Advertisment

চমৎকাৰ নহয়! দেবেন্দ্ৰ ফাড়নৱিছলৈ এয়া ত্যাগৰ পুৰস্কাৰ..

২০১৯ৰ কথা। বিজেপিৰ শীৰ্ষ নেতৃত্বই নিৰ্দেশ দিছিল-  এইবাৰ দেবেন্দ্ৰ ফাড়নৱিছ নহয়, একনাথ সিন্ধে হ'ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী। কোনো অভিযোগ নকৰাকৈ মুখ্যমন্ত্ৰীৰ আসন এৰি দিছিল তেওঁ। মাথোঁ কৈছিল- পাৰত পানী নথকা দেখি ঘৰ সজাৰ ভুল নকৰিব।

author-image
Asomiya Pratidin
New Update
িিিিিিিি

২০১৯ৰ কথা। বিজেপিৰ শীৰ্ষ নেতৃত্বই নিৰ্দেশ দিছিল-  এইবাৰ দেবেন্দ্ৰ ফাড়নৱিছ নহয়, একনাথ সিন্ধে হ'ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী। কোনো অভিযোগ নকৰাকৈ মুখ্যমন্ত্ৰীৰ আসন এৰি দিছিল তেওঁ। মাথোঁ কৈছিল- পাৰত পানী নথকা দেখি ঘৰ সজাৰ ভুল নকৰিব। মই সাগৰ হয়, আকৌ উভতি আহিম। ৰাজনৈতিক ক্ষেত্ৰত কৰা সেই ত্যাগ আৰু ধৈৰ্যৰ পুৰস্কাৰ লৈ পুনৰ উভতি আহিল তেওঁ। দেৱেন্দ্ৰ ফাড়নৱিছক লৈ ডিম্পুল বৰগোহাঁইৰ এক বিশেষ প্ৰতিবেদন...

Advertisment

অৱশেষত অন্ত পৰিল মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ হাইভল্টেজ ড্ৰামা। দেৱেন্দ্ৰ ফাড়নৱিছ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আসনত বহোৱাৰ বাবে সকলো সহযোগী দল মান্তি হল। অজিত পাৱাৰ, একনাথ সিন্ধেক সন্তুষ্ট কৰি মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ বাবে সাজু বিজেপি নেতৃত্বধীন এন ডি এ।

ৰাজনীতিৰ এই হাইভল্টেজ ড্ৰামাৰ মাজতে মহাৰাষ্ট্ৰত এজন নেতা ব্যক্তিত্ব হীৰাৰ দৰে উজ্বলি উঠিল। ৰাজ্যখনত নতুনকৈ মুখ্যমন্ত্ৰী আসনত বহিবলগীয়া দেবেন্দ্ৰ ফাড়নৱিছৰ ত্যাগৰ ৰাজনীতিয়ে এক প্ৰকাৰৰ নজিৰ সৃষ্টি কৰিলে। তেওঁ প্ৰমাণ কৰিলে যে, প্ৰেম, সংসাৰ, বন্ধুত্বৰ উপৰিও ৰাজনীতিতো মহত্ব আছে ত্যাগৰ।

অতদিনে তেওঁ কৰি অহা ত্যাগৰ ফল পালে দেবেন্দ্ৰ ফাড়নৱিছে। সেই ত্যাগৰ মূল্যও দিলে বিজেপিৰ নেতৃত্বই। গুৰু দায়িত্ব হেৰুৱাইও ধৈৰ্য আৰু ত্যাগৰ ফলতেই পুনৰ শাসনৰ গাদীত সবিনয়েৰে বহিল বিজেপিৰ এই নেতাগৰাকী।

