/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-13/u00lhzap/AP-PROTIBEDON-2-1.png)
অসমৰ ৫সমষ্টিত উপনিৰ্বাচন। কোনে পাব টিকট? ডেৰ বছৰৰ বাবে কোন হ'ব বিধায়ক? ৰাজনৈতিক প্ৰতিটো দলৰ নেতৃত্বই কৰিছে অংক। বহুতৰ অংক মিলি অহা নাই। তাৰ মাজতো চৰ্চা হৈছে বহুতৰ নাম। ৫সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰেক্ষাপটক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন...
অসমৰ ৫সমষ্টিৰ উপ নিৰ্বাচনক লৈ প্ৰায় সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুছকাৱাজ। ৫সমষ্টিৰ উপনিৰ্বাচনত ৩টা সমষ্টিত প্ৰাৰ্থী দি বাকী দুটা সমষ্টি মিত্ৰ দলক এৰি দিয়াৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে বিজেপিয়ে। অসম বিজেপিৰ সভাপতি ভৱেশ কলিতাই ১৩অক্টোবৰ, ২০২৪ত সাংবাদিকক সদৰি কৰা অনুসৰি, আজি সন্ধিয়া বিজেপিৰ তিনি সমষ্টিৰ প্ৰাৰ্থীৰ পেনেল দিল্লীলৈ প্ৰেৰণ কৰা হৈছে। বিহালী, চামগুৰি আৰু ধলাই সমষ্টিৰ প্ৰাৰ্থীৰ পেনেলক লৈ দিল্লীত সৰ্বানন্দ সোণোৱাল, অসম বিজেপিৰ নেতৃত্ব তথা মুখ্যমন্ত্ৰী ড০ শৰ্মা আৰু কেন্দ্ৰীয় নেতৃত্বৰ সৈতে চূডা়ন্ত বৈঠক অনুষ্ঠিত হৈছে।
সকলো ঠিকে ঠাকে থাকিলে উপ নিৰ্বাচনৰ ৩সমষ্টিৰ প্ৰাৰ্থীৰ নাম সকলো দলতকৈ আগতে ঘোষণা কৰিব পাৰে বিজেপিয়ে। উল্লেখ কৰা প্ৰয়োজন যে, কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ মৰ্মে বিজেপিয়ে মিত্ৰ দলক এৰি দিছে চিদলী আৰু বঙাইগাওঁ সমষ্টি। বিজেপিয়ে এৰি দিলেও মিত্ৰদল অগপ আৰু ইউ পি পি এল দলৰ নেতৃত্ব এই সমষ্টি দুটাত প্ৰাৰ্থিত্ব দিয়াক লৈ সংকটত পৰিছে। চিদলী সমষ্টিত এবছুয়ে আহ্বান কৰিছিল যে, উপ নিৰ্বাচনত বড়োভূমিৰ উন্নয়নৰ স্বাৰ্থত ইউ পি পি এল আৰু বি পি এফে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰক। কিন্তু এবছুৰ এই আহ্বান ৰক্ষা কৰিব নোৱাৰিলে প্ৰমোদ বড়োয়ে। প্ৰাপ্ত খবৰ অনুসৰি, চিদলীৰ ইউ পি পি এলৰ অধিকাংশ নেতা বি পি এফৰ সৈতে মিত্ৰতা কৰা সিদ্ধান্তৰ পক্ষপাতী নহয়। যাৰ ফলত সমষ্টিটোত অকলেই নিৰ্বাচন খেলাৰ অংক কৰি থকা প্ৰমোদ বড়োৱে সকলোখিনি মিলাই কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব তাক লৈ চূড়ান্ত সিদ্ধান্ত উপনীত হব পৰা নাই।
ইফালে কেইবাটাও দশক অগপই শাসন কৰি এক প্ৰকাৰৰ অগপৰ দুৰ্গলৈ ৰূপান্তৰ কৰা বঙাইগাওঁ বিধানসভা সমষ্টিক লৈ অগপ নেতৃত্ব সন্দিহানত আছে। এফালে প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে পত্নীক টিকট প্ৰদানৰ বাবে নেতৃত্বক হেচাঁ দিয়াৰ পৰিৱৰ্তে ফণীভূষণৰ পুত্ৰই তলে তলে পিতৃৰ বিৰুদ্ধেই আৰম্ভ কৰিছে বিদ্ৰোহ। দলৰ একাংশ নেতাৰ সমৰ্থন লৈ ফণীভূষণ চৌধুৰীৰ পুত্ৰই বঙাইগাওঁ বিধানসভা সমষ্টিত টিকট লৈ বিধায়ক হোৱাৰ মন মেলিছে। পৰিয়ালকেন্দ্ৰিক এই ৰাজনীতিৰ বিপৰীতে বঙাইগাওঁ একাংশ লোকে অগপ নেতৃত্বক এইবাৰ টিকট অইন এজন নেতাক দিয়াৰ বাবে আহ্বান জনাইছে।
