিজিত শর্মা বৰুৱা, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য্য ড° হিতেশ ডেকা, অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডা' নাৰায়ণ শৰ্মা, অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ কাৰ্য্যকৰী সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰী, শিশু শিক্ষা সমিতি অসমৰ সভাপতি কুলেন্দ্ৰ কুমাৰ ভাগৱতী, শিশু শিক্ষা সমিতি অসমৰ সাধাৰণ সম্পাদক জগন্নাথ ৰাজবংশী, জ্যেষ্ঠ সাংবাদিক প্রকাশ মহন্ত, জ্যেষ্ঠ সাংবাদিক গৌতম শর্মা, বিশিষ্ট শিল্পী মানস ৰবীন, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° সত্যকাম বৰঠাকুৰ, সংগীত শিল্পী তথা বকলীয়া ঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক জয়মতী নাৰ্জাৰী, তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিষ্ণুমণি বৰা নেওগ, অসম প্রকাশন ভাৰতীৰ কাৰ্য্যালয় সচিব হিতেন প্রসাদ গোস্বামী,যোৰহাটৰ নহটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰমানন্দন বৰা, অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘণশ্যাম মেধি আদি। আনহাতে আজিৰ অনুষ্ঠানত উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰে।

অসম জাতীয় বিদ্যালয়