দেবেন্দ্ৰ ফাড়নবিছৰ ত্যাগৰ প্ৰতিফলন ঘটিল সেই সময়ত, যি সময়ত হাঁহি মুখে মুখ্যমন্ত্ৰীৰ আসনখন তেওঁ এৰি দিছিল একনাথ সিন্ধেক। ২০১৪ৰ পৰা ২০১৯লৈ ৫টাকৈ বছৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হৈ থকাৰ পাছতো ২০২২ত ফাড়নবিছে মু্খ্যমন্ত্ৰীৰ চকীখন এৰি দিছিল একনাথক।

কেৱল সেয়াই নহয়। পৰৱৰ্তী সময়ত উপ মুখ্যমন্ত্ৰীৰ আসনখনো অজিত পাৱাৰৰ সৈতে ভগাই লবলৈ কোনো কুন্ঠাবোধ কৰা নাছিল ফাড়নবিছে। যদিহে ফাড়নবিছে সচৰাচৰ আমি দেখি থকা নেতাসকলৰ দৰে আত্মশ্লাঘাত মত্ত হৈ থাকি মুখ্যমন্ত্ৰীৰ আসনৰ পৰা উপ মুখ্যমন্ত্ৰী আসনত বহিবলৈ সেই সময় অমান্তি কৰিহেতেন, তেতিয়া হয়তো বিজেপিৰ ভেটি থৰক-বৰক হৈ পৰাৰ লগতে ফাড়নবিছো কৰবাত হেৰাই গলহেতেন।

ধৈৰ্য আৰু ত্যাগেৰে অহংকাৰ পৰিত্যাগ কৰি চলাই যোৱা সেই যোৱা যুঁজখনত অৱশেষত সফল হল ফাড়নবিছ। যাৰ ফলত ২০১৪ৰ মোডী চুনামিৰ সময়তকৈ অধিক ভাল ফলাফল প্ৰদৰ্শন কৰিলে ২০২৪ৰ নিৰ্বাচনত। দেবেন্দ্ৰ ফাড়নৱিছৰ এই ত্যাগ আৰু ধৈৰ্যৰ পুৰস্কাৰ লাভৰ ক্ষণ এতিয়া সমাগত।

ৰাজনীতিৰ লগতে ব্যক্তিগত জীৱনটোতো বহু উত্থান-পতনৰ সাক্ষী হৈছে দেবেন্দ্ৰ ফাড়নবিছ। ১৭বছৰ বয়সতে তেওঁ হেৰুৱাইছিল পিতৃক। ৰাজনীতিৰ পথাৰত পিতৃৰ জৰিয়েই স্কুলীয়া জীৱনতে ভৰি থৈছিল ফাড়নবিছে। ১৯৯২চনত নাগপুৰৰ পৰা ৰাজনীতি জীৱন আৰম্ভ কৰিছিল তেওঁ। সেইবছৰতে নাগপুৰ নগৰ পালিকাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ ২৭বছৰ বয়সতে মেয়ৰ দৰে গুৰুত্বপূৰ্ণ পদবী চম্ভালি অভিলেখ সৃষ্টি কৰিছিল ফাড়নবিছে। 

দেশৰ সবাতোকৈ কম বয়সীয়া মেয়ৰ হিচাপে অভিলেখ গঢ়াৰ পাছতে ১৯৯৯চনত তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পিছতে তেওঁ ক্ৰমাগতভাৱে বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে। ২০০৬চনৰ কথা। নাগপুৰ চহৰৰ প্ৰতিটো প্ৰান্তত এখন কাপোৰৰ দোকানৰ বিজ্ঞাপন দি ডাঙৰ ডাঙৰ হৰ্ডিং আঁৰিছিল। সেই হৰ্ডিঙত মডেল হিচাপে ফটো আছিল দেবেন্দ্ৰ ফাড়নবিছৰ।