ৰাজনীতিৰ খবৰ ৰখা সকলে জানে যে, বঙাইগাওঁত কোচ-ৰাজবংশীৰ এক বিশেষ প্ৰভাৱ আছে। সমষ্টিটোৰ পৰা ফণীভূষণ চৌধুৰী ৩০ৰো অধিক বছৰ প্ৰতিনিধিত্ব কৰিছিল যদিও কোচ ৰাজবংশীৰ জনজাতিকৰণ বিষয়টো নিষ্পত্তি কৰাত ব্যৰ্থ হল বুলি বহুতে গণ্য কৰে। সেয়েহে এইবেলি এই জনজাতিটোৰ অধিকাংশ লোকে ফণীভূষণৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰিৱৰ্তে অইন এজন শক্তিশালী নেতাক টিকট দিয়াৰ পোষকতা কৰিছে। এনেদৰেই ত্ৰিকোণীয়া টিকটকেন্দ্ৰিক কথা-বতৰাক লৈ অগপ নেতৃত্বই টিকটক লৈ চৰম সন্দিহানত দিন পাৰ কৰিছে। অৱশ্যে এই কথাও ঠিক যে, আৰু প্ৰায় ডেৰ বছৰৰ মূৰত পুনৰ অনুষ্ঠিত হব বিধানসভাৰ নিৰ্বাচন। প্ৰায় ডেৰবছৰীয়া শাসনৰ বাবে এই উপ নিৰ্বাচনত কোনো প্ৰভাৱশালী নেতাই প্ৰতিদ্বন্দ্বিতা কৰাতো বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাই।
আনফালে বিজেপিয়ে বিহালী, চামগুৰি, ধলাই সমষ্টিৰ প্ৰাৰ্থীৰ পেনেল দিল্লীলৈ পঠোৱাৰ পৰিৱৰ্তে বিৰোধী দল কংগ্ৰেছ এই সমষ্টি কেইটাৰ প্ৰাৰ্থী বাচনিক লৈ দোধোৰ মোধোৰ অৱস্থাত আছে। চামগুৰি সমষ্টিটো যিকোনো পৰ্যায়ত নিজৰ হাতত ৰাখিব বিচাৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা ৰকিবুল হুছেইনৰ একক আধিপত্য থকা সমষ্টিটোত নিজৰ পুত্ৰক উপ নিৰ্বাচনত প্ৰক্ষেপ কৰি বিচাৰিছে যদিও কংগ্ৰেছ নেতৃত্বত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল'ব পৰা নাই। অৱশ্যে বিগত প্ৰায় ডেৰ মাহ ধৰি সমষ্টিটোৰ প্ৰতিটো কোণত পুত্ৰক লৈ একপ্ৰকাৰৰ প্ৰচাৰ সভা অনুষ্ঠিত কৰি ফুৰিছে ৰকিবুলে।
বিহালী সমষ্টিটোক লৈ বিজেপিৰ আভ্যন্তৰতে এক বিদ্ৰোহৰ সূচনা হৈছিল যদিও, শেহতীয়াকৈ প্ৰাৰ্থিত্ব তালিকা প্ৰেৰণ কৰাৰ পিছত এই বিৰ্তকৰ প্ৰায় অৱসান ঘটিল। ইমানদিনে বিজেপিৰ এই বিদ্ৰোহক নিৰ্বাচনী ইচ্ছ্যু কৰিব খোজা কংগ্ৰেছে এতিয়ালৈকে সমষ্টিটোত প্ৰাৰ্থিত্ব চূড়ান্ত কৰিব পৰা নাই। অৱশ্যে সমষ্টিটোত গৌৰৱ গগৈ, ভূপেন বৰাৰ দৰে নেতাই ক্ষেত্ৰভিত্তিক এক পৰ্যালোচনা কৰি আছিল। বিহালীত পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰাৰ্থিত্ব আগবঢ়াব বুলি চৰ্চা হৈছিল যদিও সভাপতি গৰাকীয়ে নিজেই এই চৰ্চাৰ মুখনি মাৰিছিল। অৱশ্যে চাহ বাগানৰ ভোটাৰৰ যথেষ্ট প্ৰভাৱ থকা সমষ্টিটোত কংগ্ৰেছে প্ৰেমলাল গঞ্জুকে প্ৰাৰ্থিত্ব দিব বুলি দলৰ মাজতে আলোচনা হৈছে। কিয়নো শোণিতপুৰ লোকসভা সমষ্টিত প্ৰেমলালে কংগ্ৰেছৰ হৈ প্ৰায় ৫লাখৰো অধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছিল।