মডেল হিচাপে হৰ্ডিঙত ফটো লগাৰ পাছত এদিন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক সাক্ষাত কৰিবলৈ যাওতে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক মডেল বিধায়ক বুলি ধেমালি কৰিছিল। এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, জৰুৰীকালীন সময়ত যেতিয়া দেবেন্দ্ৰ ফাড়নবিছৰ পিতৃক গ্ৰেপ্তাৰ কৰা হৈছিল, সেই সময়ত তেওঁ পঢ়ি থকা স্কুল এৰি আহিছিল তেওঁ। ইয়াৰ কাৰন আছিল তেওঁ পঢ়ি থকা স্কুলখন ইন্দিৰা গান্ধীৰ নামত আছিল। 

শৈক্ষিক জীৱনতো যথেষ্ট সফল আছিল ফাড়নবিছ। নাগপুৰৰ পৰা উকালতিৰ শিক্ষা গ্ৰহণ কৰা পাছত বাৰ্লিনৰ পৰা তেওঁ প্ৰজেক্ট মেনেজমেন্ট বিষয়ক শিক্ষা গ্ৰহণ কৰিছিল। ২০০৫চনত তেওঁ বিবাহ পাশত আৱদ্ধ হয় গায়িকা তথা বেংকাৰ অমৃতা ৰাণাডেৰ সৈতে। তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছে, যাৰ নাম দ্বিবিজা। 

মহাৰাষ্ট্ৰ দৰে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত দ্বিতীয়বাৰৰ বাবে অধিষ্ঠিত হোৱা দেবেন্দ্ৰ ফাড়নবিছৰ মুঠ সম্পত্তি আছে ১৩.২৭কোটিৰ। ৬২লাখ টকাৰ ঋণত ডুবি আছে ফাড়নবিছ। ২০২৩-২৪বিত্তীয় বৰ্ষত তেওঁৰ উপাৰ্জন আছিল ৭৯.৩০লাখ টকা।

পত্নীৰ নামত থকা মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৫.৬৩কোটি টকা। ৩লাখ টকাৰ এল আই চি পলিচী থকা অমৃতা ৰাণাডেৰ নামত ফিক্সড ডিপজিট আছে ১৭লাখ টকা। দুয়োগৰাকীৰ ওচৰত প্ৰায় ৯৮লাখ টকাৰ অলংকাৰ থকা বুলি নিৰ্বাচন আয়োগৰ প্ৰতিবেদনত উল্লেখ আছে।

ফাড়নবিছ পৰিয়ালে বাস কৰি থকা ঘৰটোৰ মূল্য ৩কোটি টকা। ইয়াৰোপৰি পত্নীৰ নামত আছে ৩৬লাখ টকাৰ এটা ফ্লেট। ৪৭লাখ টকাৰ আন এটা ঘৰো ফাড়নবিছৰ নামত আছে বুলি তথ্যত উল্লেখ আছে।

৫ডিচেম্বৰত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হৈ আন এক ৰেকৰ্ড গঢ়িব ফাড়নবিছে। বিগত ৫৯বছৰীয়া ইতিহাসত পোন প্ৰথমবাৰৰ এগৰাকী অকংগ্ৰেছী পূৰ্ণকালীন কাৰ্যকালৰ বাবে দ্বিতীয়বাৰলৈ  মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হ'ব। আৰ এছ এছৰ জৰিয়তে সক্ৰিয় ৰাজনীতিত খোজ থোৱা দেৱেন্দ্ৰ ফাড়নৱিছক পুনৰ মুখ্যমন্ত্ৰীৰূপে আদৰিবলৈ এতিয়া সকলো সাজু।

২০১৯ৰ ৰাজনৈতিক সংকটৰ সময়ত মুখ্যমন্ত্ৰীৰ পদ এৰাৰ সময়ত বিৰোধীক ফাড়নৱিছে কৈছিল- পাৰত পানী নথকা দেখি ঘৰ সজাৰ ভুল নকৰিব। মই সাগৰ হয়, আকৌ উভতি আহিম।  সচাঁকৈয়ে আকৌ উভতি আহিল ফাড়নৱিছ...

 

মহাৰাষ্ট্ৰ