ইফালে বৰাকৰ সমষ্টি ঢলাইক লৈ বিজেপিয়ে প্ৰাৰ্থী ফিক্সড কৰাৰ পৰিৱৰ্তে বিৰোধীয়ে প্ৰাৰ্থীত্বক লৈ কোনো চূড়ান্ত সিদ্ধান্তত উপনীত হব পৰা নাই। ১১ নং ধলাই সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৯৭,৬৪২ গৰাকী । ধলাই বিধানসভা সমষ্টিৰ বাবে বিধায়ক কৌশিক ৰায়, ৰাজ্যিক সম্পাদক কণাড পুৰকায়স্থ আৰু কাছাৰৰ বিজেপি জিলা সাধাৰণ সম্পাদক শশাংক পালক দায়িত্ব অৰ্পণ কৰা হৈছিল ৷ পৰিমল শুক্লবৈদ্যই বহুকাল দখলত ৰখা এই সমষ্টিটোত মুখ্যমন্ত্ৰীয়ে বিচাৰিছে ধলাই সমষ্টিত পৰিমল শুক্লবৈদ্যৰ পুত্ৰক ৷ শিলচৰ লোকসভাৰ সাংসদ পৰিমল শুক্লবৈদ্যৰ পুত্ৰ উৎপল শুক্লবৈদ্য সম্প্ৰতি গণমাধ্যম আৰু সাংবাদিকতাৰ গৱেষক ছাত্ৰ ৷ শিলচৰৰ অসম বিশ্ববিদ্যালয়ত গৱেষণাৰত উৎপল ৷ মুখ্যমন্ত্ৰীৰ ব্লুপ্ৰিণ্ট মতে সাংসদ পৰিমল শুক্লবৈদ্যৰ উচ্চ শিক্ষিত পুত্ৰ উৎপল শুক্লবৈদ্য হ’ব লাগে ধলাই সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে সাংসদ পৰিমল শুক্লবৈদ্যক প্ৰস্তাৱ দিছে যদিও শুক্লবৈদ্যয়ে বিষয়টো সম্পূৰ্ণভাৱে এৰি দিছে মুখ্যমন্ত্ৰীৰ হাতত ৷
কিন্তু এইখিনিতে আন এটা কথাও উল্লেখ কৰিব লাগিব যে, বৰাকৰ ধলাই সমষ্টিত সুস্মিতা দেৱৰ প্ৰভাৱো নুই কৰিব নোৱাৰি। বৰ্তমান তৃণমূলৰ সাংসদগৰাকীৰ বৰাকত আছে বেচ দখল। গতিকে কংগ্ৰেছেও টিকট প্ৰদান কৰ ক্ষেত্ৰত কিছু সাৱধান হৈছে। চৰ্চা অনুসৰি, কংগ্ৰেছে শেহতীয়াকৈ ৪গৰাকী নেতাক তলব কৰিছে। ধলাই সমষ্টিৰ সেই সেই নেতাকেইজন হৈছে কামাখ্যা প্ৰসাদ মল্ল, হীৰক দাস, ধ্ৰৱজ্যোতি পুৰকায়স্থ আৰু বিশ্বজিত দাস। ইয়াৰে কামাখ্যা প্ৰসাদ মল্লই ২০২১ৰ নিৰ্বাচনত পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে যুঁজি ৬২হাজাৰৰো অধিক ভোট লাভ কৰিছিল। পৰিমল শুক্লবৈদ্যই ২০২১ৰ নিৰ্বাচনত ৮২,৫৬৮টা ভোটৰ বিপৰীতে কামাখ্যা প্ৰসাদ মল্লই ৬২,১৭৬টা ভোট লাভ কৰিছিল। প্ৰায় ২০হাজাৰ ভোটত পৰাজিত হৈছিল মল্ল, গতিকে এই দিশৰ পৰা কামাখ্যা প্ৰসাদ মল্লৰো গণভিত্তি নথকা নহয়। কিন্তু নিৰ্বাচনী প্ৰেক্ষাপট ভালকৈ চালে আপুনি দেখিব যে, এই ৫সমষ্টিৰ তিনি সমষ্টি চামগুৰি, ধলাই আৰু বঙাইগাঁৱত নৱনিৰ্বাচিত সাংসদৰ পত্নী-পুত্ৰই টিকট লাভ কৰাটো প্ৰায় নিশ্চিত।
এতিয়া এনেদৰেই পূজাৰ মাজত চলিছে উপ নিৰ্বাচনৰ কুছকাৱাজ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত ৰাজ্যত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল যদিও পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন পূৰ্বৰ সমষ্টিৰ ভিত্তিতেই হ’ব । ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ ভিত্তিতেই উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব । পাঁচটা বিধানসভা সমষ্টিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ স্থিতিতে উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব । উক্ত পাঁচটা সমষ্টিৰ বাবে ২০২১ চনত উপলব্ধ ভোটাৰ তালিকাসমূহ উপ-নিৰ্বাচনৰ সময়লৈকে নবীকৰণৰ ব্যৱস্থা কৰি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে । পাঁচটা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৯,১০,১২৬ গৰাকী ৷